ব্ৰডবেণ্ড ইন্টাৰনেট নিৰাপত্তাত আসন্ন বিপদৰ পৰা কম্পিউটাৰ/ লেপটপক সুৰক্ষিত কৰিবলৈ কাৰ্য্যকৰী নিৰাপত্তাৰ সমিধান (এন্টিভাইৰাছ, এণ্টিস্পাইৱেৰ, ডেক্সটপ ফায়াৰৱাল আদি) ব্যৱহাৰ কৰক।
মডেম, ৰাউতাৰ আৰু কম্পিউটাৰৰ ফায়াৰৱাল সক্ৰিয় কৰি ৰাখক:
ব্ৰডবেণ্ড মডেম, ৰাউতাৰসমূহ প্ৰস্তুত কৰোঁতেই ফায়াৰৱাল সন্নিৱিষ্ট কৰা থাকে। কিন্তু এই বিকল্পটো সক্ৰিয় কৰিব লাগে। ব্ৰডবেণ্ড মডেমৰ লগত সংযোগী কম্পিউটাৰটোকো ডেক্সটপ ফায়াৰৱালেৰে সুৰক্ষিত কৰাৰ প্ৰয়োজন।
সংযোগ বিচ্ছিন্ন কৰিলে নিশ্চিতভাৱে বাহিৰৰ অকৰ্তৃত্বশীল ব্যক্তিয়ে নেটৱৰ্কত প্ৰৱেশ কৰিব নোৱাৰে। যিহেতু সঘনাই বন্ধ-খোলা কৰাটো সঁচাকৈয়ে অতি কঠিন, সেইবাবেই যাতায়তৰ সময়ত বা বহু সময়ৰ বাবে ব্যৱহাৰ নহ’লে মডেম বন্ধ কৰি থ’ব লাগে।
নকৰিব
ৱাই-ফাই নেটৱৰ্কিঙত অনাতাঁৰ প্ৰৱেশ বিন্দুত বা ৰাউতাৰে এটা নিয়মীয়া বিৰতিৰ অন্তৰে-অন্তৰে নেটৱৰ্কৰ নাম (এছ.এছ.আই.ডি) সম্প্ৰচাৰ কৰি থাকে। এই বৈশিষ্ট্যতা ব্যৱসায়িক আৰু ৰাইজৰ প্ৰৱেশৰ মুখ্য বিন্দু হিচাপে আৰ্হিত কৰি থোৱা হয়। গৃহ ব্যৱহাৰকাৰীৰ বাবে এই বৈশিষ্ট্যৰ কোনো প্ৰয়োজনীয়তা নাই আৰু ইয়াৰ দ্বাৰাই অকৰ্তৃত্বশীল প্ৰৱেশ হ’ব পাৰে।
যদিহে Auto-connect ব্যৱস্থা সক্ৰিয় হৈ থাকে তেন্তে ৱাই-ফাই পদ্ধতি থকা কম্পিউটাৰটো ব্যৱহাৰকাৰীক জাননী নিদিয়াকৈ স্বয়ংক্ৰিয়ভাৱে সংযোজিত হৈ যাব পাৰে। এনে ক্ষেত্ৰত আমাৰ কম্পিউটাৰৰ নিৰাপত্তা বিপদাপন্ন হ’ব পাৰে। কোনো বিশেষ ক্ষেত্ৰৰ বাহিৰে এই ব্যৱস্থা কেতিয়াও সক্ৰিয় কৰিব নালাগে।
ব্ৰডবেণ্ডে দ্ৰুত গতিৰ নেটৱৰ্ক সংযোগ বুজায়
পৰম্পৰাগত ইন্টাৰনেট সেৱা “dial-on-demand” ধৰণে পোৱা যায়। আনহাতে, ব্ৰডবেণ্ড ইন্টাৰনেট “সকলো সময়তে” পোৱা যায়। সেইবাবেই ইয়াৰ নিৰাপত্তাত আশংকা অতি উচ্চ মাত্ৰাৰ।
আমি নজনাকৈ কম্পিউটাৰটোৱে মীমাংসা কৰি ল’ব পাৰে
আৰু আন কম্পিউটাৰৰ কাম-কাজত
ব্যাঘাত জন্মাব পৰা ক্ষেত্ৰ হিচাপে ব্যৱহৃত হ’ব পাৰে।
যিহেতু ব্ৰডবেণ্ড ইন্টাৰনেট বহলভাৱে ব্যৱহৃত হয়
সেইবাবেই প্ৰতিজন নাগৰিকেই
ইয়াক নিৰাপদ ব্যৱহাৰৰ বাবে সুৰক্ষিতভাৱে
সংস্থাপন কৰি লোৱাটো অতি গুৰুত্বপূৰ্ণ।
যিহেতু ব্ৰডবেণ্ড ইন্টাৰনেট সংযোগ সকলো সময়তে খোলা থাকে, সেয়ে তলত উল্লেখ কৰাসমূহৰ জৰিয়তে ইয়াৰ অপব্যৱহাৰ হ’ব পাৰে।
কৰিব:
সামগ্ৰীবিধৰ কেৱল কৰ্তৃত্বশীল প্ৰৱেশৰ ক্ষেত্ৰত অনুস্থাপিত প্ৰশাসক বা ব্ৰডবেণ্ড ৰাউতাৰ মডেমৰ প্ৰশাসকৰ গুপ্ত শব্দ সলনি কৰক। কিয়নো এই বিৱৰণসমূহ নিৰ্মাণকাৰীয়ে সকলো মডেমত একে ধৰণেই দিয়ে আৰু সেইবাবেই যিকোনো লোকেই ইয়াৰ অপব্যৱহাৰ কৰিব পাৰে।
অধিকাংশ ঘৰুৱা ব্যৱহাৰকাৰীক গতিশীল আইপি এড্ৰেছ আবন্তন দিয়া হয়, কিয়নো ডি.এইছ.চি.পি প্ৰযুক্তি স্থাপন কৰিবলৈ সহজ। ইয়াৰ বাবেই আক্ৰমণকাৰীয়ে সহজেই ডি.এইছ.চি.পি পুলৰ পৰা বৈধ ঠিকনা লাভ কৰাত সহায়ক হৈ পৰে। সেইবাবেই ডি.এইছ.চি.পি বিকল্প ৰাউতাৰত বা প্ৰৱেশ বিন্দু বন্ধ কৰিব লাগে আৰু একক আই.পি এড্ৰেছ ব্যৱহাৰ কৰিব লাগে।
সকলো সঁজুলিৰ লগতে এটা একক এম.এ.চি এড্ৰেছ প্ৰদান কৰা হয়। ব্ৰডবেণ্ড প্ৰৱেশ বিন্দু আৰু ৰাউতাৰত ব্যৱহাৰকাৰীলৈ ঘৰুৱা সঁজুলিৰ সৈতে এম.এ.চি এড্ৰেছৰ প্ৰৱেশ একেলগ কৰিব পৰাৰ বিকল্প প্ৰদান কৰা থাকে। ই কেৱল সেইবোৰ সঁজুলিৰ লগত সংযোগৰহে অনুমতি প্ৰদান কৰে।
মডেম ৰাউতাৰসমূহে অনাতাঁৰ সুৰক্ষা সমৰ্থন কৰে। ব্যৱহাৰকাৰীয়ে যিকোনো এটা প্ৰট’কল আৰু সুৰক্ষা ছাবি নিৰ্বাচন কৰিব পাৰে। সেই একেই অনাতাঁৰ সুৰক্ষা প্ৰট’কল আৰু সুৰক্ষা ছাবি কম্পিউটাৰতো সক্ৰিয় কৰিব লাগে।
সকলো ৱাই-ফাই সক্ষম মডেম/ৰাউতাৰে কিছুমান ধৰণৰ এনক্ৰিপছন প্ৰযুক্তি সমৰ্থন কৰে। এইসমূহ সক্ৰিয় কৰিব লাগে।
সকলো প্ৰৱেশ বিন্দু আৰু ৰাউতাৰে এটা নেটৱৰ্ক নাম ব্যৱহাৰ কৰে। এইটোক এছ,এছ,আই,ডি বোলা হয়। নিৰ্মাতাকাৰীয়ে সাধাৰণতে তেওঁলোকৰ সামগ্ৰীত একেধৰণৰ এছ.এছ.আই.ডি প্ৰদান কৰি থয়। আক্ৰমণকাৰীয়ে এই এছ.এছ.আই.ডি ৰ অপব্যৱহাৰ কৰি নেটৱৰ্ক/কম্পিউটাৰত প্ৰৱেশ কৰিব পাৰে। সেয়েহে অনাতাঁৰ সুৰক্ষাৰ বিন্যাস কৰোতে অনুস্থাপিত এছ.এছ.আই.ডি সলনি কৰাতো প্ৰয়োজনীয়।
উৎস: সুৰক্ষাৰ সজাগতা, চি-ডেক, হাইদৰাবাদ।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020