বাপজনৰ নাম ল’লেই ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ড: সৰ্বপল্লী ৰাধাকৃষ্ণণলৈ মনত পৰে। একেদৰেই বিদ্যুত জ্যোতিৰ দৰে তীব্ৰ প্ৰত্যুৎপন্নমতি, অকাট্য যুক্তি আৰু ক্ষুৰধাৰ বাক্যবাণেৰে বিপক্ষক নিজ কথাৰেই মূৰ্খ সজাব পৰা গ্ৰীক দাৰ্শনিক চক্ৰেটিছ ৰ এই গুণবোৰ বাপজনাৰ গাত বিদ্যমান। দৰাচলতে এই দুয়োগৰাকী মহান ব্যক্তিয়েই তেওঁৰ আদৰ্শ পুৰুষ’
স্কুলীয়া দিনতে এখন নিৰ্বাচনী সভাত সাংসদ হেম বৰুৱাৰ উদাত্ত ভাষণ শুনাৰ সৌভাগ্য হৈছিল। জ্ঞানগৰ্ভ ভাষণৰ অৰ্থ বুজাৰ বয়স তেতিয়া হোৱা নাছিল যদিও তেওঁৰ বগ্মিতাই আমাক মুগ্ধ কৰিছিল। ডিব্ৰুগড়ৰ এখন বৃতিমূল্ক শিক্ষানুষ্ঠানৰ ছাত্ৰ হৈ থাকোতে অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰ মুকলি সভাত বাগ্মীবৰ নীলমণি ফুকনৰ দীঘলীয়া, ৰসাল বক্তৃতা শুনাৰ সুযোগ পাইছিলো। বাগ্মিতৰে তেওঁ শ্ৰোতাক মুগ্ধ কৰিব পাৰিছিল। আকৌ শ্ৰীমন্ত শঙ্কৰদেৱ স্ংঘৰ কেইবাটাও কাৰ্যকালৰ পদাধিকাৰ, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, মুক্তিযুঁজাৰু সোণাৰাম চুতিয়াৰ বৈষ্ণৱ দৰ্শনৰ বিষয়ে দিয়া ভাষণ স্ংঘৰ দুখন অধিৱেশনত শুনাৰ সৌভাগ্য হৈছিল। পৈণত বয়সত তেওঁৰ বাগ্মিতাৰ মাজেৰে প্ৰতিফলিত গৱেষণামূলক চিন্তাৰ প্ৰকাশ শ্ৰৱণ কৰিবলৈ পাই ধন্য হৈছিলোঁ। তেওঁৰ একান্ত অনুগত আন এগৰাকী বিশিষ্ট পণ্ডিত ড: ধৰ্মেশ্বৰ চুতীয়াৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৃহত বিশিষ্ট পণ্ডিতগৰাকীক নাম-প্ৰস্ংগৰ ঘাই নামুৱৈ ৰুপেৰে ভক্তিৰসত নিমজ্জিত হোৱা পৰিৱেশতো দেখিছোঁ। জন্ম শতবাৰ্ষিকীলৈ দুবছৰ থাকোতে তেওঁ বৈকুন্ঠগামী হয়। শ্ৰীমন্ত শঙ্কৰদেৱ স্ংঘই ৮ জুনত যোৰহাটত জন্ম শতবাৰ্ষিকী উপলক্ষে ‘সোণাৰাম চুতীয় বটা’ৰে পদ্মশ্ৰী সূৰ্য হাজৰিকাক সন্মান জনাব বুলি জানিব পাৰি সন্তোষ পাইছোঁ। ১৯১৫ চনৰ ৮ জুনত যোৰহাট কাকজানৰ বাম কুকুৰাচোৱা গাঁওত তেওঁৰ জন্ম হয়। ১৯২৭ চনত প্ৰাথমিক শিক্ষাত উত্তীৰ্ণ হৈ মাহেকত তিনি টকাকৈ বৃত্তি পাবলৈ সক্ষম হয়। অতি দুখীয়া কৃষিজীৱী পৰিয়ালৰ হোৱা বাবে বৃত্তিৰ দুটকা ঘৰৰ খৰচৰ বাবে ৰাখি তেওঁ বাকী এটকা পঢ়াত খৰচ কৰিছিল। ১৯৩১ চনত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰপৰা সুখ্যাতিৰে এম ই পৰীক্ষাত উত্তীৰ্ণ হৈও তেওঁ পাঁচটকীয়া মাহেকীয়া বৃত্তী পাবলৈ সক্ষম হয়। ১৯৩৫ চনত তেওঁ পাঁচটা বিষয়ত লেটাৰসহ(সাধাৰণ গণিত, অতিৰিক্ত গণিত, স্ংস্কৃত, অসমীয়া আৰু মেকানিক্ছ)প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ পোন্ধৰটকীয়া বৃত্তী পাবলৈ সক্ষম হয়। ১৯৩৯ চনত ত্তেওঁ কটন কলেজৰপৰা বি এচ চি পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হয়। শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও পৰাধীনতাৰ শিকলিৰপৰা দেশমাতৃক মুক্ত কৰিবলৈ তেওঁ মাত্ৰ ৯ মাহ পিছতে চাকৰি এৰি ১৯৪০ চনত জাতীয় মহাসভাত যোগ দিয়ে। ১৯৪২ চনৰ ৪ৰ ডিচেম্বৰত তেওঁক বৃটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰি যোৰহাট কাৰাগাৰত আবদ্ধ কৰি থয়। কাৰাগাৰত সহ:কাৰাবন্দী হিচাপে সান্নিধ্য লভে গোপীনাথ বৰদলৈ, ফখৰুদ্দিন আলি আহমেদ, দেৱেশ্বৰ শৰ্মা, হৰিনাৰায়ণ বৰুৱা, তৈয়বুল্লা, অমিয় কুমাৰ দাস, মহাদেৱ শৰ্মা, পীতাম্বৰ দেৱগোস্বামী আদি সেই সময়ৰ বৰেণ্য মুক্তিযুজাৰুসকলৰ।
তেওঁ বলমা হাইস্কুল আৰু কাকজান হাইস্কুলত কিছুদিন শিক্ষকতা কৰাৰ পিছত যোৰহাট লোকেল ব’ৰ্ডৰ সদস্য নিৰ্বাচিত হয়। ১৯৫৪ চনত গোলাঘাটত গ্ৰাম্য উন্নয়ণ বিষয়া হিচাপে যোগদান কৰে। ১৯৬২ চনত মাজুলীত তেওঁ খণ্ড উন্নয়ণ বিষয়া হিচাপে নিযুক্ত হয়। ১৯৬৮ চনত সোণাৰাম চুতীয়া জয়সাগৰৰ ‘পঞ্চায়তীৰাজ প্ৰশিক্ষণ কেন্দ্ৰ’ আৰু ‘গাওঁ পঞ্চায়ত সম্পাদক প্ৰশিক্ষণ কেন্দ্ৰ’ৰ অধ্যক্ষ মনোনীত হয়। ১৯৭০ চনত সেই পদৰ পৰা অৱসৰ গ্ৰহন কৰি টিয়ক ৰাজাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদ গ্ৰহন কৰে আৰু ১৯৭৫ চনৰ ৩০ এপ্ৰিললৈ সেই পদত কাৰ্যনিৰ্বাহ কৰি চাকৰি জীৱনৰ ওৰ পেলায়।
একনিষ্ঠ মুক্তিযুঁজাৰু আৰু চৰকাৰী চাকৰিৰ গুৰুত্বপূৰ্ণ দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ সমান্তৰালভাৱে তেওঁ ১৯৪৬ চনত শ্ৰীমন্ত শঙ্কৰদেৱ স্ংঘত ভৰ্তি হৈ গুৰুজনাৰ দৰ্শনৰ ব্যাপক প্ৰচাৰতো আগভাগ লয়। স্ংঘৰ উত্তৰ লখিমপুৰ (১৯৫৬), দৰ্ং(১৯৬৫), ডিব্ৰুগড়(১৯৬৬), কাৰ্বিআংলং(১৯৭০), যোৰহাট(১৯৭৭)আৰু গুৱাহাটী (১৯৭৮) অধিবেশনত পদাধিকাৰৰ পদ অলংকৃত কৰি তেওঁ সঠিক পথ নিৰ্দেশনা দি থৈ গৈছে। ১৯৯৫ চনত তেওঁক শ্ৰীমন্ত শঙ্কৰদেৱ স্ংঘই শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱ বঁটাৰে সন্মানিত কৰে। অসম চৰকাৰে ২০০০ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ উপস্থিতিত ‘শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা’ৰে বিভুষিত কৰে। বঁটা গ্ৰহন কৰি দিয়া তেওঁৰ চমু, অথচ সাৰগৰ্ভ ভাষণে তেতিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীক আকৰ্ষণ কৰা আমি দূৰদৰ্শনযোগে প্ৰত্যক্ষ কৰিছিলোঁ।
‘ঈশ্বৰ সৰ্বব্যাপিতা’ (অনুবাদ ১৯৫৪), ‘নামধৰ্ম প্ৰকাশ’ (১৯৫৪), ‘মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ চৰিত্ৰ’ (সমালোচনা ১৯৬৮), ‘অসমৰ বৈঞ্চৱ দৰ্শনৰ স্বৰ্ণৰেখা’ (১৯৭২), ‘বিষোদগাৰৰ বিচিত্ৰ কাহিনী’ (১৯৭৬), ‘ভক্তি ৰত্নাৱলী’ (সম্পদনা-১৯৭৯), ‘মহাপুৰুষীয়া ধৰ্ম আৰু কৰ্মকাণ্ড’(১৯৮০), ‘শোৱৰ আসুধি’(১৯৮০), ‘ভাগৱত মাহাত্ম্য’(১৯৮৬), ‘মহাপুৰুষীয়া ধৰ্ম আৰু জিজ্ঞাসা’(১৯৮৬), ‘বেদ আৰু মহাপুৰুষীয়া ধৰ্ম’(১৯৮৮) আদি প্ৰকাশিত পুথি তেওঁৰ অসমীয়া বৈষ্ণৱ সাহিত্যলৈ বহুমূলীয়া অৱদান। আন এগৰাকী বৈষ্ণৱ পণ্ডিত ড: ধৰ্মেশ্বৰ চুতীয়াই সোণাৰাম চুতীয়াক বৈষ্ণৱ জ্ঞানৰ বিশ্বকোষ বা আন কথাত ‘বৈষ্ণৱী জ্ঞানৰ প্ৰতিমূৰ্তি’ বুলি আখ্যা দিছে(শ্ৰদ্ধাঞ্জলি বৈষ্ণৱ পণ্ডিত সোনাৰাম চুতীয়া সম্বৰ্দ্ধনা গ্ৰন্থ ১৯৯৮)। ড: চুতীয়াই উক্ত গ্ৰন্থত আৰু অভিমত দিছে-‘ন হি জ্ঞানেন সদৃশ্ং পৱিত্ৰমিহ বিদ্যতে’(গীতা)-এই শ্ৰুতি বাক্যত আস্থাশীল, জ্ঞানলিপ্সা, অধ্যয়ণ পটুটা, নিষ্ঠা আৰু সততাৰ ক্ষেত্ৰত শ্ৰদ্ধেয় বাপজনাৰ নাম ল’লেই ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড: সৰ্বপল্লী ৰাধাকৃষ্ণণলৈ মনত পৰে। একেদৰেই বিদ্যুৎ জ্যোতিৰ দৰে তীব্ৰ প্ৰদ্যুত্ৎপন্নমতি, অকাট্য যুক্তি আৰু ক্ষুৰধাৰ বাক্যবানেৰে বিপক্ষক নিজ কথাৰেই মূৰ্খ সজাব পৰা গ্ৰীক দাৰ্শনিক ছক্ৰেটিছৰ এই গুণবোৰ বাপজনাৰ গাত বিদ্যমান। দৰাচলতে এই দুয়োগৰাকী মহান ব্যক্তিয়েই তেওঁৰ আদৰ্শ পুৰুষ।‘
প্ৰভাত চন্দ্ৰ দাসে গ্ৰহন কৰা এটা সাক্ষাতকাৰত তেওঁ কৈছিল-অসমৰ জনসাধাৰণে দিল্লীলৈ নিৰ্বাচন কৰি পঠিওৱা কোনো এজন সাংসদেই অসমৰ স্বাৰ্থৰ হকে স্ংসদত এটা শব্দও উচ্চাৰণ নকৰে। এই সময়ত আমাৰ প্ৰয়োজন আছিল এজন হেম বৰুৱাৰ, যিজনে টেবুলত ভুকুৱাই কথা ক’ব পাৰে।সকলোপিনৰেপৰাই আমাৰ অস্তিত্ব স্ংকটাপন্ন হৈ পৰিছে। আমাৰ মানুহবোৰ বৰ অকৰ্মণ্য হ’ল। অসমখন এতিয়াও কৰ্মহীন হোৱা নাই, কিন্তু অসমীয়া মানুহ অকৰ্মণ্য হোৱা বাবে দেশী-বিদেশী লোকেৰে অসমখন ভৰি পৰিছে। এনে এটা অকৰ্মণ্য সোৰোপা জাতি কেনেকৈ জীয়াই থাকিব? আকৌ কেন্দ্ৰীয় চৰকাৰেও উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সদায়ে অৱহেলা কৰি আহিছে। চৰকাৰক অসমখন লাগে, অসমীয়াৰ ভোট লাগে; কিন্তু অসমীয়া মানুহ নালাগে। অসম গুচি বাংলাদেশ হ’লেও কেন্দ্ৰীয় চৰকাৰৰ কি আহে কি যায়। এনে ভয়াবহ পৰিস্থিতিৰ মাজত আমি সোমাই পৰিছোঁ।‘ (অসমীয়া খবৰ, ২৫ ছেপ্তেম্বৰ ২০০২)
পণ্ডিত সোনাৰাম চুতীয়াৰ বৈচিত্ৰ্যপূৰ্ণ সুদীৰ্ঘ কৰ্ম-জীৱন গৱেষকৰ বাবে এক আকৰ্ষণীয় বিষয় হ’ব পাৰে। এনে কামত অগ্ৰসৰ হ’ব পাৰিলেহে তেওঁৰ জন্ম শতবাৰ্ষিকী উদ্যাপন সাৰ্থক হ’ব বুলি আমি ভাবোঁ।
অতুল মজুমদাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/25/2020
চাহ কি আৰু কিয়?
লোক-বিশ্বাসত তামোল-পাণ
লোক-বিশ্বাসত মাছ
বৈষ্ণৱ সমাজৰ সেৱাৰ থলী নামঘৰ