কিছুমান মানুহে ওখ ঠাইলৈ যাব ভয় কৰে। আন কিছুমানে হয়তো বন্ধ কোঠাত থাকিব ভয় কৰে। আন কিছুমান মানুহ আছে যিসকলে ভীৰত বা জনসমাবেশত ভয় কৰে বা কিছুমানে হয়তো স্পৰ্শ ভয় কৰে। এনেদৰে ব্যৱহাৰ কৰা সকলৰ বাবে এটা নাম আছে এইটোক “আতংকজনিত প্ৰতিক্ৰিয়া” বুলি ক’ব পাৰি।
এই মানুহবোৰৰ কিবা দোষ আছে নেকি? তেওঁলোকে কিবা প্ৰকাৰে বেমাৰী নেকি? নহয়-
কিন্তু তেওঁলোকে একধৰণৰ মানসিক ব্যাধিৰ কবলত পৰিছে। কোনো ঘটনাই তেওঁলোকক অতীতত নাইবা বৰ্তমানতো প্ৰচণ্ডভাৱে জোকাৰি থৈ যাব পাৰে। যেনেদৰে শাৰিৰীক দুখ, কষ্ট সহ্য কৰিবলগীয়া হয়, তেওঁলোকে আবেগিক দুখ, কষ্ট সহিবলগীয়া হয়।
আবেগে আমাৰ সকলোৰে মন বেয়া কৰিব পাৰে। আমি কান্দো, লাজ কৰো বা দুখ কষ্টত ভাগি পৰিব পাৰো। কিন্তু যিবোৰ মানুহ খুব বেছি পৰিমাণে আবেগিক বা যিসকলৰ প্ৰতিৰোধ ক্ষমতা কম, তেওঁলোকে এই আবেগিক দুখ, কষ্টবোৰ অস্বাভাৱিকভাৱে, আন ধৰণেৰে লয়। এনেধৰণৰ প্ৰতিক্ৰিয়াক কেতিয়াবা স্নায়বিক বুলি কোৱা হয়। এনে ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈ থকাৰ ফলত মানুহ আতংকৰ কবলত পৰে। যেনে-ওখ ঠাইলৈ যোৱা বা বন্ধ ঘৰত থকা ইত্যাদি। আতংকৰ বিষয়ে এটা আমোদজনক কথা হ’ল যে এজন মানুহে যি পৰিস্থিতি বা ব্যক্তিৰ প্ৰতি আতংকিত হৈ উঠে তেওঁ সেই পৰিস্থিতিক বা ব্যক্তিজনক এৰাই চলিব পৰা বিধৰ হয়। কোনেও কাকো ওখ ঠাইত উঠিবলৈ জোৰ নকৰে বা কোনেও কাকো বন্ধ ঘৰত আবদ্ধ কৰি নথয়। যেতিয়ালৈকে মানুহজনে এনে ধৰণৰ পৰিস্থিতি এৰাই চলিব পাৰিব তেতিয়ালৈ তেওঁ সম্পূৰ্ণ সুস্থ। তেওঁ তেতিয়ালৈ কোনো ধৰণৰ দু:শিন্তাত ভুগিব নালাগে। কিন্তু কিছুমান মানুহে কিয় এনে ধৰণে ভয় খায়? ধৰাহ’ল ওখ ঠাইলৈ যাবলৈকে তেওঁ ভয় খাব পাৰে। আচলতে তেওঁ কোনো আন বস্তুৰ প্ৰতিহে শংকিত হয় বা হয়তো তেওঁ সৰুতে কোনো বস্তু দেখি ভয় খাইছিল আৰু সেই ভাব মনৰ মাজত থাকি যায়। এইজন তেওঁৰ পিতৃও হ’ব পাৰে, যি গৰাকীক হয়তো তেওঁ একে সময়তে ভয়ো কৰিছিল আৰু ভালো পাইছিল। তেওঁ এই ভয় স্বীকাৰ কৰিব নিবিচাৰে। পিতৃৰ প্ৰতি এই ভয়ক তেওঁ ওখ ঠাইৰ প্ৰতি থকা ভয়লৈ ৰূপান্তৰিত কৰি লয়। যিহেতু তেওঁ ওখ ঠাইৰ পৰা আতৰি থাকিব পাৰে, গতিকে তেওঁ দেউতাকৰ মুখামুখি হওঁতে যি ভয় খাইছিল, সেই ভয় আঁতৰাব পাৰে। এই সকলোবোৰ খুবেই জটিল যেন বোধ হয়। কাৰণ মানুহ আৰু মানুহৰ ব্যৱহাৰ এটা জটিল বিষয়।
লেখিকাৰ নাম: বৰ্নালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 9/13/2018