সন্তান ভুমিষ্ঠ হোৱাৰ পাছতেই মাতৃ হিচাপে আপোনাৰ ওপৰত নিশ্চয় গধুৰ দায়িত্ব পৰিল।শৈশৱত কৰা ভুলবোৰে শিশুৰ মনত শিলৰ ৰেখাৰ দৰে কাম কৰে।সেয়ে আপুনি ‘ভয়েই ভুত’-এই কথাফাঁকিৰ পৰা সদায় আঁতৰত ৰাখিবলৈ চেষ্টা কৰিব।ইয়াৰ বাবে আপোনাৰ সচেতনতা আৰু দুৰদৰ্শিতাৰ প্ৰয়োজন হ’ব।শিশুক আমি সৰুতে শুৱাবলৈ যত্ন কৰোঁতে বিফল হ’লে শ্লিপিং টেবলত হিচাপে কিছুমান নিচুকনি গীত ব্যৱহাৰ কৰোঁ,যেনে-শিয়ালী এ নাহিবি ৰাতি বা বাঘ বা শিয়ালৰ কৃত্ৰিম মাত সৃষ্টি কৰি শিশুক শুৱাবলৈ যত্ন কৰোঁ।এই ভয়ে শিশুৰ ভৱিষ্যৎ জীৱনত ক্ৰিয়া কৰে।শিশুৰ আগত সদায়ই শিশুক উৎসাহ দিয়া বা প্ৰেৰণা দিয়া গীতহে ব্যৱহাৰ কৰিব লাগে।মনোবিজ্ঞানী ফ্ৰয়েডৰ মতে,ছমাহৰ পৰা এবছৰৰ ভিতৰত শিশুৰ মনত ভয়ৰ প্ৰভাৱ পেলাবলৈ নালাগে।শিশুক কেতিয়াও আন্ধাৰ কোঠাত বা অচিনাকি লোকৰ লগত থাকিবলৈ দিব নালাগে।ফ্ৰয়েডৰ মতে,দুবছৰতকৈ শিশুক মাক-দেউতাকৰ ওচৰৰ পৰা নিব নালাগে।শিশুৰ আগত কেতিয়াও ভুত,প্ৰেত,ডাইনী আদিৰ সাধুকথা ক’ব নালাগে।শিশুৱে ভয় কৰা ছবি শিশুৰ আগত কেতিয়াও প্ৰদৰ্শন কৰিব নালাগে।তেনে ছবি ঘৰত থাকিলে শিশুৰ চকুৰ আগৰ পৰা আঁতৰত ৰাখিব লাগে।বিশিষ্ট শিক্ষাবিদ ‘মণ্টেশ্বৰী’য়ে তেনে গল্প কোৱা কাৰ্যক শিশুৰ বাবে ক্ষতিকাৰক বুলি কৈছে।
বিদ্যালয়লৈ প্ৰথমে শিশুৱে যাবলৈ ভয় কৰে।ইয়াৰো যথেষ্ট কাৰণ আছে।প্ৰথম কথা,জন্মৰে পৰা মাক-দেউতাকৰ মৰমে শিশুক ঘৰখনত আৱৰি ৰাখে।মাক-দেউতাকক এৰি শিশু আন এটা পৰিৱেশলৈ যাব নিবিচাৰে।শিক্ষকজন হৈ পৰে শিশুৰ অচিনাকি লোক।মাকৰ চাদৰৰ আঁচলত ধৰি ঘুৰা-পকা কৰা শিশুটি খেলৰ পৰা পোনে পোনেই আঁতৰি বিদ্যালয়ৰ পাঠ্যপুথিত মনোনিৱেশ কৰিবলৈ কিছু ভয় কৰে।ৰাছিয়া আৰু আমেৰিকা আদি দেশত খেলৰ মাধ্যমেৰে প্ৰাক-প্ৰাথমিক বিদ্যালয়ত শিক্ষা দিয়া আঁচনিত বেছ কৃতকাৰ্য হৈছে বুলি এটা সমীক্ষাত কোৱা হৈছে।এই খেল শিশুৰ মাজত ইমান জনপ্ৰিয় হৈছে যে শিশুসকলে অভিভাৱকসকলক খুব খাটনি ধৰে বিদ্যালয়লৈ নিবলৈ।সেই দেশৰ প্ৰাক-প্ৰাথমিক স্তৰৰ পাঠ্যপুথি তেনেদৰেই শিশুৰ উপযোগী খেলৰ যোগে ৰচনা কৰা হৈছে।অৱশ্যে আমাৰ অসমতো এই শিক্ষা ব্যৱস্থাৰ প্ৰচলন হৈছে।কিন্তু এই পদ্ধতিৰ পাঠ্যপুথিয়ে শিশুক বেছিকৈ আকৰ্ষণ কৰিব পৰা নাই যেন লাগে।শিশুক জুই আৰু পানীৰ ভয়াৱহতাৰ বিষয়ে বিশদভাৱে বুজাব নালাগে।পানীত ভৰি পিছল খোৱাৰ উদাহৰণ দিব পাৰে।কিন্তু পানীত পৰিলে যে এনে ভয় খুৱাব নালাগে।বহু সময়ত দুৰদৰ্শনত নাৱত যাত্ৰীয়ে যাত্ৰা কৰা দৃশ্য দেখুৱাম,এই দৃশ্যবোৰ কেতিয়াও শিশুক দুৰদৰ্শনত দেখুৱাব নালাগে।সেইদৰে,আপুনি জুইৰ অপকাৰিতাৰ বিষয়ে বুজাবলৈ আপুনি এখন কাগজত জুই লগাই দিলে যে কাগজখন শেষ হৈ যায়,তাৰ উদাহৰণ দিব পাৰে।তাতকৈ শিশুৰ আগত জুইৰ বিশদ ব্যাখ্যা দিব নালাগে।বাটত খোজকাঢ়ি যাওঁতে গাড়ী-মটৰবিলাকৰ পৰা ল’ব লগা সাৱধানতাৰ কথা শিশুক সাধুৰ মাধ্যমেৰে বুজাব লাগে।গাড়ীৰ আগত পৰিলে মানুহ মৰে আদি কথাবোৰ শিশুৰ আগত ক’ব নালাগে।সেয়ে কোমলমতীয়া শিশুক অত্যধিক ভয় খাবলৈ নিদিব।সৰুতেই এই ভয় দুৰ নকৰিলে,ডাঙৰ হ’লে ইয়াৰ স্থায়ী প্ৰভাৱৰ ফলত মানসিক ভীতি ৰোগ হ’ব পাৰে,ইংৰাজীত ইয়াক’ফবিয়া’বুলি কোৱা হয়।শিশুৰ মনত ‘ভয়’ ভাব থাকিলে অমুল প্ৰত্যক্ষৰ প্ৰভাৱো দেখা যায়।কোনো মুল বা কাৰণ নোহোৱাকৈ ভয় কৰাটোৱেই হ’ল এই ৰোগৰ লক্ষণ।যিকোনো ধৰণৰ ভয় এবিধ ‘আৱেগিক বাধা’,আৱেগিক বাধা শিশুৰ সুস্থ মানসিক বিকাশত হেঙাৰ স্বৰুপ হয়।কিছুমান শিশুক সমনীয়াই পাঠ্যপুথিৰ বিষয়ে ভয় খুৱায়।সৰুতে এনে ভয় শিশুৰ অন্তৰত সোমালে স্বাভাৱিকতেই সেই পাঠ্যপুথিৰ ওপৰত শিশুৰ ভয় ভাব হয়।শিশুৰ আগত অংক যে জংকপংক,জ্যামিতিহে টান আদি কবিতা আওৰাব নালাগে।শিক্ষকৰ ব্যক্তিত্বও কেতিয়াবা শিশুৰ ভয়ৰ কাৰণ হ’ব পাৰে।সেয়ে বিভিন্ন শিক্ষাবিদে মতপোষণ কৰিছে যে প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ত মহিলা শিক্ষয়িত্ৰী লোৱা উচিত।পুৰুষ শিক্ষকতকৈ মহিলা শিক্ষয়িত্ৰীসকল শিশুৰ বেছি আপোন।উপৰিউক্ত ভয়ৰ পৰা আপোনাৰ শিশুটিক আঁতৰত ৰাখি দেশৰ এজন সু-নাগৰিক হিচাপে আপোনাৰ শিশুটিক গঢ়ি তোলক।
লেখক:বীৰেন শৰ্মা (দেওবৰীয়া সুকন্যা)
শেহতীয়া উন্নীতকৰণ: : 2/6/2023