অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিজ্ঞান পৰিকল্পনা

বায়ুত পানী থাকে

তোমাক কি লাগিব?

  • এখন কাঁচ বা আইনা।
  • এটা দীঘল নিশাহ।

তুমি কৰিবা কি?

ক) প্ৰথমতে এটা গভীৰ উশাহ লোৱা।

খ) তাৰ পাছত আইনা বা কাঁচখনৰ ওচৰলৈ মুখখন নিয়া।

গ) এইবাৰ এটা দীঘল নিশাহ এৰি দিয়া।

তুমি কি দেখিবা?

তুমি দেখিবা যে আইনাখনত কুঁৱলীৰ নিচিনা এটা প্ৰলেপ পৰিছে।

কিয় এনে হয়?

এনে প্ৰলেপ পৰাৰ কাৰণ হ’ল- ঘনীভৱন। আমি দেখা নাপালেও আমাৰ নিশাহত পানীৰ কণিকা আছে। সেই পানী গেছীয় ৰূপত থাকে, যাক বাষ্প বুলি জনা যায়। এই বাষ্প বায়ুৰ লগত মিহলি হৈ থাকে। যেতিয়া তোমাৰ মুখ বা নাকৰ পৰা ওলোৱা তুলনামূলকভাৱে গৰম জলীয় বাষ্পই কাঁচ বা আইনাত ঠেকা খায়, তেতিয়া জলীয় বাষ্পই তাত নিহিত থকা তাপ সেই কাঁচ বা আইনাখনলৈ এৰি দিয়ে আৰু নিজে শীতল হয়। এই শীতলীকৰণৰ ফলত গেছীয় অৱস্থাত থকা পানীৰ বাষ্প জুলীয়া পানীৰ কণালৈ পৰিৱৰ্তিত হয়। ইয়াকে ঘনীভৱন বোলে। এই ঘনীভৱনৰ ফলত আমি আইনাখনত কুঁৱলীৰ দৰে এটা তৰপ বা কেতিয়াবা পানীৰ স্পষ্ট টোপাল দেখিবলৈ পাঁও।

এনে ধৰণৰ ঘনীভৱন আমি কেটলীত পানী উতলোৱাৰ সময়তো লক্ষ্য কৰো। কেটলীৰ নলীডালেদি উতলা পানীৰ বাষ্প ওলাই আহে। এই উতলা পানীৰ বাষ্পলৈ পৰিণত কৰে আৰু আমি তেতিয়া বগা গঠন দেখা পাওঁ। অৱশ্যে এনে প্ৰক্ৰিয়াত ইহঁত নিজেও শীতল হৈ পৰাত কিছুদূৰ যোৱাৰ পাছতে তেনে পৰিঘটনা ঘটাব নোৱাৰা হয় আৰু সেইবাবে বগা গঠন সৃষ্টি হোৱাটো বন্ধ হৈ যায়।

খালী ঠাই পূৰণ কৰা

তোমাক কি লাগিব?

  • এটা ডাঙৰ আৰু খালী জাৰ এটা।
  • কিছু সংখ্যক টেনিছ বল আৰু ৰবৰৰ সৰু বল।
  • সৰু সৰু শিলগুটি বা চাউল।
  • অলপ বালি
  • দুকাপ পানী।

তুমি কৰিবা কি?

ক) প্ৰথমে কিছুমান টেনিছ আৰু ৰবৰৰ বলৰ সহায়ত জাৰটো মুখলৈকে ভৰাই লোৱা। জাৰটো বাৰু ভৰ্তি হ’লনে?

খ) এইবাৰ কিছুমান সৰু সৰু শিলগুটি বা চাউল তাত ভৰাই জাৰটো জোকাৰা, মাজৰ খালী ঠাইত সেইবোৰ সোমাই যায়।

গ) এইবাৰ জাৰটোত অলপ বালি ঢালি দিয়া আৰু জাৰটো আকৌ জোকাৰা, যাতে বালিবোৰ মাজত সোমাই যায়। জাৰটো বাৰু ভৰ্তি হ’লনে?

ঘ) এইবাৰ তাত পানী ঢালা আৰু পানী উপচি পৰিব নোখোজালৈকে ঢালিয়েই থাকা। জাৰটো বাৰু ভৰ্তি হ’লনে?

তুমি কি দেখিবা?

তুমি হয়তো এইবাৰ ক’বা-‘উ: ৰক্ষা! এইবাৰ জাৰটো সম্পূৰ্ণ ভৰ্তি হ’ল।’ এইবাৰ তাত কিবা ঢালি দিলে, মানে সেয়া পানীয়েই হওক বা আন কিবাই হওক, পৰি যাব।

কিয় এনে হয়?

জাৰটো বল, শিলগুটি বা চাউল আৰু বালিৰে ভৰ্তি কৰাৰ পাছতো তাত কিছু খালী ঠাই থাকি যায়। সেই খালী ঠাই পানীয়ে সম্পূৰ্ণৰূপে পূৰাই পেলাব পাৰে। সেইবাবে পানীৰে ভৰ্তি কৰাৰ পাছত আন কিবা ঢালি দিলে সেয়া পৰি যাব।

বৰফৰ ঘনক দঙা

তোমাক কি লাগিব?

  • অলপ নিমখ।
  • এটা গিলাছ।
  • অলপ পানী।
  • এডাল ৰচী।
  • বৰফৰ ঘনক বা কিউব।

তুমি কৰিবা কি?

ক) গিলাছটো পানীৰে ভৰাই লোৱা।

খ) তাত বৰফৰ কিউবটো থোৱা।

গ) কিউবটোৰ ওপৰত ৰচীডালৰ এটা মূৰ লগাই ৰাখা।

ঘ) ৰচীডাল লৰচৰ নকৰাকৈ ৰাখি বৰফৰ কিউবটোৰ ওপৰত অলপ নিমখ চটিয়াই দিয়া আৰু কেইমিনিটমান তেনেকৈয়ে ৰাখা।

ঙ) ৰচীডাল দাঙি ধৰা।

তুমি কি দেখিবা?

তুমি দেখিবা যে বৰফৰ কিউবটো ৰচীডালৰ লগতে গিলাছৰ পানীৰ পৰা ওপৰলৈ উঠি আহিছে।

কিয় এনে হয়?

ৰচীডাল বৰফ গলা পানীত থকা অৱস্থাত তাত নিমখ ঢালি দিয়াত ৰচীৰ তিতি থকা অংশৰ পানীখিনি পুনৰ বৰফ হৈ গ’ল আৰু তাৰ ফলত ৰচীডাল বৰফৰ কিউবটোত টানকৈ লাগি ধৰিলে। সেইবাবে ৰচীডাল দঙাৰ লগে লগে তাৰ বৰফৰ কিউবটোও উঠি আহিল।

বেলেগ দিশত ফুৱাই মম নুমুৱা

তোমাক কি লাগিব?

  • এডাল সৰু মম।
  • এটা জুইশলা।
  • এটা ওখ ঘূৰণীয়া পাত্ৰ।

তুমি কৰিবা কি?

ক) ওখ ঘূৰণীয়া পাত্ৰটোৰ ঠিক পিছফালে মমডাল থোৱা।

খ) জুইশলাৰে সেইডাল জ্বলোৱা।

গ) মমডালৰ শিখাৰ প্ৰায় সমানত ঘূৰণীয়া পাত্ৰটোৰ সমুখৰ পৰা মমডালৰ ওপৰত প্ৰত্যক্ষভাৱে নপৰাকৈ জোৰেৰে ফুওৱা।

তুমি কি দেখিবা?

তুমি দেখিবা যে যদিও তুমি মমডালৰ গাত ফুওৱা নাই, তথাপি মমডাল নুমাই গৈছে।

কিয় এনে হয়?

