অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আঁহযুক্ত আৰু আঁহবিহীন খাদ্য

আঁহযুক্ত আৰু আঁহবিহীন খাদ্য

দীৰ্ঘদিন ধৰি নিয়মীয়াকৈ আঁহবিহীন ৰিফাইন খাদ্য গ্ৰহণ কৰাসকলে বিভিন্ন ধৰণৰ শাৰীৰিক অসুবিধাত ভোগা সম্ভাৱনা থাকে। অন্ত্ৰনলীৰ কেন্সাৰ আদিৰ দৰে ৰোগ আঁহবিহীন খাদ্য গ্ৰহণ কৰাসকলৰ মাজত সৰ্বাধিক। মেদবহুলতা, ডায়েবেটিছ, বাতবিষজাতীয় ৰোগ, ওজনাধিক্য আদি পৰিপাকজনিত সমস্যা আঁহবিহীন খাদ্য গ্ৰহণ কৰাসকলৰ মাজত বেছিকৈ পৰিলক্ষিত হয়। বেছিকৈ আঁহজাতীয় উপাদান থকা খাদ্যত কেলৰিৰ পৰিমাণ কম থাকে। এনে খাদ্যই পাকস্থলীটো সোনকালে পূৰ কৰি দিয়া বাবে অধিক ভোজনৰ প্ৰৱণতা ৰোধ হয়। আঁহজাতীয় উপাদানে খাদ্যৰ চেনিভাগ শোষণত পলম ঘটায়, সেয়ে ভোজনৰ পাছতে তেজত চেনিৰ আধিক্য প্ৰক্ৰিয়াটো প্ৰতিৰোধ কৰাৰ এনে খাদ্য ডায়েবেটিছ ৰোগীৰ বাবে বিশেষ উপকাৰী।

 

গজালি ওলোৱা মগু বা বুট, দাইলজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি, চালাডজাতীয় খাদ্য আদিত যথেষ্ট আঁহজাতীয় উপাদান থাকে। বীট, গাজৰ, মূলা, কেৰেলা, ফুলকবি, ফ্ৰেন্সবিন, কেপচিকাম, ভেণ্ডি, সেউজীয়া অমিতা আদি আঁহজাতীয় উপাদানৰ গুৰুত্বপূৰ্ণ উৎস।

 

যিবিলাক ফল বাকলি নুগুচোৱাকৈ খাব পাৰি, সেইবিলাক ফল বাকলিৰে সৈতেই খাব লাগে। এনে কৰিলে যথেষ্ট আঁহজাতীয় উপাদান শৰীৰে লাভ কৰে। আমলখি, আপেল, ক’লাজামু, খেজুৰ, মধুৰিআম, কঁঠাল, ডালিম আদিত যথেষ্ট পৰিমাণে আঁহজাতীয় উপাদান থাকে।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate