1. মূল ঢেঁকীটোৰ দৈৰ্ঘ্য ৭ ফুটৰ পৰা ৯ ফুট।
2. ঢেঁকীটোৰ ভৰি দিয়া অংশৰ পৰা শলখাদালৰ দৈৰ্ঘ্য প্ৰায় ৩ ফুট।
3. শলখাডাল কঁটৰাটোৰ বা কস্তুৰাটোৰ মাজেদি সোমাই আহে (শলখাডাল ধৰি ৰখা সামগ্ৰী) । সেই শলখাডালৰ দৈৰ্ঘ্য ১৯/২০ ইঞ্চি। শলখাডালক আখলশলা বুলিও কোৱা হয়।
4. শলখাডাল ধৰি ৰখা কঁটৰাটো কাঠৰ বা ভলুকা বাঁহৰ হ'লে ভাল।
5. ঢেঁকীটোৰ মুৰৰ অংশৰ ফালৰপৰা থোৰাটোলৈ দূৰত্ব প্ৰায় ২৬ ইঞ্চি।
6. থোৰাটোৰ দৈৰ্ঘ্য প্ৰায় ২ ফুট।
7. থোৰাটোৰ খুবলিত সোমোৱা মুৰটোত এটা লোৰ মেৰ দিয়া হয়। তাক গুল বা খামা বুলি কোৱা হয় । গুলৰ ব্যাস প্ৰায় ৪ বা ৫ ইঞ্চি।
8. গুলটোৰে য'ত ধান খুণ্ডে তাক খুবলি বুলি কোৱা হয়। ই গাৰিশালিটোত থকা এটা সৰু গাঁত। তাত ঢেঁকীথোৰাৰ মুৰটো প্ৰায় ছয় ইঞ্চি মান সোমায়। খুবলিটো শাল, কঁঠাল বা আজাৰ কাঠেৰে সজা হয়।
বিতোপন দাস