কটীয়া মোমাই চৰকাৰী মোমাই। সকলোৰে সৈতে তেওঁৰ মোমাই সম্বন্ধ লাগে। বগৰিগুটি এটাৰ সমান ঘুট্মুট্ কৰে মোমাইটিক লৰালৰিৰ বেলিকা চোলাৰ মোনাত সুমুৱাই লৈ যাবলৈকো তুমি সাহ কৰিব পাৰা। তেওঁৰ বয়স কিমান আমি ক'ব নোৱাৰো, আৰু কোনে কব পাৰে তাকো ক’ব নোৱাৰো। আমি তেওঁক সদায় একে চিন একে ছাবেই দেখিছো, এই মাত্ৰ। এটা উপমা দিওঁ। তোমাৰ সেই জগন্নথীয়া পকা ৰঙালাওটো বৰচাঙত তুলি তেনে থৈছা তেনে আছে; আমাৰ এই কটীয়া মোমাইটিও এই পৃথিৱীৰূপ বৰচাঙত, বিধতাই তুলি থোৱা ভাৱেই গৰ্গৰিয়া দি পৰি আছে। সৰিয়হৰ ডুলিৰ বাওৰ মাজত সোমোৱা সৰিয়হটো ভালেমান কাললৈকো তাতে ৰৈ যায়, জাৰিলে জোকাৰিলে নোলায়, আৰু সতকাই লোকৰ চকুতো নপৰে। এই সংসাৰ-ডুলিৰ বাওৰ মাজত আমাৰ মোমাইকণো, সেই দৰে বিধতাৰ চকুত নপৰাকৈ ৰৈ গৈছে। মোমাই বৰ টক্টকীয়া; এলাহ কাক বোলে তেওঁ ভুকে নেপায়। দহ মাইল পোন্ধৰ মাইল বাটক তেওঁ বাট যেনকে নেদেখে। সমান বাটত ৰথৰ ঘিলা ঘূৰাদি তেওঁ ঘূৰি গৈ থাকে। তেওঁৰ ঘৰ যিখন গাঁৱত তাৰ পৰা জিলালৈ পোন্ধৰ মাইলৰ ওপৰ হব। তেওঁৰ হেনো সেই ফেৰা বাট বুলনিঘৰৰপৰা বৰঘৰলৈ অহা যেনহে লাগে। ইয়াতেই বুজিবা। দুদিনে চাইদিনে মোমাই জিলালৈ আহি আহি থাকে। মোমাই আহিলে আমাৰ বৰ ৰং হয়। আমি বাহ-ল'ৰাই বেঢ়ি ধৰি
"মোমাই আমালৈ কি আনিছা?"
"মোমাই অমুক, মোমাই তমুক,"
ইত্যাদি কথাৰে তেওঁক নথৈ আমনি কৰো। মোমায়ে কিন্তু সেইবোৰত আমনি নাপায়। তেওঁ বৰৰ এঠাৰ আঙঠি; ল'ৰা, ডেকা, বুঢ়া সকলোৱে আঙুলিত কাপ খাই যায়।
কুহ্কুহীয়া জাৰ। এদিন পুহমহীয়া গধূলি মোমাই জুহালৰ ওচৰত ডুখৰিপীৰা পাৰি বহিছে; তেওঁৰ সৈন্যসামন্ত সভাসদ পাৰিষদ আমি ল'ৰাবোৰো সেই জুহালৰ চাৰিওপিনে একোডোখৰ তেনে ডুখৰি পীৰা পাৰি বহিছোঁ। মোমায়ে হাচটি মেলি বাঁহৰ চুঙাৰ টেমাটোৰ ভিতৰৰপৰা এটা ভেকুৰী গুটিৰ সমান মেচ্ মেচ্ কৰে কলা কানি উলিয়াই কোঁট-কৰে গিলি, তামোলছালিত কটাৰী বহুৱাইছে। এনেতে আমি গহীনকৈ মাত লগালো-
"মোমাই, এটা সাধু-"
গোটেই কথাষাৰ আমাৰ মুখৰপৰা ওলাবলৈ নৌপাওঁতেই লগে লগে মোমাইৰ মুখৰপৰা এনে এটা ডাঙৰ ভেকাহীয়ে ঢেৰেকনি মাৰিলে যে, একে ভেকাহীতেই আমি বালক-মণ্ডলী, নিয়াৰিৰ ওপৰত থকা ৰঙা লোৰপৰা হাতুৰিৰ মাৰত ফিৰিঙতি ওফৰাদি ওফৰি পৰিলো। কিন্তু মোমাইৰ গঢ়-গতি আমাৰ জনা আছে, প্ৰথম খুন্দাত খোপনি ৰখাব পাৰিলে, আৰু তুমি ৰৈ গলা। গতিকে চকু চাওঁতেই আমি গিৰ্জনি মাৰি হাঁহি, আকৌ বেৰি ধৰি
"সাধুকথা"
"সাধুকথা"
কৰি চিঞৰিবলৈ ধৰিলো। অলপমান টলকা মাৰি থাকি মোমায়ে মাত লগালে,
"তহঁত বৰ দুষ্ট ল'ৰা বুজিছনে? কি সাধু শুনিবি?"
আমি আহ্লাদত গদ্গদ্ হৈ ক'লো-
"মোমাই তোমাৰ যিহকে কবৰ মন যায়।"
মোমাই: "এটাই মোৰ আঙুলিকেইটা ফুটাই দে।"
মোমায়ে এই কথা কোৱা মাত্ৰকেই আমি এটাইমখাই একেবেলিয়েই আঙুলি ফুটাবলৈ ওলালোঁ। আমাৰ ভিতৰৰ সুযোগ্য দুজন সেই কাৰ্য্যত মনোনীত হ'ল; আৰু নিমিষতে, এদাৰ ঠেঙুলি ভাঙোতে উঠাদি উঠা ফুট্ফুট্ শব্দ কাণ জুৰাই মোমাইৰ আঙুলিৰ গাঁথিৰপৰা উঠিবলৈ ধৰিলে।
মোমায়ে সাধু আৰম্ভ কৰিলে:-
"মই যি সাধু ক'ব খুজিছোঁ, তাৰ নাম, 'যেনে চোৰ, তেনে টাঙোন।' সেই তাৰ নামটো কি? আঃ কুলক্ষণীয়াটোৰ নামটোৱেই মনত নপৰে। সেই- সেই-আঃ- সেই গৰিহাখোৱাৰ নাম কি?"
আমি: "কাৰ নাম মোমাই?"
"তাৰ। বোলো, সেই তাৰ নামটোৱেই মনত নপৰা হৈছে। মুখত গুটিসাঁচেৰে এচকু কণা, সেই আমতলত ঘৰ যাৰ। বোলো, সেই আমাৰ গাঁৱৰ মোলোকা বহুৱাৰ পুতেক, ৰুদ্ ৰুদ্ ৰুদাই- ঠিক মনত পৰিছে। মোলোকা বহুৱাৰ পুতেক ৰুদ্ৰামে, আজি এবছৰ হ'ল, ভকলুৰ ছোৱালীজনী বিয়া কৰাই আনিছে। তাইৰ দুখ (আহা! বপুৰী তাই পৰজনমত কি পাপ কৰিছিল!) কুলায়-পাচিয়ে নধৰে। বপুৰী বৰ বিতোপন ছোৱালী। সি দুৰাচাৰ। পুৱা-গধূলি নিতৌ সি তাইক ঢেকিথোৰাৰে মৰিয়ায়। মাৰ খাই খাই তাই ঘুগুলাপছলা। দোষত? নহয়, নহয়, মোৰ কুটুম, বিনাদোষত, বিনাদোষত। কোনো জগৰ নাই তথাপি সি তাইক মাৰে। মিছাকৈয়ে দায় খুচৰি উলিয়াই সি তাইক কিলায়। ন দোষ নেপালে পুৰণি দায় খুচৰি উলিয়াই লৈ সি তাইক খুন্দে। বেছেৰীয়ে পিঠি পাতি দি সহি থাকে। দিলৌ ইমান মাৰ-কিল খায়, তথাপি বেছেৰীয়ে গিৰিয়েকক সুখে-সন্তোষে ৰাখিবলৈ মৰিমুজি যতন কৰে। তাইক মৰাটো কুলাধমৰ নিত্যকৰ্ম। নহলে তাৰ হাত খজুৱায়; সুখ নেলাগে, সুত নেলাগে। নহ'লে পাপীক পোকে কামোৰে। পাষণ্ড! নৰাধম! তাই কন্দা-কটা কৰিলে কিলৰ জাউৰি আৰু বাঢ়ে। সেই মাৰকিলৰ কথা যদি কেনেবাকৈ তাই লোকক কলে বা চিঞৰ-বাখৰ, কান্দোন কাটোন লোকে শুনিবলৈ পালে, তেন্তে মাৰ-কিলৰ জাউৰি সেইদিনা নথৈ বাঢ়ে। ওচৰচুবুৰীয়াই মাৰকিলত হকা-বধা কৰিলে তাৰ হোৰ ঘৈণীয়েকৰ পিঠিত দুগুণ উঠে। ইফালে পাঁজীৰ, লোকে শুনিলে লাজটোও আছে! নিলাজ! নিধক! নিলাজৰ আকৌ লাজ, কেকোৰাৰ আকৌ মূৰ! তোম ডেম ফুল পাজী! তোমাৰা লাজ হ্যায়? তোমাৰা চৰম হ্যায় নন্চন্! ইষ্টপিট!"
আমি: "মোমাই, কাক ইমানবোৰ গালি পাৰিছা?"
"সেই তোক। সেই ঘৈণীয়েকৰ মঙহ-খোৱাক। ৰুদাই নে কি সেইটোক। উস্! এদিন নহয়, দুদিন নহয়, মাহেক নহয়, পষেক নহয়, গোতেই বছৰটো সি তাইক খুন্দিছে বিয়া কৰি আনিবৰ দিনচেৰেকৰ পিছৰদিনাই বুলিব লাগে, পাপীয়ে তাইক কলাগুটিবাদ্যং কৰিব লাগিছে। এনে কথা ক'ত শুনিছা! গাঁৱৰ মানুহে পোনতে হকাবধা কৰিছিল। পাছে এৰি দিলে, তোৰ যি মন যায় কৰ বুলি। তাইক কুটি বাছি খা বুলি। কিয়নো, তাৰ ফল বিপৰীত হয় দেখি। লোকে হকাবধা কৰিলে তাইৰ পিঠিৰ কিলৰ জাউৰি বাঢ়ে, আৰু হকাবধা কৰাসকলৰ বঁটা গালি-শপনি হয়।
"দৈ কলঙনী বাই দৈকলঙীয়া গাঁৱৰ নাম-জ্বলা মাছৰ পোহাৰী। বৰ বুধিয়ক। তহঁতে তাইক দেখা নাই হবলা? তাই দেখিবলগীয়া তিৰুতা; জিলালৈ মাজে-সময়ে আহে। এদিন তহঁতক দেখুৱাম। দৈকলঙীয়া গাঁও, ওচৰৰে গাঁও। এদিন মাছ বেচিবলৈ আহি দৈকলঙীয়ানী ৰুদাইৰ ঘৰত উপস্থিত। ৰুদাই ঘৰত নাস্তি। ঘৈণীয়েকে চোতালতে বহি চকুৰ লো টুকিব লাগিছে। দৈকলঙীয়ানীয়ে মাত লগালে-
"খাবলইত ভাল মাছ আছে, লবি নে আই? কি হল আই হে কিয় কান্দিছ?"
ৰুদাইৰ ঘৈণীয়েক: "মছ নালাগে। একো হোৱা নাই- মোৰ আকৌ কি হ'ব দেও হে!"
দ, ক,: "এনে কথা কিয় কৱ মোৰ আই হে, একো নোহোৱাকৈ মানুহে কান্দে? কি হৈছে মোৰ আই ক?"
গিৰিয়েকৰ কিল মাৰৰ সকলো কথা দৈকলঙীয়ানীয়ে তাইৰ পৰা উলিয়াই লৈ দুখ পতিয়াই কলে:
'আই, শুন, আজি মইয় গধূলিকৈ এবাৰ আহিম, আহি তোক মইন যিহকে কওঁ তাকে যদি কৰ তোৰ গিৰিয়েৰে নিশ্চয় তোক আৰু নমৰা হ'ব।'
"বাৰু বাই তুমি আহিবা গধূলিকৈ; মোক যিহকে কৰিবলৈ কোৱা তাকে কৰিম"- এই বুলি ৰুদাইৰ ঘৈণীয়েকে দৈকলঙীয়ানীক কৈ বিদায় দিলে।"
এই খিনিতে দেখোন আমাৰ কটীয়া মোমায়ে মৌনতাৱলম্বন কৰিলে। আমি কাৰণ বিচাৰি মোমাইৰ মুখৰ ফালে নিৰীক্ষণ কৰি পালো তেওঁৰ চকু মুদখোৱা আৰু মূৰে বৰশী বোৱা। আমি মাত লগালো,
"মোমাই দেখোন তুমি থিতাতে চেঙেলি টোপাবলৈ লাগিলা? তাৰ পিছত" মোমায়ে লাহেকৈ চকু দুটা মেলি উত্তৰ দিলে, "কিহৰ পিছত?"
আমি: "দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত?"
মোমাই: "কটীয়া মোমায়েৰে চেলেঙি টোপাবলৈ লাগিল।"
আমি: "তাৰ পিছত?"
মোমাই: "চেঙেলি এটা ধৰা পৰিছিল।"
আমি: "তাৰ পিছত?"
মোমাই: "তহঁতৰ কেপ্কেপনিত থাকিব নোৱাৰি এতিয়াই হাতৰপৰা সুলকি গ'ল।"
আমি: "যোৱা মোমাই, তুমি কি ধেমালি কৰিবলৈ লাগিলা? দৈকলঙীয়ানী বিদায় হোৱাৰ পিছত কি হল কোৱা?"
মোমাই: "কি হব আৰু; আধ্যা পৰিল।"
আমি: "আৰু আধ্যা পৰিল পৰক, আকৌ নকৈ একাধ্যা আৰম্ভ কৰাঁ মোমাই, নহ'লে আমি নেৰোঁ; বোলো কেতিয়াও নেৰোঁ।"
মোমাই: "নেৰ যদি কৰিলো আৰম্ভ এই।"
দ্বিতীয় আধ্যা
গৰু-গাই ঘৰ চাপিল; সন্ধ্যা লাগিল; লাগি ভাগিল; ভাগি এন্ধাৰ হ'ল; আৰু ৰুদাইৰ ঘৰৰ পাছচোতালত দৈকলঙীয়ানীৰ মাত শুনা গ'ল-"অ আইটী!" মাত শুনি ৰুদাইৰ ঘৈণীয়েকে ওলাই আহিল। তাৰ পিছত দৈকলঙীয়ানীয়ে তাইৰ হাতত এটা বস্তু দি, কাণে কাণে অলপমান বেলি ফুচ্ফুচাই কিবা বুধি দি, গুচি গ'ল।
আমাৰ মোমাই ডোখৰে আকৌ টলকা মাৰিলে। আৰু এই দোক্মোকালিতে চেলু পাই তেওঁৰ নাকে ওপৰাওপৰি দুবাৰ মাতিও ললে।
আমি-"মোমাই মোমাই! তুমি আকৌ কি টোপনিয়াবলৈ লাগিলা? যোৱাঁ! তাৰ পিছত কি হল কোৱাঁ? মোমাই! মোমাই!
মোমাই-"কি হ'ল?"
আমি-"তাৰ পিছত?"
মোমাই-"কিহৰ পিছত?"
আমি-"দৈকলঙীয়ানী যোৱাৰ পিছত?"
মোমাই-"দৈকলঙীয়ানী যোৱাৰ পিছত কি হল কলো নহয়!"
আমি-"কেতিয়া ক'লা?"
মোমাই-"এতিয়াই"।
আমি:"যোৱা মোমাই, টোপনিৰ জালত তুমি কি কৈছা একো ঠিক নাই। একো নোকোৱাকৈয়ে বুলিছা কলো।"
মোমাই-"তহঁত নিতান্ত বুধি-নাইকিয়া লৰা বুজিছনে। দৈকলঙীয়ানী যোৱা কথা কোৱাৰ পাছত মইৈ কি কৰিছিলো?"
আমি-"তুমি নাক ডকাই টোপনিয়াইছিলা।"
মোমাই-"তেন্তে? বুজিব নোৱাৰিলি? দৈকলঙীয়ানী যোৱাৰ পিছত গিৰিয়েকে ঘৈণীয়েক দুয়ো খাই শুই থাকি। আৰু এইখিনিতে এই আধ্যা পৰিল।"
আমি-"পৰিল পৰক, আকৌ নতুন আধ্যা উঠক।"
মোমাই-"মোৰ মুখৰ তামোলখন ভালকৈ পাগুলি নললে নুঠে।"
চূন-ধপাত ডেৱাছালিৰে পাগ-লগা তামোলখন ভালকৈ পাগুলি, সাধু-কথাটোৰ ঘিলা চাইটাত ভালকৈ তেল সানি লৈ মোমায়ে দুনাই লেজু ধৰি ঘৰ্ঘৰকৈ সাধুটো টানি লৈ যাবলৈ ধৰিলে।
"ল'ৰাহঁত, এই পালোহি।"
তৃতীয় আধ্যা
পিছ দিনা হালোৱাতলিৰপৰা সোনকালে হাল মেলি ঘৰলৈ উভতি আহি ৰুদ্ৰামে ঘৈণীয়েকক মাত লগালে "ঐ অ'! বোলো শুনিছনে হয়? বেগাই আহ!"
ঘৈণীয়েক-"শুনিছোঁ! কি হল? আজি দেখোন ইমান সোনকালে হাল মেলি আহিলা? সেইটো ৰৌ মাছ ক'ত পালা?"
ৰুদ্ৰাম-"সেই উৰিআম জোপাৰ তলত হাল বাওঁতে নাঙলৰ ফালত এই ৰৌ মাছটো উঠিল। কেকেকৈ মাটিৰ তলত ৰৌ মাছটো ওলাল গৈ কব নোৱাৰোঁ। চাচোন, ডক্ডক্ কৰে জীয়া মাছটো। কাকো নকবি। ওচৰচুবুৰীয়াই গম পালেই ভাগ বিচাৰি ওলাবহি। হোঁ, লৈ যা, ভালকৈ টেঙা দি এখন আঞ্জা ৰান্ধ। খুটুৰাচেৰেক ভাজিবিও। মূৰটোৰে সৈতে অলপ মাছ গধূলি সাজলৈকো থবি। থাকে যদি দুখুটুৰামান কাইলৈকো থলে ভালেই। ভালেই কি, কাইলৈকো থবই লাগিব।
ঘৈণীয়েকে আনন্দ প্ৰকাশ কৰি লাহেকৈ উঠি মাছটো লৈ ভিতৰলৈ গ'ল।
আমাৰ কটীয়া মোমায়ে আকৌ টলকা মাৰিলে। আমি মাত লগালো, "মোমাই ৰলা কেলৈ? আকৌ টোপনিয়াইছা নে কি? নোটোপনিয়াবা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোঁহঁক, বেগাই কৈ অন্ত কৰি পেলালে তোমাক আৰু দিগ্দাৰি নকৰোঁ।"
মোমাই-"তহঁত বৰ উতনুৱা লৰা বুজিছনে। ততকে নিদিয়। হুতাইতাই। এই আধ্যা পৰিল দেখি ৰৈছোঁ। এতিয়া পালোহি।"
চতুৰ্থ আধ্যা
এই আধ্যাৰ আদিতে ৰুদাইৰ ঘৈণীয়েকে, "ৰাইজ চোৱাহঁত ঔ! মোক বিনাদোষত এই দিন-দুপৰত মাৰি ঘুগুলাপছলা কৰিলে। হে ৰজাৰ শৰণ! ৰাইজ আহাহঁক ঐ! কিলত মোৰ হাড় মূৰ ভাগি গুৰি হ'ল।" এইবুলি চিঞৰত গছৰ পাত সৰাইছে। আৰু "নিচিঞৰিবি মোৰ ৰৌ মাছটো নেৰান্ধি কি কৰিলি ক, তোক মইব আজি ডোখৰ ডোখৰকৈ কাটিম" এই বুলি ৰুদায়ে ঘৈণীয়েকৰ পিঠিত হাত ভৰি সমানে চলাবলৈ ধৰিছে।
কিলৰ জাউৰি আৰু চিঞৰ-বাখৰ আন দিনতকৈ বেছি হোৱা শুনি চাৰিওফালৰ মানুহ বাধ্য হৈ চাপি আহিল। "ৰ, ৰ, কিয় ইমানকৈ তাইক মাৰিছ? নেমাৰিবি" বুলি ৰুদ্ৰামৰ ওপৰত ৰাইজৰ হুকুম পৰিল।
ৰুদাই-"কিয় নেমাৰিম? এইক আজি কাটি ডোখৰ ডোখৰকৈ শিয়াম-কুকুৰক দিম। এই মোৰ ৰৌ মাছটো কি কৰিলে?"
ৰাইজ-"হেৰ কি ৰৌ মাছ অ'?"
ৰু, ঘৈণীয়েক-"কি ৰৌ মাছ, দেউতাসকল আপোনাসকলে তেওঁক শোধকচোন?"
ৰুদাই-"কি ৰৌ মাছ! চুৰুনী, কি ৰৌ মাছ! মইঁ আজি ৰাতিপুৱাই সেই উৰিআমৰ তলত হাল বাওঁতে পোৱা ৰৌ মাছটো, তোক যে ৰান্ধিবলৈ দিছিলো? এতিয়া কি ৰৌ মাছ বুলি আসৈ মাতিছে।"
ৰাইজ-"হাল বাওঁতে কেনেকৈ ৰৌ মাছ পালি হেৰ ৰুদাই?"
ৰুদাই-"হাল বাওঁতে মাটিৰ ভিতৰৰপৰা নাঙলৰ ফালত উঠিছিল।"
ৰু, ঘৈণীয়েক- "শুনিলে দেউতাসকল, ৰাইজ, শুনিলে এতিয়া? এনে অদ্ভুত কথা শুনিলে? শুকান মাটিৰ তলত কৰবাত ৰৌ মাছ থকাটো আপোনালোকে শুনিছে নে দেউতাসকল, মইক আপোনাসকলৰ চৰণত দান্তে তৃণ ধৰি চুলি চিঙি কাতৰ কৰি শুধিছোঁ? দেউতাসকল, এওঁৰ মূৰৰ ঘিউ বেয়া হৈছে, নহলে এনে নাভূতনাশ্ৰুত কথা কৈ কিয় মোক এনেদৰে চোৰ-কিলোৱা দিব?"
"ঠিক, ঠিক, ই বলিয়া। ইয়াক বান্ধ; নহলে ই মানুহদুনুহ মাৰিব।" এই বুলি ৰাইজে ৰুদাইক ভালকৈ হাতে-ভৰিয়ে বান্ধি এন্ধাৰ ঘৰ এখোটালিত পেলাই থৈ দিহাদিহি গুচি গ'ল।
আমি-"মোমাই তাৰ পিছত?"
মোমাই-"তাৰ পিছত আৰু কি, সি বলিয়া সাব্যস্ত হ'ল, আৰু গৰুৰ পঘা আৰু হাতীৰ ফইত বান্ধ খালে। আৰু এই আধ্যা পৰি গ'ল।"
আমি-"নাই পৰা আধ্যা মোমাই, তোমাৰ দুটি ভৰিত ধৰিছোঁ, আৰু তাৰ পিছত কি হ'ল কোৱা?"
মোমাই-"নাই পৰা কিয়? পৰিল, পৰি আকৌ একাধ্যা উঠিল, যাৰ নাম-
পঞ্চম আধ্যা
এই আধ্যাত ৰুদাইৰ ঘৈণীয়েকে বান্ধ খাই পৰি থকা গিৰিয়েকক অকলৈ পাই, ওচৰ চাপি আহি কাণৰ কাষত লাহেকৈ মাত লগাইছে-"কেনে? মোক নিতৌ মাৰিবানে? আজিৰ পৰা যদি মোক আৰু নামাৰো বুলি সৈ কাঢ়া, তেন্তে, এতিয়াই মইম ৰাইজক কৈ তোমাক মুকলি কৰাই দিয়াম। আৰু যদিহে সৈ নেকাঢ়া তেন্তে সদাই এই বলিয়াৰ বান্ধত পৰি থাকিব লাগিব। মাছটো তেও ময়েহে ৰাতি নৌ পুৱাওঁতেই হালোৱাতলিত পুতি থৈ আহিছিলো।"
ৰুদাই-"মইও তোৰ আগত সৈ কাঢ়িছো, গুৰুঘৰৰ শপত খাই কৈছোঁ, আজিৰপৰা তোক কেতিয়াও নামাৰো। মোৰ দোষ তইত ক্ষমা কৰ। মোক মুকলি কৰি দে।"
"ইয়াৰ পিছত, নানা দৰবজাতি দি ভাল কৰিছো বুলি ৰাইজক বুজাই ৰুদাইৰ ঘৈণীয়েকে গিৰিয়েকক মোকলাই দিয়ালে। তহঁতৰ কটীয়া মোমায়েৰৰ গাৰ কানি-কাপোৰ সোপাই ক'লা হ'ল দেখি তেওঁ টুকটুককৰে নগৰলৈ গুচি আহিল।"
লেখক:- লক্ষ্মীনাথ বেজবৰুৱা
উৎস:- জোনবিৰি (সাহিত্যৰথী আলোচনী খনৰ পৰা সংগৃহীত)
শেহতীয়া উন্নীতকৰণ: : 2/2/2023