তুমি জোৰেৰে ফুওৱাৰ ফলত যিখিনি বায়ু ওলাই আহিল সেই বায়ুখিনিৰ পাত্ৰটোৰ ঘূৰণীয়া পৃষ্ঠাইদি বৈ যোৱাৰ এক প্ৰৱণতা থাকে। যেতিয়া ঘূৰণীয়া পাত্ৰটোৰ দুয়োফালৰ পৰা বায়ুখিনি গৈ, মমডালৰ ঠিক সমুখত লগ হ’বগৈ, তেতিয়া সেই দুয়োখিনি বায়ু লগ হৈ মমডালৰ ফাললৈ যাব আৰু মমৰ শিখাটো নুমুৱাই দিব।

কণী ভিতৰলৈ সুমুওৱা

তোমাক কি লাগিব?

  • ভালকৈ সিজোৱা এটা কণী।
  • কাঁচৰ এটা সৰু মুখৰ পৰিষ্কাৰ জাৰ।
  • এডাল সূক্ষ্ম তাঁৰ।
  • এডাল মম।
  • জুইশলা।

তুমি কৰিবা কি?

ক) তোমাৰ কোনো অভিভাৱকক লগত লৈ এটা কণী ভালকৈ সিজোৱা। তাক ঠাণ্ডা কৰা আৰু বাকলিটো এৰুৱাই পেলোৱা।

খ) এনে এটা সৰু মুখৰ কাঁচৰ জাৰ লোৱা, যাৰ মুখেদি এটা কণী অলপৰ বাবে সোমাই যাব নোৱাৰে।

গ) এডাল সৰু মম জ্বলাই তাক সূক্ষ্ম তাঁৰডালেৰে মেৰিৱাই কাঁচৰ জাৰটোৰ তলত থোৱাৰ ব্যৱস্থা কৰা।

ঘ) সিজোৱা কণীটো জাৰটোৰ মুখত থৈ দিয়া।

ঙ) এতিয়া কেইমিনিটমান লক্ষ্য কৰা।

তুমি কি দেখিবা?

তুমি দেখিবা যে প্ৰথমতে সোমাই যাব নোৱাৰিলেও অলপ পাছত কণীটো জাৰৰ সেই ঠেক অংশৰ মাজেদিয়েই সৰকি তলি পাইছেগৈ।

কিয় এনে হয়?

জাৰৰ ভিতৰৰ অংশত জ্বলি থকা মমডালৰ দহনত ভিতৰৰ বায়ুখিনি খৰচ হোৱাৰ বাবে জাৰটোৰ ভিতৰ অংশৰ বায়ুচাপ কমি যায়। গতিকে বাহিৰৰ বায়ুৱে ঠেলি কণীটোক কিছু সংকুচিত কৰি কণীটো ভিতৰলৈ পঠিয়াই দিয়ে।

বায়ুৰ সহায়ত প্লাষ্টিকৰ ষ্ট্ৰ’পাইপক দৃঢ় কৰা

তোমাক কি লাগিব?

  • এটা কেঁচা আলু।
  • প্লাষ্টিকৰ এডাল ষ্ট্ৰ’পাইপ (শীতল পানীয় সেৱন কৰোতে ব্যৱহাৰ কৰা ধৰণৰ)

তুমি কৰিবা কি?

ক) এখন টেবুলৰ ওপৰত আলুটো থোৱা।

খ) প্লাষ্টিকৰ ষ্ট্ৰ’ পাইপডাল আলুটোৰ ওপৰত ধৰা।

গ) পাইপডালৰ ওপৰৰ ফুটাটো মুকলি ৰাখি সেইডাল আলুটোৰ ভিতৰলৈ সুমুৱাই দিবলৈ যত্ন কৰা।

ঘ) এইবাৰ পাইপডালৰ ওপৰৰ ফুটাটো বুঢ়া আঙুলিৰে বন্ধ কৰি ৰাখি সেইডাল আলুটোৰ ভিতৰলৈ সুমুৱাবলৈ চেষ্টা কৰা।

তুমি কি দেখিবা?

তুমি দেখিবা যে ওপৰৰ ফুটাটো খোলা থকা অৱস্থাত ষ্ট্ৰ’ পাইপডাল আলুটোৰ ভিতৰলৈ সামান্যহে সোমাব পাৰিছে আৰু তাৰ পাছতে বেঁকা হৈ গৈছে। কিন্তু বুঢ়া আঙুলিৰে ওপৰৰ ফুটাটো ভালদৰে বন্ধ কৰি সেইডাল আলুটোৰ ওপৰত হেঁচি দিলে সি বেঁকা নোহোৱাকৈ বেছি দূৰ সোমাই যাব পাৰে।

কিয় এনে হয়?

প্ৰথমবাৰ পাইপডালৰ ওপৰৰ মূৰটো খোলা অৱস্থাত থকা বাবে ভিতৰত থকা বায়ুখিনি আবদ্ধ হৈ নাথাকিল। পাছে দ্বিতীয়বাৰ পাইপডালৰ মূৰটো বন্ধ হৈ বাবে ভিতৰত থকা বায়ুখিনি পাইপডালৰ ভিতৰত আবদ্ধ হৈ থাকিল আৰু এই আবদ্ধ বায়ুয়ে পাইপডালক কিছু দৃঢ়তা প্ৰদান কৰিলে। পাইপডাল যিমানে ভিতৰলৈ সুমুৱাই দিয়া যায়, সিমানে তাৰ ভিতৰৰ বায়ু বেছি সংকুচিত হ’ব আৰু পাইপডাল বেছি দৃঢ় হৈ উঠিব।

নেমু ডাইভাৰ

তোমাক কি লাগিব?

  • অলপ পানী।
  • এটা নেমু।
  • এখন কটাৰী।
  • এখন কেঁচী।
  • এটা বেলুন।
  • এডাল ৰবৰ বেণ্ড।
  • জামৰ এটা জাৰ।

তুমি কৰিবা কি?

ক) বেলুনটোৰ ডিঙি অংশ কাটি লোৱা।

খ) নেমুটোৰ এচকল ডাঙৰ বাকলি উলিয়াই লোৱা। সেই বাকলিচকল স্কুবা ডাইভাৰ, নাও, মাছ বা মিছাইলৰ ৰূপত কাটা।

গ) জাৰটো পানীৰে সম্পূৰ্ণকৈ ভৰ্তি কৰা।

ঘ) নেমুৰ বাকলিডোখৰ জাৰৰ পানীৰ ওপৰৰ থোৱা।

ঙ) জাৰটোত মুখত বেলুনটো টানি লগাই লোৱা। ৰবৰৰ বেণ্ডডালেৰে তাক ভালকৈ বান্ধা, যাতে সহজে খুলি আহিব নোৱাৰে।

চ) তোমাৰ আঙুলিৰে জাৰৰ মুখখনত অৰ্থাৎ বেলুনটোত লাহেকৈ হেঁচি দিয়া।

ছ) আঙুলিটোৰ হেঁচা এৰি দিয়া।

তুমি কি দেখিবা?

তোমাৰ আঙুলিৰে বেলুনটোত লাহেকৈ হেঁচি দিয়াৰ পাছত দেখিবা যে নেমুৰ টুকুৰাটোৱে ‘ডাইভ’ মাৰি জাৰৰ তলৰ ফালে গৈছে। আনহাতে, আঙুলিটোৰ হেঁচা এৰি দিয়াৰ পাছত দেখিবা সি আকৌ আগৰ অৱস্থানলৈ আহিছে।

কিয় এনে হয়?

তুমি আঙুলিৰে হেঁচি ধৰিলে বায়ুৰ চাপত নেমুৰ বাকলি চকলৰ ভিতৰত থকা ক্ষুদ্ৰ বায়ুৰ কণাবোৰৰ সংকোচন ঘটে আৰু তাৰ ফলত সৃষ্টি হোৱা খালী ঠাই পূৰাবলৈ তাত পানী সোমায়। সেই পানীয়ে নেমুৰ টুকুৰাডোখৰ গধুৰ কৰি তোলে আৰু নিজৰ ওজনৰ বাবে সি পানীৰ ভিতৰলৈ সোমাই যায়। আনহাতে আঙুলিৰ হেঁচা এৰি দিলে, সেই বায়ুৰ প্ৰসাৰণ ঘটে আৰু পানীৰ কণাবোৰ আকৌ ওলাই যায়। গতিকে পুনৰ পাতল হোৱা নেমুৰ বাকলিচকল ওপৰলৈ উঠি আহে।

পানীৰ মাজতো শুকান হৈ থকা কাগজ

তোমাক কি লাগিব?

  • এটা পৰিষ্কাৰ গিলাছ।
  • ঠাণ্ডা পানীৰ এটা ডাঙৰ পাত্ৰ।
  • খোচমোচ কৰি পেলোৱা অলপ কাগজ।

তুমি কৰিবা কি?

ক) পাত্ৰটো পানীৰে পূৰ কৰা।

খ) এখন কাগজ হাতেৰে খোচমোচ কৰি লোৱা।

গ) কাগজডোখৰ গিলাছটোৰ তলিত ঠেলি ভৰাই দিয়া, যাতে সেইডোখৰ সহজতে ওলাই নাহে।

ঘ) এতিয়া গিলাছটো ওলোটাকৈ ধৰি পানীৰ পাত্ৰটোৰ ভিতৰত ভৰাই দিয়া।

তুমি কি দেখিবা?

তুমি দেখিবা যে গিলাছৰ ভিতৰত পানী সামান্য সোমাইছে ঠিকে, কিন্তু সি আৰু ভিতৰলৈ সোমাই গৈ কাগজ টুকুৰা তিয়াব পৰা নাই। গিলাছটো পুনৰ দাঙি বাহিৰলৈ লৈ আহিলে দেখা পোৱা যাব যে কাগজ টুকুৰা সম্পূৰ্ণ শুকান হৈয়ে আছে।

কিয় এনে হয়?

গিলাছৰ ভিতৰত থকা বায়ুয়ে পানীক ভিতৰত সোমাবলৈ বাধা দিয়ে। বায়ুক কিছু সংকুচিত কৰি পানী অলপ ভিতৰলৈ সোমাব পাৰে, কিন্তু তাৰ পাছত সেই সংকুচিত বায়ুৱে অধিক পানীক ঠেলি উলিয়াই দিয়ে আৰু গিলাছৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে।

হাতেৰে নোচোৱাকৈ এজন বন্ধুক দাঙি দিয়া

তোমাক কি লাগিব?

  • এজন বন্ধু।
  • এখন ডাঙৰ, গধুৰ কিতাপ।
  • এখন টেবুল বা টুল।
  • ডাঠ প্লাষ্টিকৰ ডাঙৰ আৰু ফুটা নথকা বজাৰ কৰা বেগ।
  • স্বাস্থ্যৱান এটা হাওঁফাঁও।

তুমি কৰিবা কি?

ক) ডাঙৰ ডাঠ প্লাষ্টিকৰ বেগটো টেবুলৰ এটা কোণত বা এখন টুলৰ ওপৰত থোৱা। থওঁতে এনেদৰে থ’ব লাগিব যাতে তাৰ মুখৰ প্ৰথম এক-তৃতীয়াংশ তললৈ ওলমি থাকে।

খ) বেগটোৰ ওপৰত গধুৰ কিতাপখন থোৱা আৰু তোমাৰ বন্ধুজনক বেগটোৰ ওপৰেদি কিতাপখনৰ ওপৰত বহিবলৈ কোৱা।

গ) এইবাৰ ডাঠ প্লাষ্টিকৰ বেগৰ মুখখন গোটাই লৈ তাক বেলুনৰ দৰে ফুলোৱা।

তুমি কি দেখিবা?

কিছু সময় ফুলোৱাৰ পাছত দেখা যাব যে তোমাৰ বন্ধুজন কিছু ওপৰলৈ উঠি আহিছে।

কিয় এনে হয়?

ইয়াৰ কাৰণ হ’ল- বায়ুৰ ঠেলিব পৰা শক্তি। তুমি ফুলাই থকাৰ ফলত তোমাৰ হাঁওফাঁওৰ পৰা বায়ু আহি প্লাষ্টিকৰ বেগটোত সোমাই বিস্তৃত হৈ পৰিল। ফলত ই যথেষ্ট পৰিমাণৰ ওজন দাঙিব পৰাৰ ক্ষমতা লাভ কৰিলে।

আচৰিত পেপাৰ বল

তোমাক কি লাগিব?

  • এডোখৰ কাগজ।
  • এখন হাতেৰেই ধৰিব পৰা এটা চাফা আৰু শুকান প্লাষ্টিকৰ বটল।

তুমি কৰিবা কি?

ক) প্লাষ্টিকৰ বটলটো হাতত লোৱা।

খ) এটুকুৰা কাগজ মুচৰি তাক এটা সৰু বলৰ আকৃতি দিয়া যাতে বলটো বটলটোৰ মুখেদি সহজতে ওলোৱা সোমোৱা কৰিব পাৰে।

গ) প্লাষ্টিকৰ বটলটো অনুভূমিক অৱস্থানত ৰাখা আৰু মন কৰা যাতে কাগজৰ বলটো বটলটোৰ মুখৰ ওচৰত থাকে।

ঘ) তোমাৰ মুখখন বটলটোৰ মুখৰ ওচৰলৈ নি জোৰেৰ ফুৱাই দিয়া।

ঙ) কেইবাবাৰো তেনেকৈ ফুৱাই চোৱা।

তুমি কি দেখিবা?

তুমি দেখিবা যে প্ৰতিবাৰে বলটো ভিতৰলৈ সোমাই নগৈ বাহিৰলৈ ওলাই আহিছে।

কিয় এনে হয়?

তুমি বটলটোৰ ভিতৰলৈ যি বায়ু জোৰেৰে সুমুৱাই দিলা, সেই বায়ুৱে চিধাই গৈ বটলটোৰ তলত খুন্দা মাৰিব আৰু তাৰ পৰা উফৰি বিপৰীতমুখী হৈ আহি বলটো ঠেলি বাহিৰলৈ উলিয়াই দিব।

নকল হাওঁফাঁও

তোমাক কি লাগিব?

  • দুটা বেলুন।
  • এডাল ৰবৰ বেণ্ড।
  • এখন কেঁচী।
  • প্লাষ্টিকৰ পৰিষ্কাৰ বটল এটা।

তুমি কৰিবা কি?

ক) প্লাষ্টিকৰ বটলটোৰ তলখন কাটি লোৱা।

খ) এটা বেলুন লোৱা। তাৰ খোলা মুখখন বটলটোৰ মুখত চিত্ৰত দেখুওৱাৰ দৰে লগাই সূতাৰে ভালকৈ বান্ধ এটা দিয়া আৰু সেই বেলুনটো বটলৰ ভিতৰত ৰাখা। এইবাৰ দ্বিতীয় বেলুনটোৰ তলখন কাটি পেলোৱা। সেয়া এনে জোখৰ কাটিব লাগিব যাতে বেলুনটোৰ কটা অংশ বটলটোৰ তলখনৰ ওপৰত লগাই দিব পৰা যায়।

গ) বেলুনৰ কটা ফালটো বটলটোৰ খোলা তলিত লগাই ৰবৰ বেণ্ডেৰে ভালকৈ বান্ধি পেলোৱা, যাতে বেলুন আৰু বটলটোৰ সংযোগ স্থলেদি বায়ু পাৰ হৈ যাব নোৱাৰে।

ঘ) এতিয়া দ্বিতীয় বেলুনটোৰ বান্ধি থোৱা মুখখন টানি দিয়া।

ঙ) তাৰ পাছত আকৌ এৰি দিয়া।

তুমি কি দেখিবা?

তুমি দেখিবা যে বেলুনটোৰ বান্ধি থোৱা মুখখন টানি দিওঁতে বটলৰ ভিতৰত থকা প্ৰথম বেলুনটো ফুলি উঠিছে। তাৰ পাছত সেই মুখটো এৰি দিওঁতে সি ভিতৰলৈ সোমাই গৈছে আৰু প্ৰথম বেলুনটোৰ পৰা বায়ু পুনৰ ওলাই গৈছে।

কিয় এনে হয়?

দ্বিতীয় বেলুনটোৰ মুখখন টানি নিওঁতে বটলৰ ভিতৰ বায়ুৰ আয়তন বাঢ়িল আৰু চাপ কমিল। সেইবাবে বায়ু সোমাই আহি প্ৰথম বেলুনটো ফুলাই তুলিলে। আনহাতে বেলুনটোৰ মুখখন ঠেলি দিওঁতে তাৰ বিপৰীত ঘটনা ঘটিল আৰু সেই বেলুনটোৰ পৰা বায়ু ওলাই গ’ল। আমাৰ হাঁওফাঁওয়েও এনেদৰেই কাম কৰে।

আমাৰ দেহৰ ক্ষেত্ৰত দ্বিতীয় বেলুনটো যেন মধ্যচ্ছদা আৰু প্ৰথম বেলুনটো হাঁওফাঁও!

ভাঙি যোৱা পেঞ্চিল

তোমাক কি লাগিব?

  • এটা কাঁচৰ গিলাছ বা জাৰ।
  • এডাল পেঞ্চিল।
  • অলপ পানী।

তুমি কৰিবা কি?

ক) গিলাছ বা জাৰটো পানীৰে আধা ভৰ্তি কৰি লোৱা।

খ) পেঞ্চিলডাল পানীত থোৱা।

গ) পেঞ্চিলডাল ওপৰৰ পৰা চোৱা।

ঘ) এইবাৰ পেঞ্চিলডাল কাষৰ পৰা চোৱা। আন এডাল পেঞ্চিল ভৰায়ো চাব পাৰা।

তুমি কি দেখিবা?

তুমি ওপৰৰ পৰা চালে পেঞ্চিলডাল বেঁকা যেন দেখিবা। আৰু যদি কাষৰ পৰা চোৱা, তেন্তে পেঞ্চিলডাল মাজতে ভঙা যেন দেখিবা।

তুমি পেঞ্চিলডাল পানীৰ পৰা তুলি আনি চাব পাৰা। পেঞ্চিলডাল ভঙাও নাই, বেঁকাও হোৱা নাই। পাছে সেই পেঞ্চিলডাল আকৌ যদি পানীত ভৰাই দিয়া, তেন্তে পুনৰ আগৰ দৰে বেঁকা বা ভঙা যেন দেখিবা।

কিয় এনে হয়?

পোহৰে বিভিন্ন ঘনত্বৰ মাধ্যমৰ মাজেৰে গতি কৰোতে তাৰ দিশৰ পৰিৱৰ্তন ঘটে। পোহৰৰ এই ধৰ্মক পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। এনে প্ৰতিসৰণৰ ফলত গঠিত হোৱা প্ৰতিবিম্ব বিভিন্ন মাধ্যমত বেলেগ বেলেগ হয়। এই ক্ষেত্ৰত বায়ু আৰু কাঁচৰ মাজেদি হোৱা প্ৰতিসৰণৰ ফলত যি প্ৰতিবিম্ব গঠিত হৈছে, পানী আৰু কাঁচৰ মাজেদি হোৱা প্ৰতিসৰণৰ ফলত তাতকৈ বেলেগ দিশত প্ৰতিবিম্ব গঠিত হৈছে। গতিকে য’তে মাধ্যমৰ পৰিৱৰ্তন ঘটিছে, তাতে পেঞ্চিলডাল বেঁকা বা ভঙা দেখা গৈছে।

সৰি পৰা কমলা টেঙা

তোমাক কি লাগিব?

  • এটা কমলা।
  • এটা কফি মগ।
  • এটা জুইশলা বাকছৰ খোলা।
  • এখন পোষ্টকাৰ্ড বা তেনে ধৰণৰ আন কাৰ্ড।

তুমি কৰিবা কি?

ক) পোষ্টকাৰ্ডখন কফি মগৰ ওপৰত থোৱা।

খ) কাৰ্ডখনৰ মাজতে জুইশলা বাকছৰ খোলাটো থোৱা।

গ) জুইশলা বাকচৰ ওপৰত সাৱধানেৰে কমলা টেঙাটো সাম্য অৱস্থাত ৰাখা।

ঘ) এতিয়া বেগেৰে কাৰ্ডখন টান মাৰি আনা।

তুমি কি দেখিবা?

তুমি দেখিবা যে পোষ্টকাৰ্ডখনৰ লগত জুইশলা বাকছৰ খোলাটোও বাহিৰলৈ গুচি আহিছে, কিন্তু কমলা টেঙাটো কফি মগৰ ভিতৰত সোমাই গৈছে।

কিয় এনে হয়?

যিহেতু পোষ্টকাৰ্ডখন আৰু জুইশলা বাকছৰ খোলাটো পাতল, সেইবাবে কাৰ্ডখন টানি অনাৰ লগে লগে সিহঁতে গতি লাভ কৰিব আৰু বাহিৰলৈ গুচি আহিব, কিন্তু তুলনামূলকভাৱে গধুৰ কমলাটোৱে তাৰ বেছি স্থিতিজড়তাৰ বাবে লগে লগে গতি লাভ নকৰিব আৰু পোষ্টকাৰ্ড আৰু জুইশলা বাকছটো আঁতৰি যোৱাৰ বাবে কমলা টেঙাটো কফি মগৰ ভিতৰত সোমাই পৰিব।

এটা ৰং বিভিন্ন ৰঙলৈ ভাগ হোৱা

তোমাক কি লাগিব?

  • অলপ পানী।
  • ব্লটিং পেপাৰ এখন।
  • কাঁচৰ এটা বহল পাত্ৰ।
  • বিভিন্ন ৰঙৰ মাৰ্কাৰ চাৰি পাঁচডালমান।

তুমি কৰিবা কি?

ক) কাঁচৰ বহল পাত্ৰটোত পানী ভৰাই লোৱা।

খ) ব্লটিং পেপাৰখন অনুভূমিকভাৱে পাতি লোৱা।

গ) ব্লটিং পেপাৰখনৰ তলৰ পৰা এক ইঞ্চিমান ওপৰত বিভিন্ন ৰঙৰ মাৰ্কাৰেৰে আধা ইঞ্চিৰ পৰা এক ইঞ্চিমান ব্যাসাৰ্ধৰ কেইটামান বৃত্ত আঁকি তাত ৰং দিয়া।

ঘ) কাগজখন তুলি লৈ তাৰ তলডোখৰ পানীত ডুবাই দিয়া। চাবা যাতে ৰং লগা অংশখিনি পানীত ডুবি নাযায়।

ঙ) তেনেকৈয়ে কিছু সময় থাকা, যাতে ব্লটিং কাগজখনে পানীখিনি শুহি ল’ব পাৰে।

তুমি কি দেখিবা?

তুমি দেখিবা যে তুমি যি যি ৰং দিছিলা, সেই ৰংবোৰ কিছুমান আন ৰঙত বিভক্ত হৈ পৰিছে।

কিয় এনে হয়?

আমি ব্যৱহাৰ কৰা সকলোবোৰ ৰং কিছুমান প্ৰাথমিক ৰঙৰ মিশ্ৰণ। ব্লটিং কাগজখনে শোহা পানীয়ে সেই ৰংবোৰক প্ৰাথমিক ৰঙলৈ ভাগ কৰি পেলায়।

উৎস: ছাইন্স প্ৰজেক্ট।

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate