অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহাৰ গ্ৰহণৰ নিয়ম :

আহাৰ গ্ৰহণৰ নিয়ম :

 

শাৰীৰিক পুষ্টি সাধনৰ হেতু আমি সকলোৱে খাদ্য গ্ৰহণ কৰো। কিন্তু ভুলকৈ গ্ৰহণ কৰা খাদ্যৰ বাবে শৰীৰে পোষক তত্ত্ব গ্ৰহণ কৰিব নোৱাৰাৰ উপৰি ওলোটাই আমাৰ স্বাস্থ্যৰ হানিহে হয়।

আনহাতে খাদ্যৰ ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন নকৰিলে অনেক ৰোগৰ বশৱৰ্তী হোৱা দেখা যায়।

কিন্তু এটা ভাল স্বাস্থ্যৰ বাবে খাদ্য সন্তুলিত হোৱাৰ উপৰি কোন সময়ত কি আহাৰ গ্ৰহণ কৰিব তাৰ বিষয়েও জনা আৱশ্যক।

*সাধাৰণতে আমাৰ আহাৰত দৈনন্দিন খোৱা শাক-পাচলিসমূহ দুই বা তিনি ৰঙৰ হ’লে ভাল।

কিয়নো এনে খাদ্য এন্টি-অক্সিডেন্ট যুক্ত হোৱাৰ উপৰি মাইট কেমিকেলচ পোৱা যায়। যাৰ দ্বাৰা ইমিউন চিষ্টেম মজবুত হয়।

*খাদ্যত অন্তৰ্ভুক্ত কৰা চালাড আৰু ফল-মূল খোৱাৰ আগেয়েহে কাটি লোৱা ভাল। ভিটামিন নষ্ট নহয়।

*কেৱল দাইল-ভাত, শুকান ফল, দৈ, গাখীৰ আদি আমাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে।

*প্ৰকৃততে ৰঙা আটা, ঢেঁকীত খুন্দা চাউল আদি আমাৰ স্বাস্থ্যৰ বাবে অতি লাগতিয়াল।

*সদায় সঠিক সময়ত খাদ্য খাব লাগে। পুৱা-দুপৰীয়া আৰু ৰাতি আহাৰ গ্ৰহণৰ সময় ঠিক কৰি ল’ব লাগে। দিনটোৰ আৰম্ভণি স্বাস্থ্যসন্মত আহাৰৰ যোগেদি কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতি লাগতিয়াল।

*এবাৰ খাদ্যগ্ৰহণ কৰাৰ পাছত কমেও তিনি বা চাৰে তিনি ঘন্টাৰ পাছতহে পুনৰ খাদ্য গ্ৰহণ কৰিব লাগে।

মাজে মাজে হেলডি স্কেকছ, অৰ্থাৎ ফাইবাৰযুক্ত তথা চেনি কমকৈ থকা ফল, চালাড, অংকুৰিত দাইল, বুট, পাচলিৰ চুপ আদি খাব পাৰে।

*স্নেকছৰ নামত ভজা-পোৰা খাদ্য পৰাপক্ষত গ্ৰহণ নকৰাই ভাল। ঠিক সেইদৰেগ বজাৰত সহজে উপলব্ধ আলুৰ চিপছ, বিস্কুট আদিৰ অভ্যাস এৰিবলৈ যত্ন কৰাই উত্তম, কিয়নো এনে খাদ্যই চেনি, নিমখ দুয়োবিধেই অধিক থাকে।

ইয়াৰ ঠাইত শুকান ফল(Dry Fruits) খাব পাৰে।

*বহু লোকে ব্যায়াম কৰাৰ পাছত অধিক খাদ্য খায়। এই প্ৰক্ৰিয়া সম্পূৰ্ণ স্বাস্থ্যৰ বিপৰীত। পাচনক্ৰিয়াত বাধা জন্মিব পাৰে। সেয়ে কিছু সময়ৰ পাছতহে আহাৰ গ্ৰহণ কৰিব লাগে।

*ৰৈ যোৱা অৰ্থাৎ আগদিনা ৰাতিৰ আহাৰ নোখোৱাই ভাল। বিশেষকৈ গৰম কালি এনে খাদ্যত বেক্টেৰিয়া উৎপন্ন হোৱাৰ সম্ভাৱনা অধিক।

*আহাৰ কেতিয়াও সম্পূৰ্ণ পেট ভৰাই খাব নালাগে। ভোক লগাৰ পৰিৱৰ্তে বিশ শতাংশ আহাৰ কমাই খাব লাগে। অধিক ভোজনে গেছ, এচিডিটিৰ উপৰি শকত হোৱাৰ সম্ভাৱনা বঢ়াই তোলে।

*অধিক ভোজন তথা প্ৰয়োজনতকৈ কম খাদ্য গ্ৰহণ কৰা স্বাস্থ্যৰ বাবে হানিকাৰক। পোন্ধৰ দিনৰ ব্যৱধানত এদিন লঘোণ দিব পাৰে।

এই সময়ছোৱাত নাৰিকল পানী বা নেমু পানী গ্ৰহণ কৰিলে শৰীৰৰ অলাগতিয়াল বা হানিকাৰক দ্ৰব্য বাহিৰলৈ ওলাই যোৱাত সহায় হয়।

*শাক-পাচলি কাটগি অধিক সময় পানীত তিয়াই থ’ব নালাগে। সিজোৱাৰ সময়ত পানী দিয়াতকৈ কম জুইত ভাপত সিজিবলৈ দিব লাগে। খাদ্যগুণ অটুট থাকে।

*পাচলিৰ বাকলি পৰাপক্ষত ৰুকি গুচাবলৈ চেষ্টা কৰিলে পোষকতত্ত্ব নষ্ট নহয়।

*আহাৰ খাই থকা অৱস্থাত মাজে মাজে পানী খাব নালাগে। হজমত ব্যাঘাত জন্মে।

*নিশা আহাৰ খোৱাৰ পাছত কিছু সময় ৰৈ অৰ্থাৎ কমেও তিনি-চাৰি ঘন্টাৰ পাছতহে শুব লাগে।

*চল্লিশোৰ্ধসকলৰ ক্ষেত্ৰত কেলৰি নিয়ন্ত্ৰণ জৰুৰী।

কিয়নো শাৰীৰিক পৰিশ্ৰম কমি আহে। এই বয়সত অধিক মিঠা, নিমখ বা ভজা-পোৰা খাব নালাগে।

*এবাৰ ব্যৱহাৰ কৰা তেল দ্বিতীয়বাৰ ব্যৱহাৰ নকৰাই ভাল।

*কোনো হোটেল বা ৰেষ্টুৰেন্টলৈ আহাৰ গ্ৰহণ কৰিবলৈ গ’লে প্ৰথমে অলপ চুপ গ্ৰহণ কৰিলে অধিক খাদ্য গ্ৰহণৰ পৰা হাত সাৰিব পাৰিব।

আহাৰ গ্ৰহণৰ তালিকা -

দিনটোৰ আৰম্ভণি কৰিবলৈ শুই উঠি পানী খোৱাৰ পাছত পাঁচ বা সাতটা(পানীত তিয়াই থোৱা) বাদাম বাকলিৰে সৈতে খাওক।

পুৱাৰ আহাৰ:

(৮-৯ বজাতঃ) কাৰ্বহাইড্ৰেট আৰু প্ৰ’টিনেৰে ভৰপূৰ হ’ব লাগে।

গাখীৰ বা চাহৰ লগতে উহোৱা কণী, অংকুৰিত বুট বা মগু, পনীৰৰ সৈতে ব্ৰাউন ব্ৰেডৰ চেন্দুইজ খাব পাৰে।

১১.৩০-১২  বজাত:

চেনি, নিমখ নথকা নেমু চৰবত বা নাৰিকল পানী, বতৰৰ ফল যিকোনো এটা।

১.৩০-২.৩০ বজাত:

অকণমান ভাত, দাইল, ভাজি, দৈ, চালাড খাবলৈ যত্ন কৰক।

আবেলি চাহৰ সৈতে:

মনৰ পছন্দ অনুসৰি লঘু স্নেকছৰ সৈতে গ্ৰীন টি।

ৰাতিৰ আহাৰ:

ন বাজি বা ৯.৩০ মিনিটৰ ভিতৰত গ্ৰহণ কৰিব লাগে। আহাৰ লঘু হোৱাৰ উপৰি প্ৰ’টিনযুক্ত নোহোৱাই ভাল।

ৰুটী-ভাজি, চুপ আদিৰ বাবেও পাচলি দিয়া ডালিয়া বা খিচিৰি খাব পাৰে।

লেখিকা: শ্ৰুতি জৈন(অসম বাণী)

 

শেহতীয়া উন্নীতকৰণ: : 2/15/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate