১) প্ৰশ্ন : অৰুণাচল প্ৰদেশত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কোন চনত প্ৰৱৰ্তন হয়?
উত্তৰ : ১৯৭২ চনত।
২) প্ৰশ্ন : অসমৰ বিধান সভা কিমান জন সদস্যৰে গঠিত?
উত্তৰ : ১২৬ জন।
৩) প্ৰশ্ন : মণিপুৰৰ বিধান সভা কিমান জন সদস্যৰে গঠিত?
উত্তৰ : ৬০ জন।
৪) প্ৰশ্ন : মিজোৰামৰ বিধান সভাৰ সদস্য সংখ্যা কিমান?
উত্তৰ : ৪০ জন।
৫) প্ৰশ্ন : ছিকিমৰ বিধান সভাৰ সদস্য সংখ্যা কিমান?
উত্তৰ : ৩২ জন।
৬) প্ৰশ্ন : ছিকিমে কিমান জন সদস্য ৰাজ্যসভালৈ পঠিয়াই?
উত্তৰ : এজন।
৭) প্ৰশ্ন : ত্ৰিপুৰাৰ বিধান কিমান জন সদস্যৰ দ্বাৰা গঠিত?
উত্তৰ : ৬০ জন।
৮) প্ৰশ্ন : ৬০ জন সদস্যৰে গঠিত অৰুণাচল প্ৰদেশ বিধান সভাৰ প্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উত্তৰ : ২৭ ফেব্ৰুৱাৰী, ১৯৯০ চন।
৯) প্ৰশ্ন : লোক সভাত অসমৰ কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?
উত্তৰ : ১৪ জন।
১০) প্ৰশ্ন : কোন চনত মেঘালয়ত প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিথৈছিল?
উত্তৰ : ১৯৭২ চনত।
১১) প্ৰশ্ন : ৰাজ্যসভাত কিমানজন সদস্যই মিজোৰামক প্ৰতিনিধিত্ব কৰে?
উত্তৰ : এজন।
১২) প্ৰশ্ন : ভাৰতীয় সংবিধানৰ কোনটো সংশোধনীৰ দ্বাৰা নাগালেণ্ডক ভাৰতৰ ১৬তম ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়?
উত্তৰ : ১৩ তম।
১৩) প্ৰশ্ন : ৰাজ্যসভাত নাগালেণ্ডৰ কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?
উত্তৰ : এজন।
১৪) প্ৰশ্ন : লোক সভাত ছিকিমৰ কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?
উত্তৰ : এজন।
১৫) প্ৰশ্ন : কোন চনত অৰুণাচল প্ৰদেশৰ পঞ্চায়তী ৰাজ প্ৰৱৰ্তন কৰা হয়?
উত্তৰ : ১৯৬৭ চনত।
১৬) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ ৰাজধানী শ্বিলংৰ পৰা ইটানগৰলৈ কেতিয়া স্থানান্তৰ কৰা হয়?
উত্তৰ : ১জুন, ১৯৭৪ চনত।
১৭) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : পি. কে. থুংগন।
১৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ প্ৰথম নিৰ্বাচিত মহিলা বিধায়িকা কোন আছিল?
উত্তৰ : ন্যাৰি ৱেলি।
১৯) প্ৰশ্ন : ৰাজ্যসভাত কিমান জন সদস্যই অসমক প্ৰতিনিধিত্ব কৰে?
উত্তৰ : ৭ জন।
২০) প্ৰশ্ন : অসমত ত্ৰিস্তৰীয় পঞ্চায়তীৰাজ ব্যৱস্থা আছে। ইয়াৰ নামবোৰ কি কি?
উত্তৰ : গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ।
২১) প্ৰশ্ন : অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় অৱস্থিত?
উত্তৰ : গুৱাহাটী।
২২) প্ৰশ্ন : অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
২৩) প্ৰশ্ন : মণিপুৰত দুটা সংসদীয় নিৰ্বাচনী সমষ্টি আছে। সেইকেইটাৰ নাম কি কি?
উত্তৰ : ইনাৰ মণিপুৰ সংসদীয় নিৰ্বাচন ক্ষেত্ৰ আৰু আউটাৰ মণিপুৰ সংসদীয় নিৰ্বাচন ক্ষেত্ৰ।
২৪) প্ৰশ্ন : ৰাজ্যসভাত মেঘালয়ক কিমান জন সদস্যই প্ৰতিনিধিত্ব কৰে?
উত্তৰ : এজন।
২৫) প্ৰশ্ন : মিজোৰামৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : চুংগা।
২৬) প্ৰশ্ন : কোন চনত মিজোৰাম স্বতন্ত্ৰ ৰাজ্যত পৰিণত হয়?
উত্তৰ : ২০ ফেব্ৰুৱাৰী, ১৯৮৭ চনত।
২৭) প্ৰশ্ন : কিমান জন সদস্যই লোক সভাত মিজোৰামক প্ৰতিনদিত্ব কৰে?
উত্তৰ : এজন।
২৮) প্ৰশ্ন : কিমান জন সদস্যই লোক সভাত নাগালেণ্ডক প্ৰতিনদিত্ব কৰে?
উত্তৰ : ২ জন।
২৯) প্ৰশ্ন : কিমান জন সদস্যই লোক সভাত ত্ৰিপুৰাক প্ৰতিনিত্ব কৰে?
উত্তৰ : দুজন।
৩০) প্ৰশ্ন : ত্ৰিপুৰাত কেইটা সংসদীয় নিৰ্বাচনী সমষ্টি আছে?
উত্তৰ : দুটা।
১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ অধিবাসী সকলৰ জীৱিকাৰ প্ৰধান উপায় কি?
উত্তৰ : কৃষি।
২) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ আপেল উৎপাদন কৰা চহৰ খন কি?
উত্তৰ : দিৰাং।
৩) প্ৰশ্ন : কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
৪) প্ৰশ্ন : অসমৰ কোন খন চাহ বাগান ভাৰতৰ সৰ্ববৃহৎ চাহ বাগিচা?
উত্তৰ : কাকজান চাহ বাগান।
৫) প্ৰশ্ন : মণিপুৰৰ অধিবাসী সকলৰ মুখ্য খাদ্য শস্য কি?
উত্তৰ : ধান।
৬) প্ৰশ্ন : মেঘালয়ৰ প্ৰধান আয়ৰ উপায় কি?
উত্তৰ : কৃষি।
৭) প্ৰশ্ন : মিজোৰামৰ অধিবাসী সকলৰ প্ৰধান আয়ৰ উৎস কি
উত্তৰ : কৃষি।
৮) প্ৰশ্ন : নাগালেণ্ডৰ অধিবাসী সকলৰ মুখ্য খাদ্য শস্য কি?
উত্তৰ : ধান।
৯) প্ৰশ্ন : ত্ৰিপুৰাত উৎপাদন হোৱা মুখ্য খাদ্য শস্যবিধ কি?
উত্তৰ : ধান।
১০) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?
উত্তৰ : তেজু।
১১) প্ৰশ্ন : পেট্ৰ’ৰাসায়নিক উদ্যোগ অসমৰ ক’ত অৱস্থিত?
উত্তৰ : বঙাইগাঁওত।
১২) প্ৰশ্ন : কোন চনত মণিপুৰত ঔদ্যগিক বিকাশ নিগম স্থাপিত হয়?
উত্তৰ : ১৯৬৯ চনত।
১৩) প্ৰশ্ন : ছিকিমৰ বাসিন্দাৰ প্ৰধান খাদ্য শস্য কি?
উত্তৰ : গোমধান।
১৪) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনখন জিলা মাৰ্বল শিলৰ বাবে বিখ্যাত?
উত্তৰ : তেজু।
১৫) প্ৰশ্ন : ভাৰতৰ সবাতোকৈ পুৰণি তেল শোধনাগাৰটো অসমত আছে। ইয়াৰ নামটো কি?
উত্তৰ : “ডিগবৈ তেল শোধনাগাৰ”, (ভাৰতীয় তেল নিগমৰ দ্বাৰা ১৮৯০ চনত স্থাপিত)।
১৬) প্ৰশ্ন : অসমত কয়লা আৱিষ্কাৰ কৰা কোম্পানীটোৰ নাম কি?
উত্তৰ : অসম ৰে’ল আৰু ব্যৱসায়িক কোম্পানী।
১৭) প্ৰশ্ন : কমলাৰ বিশেষ প্ৰজাতিটোৰ নাম কি যাৰ কাৰণে মেঘালয় বিখ্যাত?
উত্তৰ : খাছী মাণ্ডাৰিণ।
১৮) প্ৰশ্ন : নাগালেণ্ডত কোনটো বৰ্ষক “ধান আৰু গোমধানৰ বৰ্ষ” হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰ : ২০০১ বৰ্ষক।
১৯) প্ৰশ্ন : ত্ৰিপুৰাৰ প্ৰথমটো সফল জলবিদ্যুৎ প্ৰকল্পৰ নাম কি?
উত্তৰ : গোমতী জলবিদ্যুৎ প্ৰকল্প।
২০) প্ৰশ্ন : জলবিদ্যুৎ শক্তি উৎপাদনত অৰুণাচল প্ৰদেশে দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে ন নাই কৰা?
উত্তৰ : কৰিছে।
২১) প্ৰশ্ন : অসমৰ একমাত্ৰ জুইশলা কাৰখানা বোকাজানত অৱস্থিত হয় নে নহয়?
উত্তৰ : নহয়। ধুবুৰীত অৱস্থিত।
২২) প্ৰশ্ন : মণিপুৰৰ পৰা সৰ্বাধিক মাত্ৰাত ৰপ্তানি কৰা কৃষিজাত সামগ্ৰীবিধ ধান হয় নে নহয়?
উত্তৰ : নহয়। ই গোমধান হয়।
২৩) প্ৰশ্ন : মিজোৰামত ১৯৬২ চনত পোন প্ৰথমবাৰৰ বাবে বিদ্যুৎ শক্তিৰ যোগান ধৰা হৈছিল নে হোৱা নাছিল?
উত্তৰ : হৈছিল।
২৪) প্ৰশ্ন : ত্ৰিপুৰাক ভাৰতৰ দ্বিতীয় “ৰবৰ ৰাজধানী” হিচাপে ঘোষণা কৰা হৈছে, হয় নে নহয়।
উত্তৰ : হয়।
ৰাজ্য |
প্ৰধান উদ্যান ভিত্তিক উৎপাদনসমূহ |
প্ৰধান কৃষি ভিত্তিক উৎপাদন সমূহ |
অৰুণাচল প্ৰদেশ |
ৰবৰ আৰু চাহ |
চাউল, কণী, ধান, মাকৈ, মাহ, কুঁহিয়াৰ, ঘেঁহু ইত্যাদি। |
অসম |
চাহ, ৰবৰ আৰু কফি |
চাউল, ঘেঁহু, মৰাপাট, নাৰিকল, কুঁহিয়াৰ, কঁপাহ ইত্যাদি। |
মণিপুৰ |
ৰবৰ আৰু কফি |
ঘেঁহু, সৰিয়হ, চাউল, মাকৈ ইত্যাদি। |
মেঘালয় |
কাজু আৰু কমলা |
মৰাপাট, সৰিয়হ, সূৰ্যমূখী ফুল, চয়াবিন ইদ্যাদি। |
মিজোৰাম |
ৰবৰ আৰু কমলা |
মাকৈ, কুঁহিয়াৰ, চাউল, ধঁপাত ইত্যাদি। |
নাগালেণ্ড |
চাহ, ৰবৰ আৰু কফি |
ঘেঁহু, বুট মাহ, সৰিয়হ, কপাহ, মাকৈ, চাউল ইত্যাদি। |
ছিকিম |
ইলাচি আৰু চাহ |
আদা, হালধি, ইলাচি ইত্যাদি। |
ত্ৰিপুৰা |
চাহ, কফি আৰু ৰবৰ |
কুঁহিয়াৰ, কপাহ, মেচ্টা ইত্যাদি। |
১) প্ৰশ্ন : অৰুণাচল প্ৰদেশত প্ৰধানকৈ কিমানটা জনজাতি আৰু বহু সংখ্যক উপজাতি বাস কৰে?
উত্তৰ : ২৬ টা।
২) প্ৰশ্ন : কাক অসমৰ “পূবৰ নেপোলিয়ন” হিচাপে জনা যায়?
উত্তৰ : বীৰ চিলাৰায়।
৩) প্ৰশ্ন : মণিপুৰত চৰকাৰী ভাৱে স্বীকৃত জনজাতি কিমান বাস কৰে?
উত্তৰ : ঊনত্ৰিশ টা।
৪) প্ৰশ্ন : মেঘালয়ৰ অধিবাসী সকল মুখ্যতঃ কি হয়?
উত্তৰ : জনজাতি।
৫) প্ৰশ্ন : ত্ৰিপুৰাৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ জনজাতীয় লোক আছে?
উত্তৰ : ত্ৰিশ শতাংশ।
৬) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ পৰা লোকসভালৈ মনোনীত প্ৰথম সংসদ সদস্য জন কোন আছিল?
উত্তৰ : চি কে গোঁহাই।
৭) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ প্ৰথম ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া জনৰ নাম কি আছিল?
উত্তৰ : জোমিন টায়েং।
৮) প্ৰশ্ন : “জ্ঞানপীঠ পুৰস্কাৰ”ৰ প্ৰাপ্ত প্ৰথম জন অসমীয়া কোন আছিল?
উত্তৰ : ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।
৯) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা অসমৰ প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম কোৱা?
উত্তৰ : ফকৰুদ্দি আলি আহমেদ।
১০) প্ৰশ্ন : প্ৰথম অসমীয়া বিধায়িকা কোন আছিল?
উত্তৰ : শ্ৰী মতী উষা বৰঠাকুৰ।
১১) প্ৰশ্ন : মাদ্ৰাজৰ ৰাজ্যপাল হোৱা অসমৰ প্ৰথম ব্যক্তি জনৰ নাম কি আছিলে?
উত্তৰ : বিষ্ণুৰাম মেধি।
১২) প্ৰশ্ন : মণিপুৰৰ প্ৰথম অলিম্পিক খেলুৱৈ কোন আছিল?
উত্তৰ : পি নীলকমল।
১৩) প্ৰশ্ন : মৰ্যাদাপূৰ্ণ “পদ্মশ্ৰী” বঁটা লাভ কৰা মণিপুৰৰ প্ৰথম ব্যক্তি গৰাকী কোন আছিল?
উত্তৰ : এট’মবাপু শৰ্মা।
১৪) প্ৰশ্ন: মেঘালয়ৰ প্ৰথম খাছী মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : ডাৰউইন ডিয়েংডো পাগ।
১৫) প্ৰশ্ন : নাগালেণ্ডৰ প্ৰথম ৰাজ্যপাল গৰাকীৰ নাম লিখা?
উত্তৰ : শ্ৰী বিষ্ণু সাহায়।
১৬) প্ৰশ্ন : প্ৰথম গৰাকী নগা ব্যক্তি যিয়ে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ প্ৰথম গৰাকী অধিনায়ক হোৱাৰ গৌৰৱ অৰ্জন কৰে, তেঁও কোন আছিল?
উত্তৰ : ড° টালিমেৰন আও।
১৭) প্ৰশ্ন : ছিকিমৰ প্ৰথম মুখ্যমন্ত্ৰী গৰাকী কোন আছিল?
উত্তৰ : কাজী লেনডুপ দৰ্জী খাংচাৰ্পা।
১৮) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ পিতৃ স্বৰুপে গণ্য কৰা ব্যক্তি গৰাকীৰ নাম কি?
উত্তৰ : ড° ডায়িং এৰিং।
১৯) প্ৰশ্ন : ছিকিমৰ লেপচা জনজাতি মুখ্যতঃ ধৰ্মাৱলম্বী কি হয়?
উত্তৰ : বৌদ্ধ।
২০) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোন জনজাতিয়ে টোপিঅ’ নামৰ থলুৱা ক’লা নিমখ উৎপাদন কৰে?
উত্তৰ : আপাটানি।
২১) প্ৰশ্ন : অৰুণাচল প্ৰদেশৰ কোনটো জনজাতি ব্যৱহাৰোপযোগী কপাহী কম্বল তৈয়াৰ কৰাৰ বাবে প্ৰসিদ্ধ?
উত্তৰ : চেৰডুকপেন।
২২) প্ৰশ্ন : সুমেৰুত উপস্থিত হোৱা প্ৰথম অসমীয়া বৈজ্ঞানিক জনৰ নাম কি?
উত্তৰ : ৰাঘৱ চন্দ্ৰ ডেকা।
২৩) প্ৰশ্ন : তেওঁ ১৯৫৭ চনৰ অসমৰ বিখ্যাত সংসদ সদস্য। ১৯৫৪ চনত তেওঁ বিখ্যাত গ্ৰন্থ “ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল্ছ”ৰ ৰচনাও কৰিছিল। তেওঁৰ নামটো কি?
উত্তৰ : হেম বৰুৱা।
২৪) প্ৰশ্ন : লণ্ডনৰ পৰা পি. এইচ. ডি. ডিগ্ৰী লাভ কৰা অসমৰ প্ৰথম মহিলা গৰাকীৰ নাম কি?
উত্তৰ : ড° তিলোত্তমা বৰুৱা।
২৫) প্ৰশ্ন : মেঘালয়ৰ কোনটো একমাত্ৰ জনজাতিৰ মাজত “অতিবাহিত যুৱকৰ সমূহীয়া শয়নকক্ষ”ৰ প্ৰথা দেখা পোৱা যায়?
উত্তৰ : গাৰো।
২৬) প্ৰশ্ন : তেওঁ প্ৰথম খাছী জোতা নিৰ্মাতা যিয়ে বিশ্বৰ সৰ্ববৃহৎ জোতা আৰু উচ্চতম গোৰোহা যুক্ত প্লেটফৰ্ম ফুট নিৰ্মাণ কৰাৰ অভিলেখ গঢ়িছে। তেওঁৰ নাম কি?
উত্তৰ : জেমছ চিয়েমিয়ং।
২৭) প্ৰশ্ন : মিজোৰামৰ কোনটো জনজাতিৰ নিজস্ব ভাষা আৰু লিপি আছে?
উত্তৰ : চাকমা।
২৮) প্ৰশ্ন : ৰাষ্ট্ৰসংঘত সম্বোধন কৰা প্ৰথম নগা ব্যক্তি কোন আছিল?
উত্তৰ : ফুৰেৰ হেইমেনড্ৰাফ।
২৯) প্ৰশ্ন : ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম নগা ব্যক্তিজনৰ নাম কি?
উত্তৰ : এইছ কে চেমা।
ৰাজ্য |
জনগোষ্ঠী সমূহ |
অৰুণাচল প্ৰদেশ |
আদি, আপাটানি, বুগুন, গালো, নাইচি, ৰুচো, খাম্বা, মেম্বা, শ্বেৰদুকপেন, মিচ্মি, মনপা, টাগিন চিংফৌ, টাংচাং, মিয়োৰ ইত্যাদি। |
অসম |
বড়ো, কছাৰী, ৰাভা, কাৰ্বি, মিচিং, সোণোৱাল কছাৰী, তিৱা, ডিমাচা, কছাৰী, হাজং, গাৰো, দেউৰী, চুতীয়া, বৰ্মন ইত্যাদি। |
মণিপুৰ |
অনাল, অইমোল, গাণ্টে, কুকী, কাবুই, মৰাম, মাও, চাল্টে, টাংখুল, ৱাইফেই, জৌ ইত্যাদি। |
মেঘালয় |
খাচী, জয়ন্তীয়া, গাৰো, ৰাভা, হাজং ইত্যাদি। |
মিজোৰাম |
লুচাই, ত্ৰিপুৰী, লাখেৰ, পাৱি ইত্যাদি। |
নাগালেণ্ড |
আঙ্গামি, আও, চেমা, লোথা, ৰেংমা, ফোম, চাংগট্ম, কন্যাক, চাং, পোচুৰি, জেলিয়াং, চাখেচেং ইত্যাদি। |
ছিকিম |
লেপ্চা, নেপালী, ভূটিয়া ইত্যাদি। |
ত্ৰিপুৰা |
ত্ৰিপুৰা, ৰিয়াং, জামাটিয়া, হালাম, কুকী, মোগ, চাকমাচ ইত্যাদি।
|
উৎস : উত্তৰ পূৰ্বাঞ্চল কুইজ সঁফুৰা।
শেহতীয়া উন্নীতকৰণ: : 2/6/2023