অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ

"আইটী শয়নি অ'! মাৰক ক, আজি আঞ্জাত লোণ দিবলৈ পাহৰিলে। ভাত এগাল খাবলৈ আহিলে সদায় এনেবিলাক আহুকাল। ক, সানি খাবলৈকে অলপ লোণ লৈ আহিলে ভাল।"

হাকিম ডিম্বধৰ বৰুৱা মুনচুপে পুৱা দহ বজাত ভাতৰ পাতত বহি এগৰাহ ভাত মুখত দি এই কথা কোৱা মাত্ৰকে, বাৰৰ সিফালে আখলৰ চৰুৰ কাষৰ পৰা হাকিমণী মুনচুপনীয়ে ঠেহেৰ কৰে মাত লগালে, -

"আমি ৰান্ধিলে আঞ্জাত লোণ নহয়, ভাত আধা-ফুটা হয়, মাছ কেঁচাই থাকে, কিবা বোলেনে ঢেৰুৱাৰ ঠাৰি নিসিজে। ৰান্ধনি বামুণ নাইবা 'খানচামা' নেৰাখে বা কিয়? সিহঁতে ৰান্ধি দিলেই দেখোন জুতি ধৰি খাব পাৰে; আৰু কিবা বোলেনে গোলামীজনীয়েও 'ছুটি' পায়।"

হাকিম।-

"উস! এইটো ভয়ঙ্কৰ কথা দেখিছো যে, আঞ্জাত লোণ নহ’লে নাই হোৱা বুলি ক’ব নেপায়; ভাত দেই গলে বা শুকাই কৰ্কৰা হ’লে দেই গল বা কৰ্কৰা হ'ল বুলি কব নেপায়। গাখীৰ কুৰূচিলে কুৰূচি গল বুলি কব নেপায়, ল'ৰা-ছোৱালীক কন্দুৱালে কিয় কন্দুৱাইছ বুলি সুধিব নেপায়! এনে কথা ক'ত আছে, ক'ত দেখিছা! মোৰ ঘৰত মই কোনো নহওঁনে? এইখন ঘৰৰ গৰাকী কোন? এইখন মান-মৰাণৰ মলুক হল নেকি?"

হাকিমনী।-

"এৰা এইখন মান-মৰাণৰ মলুক হল; মই মাননী মৰাননী হলো! মই আজিৰ পৰা ভাত ৰান্ধিব নোৱাৰো, নেৰান্ধো, সকলোকে কৈ দিলো। আজিৰ পৰা কোনে মোৰ হতুৱাই ভাত ৰন্ধাই খায়, তাকো দেখিম। বোলো দেখিম, দেখিম, দেখিম! বোৱাৰীয়েকহঁতে এগাল ৰান্ধি ভৰিৰে গৰাই দিলে তেতিয়া সকলোৱে হেঁপাহ পলুৱাই খাব।"

হাকিম।-

"কি কলি পাষণ্ডী! পাপিষ্ঠী! তোৰ ইমান মুখ বাঢ়ি গৈছে!"

এই বুলি ডিম্বধৰ বৰুৱা মুনচুপ ডাঙৰীয়া হাকিমে কাঁহীৰ ভাত কাঁহীতে এৰি, চুৱা হাতেৰেই ঘৈণীয়েক মুনচুপনী হাকিমনীক ভালকৈ এখুন্দা দিবলৈ গোণা মহে চোঁচা লোৱাদি চোঁচা ললে। পুতেক শূলধৰ তৌজিনবিচ ডেকাবৰুৱায়ো বাপেকৰ ওচৰতে বহি, পেট নামে, ভূ ভাৰতত জনম লোৱা সেই নিজা ছালৰ মোনাত একান্তমনে গৰাহে গৰাহে ভাত খাজি আছিল। কিন্তু কথা বিসঙ্গতি হ'ল যেন দেখি তেওঁ একে চাবেই উঠি বাপেকৰ ভৰিত সাবট মাৰি ধৰিলে; আৰু ডাঙৰীয়াৰো মস্তি চৰা মখনা হাতীয়ে উচাল মাৰি ভৰিৰ বান্দা চিঙাদি পুতেকৰ সেই হাতৰ বান্ধ চিঙি যাব খোজোঁতেই মাটিত গুৰিকঠালটো পৰাদি হামকূৰিখাই পৰিল; আৰু তাৰ ফলস্বৰূপে তেওঁৰ মুখৰ চিক্‌চিকীয়া আগদাঁত এটা চিৰকাললৈ ভাগি থাকিল! তাৰ উপৰিও ঘিঁউ চেনি ভিতৰলৈ সুমুৱা আৰু তিতা মাত বাহিৰলৈ উলিওৱা তেওঁৰ বহুমূলীয়া ওঠখন কাটি তাৰপৰা তেজ ববলৈ ধৰিলে। ডাঙৰীয়া মূচকচ গ’ল। ক্ষন্তেকতে ঘটনাটো গৈ গুৰুতৰ হ'ল দেখি চাৰিওফালৰ পৰা লগুৱা-লিকচৌ টেকেলা-বেঙেনা য'ত যি আছিল আটাইবোৰ লৰি আহি ডাঙৰীয়াক তুলি ধৰি বহুৱাই তেওঁৰ মূৰত তেল পানী দি বিছিবলৈ লাগি গল। ডাঙৰীয়ানীয়েও কি কৰোঁতে কি হ’ল দেখি, আখাৰ আৰু খঙৰ আঙঠাবোৰত হুৰহুৰ কৰে পানী ঢালি দি,

"অ, মোৰ ভৈয়াইৰ কি হল ঔ! মোৰ ভৈয়াইক হাততে হেৰুৱালোঁ নে কি ঔ!"

বুলি ৰাউচি মাৰি দি উধাতু খাই লৰি আহিল।

কিছুমান বেলিৰ মূৰত ডাঙ্গৰীয়া সুস্থ হল। ঘৰত মুনচুপ ডাঙৰীয়া আৰু বনত দাঁত ভগা ফেটীসাপ এই দুইৰো মাজত কি কি বিষয়ত মিল আৰু কি কি বিষয়ত অমিল, সেই কথাৰ বিচাৰ কৰিবলৈ ডাঙৰীয়াই শত্ৰুক সুবিধা দি, লাহে লাহে চেঁচা পানীৰে নিজৰ মুখ ধুই, ভগা দাঁতৰ গুৰিৰ আৰু কটা ওঁঠৰ আগৰ তেজ ৰখাই কছাৰীলৈ যাবলৈ ওলাল। ওলাল মানে গলেই বুলিব লাগে; কাৰণ, বেলি দুপৰীয়া হৈ গৈছিল দেখি খৰবৰকৈ তেওঁ যাবলৈ বাধ্য হৈছিল, মাথোন বাটত হঠাৎ ডাঙৰীয়াৰ আগত পৰি, তুৱাই তৰণিয়ে ভৰিত বুট জোতাৰে সৈতে ডাঙৰীয়াক 'চেলাম' কৰাত, তুৱাইক

"কুকুৰৰ পো কটা"

বুলি ডাঙৰীয়াই গালি পাৰি এখুন্দা দিব খোজাত হে যি অলপ অচৰপ পলম হৈছিল। সি যি হওক, ধুমুহা বতাহৰ কোবত ডাৱৰ উৰি যোৱাৰ পিছত ৰদ ৰেঙোৱাৰ দৰে সেই দিনাৰ দুৰ্য্যোগ কাটি গল। হাকিম ডাঙৰীয়া এজলাচত বহিল আৰু তেওঁৰ মুখত সুখৰ ৰেঙনি ওলাল। কিন্তু দুৰ্ঘোৰ বাৰিষা কালত ৰেঙোৱা ৰদ ক্ষন্তেকীয়া হোৱাৰ দৰে সেই ৰেঙনিও ক্ষন্তেক থাকি মাৰ গল। হাকিমে কাপ লৈ কিবা কাকত এখন চহি কৰোতে দেখিলে যে, কাপৰ মুখখন কাকতত চেৰ্চেৰাই গৈছে। হাকিমে সেই চেৰ্চেৰণিটো কাকতে কাপৰ ওপৰত কৰা গোচৰ বুলি ধৰি লৈ তৎক্ষণাত কাপৰ 'জৱানবন্দী' লৈ চুমাৰি বিচাৰ কৰি কাপটোক কলীয়াপানীলৈ পঠিয়ালে, আৰু কাপ আচামীৰ সহায়ক বুলি ৰামগোলাম দপ্তৰীক ৫ টকা জৰিমনা কৰিলে। বাৰ বাজি পোন্ধৰ মিনিট হৈ গ’ল, তেতিয়াও মিনাৰাম পেচকাৰে মকৰ্দ্দমাৰ নথিবোৰ হাকিমৰ আগত দিয়াহি নাই। মিনাৰামৰ কামত বৰ "গাফিলী" বুলি হাকিমে তেওঁক এমাহৰ দৰমহা জৰিমনা কৰিলে।

