অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতীয় মুদ্ৰাৰ বাবে টকা চিহ্ন

ভাৰতীয় মুদ্ৰাৰ বাবে টকা চিহ্ন

Window-সমূহৰ সংগঠনে এটা আপডেট (Update) মুকলি কৰিছে যিয়ে Windows Vista, Windows Server 2008, Windows 7, আৰু Windows Server 2008 R2-ৰ ‘নতুন টকা মুদ্ৰা চিহ্ন’ (New Rupee Currency Symbol) সমৰ্থন কৰে। এই আপডেটে ব্যৱহাৰকাৰীক ইনপুট (Input) কৰিবলৈ, ভিউ (View) কৰিবলৈ, প্ৰিন্ট (Print) কৰিবলৈ আৰু বিভিন্ন তথ্যৰ বাবে ভাৰতীয় মুদ্ৰা ডিফল্ট (Default) চিহ্ন হিচাপে প্ৰণালীসংগত হোৱা হেতু নতুন চিহ্ন ব্যৱহাৰ কৰিবলৈ সহায় কৰে। যেনে Access Fields, Excel Cells, অথবা  Sharepoint তালিকাৰ মুদ্ৰা স্তম্ভ (Currency Column) আদিত।

চিহ্নসমূহ দুইধৰণে অন্তৰ্ভুক্ত কৰিব পৰা যায়, যেনে ইনচাৰ্ট চিম্বল (Insert Symbol) আদেশ ব্যৱহাৰ কৰি MS Office-ৰ যিকোনো উৎপাদনত, অথবা Window-ৰ কেৰেক্টাৰ মেপ (Character Map) সুবিধা ব্যৱহাৰ কৰি।

Window-ৰ আপডেটে তিনিটা ফন্টৰ ফেমিলী (Font Families)-ৰ প্ৰধান ক্ষেত্ৰ সূচায়ঃ মাইক্ৰচফ্ট চেন্চ চৰিফ (Microsoft Sans Serif), টাইমছ নিউ ৰোমান (Times New Roman), এৰিয়েল (Arial), চেগ’ (Segoe) আৰু  টাহ’মা (Tahoma)।

যিকোনো MS-Office এপ্লিকেচনত এটা ডকুমেন্ট তৈয়াৰ কৰাৰ সময়ত ইয়াক ব্যৱহাৰ কৰা হয়। যদি আপুনি ব্যৱহাৰ কৰি থকা ফন্টটোত নতুন চিহ্নটো অন্তৰ্ভুক্ত নাথাকে, তেনেহ’লে সেই এটা কেৰেক্টাৰৰ (Character) বাবে ফন্টটো সলনি কৰক।

Ctrl+Shift+4 ব্যৱহাৰ কৰি মুদ্ৰা ইনপুট কৰিবলৈ 13 Indic-ৰ স্থানীয় ক্যীবোৰ্ডৰ আপডেট। New English (India) ক্যীবোৰ্ড-ত, Altgr+4 ক্যী সংযোগটোৱে নতুন চিহ্নটো ইনপুট কৰিব।

স্থানীয় তথ্যসমূহ আপডেট কৰে যাতে নতুন চিহ্নটো স্বয়ংক্ৰিয়ভাৱে মুদ্ৰা হিচাপে প্ৰণালীসংগত যেনে Access Fields, Excel Cells, অথবা  Sharepoint Lists-ত Currency Column আদিৰ বাবে ব্যৱহাৰিত হয়।

কিছুমান Microsoft Office প্ৰ’গ্ৰেম, যেনে Powerpoint আৰু Infopath-এ Unicode ক’ডসমূহ কেৰেক্টাৰলৈ সলনি কৰিব পাৰে। যদি আপোনাক Unicode কেৰেক্টাৰৰ প্ৰয়োজন হয় আৰু আপুনি Unicode কেৰেক্টাৰ সমৰ্থন নকৰা প্ৰ’গ্ৰেম ব্যৱহাৰ কৰি আছে তেনেহ’লে আপোনাৰ প্ৰয়োজনীয় কেৰেক্টাৰ (সমূহ) অন্তৰ্ভুক্ত কৰিবলৈ Character Map ব্যৱহাৰ কৰক।

যদি আপোনাৰ প্ৰিন্টাৰটোৰ স্থিত ফন্টসমূহৰ ক’তো টকা মুদ্ৰা চিহ্নটো নাথাকে, তেনেহ’লে Printer Setup Properties-ত থকা Print Fonts As Graphics নামৰ অপশ্ব্যন (Option)-টো বিচাৰক অথবা টকা মুদ্ৰা চিহ্ন অন্তৰ্ভুক্ত কৰা প্ৰিন্টাৰ ফন্টসমূহ কেনেদৰে আপডেট হয় তাক জানিবলৈ আপোনাৰ প্ৰিন্টাৰটোৰ বিক্ৰেতাৰ সৈতে যোগাযোগ কৰক।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate