অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেডিয়া এনথ্ৰ’প’লজী :

মেডিয়া এনথ্ৰ’প’লজী :

 

টেলিভিছনৰ অবাধ প্ৰসাৰে আমাৰ জীৱনলৈ যিবিলাক পৰিৱৰ্তন আনিছে, তাৰ এটা হ’ল মেডিয়া এনথ্ৰ’প’লজী বা প্ৰচাৰ মাধ্যম নৃতত্ত্বৰ বৰ্ধিত চাহিদা। অসমত নৃতত্ত্ব পঢ়াৰ হেঁপাৰ কমি যোৱাৰ কাৰণ হৈছে তৃণমূল পৰ্যায়ত নৃতাত্ত্বিকসকলৰ কৰ্মসংস্থানহীনতা। কিন্তু অতিশয় উচ্চ স্তৰত কৰ্প’ৰেট ছেক্টৰত নৃতাত্ত্বিকসকলৰ চাকৰি আছে। ভাৰতবৰ্ষত নতুন বস্তু আৱিষ্কাৰ কৰি মাল্টিনেচনেল কৰ্প’ৰেচনৰ স্বীকৃতি পোৱা কোম্পানীৰ সংখ্যা কম হোৱা দেখি আৰু চৰকাৰৰ নিজস্ব বিদেশ নীতি সঁচাকৈয়ে গোষ্ঠী নিৰপেক্ষ নোহোৱা দেখি মাৰ্কিন যুক্তৰাষ্ট্ৰত নৃতাত্ত্বিকসকলৰ তুলনাত ভাৰতীয় নৃতাত্ত্বিকসকলৰ মৰ্যাদা যথেষ্ট নিম্ন স্তৰৰ। এই শাস্ত্ৰই অসমত বিদ্যালয় শিক্ষকৰ চাকৰিৰ দৰে হোৰাহোৰে কৰ্মসংস্থাপনৰ সৃষ্টি নকৰে যদিও ছিৰিয়াছ মানুহে মেডিয়া এনথ্ৰ’প’লজিষ্ট হিচাপে এভাৰেষ্ট চুব পৰা কেৰিয়াৰ গঢ়িব পাৰে।

মেডিয়া এনথ্ৰ’প’লজিষ্ট হ’ব খোজা মানুহৰ গাত নৃতত্ত্বৰ জ্ঞানৰ লগতে মানুহৰ প্ৰতি অপৰিমিত মৰম, তীব্ৰ জিজ্ঞাসা, টীম স্পিৰিট, কমিউনিকেচন স্কিল, ৰিছাৰ্চ কৰিবলৈ হেলা নকৰা, আন মানুহৰ দৃষ্টিভংগী যুক্তিসংগত ৰীতিৰে বুজাব পৰা আদি গুণ থাকিব লাগে।

মেডিয়া এনথ্ৰ’প’লজী হ’ল নৃতত্ত্বৰ উপশাখা, সাংস্কৃতিক নৃতত্ত্বৰ এটা নতুনকৈ উদ্ভৱ হোৱা ভাগ বা এৰিয়াজ অব ছুপাৰ স্পেচিয়েলাইজেচন। ইয়াত ৰেডিঅ’, টেলিভিছন আদিৰ যোগে প্ৰচাৰ কৰা কাৰ্যক্ৰমবিলাকে জনমানসত পেলোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হয়। যেনে- চৰকাৰী দূৰদৰ্শন আৰু অনাতাঁৰ কেন্দ্ৰৰ বিজ্ঞাপন কিছুমানৰ দ্বাৰা মানুহৰ মাজত ধূমপান কৰাৰ পৰা হ’ব পৰা বিপদ, মেলেৰিয়া ৰোগৰ ভয়াৱহতা, কন্যা ভ্ৰণ হত্যাৰ পৰা ভৱিষ্যতে হ’ব পৰা লিংগ বিষমতা আদিৰ বিষয়ে মানুহক সচেতন কৰিবলৈ যত্ন কৰা হয়। এইবিলাক তৈয়াৰ কৰোঁতে প্ৰয়োজক, পৰিচালক আদিক মেডিয়া এনথ্ৰ’প’লজীৰ জ্ঞানে সহায় কৰিছে। এই বিষয়ে পঢ়িলে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ জনসংযোগকাৰী সংবাদ মাধ্যমৰ উপদেষ্টা বা পৰিকল্পনাকাৰী হিচাপে কাম কৰিব পাৰি। ভাৰতত এনে কামৰ ন্যূনতম মাহেকীয়া আয় কুৰি হাজাৰ টকা। এইক্ষেত্ৰত বেছিভাগ কৰ্মস্থাপন ভাৰতৰ দুখন মহানগৰ দিল্লী আৰু মুম্বাইত ওলায়।

মেডিয়া এনথ্ৰ’প’লজিষ্ট হ’ব খোজা মানুহে নৃতত্ত্ব লৈ উচ্চতৰ মাধ্যমিক আৰু স্নাতক উপাধি ল’ব লাগে। তাৰ পিছত মাছ কমিউনিকেচন এণ্ড জাৰ্নেলিজমৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী ক’ৰ্ছ পঢ়িব লাগে। এনে অৰ্হতা থকা মানুহে ৰিছাৰ্চ আৰু এপ্লাইড ব্ৰাঞ্চত নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। যেনে- বেছিকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰস্তুত কৰা কাৰ্টুন চলচ্চিত্ৰ চোৱা শিশু অবাস্তৱবাদী হোৱাৰ প্ৰৱণতা বেছি। এইটো মেডিয়া এনথ্ৰ’প’লজিষ্টৰ গৱেষণাৰ ফল। একতা কাপুৰৰ ‘ঘৰ ঘৰ কী কাহানী’ জাতীয় টিভি ছিৰিয়েলবোৰ পোনতে জনপ্ৰিয় হৈ পাছলৈ আমনিদায়ক হোৱাৰ কাৰণ হ’ল এপ্লাইড মেডিয়া এনথ্ৰ’প’লজীৰ নীতি-নিয়মসমূহ উপক্ষা কৰা দেখি। মেডিয়া এনথ্ৰ’প’লজীৰ বিশেষজ্ঞ হ’ব খোজা মানুহে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স, মুম্বাই, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, নতুন-দিল্লী, জামিয়ামিলিয়া ইছলামিয়া, নতুন দিল্লী, পণ্ডীচেৰী বিশ্ববিদ্যালয় আৰু সৰোজিনী নাইডু স্কুল অৱ আৰ্টছ এণ্ড কমিউনিকেচন, হায়দৰাবাদ আদিত পঢ়া-শুনা কৰিব পাৰে।

লেখক: ড° গৌৰাংগ কুমাৰ শৰ্মা(শিক্ষা বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate