অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্প’ৰ্টছ মেডিচিনৰ পাঠ্যক্ৰম :

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্প’ৰ্টছ মেডিচিনৰ পাঠ্যক্ৰম :

 

ৰাজ্যৰ খেলুৱৈসকলৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্প’ৰ্টছ মেডিচিনৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ক্ৰীড়া ক্ষেত্ৰত বিকাশৰ প্ৰক্ৰিয়াটোক পূৰ্ণগতিত আগুৱাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্প’ৰ্টছ ছায়েন্সৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবেও মনস্থ কৰিছে। একেদৰে পাটিয়ালাস্থিত নেচনেল স্প’ৰ্টছ একাডেমীৰ এটা কেন্দ্ৰ ডিব্ৰুগড়ত স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত যোৱা ৩ জানুৱাৰীত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া সচিব ইনজেটি শ্ৰীনিবাসৰ উপস্থিতিত অনুস্থিত উক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ব মহিলা বক্সিং চেম্পিয়শ্বিপ অসমত অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ ল’বলৈ কেন্দ্ৰীয় ক্ৰীয়া সচিবগৰাকীক অনুৰোধ জনায়। মুখ্য মন্ত্ৰীগৰাকীৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই উক্ত চেম্পিয়নশ্বিপ ডিব্ৰুগড় অনুষ্ঠিত কৰাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে মুখ্য মন্ত্ৰীক অৱগত কৰে। উল্লেখ্য যে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া হিমালয়ান ৰিজন গেমছৰ প্ৰস্তুতি সন্দৰ্ভতো বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। কেইবাখনো ৰাষ্ট্ৰৰ খেলুৱৈৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া এই ক্ৰীয়া প্ৰতিযোগিতাত এথলেটিকছ, আৰ্চাৰী, বক্সিং, ভাৰোত্তোলনৰ, ফেন্সিং আৰু স্কোৱাচকে ধৰি বিভিন্ন ইভেন্ট অন্তৰ্ভুক্ত হ’ব। এই বছৰ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰৰ অনুৰ্ধ্বৰ ফিকা বিশ্বকাপৰ খেলৰ প্ৰস্তুতি সম্পৰ্কেও বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। এই প্ৰতিযোগিতাখনৰ বাবে যাৱতীয় প্ৰস্তুতি শীঘ্ৰেই সম্পূৰ্ণ কৰি খেলৰ স্থানৰ দায়িত্ব আয়োজক কমিটীৰ হাতত অৰ্পণ কৰা হ’ব বুলি কেন্দ্ৰীয় ক্ৰীয়া সচিব শ্ৰীনিবাসক অৱগত কৰে ৰাজ্য চৰকাৰে। উল্লেখ্য যে ১৭ বছৰৰ অনূৰ্ধ্বৰ ফিকা বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৯.৩২ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৩.৪২ কোটি টকা মোকলাই দিয়া হৈছে। প্ৰয়োজন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে আৰু অধিক পুঁজি মোকলাই দিয়াৰ ব্যৱস্থা কৰিব বুলি বৈঠকত উল্লেখ কৰে কেন্দ্ৰীয় ক্ৰীড়া সচিবগৰাকীয়ে। গুৱাহাটীত এটা ক্ৰীড়া সংগ্ৰহালয় স্থাপনৰ প্ৰক্ৰিয়াও চলাই থকা হৈছে বুলিও তেওঁ ৰাজ্য চৰকাৰক অৱগত কৰে। উল্লেখ্য যে ৰাজ্যত ক্ৰীড়া আন্ত:গাঁথনি গঢ়ি তোলাৰ উদ্দেশ্যে অসম স্প’ৰ্টছ কাউন্সিল আৰু স্প’ৰ্টছ অথৰিটী অব ইণ্ডিয়াই এখন ক্ৰীড়া সমন্বয় সমিতি গঠন কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি ৰাজ্যৰ ২৬ হাজাৰখন গাঁৱত খেলপথাৰ নিৰ্মাণৰ বাবে এম জি এনৰেগা আঁচনিৰ অধীনত পুঁজি ব্যয় কৰাৰ বাবেও উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হয়। অসমত স্প’ৰ্টছ অথৰিটী অব ইণ্ডিয়াৰ বৰ্তমানে চলি থকা প্ৰকল্পসমূহৰ লগতে নতুনকৈ নিৰ্মাণ হ’বলগীয়া প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় পুঁজি যোগান ধৰিব বুলি কেন্দ্ৰীয় ক্ৰীড়া সচিবগৰাকীয়ে বৈঠকত উল্লেখ কৰে। উল্লেখ্য যে উক্ত বৈঠকত ৰাজ্যৰ ক্ৰীড়ামন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য সচিব বিনোদ কুমাৰ পিপাৰচেনিয়াৰ লগতে ছাই আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত আছিল।

উৎস-ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 1/19/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate