অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উৰাজাহাজ

উৰাজাহাজ

১৮৭৪ চনত ফৰাচী আবিষ্কাৰক ফেলিক্সে বাষ্পৰ দ্বাৰা উৰিব পৰা উৰা যন্ত্র এটা মাত্র দুই ছেকেণ্ডৰ বাবে উৰাবলৈ সক্ষম হৈছিল। ইয়াৰ দহ বছৰ পিছত ১৮৮৪চনত ৰাচিয়াৰ আলেকজেণ্ডাৰ মোজাছিস্কি নামৰ এজনে আন এটা উৰা যন্ত্র কেইমিনিটমানৰ বাবেহে উৰাইছিল। ১৮৯০চনত ফৰাচী আৱিষ্কাৰক এজনে এখন সৰূ জাহাজ মাত্র ৫০মিটাৰ আকাশত উৰাইছিল। এই উৰণীয়া যান সমূহ ভালদৰে কোনেও নিয়ন্ত্রণ কৰিব পৰা নাছিল। ১৯০৩চনৰ ১৭ডিচেম্বৰ দিনা অমেৰিকাৰ উত্তৰ কেৰলিনাৰ কিটিহক নামৰ ঠাই এডোখৰত এখন উৰা যান আকাশত উৰিছিল মাত্র এজন মানুহ লৈ কেৱল ১২ছেকেণ্ডৰ বাবে। সেইদিনা এই উৰা যানখনে তিনিবাৰ উৰিবলৈ চেষ্টা কৰি সর্বাধিক আধা মাইল সর্বোচ্চ ১২ফুট ওপৰেৰে উৰিব পাৰিছিল। এই যান খন সাজিছিল অবভিল আৰূ উইলবাৰ ৰাইট নামৰ দুজন ভাতৃয়ে। উৰা যানত উঠা প্রথম মানুহজন আছিল আৰভিল ৰাইট। ইয়াৰ ৫বছৰ পিছত ১৯০৮চনৰ অক্টোবৰত অৰভিল ৰাইটে এখন উৰাযান ৫০কিলোমিটাৰ দূৰলৈ উৰূৱাই। ইয়াৰ আগেয়ে ১৯০৬চনত ভিছিন ফেবেছ নামৰ ফৰাচী কোম্পানী এটাই উৰাজাহাজ নির্মাণ কৰি উলিয়ায়। ১৯০৭চনৰ ৩০মার্চত বিশ্বৰ প্রথম খন উৰাজাহাজ বিক্রী কৰা হয়।

উৎস : বৈজ্ঞানিক আবিষ্কাৰ আৰূ বিজ্ঞানী

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate