অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মোৰ চকুৰে চোৱা

মোৰ চকুৰে চোৱা

অংশগ্ৰহণকাৰী: ৩০ জন

সময়: ৩০ মিনিট

সামগ্ৰী: কলম, কাগজ আৰু চিত্ৰ

উদ্দেশ্য:

দেখা বস্তুটো কথাৰে প্ৰকাশ কৰোঁতে পূৰ্ণতা নাপায়। কথা কেনেকৈ সলনি হৈ যায়। আমি কেনেকৈ নিৰ্দেশ দিওঁ আৰু ইয়াৰ প্ৰভাৱ কি পৰে।

কেনেকৈ খেলিব:

  • প্ৰশিক্ষকগৰাকীয়ে আগতেই এখন চিত্ৰ বাছি থ’ব।
  • সকলোৱে ঘূৰণীয়াকৈ বহি লওক।
  • গোটেইখিনি মানুহেৰে দুজন দুজনকৈ একোটা দল গঠন কৰক।
  • প্ৰশিক্ষকগৰাকীয়ে প্ৰত্যেক দলৰে এজনক বাহিৰলৈ মাতি আনিব আৰু তেওঁক চিত্ৰখন দেখুৱাব।
  • এতিয়া যিসকলে চিত্ৰখন দেখিছে, তেওঁলোকে নিজৰ সহযোগীজনৰ হতুৱাই চিত্ৰখন অঁকাব।
  • যিজনে দেখিছে, তেওঁ থিয় হৈ চিত্ৰৰ বিৱৰণ দিব।
  • চিত্ৰ অঁকাজনে প্ৰশ্ন সুধিব নোৱাৰিব, তেওঁ কৈ থকাজনৰ নিৰ্দেশ অনুযায়ী চিত্ৰ আঁকি যাব লাগিব।

সাৱধানতা:

প্ৰশিক্ষকগৰাকীয়ে স্পষ্ট নিৰ্দেশ দিব লাগে যাতে দেখি আৰু নেদেখাকৈ চিত্ৰ অঁকা, এই দুয়োটা স্থিতি স্পষ্ট হয়।

লেখিকাৰ নাম: বৰ্ণালী শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 10/5/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate