মানুহৰ মনত ৰহস্যৰ সৃষ্টি কৰিব পৰা আৰু মানুহে সুধিব পৰা এইটোৱে হ’ল, আটাইতকৈ গভীৰ প্ৰশ্ন।
বৈজ্ঞানিকসকলে আৱিষ্কাৰ কৰিছে যে, মানুহৰ দেহটো প্ৰট’প্লাজম নামৰ এবিধ পদাৰ্থৰে গঠিত। তেওঁলোকে প্ৰট’প্লাজমৰ বাবে এটা ৰাসায়নিক সূত্ৰ আৱিষ্কাৰ কৰি উলিয়াইছে। তেওঁলোকে বিভিন্ন মৌল আৰু যৌগৰ অণু লৈ আৰু সেইবোৰ একেলগে মিহলাই প্ৰট’প্লাজমৰ নিচিনা পদাৰ্থ প্ৰস্তুত কৰি উলিয়াইছে। কিন্তু তেওঁলোকে প্ৰস্তুত কৰা পদাৰ্থবোৰ জীৱিত নহয়।
সকলো জীৱিত প্ৰাণীৰে কিছুমান সাধাৰণ বৈশিষ্ট্য আছে। সকলোবোৰ জীৱিত প্ৰাণীয়ে ডাঙৰ-দীঘল হয় আৰু এক নিৰ্দিষ্ট আকৃতি নোপোৱা পৰ্য্যন্ত এই প্ৰক্ৰিয়া চলি থাকে। কিছুমানক সম্পূৰ্ণ আকৃতিটো পাবলৈ কম সময় লাগে আৰু কিছুমানক বেছি।
সকলোবোৰ জীৱিত প্ৰাণীয়ে সিহঁতৰ দেহৰ অংশ সলাব পাৰে বা নিজে নিজে ভাল কৰিব। সাপে মোট সলাব পাৰে, মানুহৰ দেহলৈ নতুন ছাল আহে বা হাড় বাঢ়ে, গছে নতুন কুঁহি পাত মেলে ইত্যাদি।
সকলোবোৰ জীৱিত প্ৰাণীৰ আন এটা বৈশিষ্ট্য হৈছে সিহঁতে বংশবৃদ্ধি কৰিব পাৰে। এই ক্ষমতাটো নথকা হ’লে প্ৰাণীবোৰ বুঢ়া হৈ মৃত্যু হোৱাৰ লগে লগে জগতৰ সকলোবোৰ প্ৰাণীয়ে নোহোৱা হৈ গ’লহেতেন। জীৱ-জন্তু, মাছ, পোক-পতংগ, গছ-গছনি সকলোৱে সিহঁতৰ বংশ ৰক্ষা কৰিব জানে।
সকলোবোৰ জীৱিত প্ৰাণীয়ে সিহঁতৰ পৰিৱেশৰ লগত সমাযোজন কৰিব জানে। অন্যান্য প্ৰাণীৰ তুলনাত মানুহে এইটো বেছি ভালকৈ কৰিব জানে। কাৰণ মানুহৰ মগজু আন প্ৰাণীতকৈ প্ৰখৰ। গছ-গছনিৰ এই সমাযোজন কৰিব পৰা ক্ষমতা সীমাবদ্ধ।
জীৱিত প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাঁৰি জনাবলৈ জানে। অৰ্থাৎ বাহিৰৰ কিবা বস্তুৱে সিহঁতৰ ওপৰত প্ৰভাৱ পেলালে সেই অনুসাৰে সঁহাৰি জনাব জানে।
এইবোৰৰ পৰা জীৱন কি সেইটোও জনা নগ’ল। কিন্তু কোনবোৰ বৈশিষ্ট্য থাকিলে বস্তুক জীৱিত বুলি কোৱা হ’ব। সেইটো আমি জানিলো।
লেখিকাৰ নাম: বৰ্নালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 4/23/2020