ইয়াৰ পিচত এটা ছোৱালী চুৰি মকৰ্দ্দমাৰ নথি হাকিমৰ হাতত পৰিল; আৰু

"আচামী ফৰিয়াদীৰ ফোকাৰ হল।"

ফৰ্চাচিং কনিষ্টবলে ভুলকৈ "ফোকাৰিলে" "জয়ৰাম কলিতা আচামী হাজিৰ!" পেচকাৰে লাহেকৈ ফৰ্চাচিঙক ক'লে,

"জয়ৰাম কলিতা নহয়, জিৎৰাম কলিতাহে।"

ফৰ্চাচিঙৰ দুৰ্ভাগ্য গুণে লাহেকৈ কোৱা কথাষাৰো হাকিমৰ কাণলৈ গল! হাকিমে তেতিয়াই ধৰি ফৰ্চাচিঙক "চচপেণ্ড" কৰি থলে। মকৰ্দ্দমাত জিৎৰাম দোষী প্ৰমাণ নাই হোৱা বুলি জিৎৰামৰ পক্ষৰ উকীল বিদ্যাৰাম শইকীয়াই কৈ দীঘলকৈ বক্তৃতা মেলিব খোজোতেই উকিলক "চুপৰও" বুলি হাকিমে ভেকাহি মাৰি দি জিৎৰামক তিনি মাহলৈ ফাটকত দিবলৈ হুকুম দিলে। বিদ্যা উকিলে আকৌ কিবা কব খোজাত "আদালত অৱমাননা" বুলি হাকিমে উকিলক কুৰি টকা জৰিমনা কৰি সেই গোচৰৰ সেইখিনিতে সামৰণি ঘেটা মাৰিলে।

কুগ্ৰহে পোৱা হাকিমৰ কথা আমি এইখিনিতে এৰি দুৰ্ভগীয়া পেচকাৰৰ কথা কওঁ। গধূলি বেলিকা পেচকাৰে এবোকোচা মনৰ দুখ কছাৰীঘৰৰ পৰা ভাৰ বৈ ঘৰলৈ আনি, তেওঁক হাত মুখ ধুবলৈ পানী এলোটা দিয়াত নাম মাত্ৰ পলম হোৱাত, আৰু তাৰ পিছত ধঁপাত এচিলিম লগাই দিবলৈকো তেনে হোৱাত, লগুৱা ল'ৰাটোক ঠলামূৰীয়াই দিলে। অন্যায় দেখি আৰু গিৰিয়েকৰ সেই দিনাৰ মানসিক অৱস্থাৰ বিষয়ে একো সম্ভেদ নেজানি, পেচকাৰণীয়ে লগুৱাটোৰ হৈ একেষাৰ মতাত, পেচকাৰে পেচকাৰণীৰে সৈতে ঢেঁকীথোৰা এটাৰ নতুন বিধৰ চিনাকি কৰি দিব খোজোঁতেই টেঙৰী পেচকাৰণীয়ে লৰ মাৰি কলাবাৰীত সোমাই নিজৰ প্ৰাণ আৰু নীতি-শাস্ত্ৰৰ মান ৰক্ষা কৰিলে। কিন্তু অৰসিক লগুৱাটোৱে পেচকাৰ ডাঙৰীয়াৰ লপা-থপা কিল কেইটাক গুৰুলাগুৰুল কিলৰ শাৰীত পেলাই তেতিয়াই নিজৰ লাম্‌লাকটু কেইডাল লৈ পেচকাৰক ঘৰতে এৰি থৈ গুচি গল; লাভৰ ভিতৰত লগুৱাৰ অভাৱত পেচকাৰণীয়ে এমাহলৈ চুৱা ধুব লগীয়াত পৰিল; আৰু পেচকাৰে স্বহস্তে তিয়নী চেপা, ধঁপাত লগোৱা আদি কাম নথিৰে সৈতে সমানে পেচ কৰিব লগীয়া হ'ল।

ফৰ্চাচিং কনিষ্টবলে সঁচাসচিকৈয়ে "ছছপেণ্ড" হৈ ছাপৰাছ পাগুৰি শোধাই দি মনৰ দুখত মদৰ দোকানত সোমাই টেটুলৈকে এটেটুকৈ মদ খাই মতলীয়া হৈ তাতে আৰু এটা মতলীয়া মানুহেৰে সৈতে প্ৰথমে কোলাকুলি দ্বিতীয়তে গলিয়াগলি তাৰ পিচত মৰামৰি আৰু শেহত মূৰ ফলাফলি কৰি আস্পতাল পালেগৈ আৰু দণ্ডবিধি আইনৰ ৩৫২ ধাৰা মতে তাৰ ওপৰত গোচৰ "ৰুজু" হ’ল।

তুৱাই তৰণিৰ ছোৱা শুনিলে গাৰ তৰণি হেৰাবৰ কথা। ৰাজআলিত বাটৰুৱা মানুহৰ আগত ওপৰত কৈ অহাৰ দৰে তেওঁ অপমান আৰু লাজ পাই ক্ৰোধত জৰ্জ্জৰিত হৈ মুনচুপ ডাঙৰীয়াৰ নামে হুৰমতৰ দাবীৰ গোচৰ কৰিবলৈ বাৰেবঙলুৱা ভাষাত আৰ্জ্জি এখন লিখি লৈ তেওঁৰ গৰাকী উকীল ত্ৰাহিৰাম শৰ্ম্মাক দেখুৱালে। ঘটনা গুৰুতৰৰ ফালে অহা দেখি উকীলে তুৱাইক তপত-চেঁচা অনেক বিধৰ কথাৰে সেকিপুটকি শান্ত কৰি কোনো মতেহে সেই আৰ্জ্জিখন দাখিল নকৰাকৈ ৰাখিলে। কিন্তু, কঁকালৰ কোব নেপাহৰা সাপৰ দৰে তুৱায়ে সেই অপমানৰ কোব নেপাহৰি, দুদিনৰ পিচতে ধৰ্ম্মাৱতাৰ হাকিমৰ গাত ভেটী-খোৱা অপবাদ দি, চীফ কমিছনৰ চাহাবলৈ বেনামীকৈ চিঠি এখন লিখি পঠিয়াই অঁতাইহে কোনোমতে চেঁচা পৰিল।

দুখীয়া ৰামগোলাম দপ্তৰীয়ে অলপ কচুৰতে পাঁচ টকা জৰিমনা ভৰি, দুখৰ ভাৰ মনত লৈ ঘৰ পাই, ঘৈণীয়েকে তিনি বছৰ আগেয়ে কৰা পুৰণি জগৰ এটা সুঁৱৰি, তাৰ বাবে তাইক এখুন্দা দি চতাই বেহেৰাৰ ঘৰ ওলালগৈ। চতায়ে ছমাহৰ আগেয়ে ৰামগোলামৰ পৰা টকাত চাৰি পইচা বাঢ়িত ছটকা ৰূপ ধাৰে নিছিল। ৰামগোলামে তাৰ কঁকালৰ গাঠিত কম পৰা ৰূপ ছটকা ছপাই আনিবলৈ গৈছিল।

"এতিয়া মোৰ হাতত ৰূপ নাই, দিব নোৱাৰো, পিচত দিম"

বুলি চতায়ে কোৱাত, কমাৰৰ হাতুৰিৰ মুখৰ পৰা ফিৰিঙতি ওফৰাদি ৰামগোলামৰ খঙৰ ফিৰিঙতি উফৰি যাবলৈ ধৰিলে। ক্ষন্তেকতে দুয়ো গলিয়াগলি আৰু তাৰ পিচত হতাহতি লগালে। তাৰ পিচত, বেহেৰাৰ ঘৈণীয়েক বেহেৰাণীয়ে বাঢ়নি হাতত লৈ সেই ভাৱনাত প্ৰৱেশ কৰি ৰামগোলামক খুঁচি দিলত বেহেৰা চতায়ে ঘৈণীয়েকৰ সোঁশৰীৰে সম্পূৰ্ণ সহানুভূতি আৰু সহায় লাভ কৰি পৰম উৎসাহিত হৈ বপুৰা ৰামগোলামক গতাৰে শোধ-পোচ কৰি আগবঢ়াই থৈ আহি সেই ক্ষুদ্ৰ অথচ গপ্‌গপীয়া ভাৱনাৰ ওৰ পেলালে। ৰামগোলামে কিন্তু চতাই-চতায়নীৰ নামে পিছদিনা কছাৰীত মাৰপিটৰ গোচৰ নকৰাকৈ নেৰিলে। এইখিনিতে কবলৈ পাহৰিছোঁ যে, চতাই-চতায়নীয়ে ৰামগোলামক মাৰ-ধৰ কৰাত

"কি অন্যায় কথা, চতাই কাই! তহঁতে মানুহটোক কিয় অনাহকতে মাৰিছহঁক"

বুলি ওচৰচুবুৰীয়া পিথু শইকীয়াই মাত লগোৱাত, চতায়নীয়ে পিথুক তাৰ সাতপুৰুষ উকতি গালি পাৰি দিলে, আৰু তাৰ ফলস্বৰূপে পিথুৰ মাকৰ মাহীমাকৰ মোমায়েকৰ জীয়েকক চতাইৰ পুতেকৰে সৈতে বিয়া দিবলৈ খোজাবঢ়া বিয়াখন ভাগি থাকিল!

বিদ্যাৰাম উকীলৰ কীৰ্ত্তি ফেৰাও এইখিনিতে কৈ, এই বেগেতীয়া সাধুৰ ওৰ পেলাব খোজোঁ। তেওঁ বিয়া কৰোৱা ছোৱালীৰ, পোন্ধৰ দিনৰ আগেয়ে নোৱাই-তোলনি বিয়া হৈ গৈছিল। মনত বেজাইৰে তেওঁ সেইদিনা ঘৰলৈ আহি শহুৰেকলৈ ৰাতিয়েই চিই লিখি পঠিয়ালে যে,

"মোৰ মক্কেলৰ কথামতে মই অমুকা শহুৰেকলৈ এই জাননী দি জনালো যে, অহা সপ্তাহৰ ভিতৰতে দিনবাৰ চাই তেওঁৰ জীয়েকক মোৰ মক্কেলৰ সৈতে শান্তি দিব লাগিব, নতুবা মোৰ মক্কেলে সেই ছোৱালীৰ স্বত্ব পৰিত্যাগ কৰিব আৰু শহুৰেকৰ নামে দেৱানী কাৰ্য্যবিধি আইনমতে ক্ষতিপূৰণৰ দাবী কৰি গোচৰ কৰিব।"

শহুৰেকে জোঁৱায়েকৰ এই অদ্ভুত উকীলি চিঠি পাই বিমোৰ হৈ উত্তৰ পঠিয়ালে,

"বোপা, তোমাৰ গা কেনে আছে এই পত্ৰবাহকৰ মাৰ্ফত জানিব দিবা মই বৰ চিন্তিত হৈ আছোঁ। বিশেষ মোৰ পক্ষে ইমান লৰালৰিকৈ শান্তি দিবলৈ দিহা কৰি উঠা একেবাৰেই অসম্ভৱ। মই অকলশৰীয়া মানুহ তুমি দেখোন জানায়েই। অৱশ্যে এমাহমানৰ মূৰত মই ছোৱালী শান্তি দিবলৈ যথাসাধ্য চেষ্টা কৰিম। সম্প্ৰতি মই বৰ চিন্তিত হৈছোঁ; তোমাৰ গা কেনে আছে জানিবলৈ দিবা। যদিহে গা ভাল নহয়, তেন্তে মই বেজবৰুৱাক লগত লৈ এতিয়াই তোমাৰ তালৈ যাম।"

জোঁৱাই বোপাই শহুৰেকৰ উত্তৰ পাই ধৃতাহুতি হৈ উঠিল। তেওঁৰ মূৰৰ তালুত খঙে ইমান উপদ্ৰৱ লগালে যে, তেওঁক দেখোতাৰ মনত খেলাবলৈ ধৰিলে যেন তেওঁৰ খং জুইত চুলিবিলাক পুৰি থোপাথোপে কুকুহা উৰি যাব লাগিছে। তৎক্ষণাৎ তেওঁ আকৌ এখন চিঠি তেতিয়াই শহুৰেকলৈ লেখি পঠিয়ালে যে, যদি অহা সপ্তাহত শহুৰেকে ছোৱালী শান্তি নিদিয়ে, তেন্তে তেওঁৰ মক্কেলে, অৰ্থাৎ তেৱেঁই নিশ্চয় নিশ্চয় সেই ছোৱালী পৰিত্যাগ কৰিব। আৰু যদিহে শহুৰেকে পইচাৰ অভাৱত জীয়েকক শান্তি দিবলৈ পাচ হুহকিছে তেন্তে তেওঁ জীয়েকক এনেই পঠিয়াই দিব পাৰে। শহুৰেকে সেই চিঠি পাই কান্দিকাটি পিচ দিনা জীয়েকক দোলা এখনত তুলি লগত ওচৰ চুবুৰীয়া তিৰুতা মানুহ এজনী দি, লোটা-বাটি কাঁহী-কলহ গোটাচেৰেক সৈতে জোঁৱায়েকৰ ঘৰলৈ পঠিয়াই দিলে; আৰু সেইদিনাই তেওঁৰ ভাত চৰুটো পেলাই দি সকলোকে কৈ দিলে যে তেওঁৰ জীয়েক-জোঁৱায়েক জহনিত গ'ল

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- সাহিত্যৰথী আলোচনীখনৰ পৰা সংগৃহীত

 

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate