অংশগ্ৰহণকাৰী: ৩০-৪০ জন
সময়: ৬০ মিনিট
সামগ্ৰী: এখন কাগজ, পেঞ্চিল বা কলম।
পূৰ্ৱ প্ৰস্তুতি: কিছুমান জ্যামিতিক চিত্ৰ কাগজত আঁকি থওক।
উদ্দেশ্য:
নিৰ্দিষ্ট শব্দৰ লগত সংলগ্ন হৈ থকা ধাৰণা সলোৱা। কথাটো ঠিকমতে বুজাবলৈ কেনেকৈ ক’ব লাগে। আমি কেনেকৈ নিৰ্দেশ দিওঁ আৰু ইয়াৰ কি প্ৰভাৱ পৰে।
কেনেকৈ খেলিব
প্ৰথম ভাগ:
- সকলোৱে ঘূৰণীয়াকৈ বহি লওক।
- প্ৰশিক্ষকগৰাকীয়ে যিকোনো এগৰাকী ব্যক্তিক মাতি আনিব আৰু তেওঁক আঁকি থোৱা চিত্ৰ এখন দিব।
- সেই ব্যক্তিজনে সকলোৰে ফালে পিঠি দি থিয় হৈ ল’ব।
- যেনেদৰে তেওঁ নিৰ্দেশ দি যাব বাকীবোৰে ঠিক তেনেকৈ ছবি আঁকিব।
- কোনোৱে প্ৰশ্ন সুধিব নোৱাৰিব।
- চিত্ৰখনৰ সম্পূৰ্ণ বিৱৰণ দিয়াৰ পাছত তেওঁ চাব, কাৰ ছবিখন ঠিক্ হৈছে।
দ্বিতীয় ভাগ:
- এতিয়া সেইজন মানুহে সকলোৰে ফালে মুখ কৰি ছবিখনৰ বিৱৰণ দিব।
- এতিয়া তেওঁ সকলোৰে ফালে চাব পাৰে বা তেওঁক সোধা যিকোনো প্ৰশ্নৰো উত্তৰ দিব পাৰে।
- সকলোবোৰ নিৰ্দেশ দি উঠাৰ পাছত, তেওঁ চাব কাৰ ছবিখন সঠিক হৈছে। দুয়োটা স্থিতিৰে তুলনা কৰিলে দেখা যাব যে সকলোৰে ফালে মুখ কৰি বিৱৰণ দিয়া চিত্ৰখন বেছি সঠিক হৈছে।
তৃতীয় ভাগ:
- এতিয়া প্ৰশিক্ষকগৰাকীয়ে সকলোৰে মাজৰ পৰা এজনক মাতি আনিব আৰু তেওঁক চিত্ৰখন দেখুৱাব।
- চিত্ৰখন কেনেকৈ তৈয়াৰ কৰাব লাগে, সেই কথাটো প্ৰশিক্ষকগৰাকীয়ে নকয়।পাছত অহা মানুহজনে যিকোনো উপায়ে চিত্ৰখন তৈয়াৰ কৰোৱাবলৈ যত্ন কৰিব। কোনো বাধা নিষেধ নাথাকিব।
- প্ৰায়ে দ্বিতীয়জন ব্যক্তিয়ে প্ৰথমজনৰ পদ্ধতিকে লোৱা দেখা যায়। প্ৰথমজনক যি নিৰ্দেশ দিয়া হৈছিল, সেই অনুসাৰে এইজনে নিৰ্দেশ দিয়া দেখা যায়।
আলোচনা:
- ইয়াত মন কৰিবলগীয়া কথা হ’ল যে, দ্বিতীয়জন ব্যক্তিয়ে সকলোকে চিত্ৰখন দেখুওৱাত কোনো বাধা নথকা সত্বেও তেওঁ সেইখন নেদেখুৱায়।
- সাধাৰণতে সকলোৰে নিৰ্দেশ অনুযায়ীহে কাম কৰাৰ মানসিকতা থাকে। সেইবাবে কোনো বাধা নিষেধ নথকা সত্বেও চিত্ৰখন নেদেখুৱায়।
সাৱধানতা:
- এইটো খেলত এটা উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয়।
লেখিকাৰ নাম: বৰ্ণালী শৰ্মা শেহতীয়া উন্নীতকৰণ: : 4/16/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.