অংশগ্ৰহণকাৰী:৩০ জন
সময়:৩০ মিনিট
সঁজুলি: এটা বল।
উদ্দেশ্য:
নাম সোনকালে মনত ৰখা। নামটো মনত ৰাখিবলৈ পাছৰ দিনাও এই খেলত খেলিব লাগে।
কেনেকৈ খেলিব:
- সকলোৱে ঘূৰণীয়াকৈ বহি লওক।
- নিজৰ দুয়োকাষৰ মানুহ দুজনক বাদ দি আন এজনৰ নামটো কৈ বলটো তেওঁলৈ দলিয়াওক।
- যিজনে বলটো পাব, তেওঁ এইটোকে কৰিব। এইদৰে প্ৰত্যেকেই এবাৰ এবাৰ বলটো পাব।
- দুই তিনিবাৰমান বলটো ঘূৰাৰ পাছতে যাতে সকলোৰে নাম কোৱা হৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
সাৱধানতা: বলটো যাতে সকলোৱে পায়, প্ৰশিক্ষকগৰাকীয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। নামটো সুধি ল’ব পাৰিব।
ইজনে সিজনৰ বিষয়ে জনা খেল
অংশগ্ৰহণকাৰী:২০-৩০ জন
সময়: ৪৫-৬০ মিনিট
উদ্দেশ্য:
সহযোগীসকলৰ মাজত চিনাকি বঢ়োৱা। ইজনে সিজনৰ বিষয়ে জনা। সহযোগীজনে কোৱা কথাবোৰ মনত ৰখা। সেইবোৰ সকলোৰে আগত কোৱা।
কেনেকৈ খেলিব:
- সকলোৱে ঘূৰণীয়াকৈ বহি লওক।
- দুজন-দুজনকৈ বহি একোটাকৈ দল গঠন কৰক। যিজনৰ বিষয়ে বিশেষ নাজানে তেনে লোকৰ লগতহে দলটো গঠন কৰিব।
- ঘৰ, পৰিয়াল, অভিৰুচি আদিৰ বিষয়ে ১০ মিনিটকৈ কথা পাতি ইজনে সিজনৰ বিষয়ে জানি লওক।
- এতিয়া সকলোৰে আগত প্ৰত্যেকে নিজৰ সহযোগীজনৰ বিষয়ে জানি উঠা কথাখিনি ক’ব লাগে।
- সকলোৰে আগত যিকোনো সহযোগীয়ে প্ৰশ্ন কৰিব পাৰে।
টোকা: সময় কম হ’লে শেষৰ ভাগটো বাদ দিব পৰা যায়।
লিখকৰ নাম: বৰ্ণালী শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 10/5/2018
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.