অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাক সুস্বাস্থ্য কিয় লাগে?

আমাক সুস্বাস্থ্য কিয় লাগে?

 

স্বাস্থ্যই হ’ল মানুহৰ দেহ-মনৰ স্বাভাৱিক অৱস্থা। স্বাস্থ্যৰ অভাৱ মানে দেহ-মনৰ অস্বাভাৱিক অৱস্থা। আমি স্বাভাৱিক অৱস্থাত থাকিব খুজিলে স্বাস্থ্য ৰক্ষা কৰি চলিব লাগিব।

জীৱনটো পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ স্বাস্থ্যৰ দৰকাৰ। আমাৰ শৰীৰটো যেতিয়া সবল আৰু যন্ত্ৰণামুক্ত হৈ থাকে, তেতিয়াহে আমি জুতি লগা ভাল খাদ্য খাই আনন্দ পাওঁ। ৰং-ধেমালি কৰি ভাল পাওঁ। সংগীত আমাৰ কাণত বেছি মধুৰ হৈ বাজে। বন্ধ-বান্ধৱৰ সংগ উপভোগ কৰোঁ। পৃথিৱীখন ধুনীয়া দেখোঁ। শৰীৰটো ৰুগীয়া আৰু দুৰ্বল হৈ পৰিলে এই গোটেইবোৰ বস্তুৱেই বিস্বাদ, বিবৰ্ণ আৰু বিৰক্তিদায়ক হৈ পৰে। স্বাস্থ্যৰ অভাৱে জীয়াই থকা আনন্দৰ পৰা আমাক বঞ্চিত কৰে।

জীৱনত যিকোনো ক্ষেত্ৰতে কৃতকাৰ্য হ’বলৈ হ’লে কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন হয়। স্বাস্থ্য ভাল নহ’লে বা দেহ-মন নিশকতীয়া হ’লে আমি কেতিয়াও কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰোঁ। সেইকাৰণে সৰু-বৰ যিকোনো কামত কৃতকাৰ্য হৈ সুখে-সন্তোষে জীয়াই থাকিবলৈ হ’লে আমি প্ৰথমে স্বাস্থ্যটো ভালকৈ গঢ়ি ল’ব লাগিব। শৰীৰটো যেতিয়া নিৰোগ আৰু সবল হৈ থাকে, তেতিয়া সি আমৰ গোলাম হৈ থাকে। তেনে অৱস্থাত সি বিনা বাক্যব্যয়ে আমাৰ সকলো নিৰ্দেশ পালন কৰি আমাৰ সেৱা কৰে। কিন্তু শৰীৰটো যেতিয়া ৰুগীয়া আৰু দুৰ্বল হৈ পৰে তেতিয়া আমিহে শৰীৰৰ গোলাম হ’বলগীয়া হয়। আমি তেতিয়া নিজৰ শৰীৰৰ সেৱা-শুশ্ৰূষা কৰিয়েই তত নাপাওঁ। গতিকে শৰীৰটোক গোলামৰ দৰে ব্যৱহাৰ কৰি জীৱনত সুখ-শান্তি আৰু আৰাম পাবলৈ হ’লে যিটো বস্তুৰ আটাইতকৈ বেছি দৰকাৰ, সেইটো হ’ল স্বাস্থ্য।

দুৰ্বল আৰু বেমাৰী হৈ পৰিলে মানুহ সকলো সময়তে আনৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগা হয়। অৰ্থাৎ তেওঁ পুতৌৰ পাত্ৰ হৈ পৰে। যি মানুহে আনৰ কৃপাৰ পাত্ৰ নোহোৱাকৈ নিজৰ ভৰি দুখনৰ ওপৰত থিয় হৈ স-সন্মানে জীয়াই থাকিব খোজে, তেওঁৰ আটাইতকৈ জৰুৰী আৰু প্ৰধান কৰ্তব্য হ’ল স্বাস্থ্যৰ যত্ন লোৱা।

সৰু-সুৰা বেমাৰে চিকিৎসাৰ কাৰণে বেছি ধন খৰচ নকৰালেও মানুহক দুৰ্বল আৰু অকামিলা কৰি ৰাখে। মজলীয়া বিধৰ বা ডাঙৰ বেমাৰ হ’লে মানুহে সোপাসোপে ধন খৰচ কৰিবলগীয়া হয়। জীৱনটো সুখী আৰু সুন্দৰ কৰিবলৈ যিখিনি ধন খৰচ কৰিব পৰা গ’লহেঁতেন, সেইখিনি ধন বেমাৰৰ নামত আচলতে পানীত পৰে। এই কথা ঠিক যে হাজাৰ চেষ্টা কৰিলেও মাজে-সময়ে মানুহৰ কিবা এটা নহয় কিবা এটা বেমাৰ হ’বই। প্ৰায় গোটেই জীৱন ৰোগমুক্ত হৈ থাকিব পৰা মানুহ কোটিৰ ভিতৰত কিজানি এজনো নোলাব। কিন্তু লগতে এই কথাও ঠিক যে মানুহৰ বেছিভাগ বেমাৰ হয় ঠিকমতে স্বাস্থ্যৰ যত্ন নোলোৱাৰ ফলত, স্বাস্থ্যৰ নিয়ম-নীতি মানি নচলাৰ ফলত।

লেখক: হোমেন বৰগোহাঞি(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate