অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপোনাৰ শৰীৰত মাংসসাৰৰ অভাৱ ঘটিছে নেকি জনাৰ ৫ টা কিটিপ

আপুনি কম সময়তে ওজন কমাবলৈ দৈনন্দিন খাদ্য তালিকাৰ পৰা চৰ্বি আৰু কাৰ্ব’হাইড্ৰেট যুক্ত আহাৰ বিয়োগ কৰিব নোৱাৰে। কাৰণ দেহটোক প্ৰতিটো খাদ্য উপাদানৰ প্ৰয়োজনীয়তা আছে। যদি কোনোবা খাদ্য উপাদান শৰীৰত কমি যায় তেন্তে সেই উপাদানৰ অভাৱত আপুনি বিভিন্ন ৰোগত ভুগিব লগা হ’ব পাৰে। ইয়াৰ উপৰিও শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমি আহিব পাৰে। মাংসসাৰে আমাৰ শৰীৰৰ মাংসপেশীৰ গঠন আৰু মগজুৰ বিকাশত অতি গুৰুত্বপূৰ্ণ ভূমিকা লয়। প্ৰতিদিনে সঠিক পৰিমাণৰ মাংসসাৰ থকা খাদ্য গ্ৰহণ নকৰিলে। মাংসসাৰ কমি গৈ বিভিন্ন শাৰিৰীক সমস্যাৰ সন্মুখীন হ’ব পাৰে। পিছলৈ এই পৰিস্থিতি অতি ভয়াৱহো হ’বগৈ পাৰে। সেয়েহে এনেবোৰ বিষয়ত অৱহেলা নকৰাই ভাল। কিন্তু আপোনাৰ শৰীৰত যে মাংসসাৰৰ অভাৱ ঘটিছে সেয়া কেনেকৈ বুজিব পাৰিব। কেইটামান বিষয়ত অকমান গুৰুত্ব সহকাৰে লক্ষ্য কৰিলে ইয়াৰ সঠিক উত্তৰ পাব। কাৰণ মাংসসাৰৰ অভাৱ ঘটিলে শৰীৰত বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে। আহকচোন এই লক্ষণবোৰ নো কি জানো:

১) যদিহে অধিক পৰিমাণৰ মিঠা আহাৰ খাবলৈ মন যায়

মাংসসাৰৰ প্ৰধান কাম হৈছে শৰীৰত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখা। যেতিয়াই আপোনাৰ শৰীৰত মাংসসাৰৰ অভাৱ ঘটিব তেতিয়াই মগজুলৈ মিঠাজাতীয় খাদ্য খোৱাৰ সংকেত প্ৰেৰণ হ’ব। ফলত প্ৰয়োজনতকৈ অধিক পৰিমাণৰ মিঠাজাতীয় খাদ্য খোৱাৰ ইচ্ছা হ’ব।

২) সিদ্ধান্ত লোৱাত অস্থিৰতা

তেজত চেনিৰ পৰিমাণ যেতিয়া সঠিক মাত্ৰাত থাকে তেতিয়া যিকোনো বিষয়ক এটা স্থিৰ সিদ্ধান্ত গ্ৰহণত আপোনাক মগজুয়ে সহায় কৰে। কিন্তু যেতিয়া আপোনাৰ দেহত মাংসসাৰৰ অভাৱ হ’ব আৰু ফলত চেনিৰ মাত্ৰা কমি যোৱাৰ বাবে সৰু সৰু বিষয়তো সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দ্বিধাৰ সৃষ্টি হ’ব। ইয়াৰ উপৰিও মগজুৰ প্ৰধান খাদ্য মাংসসাৰ বুলি কোৱা হয়। যেতিয়াই মাংসসাৰৰ অভাৱ ঘটে তেতিয়াই মগজুয়ে স্বাভাৱিক কাম-কাজ কৰাত বাধাগ্ৰস্ত হয়।

৩) চুলি সৰা

মাংসসাৰে চুলিৰ ফলিকল শক্তিশালী কৰাত সহায় কৰে। যেতিয়াই স্বাভাৱিকতকৈ অধিক পৰিমাণত চুলি সৰা আৰম্ভ হয়। তেতিয়াই বুজিব লাগিব যে চুলিৰ ফলিকল দুৰ্বল হৈ পৰিছে। আৰু ইয়াৰ প্ৰধান কাৰণেই হ’ল শৰীৰত মাংসসাৰৰ অভাৱ।

৪) অনবৰতে দুৰ্বল অনুভূত হোৱা

আমি সকলোৱে জানো যে আমাৰ দেহ গঠনৰ কাৰণে অতি গুৰুত্বপূৰ্ণ মাংসপেশীসমূহ গঠনৰ মূল উৎসই হ’ল মাংসসাৰ। যেতিয়াই আপুনি মাংসসাৰৰ অভাৱত ভুগিব তেতিয়াই মাংসপেশীসমূহ দুৰ্বল হৈ আহিব ফলত কোনো ধৰণৰ শাৰিৰীক পৰিশ্ৰম নকৰাকৈয়ে অনবৰতে আপুনি দুৰ্বল অনুভৱ কৰিব।

৫)সঘনাই অসুস্থ হৈ থকা

শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা মাংসসাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়াই শৰীৰত মাংসসাৰৰ অভাৱ ঘটে তেতিয়াই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহে। যাৰ ফলত শৰীৰটো প্ৰায়েই সৰু-সুৰা ৰোগৰ কৱলত পৰি থাকে সেইবাবে এই বিষয়সমূহত সতৰ্ক দৃষ্টি ৰখা প্ৰয়োজন।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 7/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate