অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰত্ন ড° ভুপেন হাজৰিকা

অসমৰত্ন ড° ভুপেন হাজৰিকা

অনেক উপাধিৰে অলংকৃত অসমৰ জনগণৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকা নামৰ ব্যক্তিগৰাকী আজি অসমৰ পুৰোধা পুৰুষেই হৈ থকা নাই,এটি ৰাজ্যিক তথা আন্ত:ৰাষ্ট্ৰীয় অনুষ্ঠানত পৰিগণিত হৈছে।ইয়াৰ বাবে অসমৰত্ন,ভাৰতৰত্ন যেন একোৱেই উপাধিৰে তেওঁক অলংকৃত কৰি পৰিচয় দিয়াৰ প্ৰয়োজন নাই।পিতৃ-মাতৃয়ে দিয়া নামেৰেই তেখেত এটি আলোকময় সুৰ্য হৈ তিমিৰ আন্ধাৰ ফালি প্ৰস্ফুটিত হৈ ৰৈছে।এক বিৰল আৰু বহুধা প্ৰতিভাৰ অধিকাৰী এইগৰাকী বিশ্ববিশ্ৰুত শিল্পীৰ গীত,গীতি-সাহিত্য,কথা –সাহিত্য বক্তৃতামালাত ফৰিং ফুটা হৈ আছে মাতৃভুমিৰ জাতীয় জীৱনৰ এক স্পন্দন আৰু জাগ্ৰত শিহৰণ।শিল্পীগৰাকীৰ অমৰ সৃষ্টি ,কথা আৰু সাহিত্যিক মুল্যবোধেৰে অসমীয়া জাতিক চিৰকালৰ বাবে অনুপ্ৰাণিত কৰি ৰাখিলে।ড° ভুপেন হাজৰিকাই জাতীয় জীৱনৰ সুবিশাল কৃষ্টি কলা-শিল্প সাহিত্য সম্ভাৰেৰে জীৱনজোৰা ঐকান্তিক সাধনাৰে দেশে-দেশান্তৰৰ সাহিত্য –সংস্কৃতিৰ জগতখনত যেন অমৰত্ব প্ৰদান কৰি গ’ল।ড° ভুপেন হাজৰিকা কেৱল অসমৰ ভুপেন হাজৰিকা হৈ থকা নাই যেন সৰ্বকালৰ সকলোৰে ভুপেন হাজৰিকা হৈ থাকিব।ড° ভুপেন হাজৰিকাই যেন অসমকো বিশ্বৰ সকলো দেশৰ লগত সংযোগৰ যোগসুত্ৰ স্থাপন কৰি পৰিচয় দাঙি ধৰিছে।এইগৰাকী মহান শিল্পীৰ বিশ্বজোৰা খ্যাতিয়ে অসম তথা ভাৰতবৰ্ষকো গৌৰৱান্বিত কৰি তুলিছে।ড° ভুপেন হাজৰিকাৰ কালজয়ী সৃষ্টি আৰু গীতেৰে,কথাৰে স্বদেশক দি অহা আগলি চেতনাবোৰে চিৰকালেই চিৰজাগ্ৰত আৰু চিৰযুগমীয়া চেতনাৰ সংকেত হৈ থাকিব।সেয়েহে স্বত:স্ফুৰ্ত সৰ্বজনৰ প্ৰেম,অকুন্ঠ মৰম,অপৰিসীম ভালপোৱাৰে ব্যক্তিগৰাকীৰ বিয়োগত আপ্লুত হৈ পৰিছিল।

১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা এই মহান শিল্পীজনাই পিতৃ নীলকান্ত হাজৰিকাৰ সান্নিধ্যত লাভ কৰিছিল সাংস্কৃতিক প্ৰেৰণা আৰু লাভ কৰিছিল মাতৃৰ কোলাতে তথাকথিত থলুৱা গীত-মাতৰ এটি মধুৰ ছন্দোময় সুৰ আৰু গীতৰ ঝ্ংকাৰ।এয়েই আছিল তেখেতৰ গীত-সুৰ আৰু সংগীতৰ গজালি।দেউতাক নীলকান্ত হাজৰিকাৰ চৰকাৰী জীৱনৰ বাবে নতুন স্থিতি হ’ল তেজপুৰত।ইয়াতেই এই শিল্পীগৰাকীৰ জীৱনলৈ নামি আহিল এক অনাবিল সুযোগ।বাণ,ৰংগমঞ্চৰ সুযোগতে লাভ কৰে জ্যোতি-বিষ্ণু,ফণী শৰ্মা,গজেন বৰুৱা,চন্দ্ৰ গোস্বামী,গহন চন্দ্ৰ গোস্বামী,দণ্ডিনাথ কলিতা(শিক্ষক),কমলাপ্ৰসাদ আগৰৱালা আদিৰ দৰে বহুতো গুণী-জ্ঞানী লোকৰ সান্নিধ্য।এইসকলেই আছিল তেখেতৰ শিল্প সাধনাৰ –প্ৰেৰণাৰ উৎস।উন্মোচিত হৈছিল তেখেতৰ শিল্পী জীৱনৰ এটি নতুন দিগন্ত।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১২ বছৰ বয়সতে ‘আ’ কাৰ-‘ই’কাৰ জ্ঞান লাভ কৰাৰ আগেয়ে ‘কৰতল কমল’-ৰচনা কৰি শিক্ষক মহেন্দ্ৰ কন্দলীক স্তম্ভিত কৰি তুলিছিল।ই আছিল যেন ঐশ্বৰিক অৱদান।ইয়াৰ লগত ৰিজনি নকৰিও ভুপেন হাজৰিকাই এইগৰাকী মহিমাময়ী কলা-সংস্কৃতি,সহিত্য-গীত,নাট বহুধা গুণৰ সম্ভাৰেৰে অসমীয়া জাতিক চিৰযুগৰ বাবে জীৱন্ত কৰি থৈ যোৱা মহাপুৰুষগৰাকীৰ হৈয়েই এটি গীত ৰচনা কৰি ১২ বছৰ বয়সতে ‘কুসুম্বৰৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামেৰে তান’গীত-বৰগীত সুৰীয়া কৰি গহন চন্দ্ৰ গোস্বামীৰ প্ৰেৰণাতে প্ৰথম আত্মপ্ৰকাশ কৰে।জীৱনৰ ১৩ বছৰ বয়সতে ‘অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম’গীত ৰচনা কৰিলে।ইয়াৰ পিছতে যেন এইগৰাকী সুধাকণ্ঠ কোনোদিন উভতি নোচোৱাকৈ গীত আৰু সংগীতৰ ক্ষেত্ৰখনত আপ্লুত হৈ সোমাই পৰিল।

পৰিয়ালৰ বিশেষকৈ মাকে সন্দেহ কৰিছিল ভুপেন হাজৰিকা যেন এই সংগীতৰ মাজতে ডুব গৈ থাকি শিক্ষা-দীক্ষাত আগবাঢ়ি যাব নোৱাৰিব।কিন্তু ইয়াৰ বিপৰীতে ভুপেন হাজৰিকাই প্ৰমাণ কৰি দেখুৱাই দিলে আৰু মাতৃৰ আগত প্ৰতিশ্ৰুতি আগবঢ়ালে বাণীকান্ত কাকতিৰ দৰে বিশ্ববিদ্যালয়ৰ শেষ ডিগ্ৰী লাভ কৰিহে এৰিব,সেয়া দেশত নহয় বিদেশত।যেনে কথা তেনে কাম।এই কথা ড° ভুপেন হাজৰিকাৰ জীৱনত মাজে মাজে আমি দেখা পাই আহিছো।কোনো বাধাই যেন তেখেতৰ জীৱনত বাধা হৈ নাথাকিল।সেয়েহে তেখেতে সংঘাতময় জীৱনেৰে বাট বুলি আকাশ-কুসুম লাভ কৰিছে আৰু ইয়াৰ স্বাদ আমাকো দিছে।তেখেতে প্ৰায়েই কয়-‘সংঘাতময় জীৱনহে মানৱ জীৱন’।ড° ভুপেন হাজৰিকা বৰলুইতৰ দৰে দাম্ভিক অথচ সকলোৰে কৃপাযুক্ত হৃদয় মনা।কালান্তক ধুমুহাৰ দৰে গতিবেগ প্ৰচণ্ড অথচ মৌচুমী বায়ুৰ দৰে শীতল উৰ্বৰা শক্তিৰে যেন পৰিপুৰ্ণ।অলপতে খঙাল হৈ উঠিলেও তেখেত যেন সদায়েই শিশুৰ দৰে কোমল অন্তৰৰ।ড° ভুপেন হাজৰিকা আছিল এগৰাকী অতি অসাধাৰণ ছাত্ৰ।তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়া-শুনা কৰা ভুপেন হাজৰিকাই স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা।

আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়লৈ গৈ তেখেতে বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ সন্মান ডক্টৰেট ডিগ্ৰী লাভ কৰে।তাত তেখেতে বিশ্ববিখ্যাত শিল্পী পল ৰ’বচনক লগ পাই বিশেষ সান্নিধ্যতা লাভ কৰি সৰ্বসাধাৰণ মানুহৰ বিপ্লৱৰ মৰ্ম উপলব্ধি কৰে।তেতিয়াৰ পৰাই ড° ভুপেন হাজৰিকাৰ জীৱনলৈ এক বৈপ্লৱিক চেতনা নামি আহিছিল।ইয়াৰ পিছতেই ‘বৰ বৰ মানুহৰ দোলা’, ‘ধান নিদিওঁ ধান নিদিওঁ,মানুহেই দেৱ,মানুনেই সেৱ’-আদি গীত ৰচনাৰ নতুন প্ৰয়াস লাভ কৰিলে।আমেৰিকাৰ পৰাই ঘুৰি আহি ড° ভুপেন হাজৰিকাই ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল অসমৰ সাংস্কৃতিক জগতখনৰ লগত আৰু থলুৱা কলা সংস্কৃতিৰ আদৰ্শৰ আধাৰতে ৰচনা কৰিছিল বহু কালজয়ী গীত।কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ঘুৰি আহি ড° হাজৰিকাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনাৰ দায়িত্ব সাময়িকভাৱে গ্ৰহণ কৰিছিল যদিও কিছু দিনৰ পিছতেই চাকৰি এৰি ওলাই আহি সংগীতকে জীৱনৰ সাৰথি কৰি বাছি লৈছিল,নিজৰ জীৱন আৰু জীৱিকাৰ পথৰুপে জীৱনটোত বান্ধি লৈছিল এটি সেন্দুৰীয়া আলি।১৯৪৮ চনতে প্ৰথমবাৰৰ বাবে কথাছবিৰ সংগীত পৰিচালকৰুপে আত্মপ্ৰকাশ কৰা ড° হাজৰিকাদেৱে এখন বহল কথাছবি জগতৰ মাজলৈ সোমাই গৈছিল।সেইবাবে ১৯৫৬ চনতে তেখেতে স্থায়ীভাৱে কলিকতা মহানগৰীলৈ যাবলগীয়া হৈছিল।ড° হাজৰিকাদেৱে কলিকতালৈ গৈ তালিগঞ্জতে এটি আবাস লৈ ৭৩ খন কথাছবিৰ সংগীতপৰিচালনাৰ দায়িত্ব বহন কৰে।ইয়াৰ ভিতৰত অসমীয়া ছবি ৩৬ খন,বাংলা ১৫ খন,ভোজপুৰী ৩ খন আৰু লগতে কাৰ্বি আৰু বড়ো ভাষাতো একোখনকৈ ছবি আছে।হিন্দী ছবিৰ সংযোজনত সংগীত পৰিচালক হিচাপে আছে ৫ খন।ইয়াৰ উপৰি সহস্ৰাধিক গীতৰ বাণীবদ্ধ কৰি জনসমাজলৈ অৰিহণা আগবঢ়াই গৈছে।ড° হাজৰিকাদেৱে প্ৰথম অসমীয়া ছবি এৰাবাটৰ সুৰ নামৰ এখন ছবি প্ৰস্তুত কৰি বিষ্ণু প্ৰসাদ ৰাভা,ফণী শৰ্মা আদি বৰেণ্য শিল্পীৰ দ্বাৰা অভিনয় কৰায়।আনকি তেখেতৰ সুযোগ্য পত্নী প্ৰিয়ম হাজৰিকায়ো এই ছবিত অভিনয়ত অংশগ্ৰহণ কৰে।তেখেতৰ ছবিত বিজয় শংকৰ দাস,পবিত্ৰ বৰকাকতিৰ দৰে মোহনীয় চৰিত্ৰৰ নায়কৰ দ্বাৰাই অভিনয় কৰাইছিল।ড° ভুপেন হাজৰিকাৰ শকুন্তলা,প্ৰতিধ্বনি,লতিঘটি,চিকমিক বিজুলী,ৰ’দালি,এক পল আদি একো একোখন প্ৰতীকধৰ্মী মনোৰম ছবি।ড° ভুপেন হাজৰিকাৰ শকুন্তলা,প্ৰতিধ্বনি,লতিঘটি,চিকমিক বিজুলী,ৰ’দালি,এক পল আদি একো একোখন প্ৰতীকধৰ্মী মনোৰম ছবি।ড° হাজৰিকাদেৱৰ কালজয়ী ছবিজগতৰ সংগীত পৰিচালনা মণিৰাম দেৱান,চামেলি মেমচাহাব,পলাশৰ ৰং অসমীয়া মানুহৰ হৃদয়ে হৃদয়ে স্পন্দিত হৈ আছে আৰু থাকিব।শত-সহস্ৰাধিক গীতে মানুহৰ মন-প্ৰাণ আকৰ্ষিত কৰি আছে।ইয়াৰ ভিতৰত ‘সাগৰ সংগমত কতনা সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত’,’বুকু হম হম কৰে মোৰ আই’,’মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে’,’অসম অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব’,’মহাবাহু ব্ৰহ্মপুত্ৰ’আদি কালজয়ী গীতবোৰে মোৰ মন সদায় আপ্লুত কৰি ৰাখে।বিশ্বৰ এনে এখন সৰু-ডাঙৰ দেশ নাই য’লৈ ড° ভুপেন হাজৰিকাদেৱ এবাৰো যোৱা নাই।সেইবিলাক দেশতো ড° হাজৰিকাদেৱৰ অভাৱ অনুভৱ নকৰাকৈ থকা নাই,সেয়েহে বাংলাদেশ তেখেতলৈ সৰ্বোচ্চ সন্মান আগবঢ়াই শ্ৰদ্ধাৰ বাণী প্ৰকাশ কৰিছে।পৃথিৱীৰ বহুতো দেশৰ পৰা এইগৰাকী মহান শিল্পীয়ে মুল্যৱান সোণৰ,ৰুপৰ,ব্ৰঞ্জ আদিৰ অনেক বঁটা লাভ কৰি অসমলৈ সন্মান কঢ়িয়াই আনিছে।যাতে এইবিলাকৰ প্ৰকৃত সন্মানৰ চানেকী হেৰাই নাযায়,ইয়াৰ বাবে চৰকাৰ আৰু ৰাইজ উভয়ে সজাগ হ’ব লাগিব আৰু যথাবিহিতভাৱে সংৰক্ষণৰ দিহা কৰিব লাগিব।

এই ক্ষণজন্মা সংগীতজ্ঞগৰাকীৰ বিশেষ তাৎপৰ্যপুৰ্ণ অৱদান এই যে তেখেতে একেজন লোকেই গীত ৰচনা কৰে,সুৰ সংযোজন কৰে আৰু গীতত আৱহ সংগীতৰ নিৰ্দেশনা আগবঢ়ায়।এনে ধৰণৰ শিল্পী অসমৰ উপৰি ভাৰতবৰ্ষৰ ভিতৰতে বিৰল।বিখ্যাত কণ্ঠশিল্পী মহম্মদ ৰফী,মুকেশ,কিশোৰ কুমাৰ,লতা মংগেশকাৰ আদিৰ ক্ষেত্ৰতো ব্যতিক্ৰম আছে।আনৰ সুৰতহে কণ্ঠদান কৰে।কিন্তু ড° হাজৰিকাদেৱৰ ক্ষেত্ৰত একেজনেই ব্যক্তি।অৱশ্যে ড° হাজৰিকাদেৱে সন্মান আগবঢ়াই মহাপুৰুষ শংকৰ-মাধৱ,আজান-ফকীৰ,লক্ষ্মীনাথ বেজবৰুৱা,পাৰ্বতি প্ৰসাদ বৰুৱা,জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণুপ্ৰসাদ ৰাভা,নীলকান্ত হাজৰিকা,ড° নৱকান্ত বৰুৱা,আনন্দৰাম দাস,শিৱপ্ৰসাদ ভট্টাচাৰ্য,পুৰুষোত্তম দাস,লক্ষহীৰা দাস,ড° নিৰ্মলপ্ৰভা বৰদলৈ,বলেন হাজৰিকা,প্ৰবীণ হজৰিকা,হেমেন হাজৰিকা,হিৰেন গোস্বামী,নুৰুল হক,নিৰোদ চৌধুৰী,নগেন বৰা,সুৰ্য হাজৰিকা,কীৰ্তিকমল ভুঞা আদি নবীন-প্ৰবীণ বহুতৰ দ্বাৰা ৰচিত গীত গাই আহিছে।এইখিনিয়ে ড° হাজৰিকাদেৱৰ মহানুভৱতাৰ এক সুকীয়া নিদৰ্শন অসমৰ শিল্পী-সমাজলৈ দাঙি ধৰিছে।

এনে ধৰণৰ বহু গুণৰ অধিকাৰে ড° ভুপেন হাজৰিকাদেৱক অসমৰ জনগণে সদায়েই স্মৰণ কৰি থাকিব বুলি আমাৰ সুদৃঢ় বিশ্বাস।লগতে তেখেতৰ মহান স্মৃতি জীয়াই ৰখাত চৰকাৰেও নিশ্চয় কৃপণালি নকৰিব বুলিও আমাৰ অটল বিশ্বাস উপজিছে।মুঠতে ড° হাজৰিকাদেৱক এগৰাকী বিশ্ববৰেণ্য শিল্পী হিচাপে জীৱন্ত কৰি ৰখাটো ৰজাঘৰ-প্ৰজাঘৰ সকলোৰে কাম্য।

লেখক:প্ৰফুল্লপ্ৰাণ মহন্ত (ৰাইজৰ বাতৰি)

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate