অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অফিচ ২০০৭

অফিচ ২০০৭ হ’ল এটা অতি শক্তিশালী নির্দেশমূলক প্রগ্রাম যিটোয়ে আপুনাক বুজিব পৰা লিখাৰ সামগ্রীৰ যৌথ মেল বন্ধনৰ যোগেদি এটা ডকুমেন্ট তৈয়াৰ কৰিবলৈ বা ভগাই লবলৈ আৰু সহজেই ব্যৱহাৰ কৰিব পৰা মাইক্র’ছফট অফিচত দ্রত ভাবে কাম কৰিবলৈ সাহায্য কৰে।

অফিচ ওয়ার্ড ২০০৭ এ সাধাৰনতে ব্যৱসায়িক দৃষ্টিভঙ্গীযুক্ত ভাবে কোনো বিষয় বস্তুৰ সম্পর্কে জাননী লবলৈ আগতকৈও আৰু অধিক দ্রূত ভাবে সহায় কৰে। নতুন নতুন সামগ্রীৰ জৰিয়তে আপুনি আগতিয়াকৈ তৈয়াৰ কৰি থোৱা বিভিন্ন ধৰনৰ নমুনাৰে সৈতে ডকুমেন্ট আদি বনাব পাৰিব, আনকি ওয়ার্ডত থাকি আপুনি ব্ল’গ আদি তৈয়াৰ কৰিবলৈ সমর্থ হব। আধুনিক একীকৰন মাইক্র’ছফট অফিচ চেয়াৰ পয়েণ্ট ২০০৭ আৰু নতুন XML ফৰমেটৰ অধীনত থকা ফাইল বিলাক অফিচ ওয়ার্ড ২০০৭ ক ডকুমেন্ট তৈয়াৰ কৰাৰ ক্ষেত্রত এটা আদর্শ মনলগা সমাধানসূচক ব্যৱস্থাপনা বুলি উপস্থাপন কৰে।

স্মার্ট আর্ট

স্মার্ট আর্ট নকচাটো আৰু এটা নতুন লেখ ইঞ্জিনে আপুনাৰ ডকুমেন্টখনক এটা ব্যৱসায়ীক আকাৰ দিব পাৰিব। অংশীদাৰী নকচাটো আৰু চার্টটো মাইক্র’ছফট অফিচ এক্সেল ২০০৭ ৰ স্প্রেডচীট চফট্‌ওয়েৰ আৰু মাইক্র’ছফট অফিচ পাওয়াৰ পয়েন্ট ২০০৭ প্রেজেনটেচনৰ লেখ প্রগ্রেমটো আপুনাৰ ডকুমেন্ট খনক, স্প্রেডচীটক আৰু প্রেজেনটেচনটোক এটা অবিচলিত ৰূপ প্রদান কৰে।

সমীকৰন তৈয়াৰী

এই সমীকৰন তৈয়াৰীটোয়ে সম্পাদনামূলক কাম তৈয়াৰ কৰাত সহায় কৰে, অঙ্ক শাস্ত্রমূলক সমীকৰন ব্যৱহাৰ কৰি প্রকৃত অঙ্কৰ চিনবিলাক, আগতিয়াকৈ তৈয়াৰ কৰি থোৱা সমীকৰন, অটোমেটিক ফৰমেটিং আদিৰ ক্ষেত্রতও বহুত সহায় কৰে।  চাইটেচণ মেনেজাৰ আৰু ৰেফাৰেঞ্চ মেনেজাৰে আপুনাক শেষতীয়া টোকা, বিষয় বস্তুৰ টেবুল, সংখ্যাৰ টেবুল বা স্বীকৃত টেবুল আদি তৈয়াৰ কৰিবলৈ সহায় কৰে। অফিচটো সৰসৰীয়াকৈ ব্যৱহাৰ কৰিব পৰা মধ্যবর্তীস্থলে আপুনাক কিছুমান সামগ্রী দিয়ে যিবিলাক আপুনাক লাগে এটা পৰিস্কাৰ আৰু গঠনমূলক ভাবে কাম কৰিবলৈহে। জীৱন্ত দৃশ্যমান প্রাক্‌-প্রদর্শনী ব্যৱস্থায়, আগতিয়াকৈ তৈয়াৰ কৰি থোৱা স্টাইলৰ গেলেৰী, টেবুল ফৰমেট আৰু আন আন বিষয় বিলাকে আপুনাক অফিচ ওয়ার্ড ২০০৭ ৰ সামর্থতকৈ ও অধিক কিছু দিয়ে।

ব্লক তৈয়াৰী

অফিচ ওয়ার্ড ২০০৭ ব্লক এ প্রায় সকলো সময়তে আপুনাৰ ডকুমেন্টৰ ক্ষেত্রত কামত লগা কিছুমান বস্তুক যোগ কৰাটো শিকায় । কভাৰ পৃষ্ঠাৰ পৰা আগতিয়াকৈ তৈয়াৰ হৈ থকা গেলেৰী এটা পছন্দ কৰক, উদ্ধৃতি চিন বিলাক টানি আনক, মূৰৰ আৰম্ভনি আৰু তলৰ শেষতীয়া টোকা সংগ্রহ কৰি আপুনাৰ ডকুমেন্ট খনক এট ব্যৱসায়ীক ৰূপ প্রদান কৰক । আনকি আপুনি নিজাকৈ এইটো তৈয়াৰ কৰি লব পাৰে, তাৰ ফলত কাষ্টম টেক্সট বা অধিককৈ ব্যৱহূত হোৱা বিষয়বস্তু খিনিত কামক কৰিবলৈ উজু হয়।

চার্টিং

নতুন চার্টিং আৰু নক্সা বিষয়বস্তু বিলাক য’ত 3-D ৰ গঠন বিলাক থাকে, স্বচ্ছতা, ড্র’প চেড’ আৰু আন আন প্রতিক্রীয়া বিলাকে আপুনাক ব্যৱসায়ীক দৃষ্টীভঙ্গীযুক্ত লেখচিত্র আদি তৈয়াৰ কৰিবলৈ যথেষ্ট সহায় কৰে, ফলত আপনাৰ ডকুমেন্টখন আৰু অধিক দেখনীয়াৰ হৈ উঠে। কুইক্‌ স্টাইল আৰু ডকুমেন্ট থীম ব্যৱহাৰ কৰি আপুনি টেক্সটৰ চেহেৰাটোৰ, টেবুলটোৰ আৰু নক্সা খিনিৰ পৰিবর্তন কৰিব পাৰে আপুনাৰ ডকুমেন্টৰ লগত স্টাইল, ৰঙ আদিৰ সামঞ্জষ্য ঘটাই ।

চেয়াৰ পয়েন্ট

অফিচ ওয়ার্ড ২০০৭ ব্যৱহাৰ কৰি আপুনি লগৰীয়াৰ বন্ধু-বান্ধবৰ লগত ডকুমেন্ট সাল সলনি কৰিব পাৰিব আৰু তেওঁলোকৰ মতামত জানিব পাৰিব। নিবিচৰা ডকুমেন্ট খিনি যাতে আনলৈ নেযায় তাকো আপুনি কৰিব পাৰিব ফলত আপুনাৰ ব্যক্তিগত বস্তু বিলাক সুৰক্ষিত বা লুকাই থাকিব ছপাৰ আগমূহূর্ত্তলৈকে। অফিচ চেয়াৰ পয়েন্ট চার্ভাৰ ২০০৭ ত কাম কৰাৰ ফলত গুৰূত্বপূর্ণ ডকুমেন্টখিনিৰ বিষয়ে মতামত দিয়া বা অংশগ্রহণৰ পর্যালোচনা আদি কৰাৰ ক্ষেত্রত কামটো অধিক উজু হৈ গ’ল।

ট্রাইপেন ৰিভিউ পেনেলে দুটা সংস্কৰনৰ মাজত তুলনা আৰু সামঞ্জষ্য ঘটোৱাৰ ক্ষেত্রত কামটো সহজ কৰি দিয়ে, গতিকে আপুনি আনকি দুটা অতিকৈ ক্ষুদ্র পার্থক্যও ধৰিব পাৰিব।

ডিজিটেল চহী

ডিজ়িটেল চহী বিলাক এটা ডকুমেন্টত ভৰিব পৰা যায় যাতে আনে এইটো বিশ্বাস কৰে যে বিষয় বস্তু খিনিৰ ছপাৰ পিছত কোনো সাল সলনি ঘটা নাই। এটা নতুন চহিৰ লাইন যোগ কৰি আন আন ওয়ার্ড ব্যৱহাৰকাৰী সকলক সোঁৱৰাই দিব পৰা যায় যাতে তেওঁলোকে চহি ব্যৱহাৰ কৰিব পাৰে বা ডকুমেন্টখনত দৃশ্যমান ডিজ়িটেল চহি দিবৰ বাবে খাটনি ধৰিব পৰা যায়।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate