অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ দৈনন্দিন আহাৰ নিৰ্দেশনা কেনে হোৱা উচিত?

আমাৰ দৈনন্দিন আহাৰ নিৰ্দেশনা কেনে হোৱা উচিত?

 

খাদ্যই আমাৰ জীৱন ধাৰণৰ মুল চালিকা শক্তি।খাদ্য হজম হৈয়েই শৰীৰৰ বিকাশ, বৃদ্ধি আৰু শৰীৰত শক্তি উৎপন্ন হয়।খাদ্যই আমাৰ শৰীৰ সংৰক্ষণো কৰে।শুদ্ধ আৰু নিয়মীয়া খাদ্যই সুস্বাস্থ্য প্ৰদান কৰে।সেই কাৰণে খাদ্য সম্পৰ্কে সুস্থ জ্ঞান নাথাকিলে শাৰীৰিক,মানসিক আৰু অধ্যাত্মিক উন্নতি সম্ভৱপৰ নহয়।

আমি সদায় সুষম আহাৰ (Balanced diet)খোৱাটো অতি প্ৰয়োজনীয় কথা। সুষম আহাৰ হ’বলৈ হ’লে খাদ্যত কিছুমান পোষকৰ প্ৰয়োজন।এই পোষকসমুহ হ’ল-শক্তি,প্ৰ’টিন,খনিজ দ্ৰব্য আৰু ভিটামিন।এই পোষকসমুহৰ চাহিদা জনসাধাৰণক অৱগত কৰাবলৈ ভাৰতীয়ৰ বাবে অনুমোদিত আহাৰ অন্তৰ্গ্ৰহণ (আৰ ডি আই) গঠন কৰা হৈছে।বয়স আৰু কাম অনুযায়ী এই আৰ ডি আই সলনি হয়।

প্ৰাপ্ত খাদ্য আৰু আহাৰ গাঁথনি দেশ ভেদে সুকীয়া হয়।সেই বাবে এখন দেশৰ আহাৰ নিৰ্দেশিকা অন্য এখন দেশৰ বাবে উপযোগী হ’ব নোৱাৰে।সেই কাৰণে ভাৰতৰ দৰে বিশাল দেশ এখনৰ দৈনন্দিন আহাৰ অনুমোদন কৰোতে বিভিন্ন দিশ বিবেচনা কৰিব লগা হয়।

আহাৰে আমাৰ শৰীৰত যোগান ধৰা পুষ্টিলৈ লক্ষ্য ৰাখি আহাৰসমুহক পাঁচটা সমষ্টিত ভাগ কৰা হৈছে।আমাৰ দৈনন্দিন আহাৰত এই পাঁচটা সমষ্টিৰ আহাৰ অন্তৰ্ভুক্ত কৰিব লাগিব।

তেতিয়াহে আমাৰ শৰীৰত পোষকৰ চাহিদা পুৰণ হ’ব।এনে আহাৰেই হ’ব সুষম আহাৰ (Balanced diet)বা ভাৰসাম্য আহাৰ। এনে আহাৰে শৰীৰৰ পুষ্টিজনিত অভাৱ পুৰণ কৰিব।

প্ৰত্যেক সমষ্টিৰ আহাৰৰ বিষয়ে আলোচনা কৰা হ’ল -

১) দানাদাৰ সমষ্টি (শ্বেতসাৰ):

ধান,গোম,জোৱাৰ,মাকৈ এইবোৰেৰে তৈয়াৰী খাদ্য এই সমষ্টিত পৰে। এই সমষ্টিৰ আহাৰে আমাৰ শৰীৰত আধাতকৈ বেছি শক্তিৰ যোগান ধৰে।লগতে প্ৰ’টিন, ভিটামিন-খ, থিয়ামিন আৰু খনিজ লৱণৰো যোগান ধৰে।দৈনন্দিন এই সমষ্টিৰ আহাৰ কিমান খাব? কিমান পৰিমাণৰ খাব সেইটো বয়স আৰু শাৰীৰিক কামৰ ওপৰতে নিৰ্ভৰ কৰিব।

২) দাইল, কণী, গাখীৰ, মাছ-মাংস সমষ্টি (প্ৰ’টিন):

এই সমষ্টিৰ আহাৰ সাধাৰণতে দানাদাৰ শস্যৰ লগতে পৰিৱেশন কৰা হয়। ইডলি, দোচা, ৰহৰ দাইল আৰু চাউলৰ গুড়িৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। মাছ-মাংস, কণী, মাখন, ঘিউ,দৈ আদি ভাতৰ লগতে খোৱা হয়। এই সমষ্টিৰ আহাৰ প্ৰ’টিনৰ ঘাই উৎস। ই কিছু পৰিমাণে ভিটামিন আৰু খনিজ লৱণৰো যোগান ধৰে। এই সমষ্টিৰ আহাৰবোৰত সংযোজনৰ তাৰতম্য আছে। পৰিৱেশনৰ পৰিমাণ তলত দিয়া ধৰণে সুকীয়া সুকীয়া।

বয়স আৰু শৰীৰৰ অৱয়ব অনুসৰি পৰিৱেশনৰ সংখ্যাৰ তাৰতম্য হয়।

৩) শাক-পাচলি আৰু ফল-মুল সমষ্টি (ভিটামিন):

এই সমষ্টিৰ আহাৰে আমাৰ শৰীৰক সুৰক্ষা দিয়ে। শাক-পাচলি আৰু ফল-মুলৰ পুষ্টিকাৰী গুণলৈ চাই ইয়াক দুটা বহল সমষ্টিত ভগোৱা হৈছে। যেনে-

ক) সেউজীয়া আৰু হালধীয়া শাক-পাচলি আৰু ফল,যেনে- পালেং শাক, মেথি শাক, আলুৰ পাত, ৰঙচুৱা শাক পাত, খুতুৰা শাক, কবি, পিঁয়াজৰ ঠাৰি (পাতল সেউজীয়া)গাজৰ, ৰঙালাউ, আম, অমিতা, সুমথিৰা, জেতুলীপকা, তৰমুজ আদি।

৫০ গ্ৰাম কটা পাচলি বা এটা ফল এক পৰিৱেশন বুলি ধৰা হয়। আমাৰ খাদ্যত কমেও এদিনৰ অন্তৰে অন্তৰে এই সমষ্টিৰ আহাৰৰ প্ৰয়োজন।

খ) ভিটামিনযুক্ত পাচলি আৰু ফল:

এই সমষ্টিৰ ফল দিনটোত ৫০ গ্ৰাম খাব লাগে।আমলখি, মধুৰিআম, সুমথিৰা, মৌচম্বী, কাজু,আপেল, নেমুজাতীয় ফল, অমিতা, আম, আনাৰস আদি ‘গ’ ভিটামিনৰ উৎস।

৪) অন্য পাচলি আৰু ফল:

এই সমষ্টিৰ পাচলি আৰু ফল হ’ল- তিঁয়হ, জলকীয়া, ৰঙালাউ, কোমোৰা, জাতিলাউ, তিতা-কেৰেলা, ধুন্দুলী, ফ্ৰেঞ্চ বীন, জোপোহা বীন, মুলা, পিঁয়াজ, বীট, বাঙী, আঙুৰ, আপেল, নাচপতি আদি। এই সমষ্টিৰ আহাৰে ভিটামিন আৰু খনিজ পদাৰ্থৰ যোগান ধৰে। এই সমষ্টিৰ যিকোনো পাচলি বা ফলৰ ৫০ গ্ৰামক এক পৰিৱেশন বোলা হয়। এই সমষ্টিৰ আহাৰ দৈনিক দুবাৰ বা তাতকৈ অধিক পৰিৱেশন কৰিব লাগে।

৫) চেনি, গুড়, তেল, চৰ্বি সমষ্টি:

এই সমষ্টিৰ আহাৰে খাদ্য ৰুচিদায়ক আৰু জুতি লগা কৰে। এই শ্ৰেণীৰ আহাৰ হ’ল শ্বেতসাৰপুষ্ট আহাৰ। ই শৰীৰক শক্তিৰ যোগান ধৰে। এই শ্ৰেণীৰ আহাৰ, যেনে-চেনি এজন মানুহক দৈনিক গড় হিচাপে ১৫-২০ গ্ৰামেই যথেষ্ট। চৰ্বি বা তেল ৰ ন্ধনত ব্যৱহাৰ কৰা হয়। দৈনন্দিন আহাৰত কমেও ১৫ গ্ৰাম বনস্পতি তেল থকাটো প্ৰয়োজন। অধিক চৰ্বি বা তেল শৰীৰৰ বাবে ক্ষতিকাৰক।

লেখিকা: ৰেণু বৰা (জি এনআৰচি স্বাস্থ্য)

 

শেহতীয়া উন্নীতকৰণ: : 11/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate