ঝিপ নেদেখা বা ব্যৱহাৰ নকৰা মানুহ আজিৰ দিনত হয়তো নায়েই। চামৰাৰ বেগবিলাকত, মাণিবেগত, আনকি চুৱেটাৰ, লংপেন্ট আদি পিন্ধা কাপোৰতো ঝিপ ব্যৱহাৰ কৰা হয়। বুটাম বা হুক আদিতকৈ ঝিপৰদ্বাৰা খোলা-মেলা কৰাত বহুতো সুবিধা হয় । এই কৌশলটোৰ আৱিস্কাৰক জনৰ নাম হ'ল ডব্লিউ. এল. হাডচন। ১৮৯৩ চনত চিকাগো চহৰত অনুষ্ঠিত হোৱা বিশ্ব-মহামেলাত তেওঁ প্ৰথমে ইয়াক ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিছিল। কিন্তু ই মানুহৰ বিশেষ মনযোগ আকৰ্ষণ কৰিবলৈ সক্ষম নহল । গতিকে তেওঁ হতাশ হৈ এই আৱিষ্কাৰটো আন এজন মানুহৰ হাতত বিক্ৰী কৰি দিলে । মানুহজনে ইয়াক চি-কিউৰিটি নাম দি উৎপাদন কৰিছিল যদিও তেৱোঁ বিশেষ লাভ কৰিব পৰা নাছিল । অৱশ্যে সেই সময়ত ঝিপবিলাক আজিকালিৰ দৰে ইমান সুবিধাজনক নাছিল। পিছলৈ লাহে লাহে এই অসুবিধাসমূহ দূৰ হ'ল । এইদৰে ঝিপ উন্নত হৈ অহাত লাহে লাহে ইউৰোপৰ কিছুমান মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ধৰিলে । ১৯১০ চনত পেৰিচত ঝিপ উৎপাদন কৰা এটা কাৰখানাও প্ৰতিষ্ঠা হ'ল। ১৯১৩ চনত ঝিপৰ আৰ উন্নতি সাধন কৰিলে জিডিআন চাণ্ড্ বেক নামৰ আমেৰিকাৰ নিউ জাৰ্চি প্ৰদেশত বাস কৰা এজন চুইডিচ ইঞ্জিনীয়াৰে ।
কিন্তু সাধাৰণ মানুহৰ মাজত ই তেতিয়াও আজিৰ দৰে জনপ্ৰিয় হৈ উঠা নাছিল । ১৯১৭ চনত আমেৰিকা চৰকাৰে তেওঁলোকৰ যুঁজাৰো সৈনিক সকলৰ পোছাকত ইয়াক ব্যৱহাৰ কৰিবলৈ সিদ্ধান্ত ললে আৰু তাৰ পিছত ঝিপৰ চাহিদা হঠাতে বহুগুণে বাঢ়ি গ'ল । ইয়াৰ উৎপাদনৰ বাবে আমেৰিকাত কেবাটাও কাৰখানা প্ৰতিষ্ঠা হ'ল । সৈনিকৰ উপৰিও সাধাৰণ মানুহেও ইয়াক ব্যৱহাৰ কৰিবলৈ ধৰিলে । চামৰাৰ বাকচ, কাপোৰ-কানি, আনকি জোতা, বেগ আদিতো ইয়াৰ ব্যৱহাৰ আৰাম্ভ হ'ল । ইউৰোপত অৱশ্যে ইয়াৰ জনপ্ৰিয়তা আমেৰিকাতকৈ বহুত পিছত হে হয় । ১৯১৯ চনত ইংলেণ্ডৰ বাৰ্মাংহাম চহৰত পোন-প্ৰথমবাৰৰ বাবে "ৰেডিফাষ্ঠনাৰ" নামৰ এটা ঝিপ কাৰখানা বহে । ১৯২৪ চনত এবাৰ লণ্ডনত হোৱা এখন প্ৰদৰ্শনীত এডাল বিৰাট দীঘল ঝিপ প্ৰদৰ্শন কৰা হৈছিল আৰু দৰ্শক সকলক পৰীক্ষা কৰি চাবলৈ অনুৰোধ কৰা হৈছিল । ফলত প্ৰদৰ্শনীৰ শেষলৈকে ত্ৰিশ লাখতকৈও অধিকবাৰ এই ঝিপ ডাল খোলা আৰু বন্ধ কৰা হৈছিল । তথাপি এইডালৰ অকণো বিজুতি ঘটা নাছিল ।
এনেদৰেই লাহে লাহে পৰৱর্তি সময়ত এই ঝিপৰ ব্যৱহাৰ গোটেই বিশ্বতে বিয়পি পৰে.........।
লিখক: মনজিত তালুকদাৰ
শেহতীয়া উন্নীতকৰণ: : 3/8/2020