আমি সকলোৱে জানো যে, আমি উশাহ ল’ব লাগে। কিন্তু সকলোবোৰ জীৱিত গছ-গছনি আৰু জীৱ-জন্তুৱে কিয় উশাহ ল’ব লাগে? কাৰণটো খুবেই সহজ। উশাহত আমি বায়ুৰ পৰা অম্লজান গেছ লওঁ। এইবিধ গেছৰ অবিহনে কোনো জীৱই বাচি থাকিব নোৱাৰে।
যেতিয়া আমি বায়ু ত্যাগ কৰো, ই ৰূপান্তৰিত হৈ আহে। আমাৰ শৰীৰে কিছুখিনি অম্লজান ব্যৱহাৰ কৰে আৰু কাৰ্বন ডাই অক্সাইড আৰু পানী ওলাই যায়।
আমাৰ উশাহ-নিশাহৰ বাবে প্ৰকৃতিয়ে আমাক নিয়মিতভাৱে অম্লজানৰো যোগান ধৰে। দৰাচলতে, বছৰ বছৰ ধৰি বায়ুত থকা অম্লজান আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ খুব কম পৰিমাণেহে সলনি হৈছে। কাৰণ আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড গছে গ্ৰহণ কৰে। আৰু গছে এৰি দিয়া অম্লজান বা অক্সিজেন আমি গ্ৰহণ কৰো।
শ্বাস-প্ৰশ্বাস দুই ধৰণে সংঘটিত হয়। বাহ্যিক আৰু আভ্যন্তৰীণ। বাহ্যিক প্ৰক্ৰিয়াটো হৈছে উশাহ লোৱা নিশাহ এৰি দিয়া। এই প্ৰক্ৰিয়া মুখ আৰু নাক বা দুয়োবিধৰ সহায়ত ঘটে। আমি নিশাহত এৰি দিয়া বায়ুখিনিত এক পঞ্চমাংশ অক্সিজেনৰ সলনি সমপৰিমাণৰ কাৰ্বন ডাই অক্সাইড থাকে। এই প্ৰক্ৰিয়াটো হাওঁফাওঁত ঘটে।
আভ্যন্তৰীণ শ্বাস-প্ৰশ্বাস বাহ্যিক শ্বাস-প্ৰশ্বাসৰ বিপৰীত। বায়ুৰ পৰা লোৱা অক্সিজেন হাওঁফাওঁৰ পৰা তেজৰ ৰঙা কোষবোৰে শৰীৰৰ পেশীসমূহলৈ কঢ়িয়াই লৈ যায়। পেশীসমূহত শৰীৰে গ্ৰহণ কৰিব পৰাকৈ অক্সিজেনে কিছুমান খাদ্যৰ দহন কৰে। এই তেজখিনিয়ে অলাগতীয়াল পদাৰ্থ, পানী আৰু কাৰ্বন ডাই অক্সাইড লৈ আনে। এইবোৰ হাওঁফাওঁৰ পৰা নিশাহত ওলাই যায়।যিহেতু, কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ মাজত হাওঁফাওঁ আৰু পেশীসমূহত এক সাল-সলনি ঘটে, ইয়াৰ বাবে এক পৃষ্ঠৰ দৰকাৰ হৈ পৰে। এজন প্ৰাপ্তবয়স্কৰ হাওঁফাওঁৰ আভ্যন্তৰৰ আৱৰণখিনি প্ৰায় তিনি বৰ্গ মিটাৰ ঠাইৰ সমান হ’ব। ইয়াৰ বেছিখিনিয়েই সংৰক্ষিত কৰি থোৱা থাকে। কাৰণ বিশ্ৰামৰ সময়তকৈ কামৰ সময়ত আমাক প্ৰায় ৮-১০ গুণ পৰ্য্যন্ত অক্সিজেনৰ দৰকাৰ হয়। বেছি অক্সিজেন দৰকাৰ হোৱা সময়ত আমি ঘন ঘনকৈ বা গভীৰভাৱে উশাহ লওঁ। বেলেগ বেলেগ প্ৰাণীয়ে বেলেগ বেলেগ ধৰণে সিহঁতক দৰকাৰ হোৱা অক্সিজেনৰ পৰিমাণ অনুযায়ী উশাহ-নিশাহ লয়।
এটি নতুনকৈ জন্মা শিশুৱে ১ চেকেণ্ডত এবাৰকৈ উশাহ লয়। ১৫ বছৰৰ ১ মিনিটত প্ৰায় ২০ বাৰকৈ মান উশাহ লয়। এটা হাতীয়ে এক মিনিটত প্ৰায় ১০ বাৰ মানকৈ আৰু কুকুৰে ২৫ বাৰ মানকৈ উশাহ লয়।
লেখিকাৰ নাম: বৰ্নালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 5/1/2020