আমাৰ পিয়াহ লাগিলে ডিঙিটো শুকান শুকান লাগে। ভোক লাগিলে পেটটো খালী যেন লাগে। কিন্তু ডিঙিটো শুকান যেন লগা অনুভূতিটো বা পেটটো খালী যেন লগা অনুভূতিটো আমাৰ ভোক পিয়াহ লগাৰ বাবে দায়ী নহয়।
আমাৰ তেজত এক নিৰ্দিষ্ট পৰিমাণত নিমখ আৰু পানী থকাটো উচিত। এইটো আমাৰ পেশীসমূহৰ বাবেও সত্য। ধৰাহ’ল, কিবা কাৰণত এই ভাৰসাম্য নাইকিয়া হৈ গ’ল। তেতিয়া তেজে এই ভাৰসাম্য ঠিকে ৰাখিবলৈ পেশীসমূহৰ পৰা পানী শুহি লয়।
এই পানীখিনি পেশীৰ পৰা গুচি অহাৰ লগে লগে মগজুত পিয়াহৰ অনুভূতি হয়। এই অনুভূতিয়ে ফেৰিংচ বা ডিঙিলৈ এই বাৰ্তা পঠিয়ায়। তেতিয়াই আমাৰ ডিঙিটো শুকান যেন লাগে আৰু আমি পিয়াহ লগা যেন অনুভৱ কৰো।
ভোকৰ অনুভূতিও আমাৰ মগজুতে সৃষ্টি হয়। আমাৰ শৰীৰত ভোকৰ কেন্দ্ৰ আছে। এই কেন্দ্ৰটোৱে পেট আৰু নাড়ীভুড়িৰ মাজত একধৰণৰ সেকৰ নিচিনাকৈ কাম কৰে। যেতিয়া তেজত যথেষ্ট পৰিমাণে খাদ্য মজুত থাকে, তেতিয়া এই কেন্দ্ৰি নাড়ীভুড়ি আৰু পেটৰ মাজত তাক ক্ৰিয়া কমাই দিয়ে। যেতিয়া তেজত যথেষ্ট পৰিমাণে খাদ্য নাথাকে, তেতিয়াই নাড়ীবোৰ সক্ৰিয় হৈ উঠে আৰু আমাৰ ভোক লাগে।
আমাৰ খোৱাৰ হাৰ অনুযায়ী আমি এক নিৰ্দিষ্ট মাত্ৰালৈ আমাৰ ভোক নিয়ন্ত্ৰণ কৰিব পাৰো। প্ৰকৃতিত সৰু আৰু খুব সক্ৰিয় প্ৰাণীবোৰে খুব বেছি হাৰত খায়।উদাহৰণস্বৰূপে, এটা সৰু চৰায়ে পাঁচ দিনলৈ নোখোৱাকৈ থাকিব পাৰে, কিন্তু এটা কুকুৰে ২০ দিন পৰ্য্যন্ত নোখোৱাকৈ থাকিব পাৰে। যেতিয়া এজন মানুহে কোনো কাম বন নকৰাকৈ থাকে, তেতিয়া তেওঁৰ দেহৰ প্ৰ’টিন বেছি সময়লৈ জমা হৈ থাকে। কিন্তু ভয় খালে বা উত্তেজিত হ’লে এই হাৰ কমি যায়।
কিছুমান মানুহে বহুদিন পৰ্য্যন্ত নোখোৱাকৈ থাকিব পাৰে। যেনেদৰে কিছুমান খেলুৱৈয়ে ব্যতিক্ৰমধৰ্মী কিছুমান খেলৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে। ঠিক তেনেদৰে এওঁলোকেও কঠোৰ সাধনাৰ দ্বাৰা বহুদিন পৰ্য্যন্ত নোখোৱাকৈ থাকিব পাৰে। মানুহৰ পিয়াহটো নিয়ন্ত্ৰণ কৰিবলৈ কিছু কঠিন। কিন্তু যথেষ্ট চেষ্টা কৰি ইয়াকো নিয়ন্ত্ৰণ কৰিব পাৰি।
লেখিকাৰ নাম: বৰ্নালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 4/25/2020