ভাৰতীয় সভ্যতাত বিভিন্ন মতৰ সমাবেশ ঘটিছে। আৰু সেই হিচাবে আমি গৌৰৱ অনুভৱ কৰিব পাৰো। কিছুমানে প্ৰাচীন কীৰ্ত্তিস্তম্ভসমূহৰ দ্বাৰা মুগ্ধ হয় আৰু আন কিছুমানে হয়তো ইয়াৰ কলা, সংগীত আৰু ভাষা সাহিত্যৰ ঐতিহ্যশালী পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত হয়। এই ভাৰতবৰ্ষতে এনে লোকো আছে যিসকলে উপলব্ধি কৰে যে বৈজ্ঞানিক আৰু কাৰিকৰীবিদ্যাৰ উন্নতিৰ অবিহনে ভাৰতীয় সভ্যতাৰ প্ৰগতিৰ পথো ৰুদ্ধ হৈ পৰিব আৰু সভ্যতাৰ এই প্ৰকৃত সঁচাৰ কাঠি দাল তেওঁলোকৰ হাততেই থাকে। আমাৰ অতীতৰ বাবে আমাৰ স্বদেশপ্ৰেম উহালি উঠিব পাৰে, কিন্তু এই অতীত কেনে আছিল তাৰ জোখ লোৱা সঁচাকৈয়ে কঠিন। তথাপি আমাৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ ই আমাৰ বাবে মুকলি কৰি দিয়ে ভৱিষ্যতৰদ্বাৰ আৰু আমি ইয়াৰ মাজত আৱদ্ধ হৈ থাকিব নালাগে।
যেতিয়া আমি আমাৰ চৌদিশে চকু ফুৰাওঁ অতীতটো আমাৰ চকুৰ আগত ভাঁহি উঠে। বৰ্তমান সকলোবোৰ যাতায়ত ব্যৱস্থাৰে এটা অপৰিহাৰ্য্য অংগ চকাই আমাক লৈ যায় মহেজোদাৰোৰ দিনবোৰলৈ। আমি যিদৰে সাজপাৰ কৰো সেইবাবে আমালৈ আহিছে বিভিন্ন পৰম্পৰা আৰু সংস্কৃতিৰ পৰা আৰু প্ৰত্যেককে আমি নিজস্ব ধৰণেৰে সজাই লৈছো। আমাৰ ৰন্ধন প্ৰণালীতো বিভিন্ন সংস্কৃতিৰ সমন্বয় ঘটিছে আৰু ইয়াৰ প্ৰমাণ আমাৰ খাদ্যাভাসত পৰিস্ফুট। মানুহ আৰু বণিজৰ চলাচলৰ লগতে সমগ্ৰ বিশ্বতে বিভিন্ন শস্যৰো প্ৰৱেশ ঘটিছে। আমি আকৌ আমাৰ আলোচনাৰ বিষয় বৈজ্ঞানিক আৰু কাৰিকৰী জ্ঞান লৈ ঘূৰি আহিছো যেতিয়াই আমি আকাশত তৰা চাওঁ, আমি নিৰ্ভৰ কৰিব লগা হয় প্ৰাচীন বেবিলনত উদ্ভাৱন কৰা বুনিয়াদী ধাৰণা আৰু পৰ্য্যবেক্ষণৰ ওপৰত। প্ৰাচীনকালৰ পৰা এতিয়ালৈকে বৈজ্ঞানিক ধ্যান ধাৰণাৰ ক্ষেত্ৰত সমগ্ৰ আমি সকলোৰে মানৱ জাতি এক সমূহীয়া সংস্কৃতিৰ অংশীদাৰ আৰু ইয়ে গঠন কৰিছে। সমগ্ৰ মানৱ জাতিৰে পৰম্পৰা।
বাহিৰৰ পৰা অহা জ্ঞান যিদৰে আমি গ্ৰহণ কৰো, ঠিক সেইদৰে আমাৰ ইয়াত উদ্ভাৱন হোৱা জ্ঞানৰাশিও আমি আনক দিওঁ। জ্ঞানৰ আদান-প্ৰদান বিষয়টোৱে এটা দ্বিপাক্ষিক পদ্ধতি। সংখ্যা প্ৰণালী, অনিৰ্ণায়ক সমীকৰণৰ সমাধান পদ্ধতি (যেনে: y=ax2+b), ধাতু বিদ্যাৰ জ্ঞান আৰু চিকিৎসা শাস্ত্ৰৰ জ্ঞান ভাৰতবৰ্ষৰ পৰাই পৃথিৱীৰ অন্যান্য প্ৰান্তলৈ বিয়পি পৰিছে।
বিকাশ আৰু স্পষ্টতা দুয়োটা ওত:প্ৰোতভাৱে জড়িত। আনৰ পৰা শিকিব নোখোজাৰ পৰাও ধাৰণাৰ স্তৰত স্থবিৰতা অনাৰ উপৰিও ই সামাজিক স্তৰকো ক্ষতিগ্ৰস্ত কৰে। এই ধাৰণাটো কলা, সংগীত, স্থাপত্যবিদ্যা, সাহিত্যৰ বিৱৰ্তনৰ ক্ষেত্ৰতো সমানেই প্ৰাসংগিক। প্ৰায়ে দেখা যায় যে, বেলেগ বেলেগ সভ্যতা সংস্কৃতিৰ মিলনে সভ্যতাৰ বিকাশত উল্লেখনীয় অৱদান আগবঢ়ায়। আলেকমেভাৰৰ ভাৰত আক্ৰমণ আৰু পাছত কুশানসকল আৰু মধ্য এছিয়াৰ পৰা অন্যান্য জাতিসমূহ ভাৰতলৈ অহাৰ পাছত এই উপমহাদেশখনত এক নতুন আৰু ঐশ্বৰ্য্যশালী ভাস্কৰ্য্যই স্থাপত্য বিকাশ লাভ কৰিছিল।
ভাৰতীয়সকল আৰু গ্ৰীক, পাৰ্চীয়ান আৰু অন্যান্য জাতিসমূহৰ মাজত বিভিন্ন ক্ষেত্ৰত বিশেষকৈ জ্যোতিষশাস্ত্ৰ, গণিত আৰু চিকিৎসা শাস্ত্ৰৰ ক্ষেত্ৰত যোগাযোগ স্থাপন হৈছিল। বহুবছৰৰ পাছত আমি দেখিছো যে, ভাৰতীয় অংকৰ সহায়তে ইউৰোপৰ বিভিন্ন জটিল বিষয় সমাধানত সক্ষম হ’ব পাৰিছিল। ইয়াৰ ফলত গণিত শাস্ত্ৰত বহুত নতুন বিষয়ৰ সমাবেশ ঘটিল। তদুপৰি এই সামাজিক আদান-প্ৰদানৰ জৰিয়তেহে বিবিধ বৈজ্ঞানিক আচৰণ বিধি তথা কাৰিকৰীজ্ঞান আয়ত্ব কৰিব পাৰি। উদাহৰণস্বৰূপে, ছপাকলৰ আৱিষ্কাৰ, কাগজৰ আৱিষ্কাৰ আৰু চুম্বকীয় কম্পাছৰ আৱিষ্কাৰ হৈছিল চীনদেশত। আৰু ইয়াৰ ফলতে সম্ভৱ হৈছিল ইউৰোপত বৈজ্ঞানিক বিপ্লৱৰ।
ঠিক তেনেদৰে, প্ৰাচীনকালতে গ্ৰীকসকলৰ লগত ভাৰতত বহুত কলা-কৌশল প্ৰৱেশ কৰিছিল। এনেধৰণৰ কিছুমান কলা-কৌশলৰ বিশেষ বৈশিষ্ট্য আছিল এই যে এইবোৰে শাৰিৰীক পৰিশ্ৰমৰ লাঘৱ কৰি কিছুমান বিশেষ কাম কৰিবলৈ দৰ্কাৰ হোৱা শাৰিৰীক পৰিশ্ৰমৰ লাঘৱ কৰিছিল। এনেধৰণৰ এবিধ বস্তু আছিল। ঘাঁহ বন কটা ডাঙৰ কটাৰী। এইটো সংস্কৃতত ‘কটাৰী’ বুলিও জনা যায়। বুৰঞ্জীবিদসকলৰ মতে এই শব্দটো শুশ্ৰুত আৰু চৰকাৰ সংহিতাতকৈ (২০০ এ.ডি)পুৰণি নহয়। ঠিক সেইদৰে কেঁচিৰ আৱিষ্কাৰ হৈছিল গ্ৰীক ৰোমানসকলৰ মাজত, পাছত ই ভাৰতলৈ আহে আৰু ইয়াৰ পৰা চীনলৈ যায়।মিলৰ আৱিষ্কাৰো গ্ৰীকসকলৰেই; ভাৰতবৰ্ষত খুন্দনা আৰু ব্যৱহাৰৰ প্ৰমাণ পোৱা যায় তক্ষশীলাত (২০০ খ্ৰী:পু)। ইয়াত মন কৰিবলগীয়া গুৰুত্বপূৰ্ণ কথাটো হ’ল যে যিসময়ত ভূমধ্য সাগৰীয় অঞ্চলত এইধৰণৰ কলাকৌশল আৱিষ্কাৰ হৈছিল। অতি কম সময়ৰ ব্যৱধানত সেই একেই কলা-কৌশল ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে তক্ষশীলাত। ইয়ে ভাৰতবৰ্ষৰ লগত গ্ৰীচদেশৰ যে সম্পৰ্ক আছিল সেই কথাৰ উমান দিয়ে।
জ্ঞান আৰু সংস্কৃতিৰ বিৱৰ্ত্তন সম্বন্ধে যিমান সুন্দৰভাৱে দলিলপত্ৰ পোৱা যায় তাৰ সেই অনুপাতে মানুহৰ দৈনন্দিন জীৱনলৈ ক্ৰমান্বয়ে আহি থকা পৰিৱৰ্তনসমূহৰ বিষয়ে সিমান ভালদৰে জনা নাযায়। চেলোৱাৰ কামিজৰ লেখীয়া এটা জনপ্ৰিয় পোছাক প্ৰথমে ক’ৰ পৰা আহিছিল? বানাৰসী চিল্কৰ শাৰীবোৰত কৰা জৰীৰ কাম বা এম্বইডাৰী কেনেদৰে আহিল? এই কলা প্ৰথমে ক’ত আৰম্ভ হৈছিল একেদৰে ভাৰতবৰ্ষত আৰম্ভণি হোৱা কিছুমান মছলা আৰু বিবিধ শস্য আৰু পাচলিৰ কথা কিছুমানে উল্লেখ কৰিব পাৰে। ইয়াৰ পৰা এইটো স্পষ্ট যে, যিদৰে আমাৰ সভ্যতাক অন্যান্য সভ্যতাই চুই গৈছে আৰু ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিছে, ঠিক তেনেদৰে ভাৰতীয় সভ্যতায়ো চীন, মধ্য প্ৰাচ্য, আৰৱ আৰু সুদূৰ ভূমধ্য সাগৰীয় অঞ্চল আৰু দক্ষিণ আমেৰিকাৰ সভ্যতাৰ ওপৰত নিজৰ প্ৰভাৱ পেলাব সক্ষম হ’ব পাৰিছে।
লেখিকাৰ নাম: বৰ্নালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 5/21/2020