অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অধিক ভোজনৰ বিপদ

অধিক ভোজনৰ বিপদ

স্বাস্থ্য সচেতনসকলে নিৰোগী জীৱনৰ অধিকাৰী হ’বলৈ চেষ্টা কৰে। শৰীৰ মেদবহুল হ’লে নানা বেমাৰৰ বলি হোৱাটো অৱধাৰিত। চৰ্বি তথা মেদ কলাৰ পৰিমাণ বাঢ়ি গ’লে নানা ৰোগ মাতি আনে আৰু ই অধিক ভোজনৰ পৰিণতি বুলি প্ৰতিপন্ন হৈছে। শৰীৰত আৱশ্যতকৈ অধিক খাদ্য ৰাহি হ’লে প্ৰতি ন কেলৰি শক্তি যোগান ধৰা অতিৰিক্ত খাদ্যৰ পৰা এক গ্ৰাম মেদ কলা উৎপাদন কৰে যিবোৰ জমা হৈ শৰীৰত ওজন বৃদ্ধি কৰে। ভোজন বিলাসী লোকসকল সাধাৰণতে খাদ্য নিয়ন্ত্ৰণৰ বিৰোধী। স্বাস্থ্য নীতি অনুসৰি চল্লিশোৰ্দ্ধৰ বয়সৰ লোকসকলে বছৰেকত অন্তত: এবাৰ তেজ, শৌচ, প্ৰস্ৰাৱ আদি পৰীক্ষা কৰোৱাই স্বাস্থ্যৰ বুজ লোৱাটো একান্ত প্ৰয়োজন। ভোজন বিলাসীসকলৰ অনেকেই সেই দিশলৈ মুঠেই ভ্ৰূক্ষেপ নকৰে আৰু কোনো ধৰণৰ বাছ বিচাৰ নকৰি ভূৰি ভোজন পৰিত্যাগ কৰাৰ উপৰি খাদ্য গ্ৰহণ নিয়ন্ত্ৰণ পূৰাপূৰি বৰ্তাই ৰখাটো একান্ত বাঞ্ছনীয়।


ভোজন বিলাসীসকলে খাদ্য গ্ৰহণত সাধাৰণতে কোনো ধৰণৰ নিয়ন্ত্ৰণ নেমানে, আনকি দেহৰ ভাৰ হ্ৰাস কৰিবলৈ উপযুক্ত ব্যায়ামৰ অনুশীলনো নকৰে। তেওঁলোকে সেয়ে নিজকে দোষী বুলি ভাবি লাজৰ বশৱৰ্তী হয় যি বিকাৰত ভুগিলে বিমৰ্ষতা তথা উৎকন্ঠাৰ বলি হয়। মানসিক চাপ, সংঘাত তথা দৈনন্দিন সমস্যাত জ্বলা-কলা হৈ তেওঁলোকে অতি মাত্ৰা ভোজন কৰে যি পৰিপ্ৰেক্ষিতত তেওঁলোকৰ মনত বীভৎসতা, ক্লেশ আদিৰ উদ্ৰেক হৈ পুনৰ ভূৰি-ভোজনৰ বাবে উৎসাহিত কৰে। ভূৰি-ভোজন কৰোতাসকল তেওঁলোকৰ শৰীৰৰ আকাৰ, আকৃতিৰ প্ৰতি অসন্তুষ্ট হৈ নিজকে অপদাৰ্থ, পৰাজিত, অসহায় তথা নিম্ন মৰ্যাদা বুলি ভাব প্ৰকাশ কৰে। খাদ্যগ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকে নিয়ন্ত্ৰণহবিহীন বাবে লাজ পায় আৰু বিমৰ্ষতা তথা একাকীত্বৰ অনুভূতি নাশ কৰিবলৈ ব্যক্তিগতভাৱে পুনৰ অত্যাধিক মাত্ৰাত ভোজন কৰে। খাদ্য গ্ৰহণৰ যোগেদি তেওঁলোকে আবেগিক আৰাম লাভ কৰে যদিও অশান্তিও নোপোৱা নহয়।

ভূৰি-ভোজনজনিত বিকাৰৰ বেলিকা পুৰুষ নাৰীৰ কোনো প্ৰভেদ নাই আৰু আৰ্থ সামাজিক অৱস্থায়ো কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। ভোজন বিলাসী লোকৰ দেহৰ ওজন আকস্মিকভাৱে বৃদ্ধি পায় আৰু কলিজাৰ বিকাৰৰ প্ৰৱণতা বাঢ়ি অহাৰ লগতে উচ্চ ৰক্তচাপে গা কৰি উঠে। মানসিক ৰোগীৰ দৰে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা হ’লে ভূৰি-ভোজনতো বাধা প্ৰদান কৰিব পাৰি। কেতবোৰ লোকে ধাৰণা কৰা মতে খাদ্য বত্ৰিশবাৰ অৰ্থাৎ ভালদৰে চোবাই খালে সহজে জীণ যায় যি অভ্যাস গঢ়ি তুলিব পাৰিলে ভূৰি-ভোজনত বাধা পৰাটো স্বাভাৱিক কিয়নো ততাতৈয়াকৈ খাদ্য গ্ৰহণ কৰা লোকসকলেহে ভূৰি-ভোজনৰ কবলত পৰে। টেলিভিছন সূচী উপভোগ কৰি থাকোতে খাদ্য গ্ৰহণ কৰিলে ভূৰি ভোজন নোহোৱাকৈ নেথাকে।

পেশীবহুল শৰীৰ পচন্দ কৰা যুৱকে নিজৰ দেহ তেনে কৰিব বিচাৰি ষ্টেইৰডৰ দৰে কেতবোৰ বিপদ সংকুল দৰব সেৱন কৰি দেহৰ পেশীৰ বৃদ্ধি ঘটাব খোজে। সৌন্দৰ্য্য জগতত পেশীবহুল শৰীৰ আকাংক্ষিত বাবে বেছি ভাগ ল’ৰা-ছোৱালী এনে দেহৰ প্ৰতি অতিশয় আকৰ্ষিত হৈ পৰে আৰু এই অভিলাষ পূৰ কৰিবলৈ জধে-মধে প্ৰ’টিন সমৃদ্ধ খাদ্য গ্ৰহণ কৰে। তেওঁলোকে ভূৰি-ভোজন কৰে আৰু ইপসিত লক্ষ্যত উপনীত হ’বলৈ অতি মাত্ৰা শৰীৰ চৰ্চা কেন্দ্ৰৰ সহায় লয়। কিশোৰ-কিশোৰীক দেহৰ ওজনৰ প্ৰতি সচেতন কৰাৰ পৰিৱৰ্তে স্বাস্থ্য সুৰক্ষাৰ প্ৰতিহে উৎসাহিত কৰিব লাগে। লাহী দেহৰ অধিকাৰী হ’বলৈ যত্নপৰ কৰাৰ পৰিৱৰ্তে নিজকে যোগ্য কৰি গড়ি তোলাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা উচিত।

বৃদ্ধিৰ ক্ষেত্ৰত বয়:সন্ধি কাল অতিশয় গুৰুত্বপূৰ্ণ সেয়ে পুষ্টিজনিত প্ৰয়োজন অত্যন্ত উচ্চ খাপৰ। ইয়ে ভৱিষ্যৎ স্বাস্থ্যৰ বাবে বুনিয়াদ মজবুত কৰে। জীৱনৰ বৃদ্ধি তথা বিকাশৰ এই স্তৰত পৰিপুষ্টি দুৰ্বল হ’লে স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাব পাৰে বিশেষকৈ ছোৱালীৰ প্ৰজনন তথা সন্তান ধাৰণৰ ক্ষেত্ৰত (১৩ ৰ পৰা ৪৫ বছৰ) ই অতিশয় ভয়ানক। পুষ্টিহীনতাত ভোগা মাকে স্বাস্থ্যৱান সন্তান জন্ম দিব নোৱাৰে বাবে ভৱিষ্যৎ প্ৰজন্মৰ স্বাস্থ্যত কু-প্ৰভাৱ পৰে। সেইবাবে সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ শিশুক পুষ্টিকৰ খাদ্যৰ যোগান ধৰাৰ বাহিৰে মুঠেই গত্যন্তৰ নাথাকে। পৰিয়ালৰ লোকসকলে অতিশয় সচেতন হৈ শিশুক উপযুক্ত পুষ্টিদায়ক খাদ্য যোগান ধৰাটো অপৰিহাৰ্য্য। বাঢ়নীয়া ল’ৰা-ছোৱালীক পুষ্টিদায়ক খাদ্য গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি ভূৰি ভোজনত বাধ্য দিয়া উচিত। সকলোৰে অতিমাত্ৰা বেয়া বাবে মাত্ৰা অনুযায়ী সুষম আহাৰ সময় অনুসৰি গ্ৰহণ কৰিবলৈ সকলোৱে সু-অভ্যাস গঢ়ি তোলা উচিত।

লিখক: আনন্দ দেৱ গোস্বামী

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate