উচ্চ ৰক্তচাপ এক নীৰৱ ঘাটক বোলা হয়। কাৰণ বহু সময়ত উচ্চ ৰক্তচাপৰ লক্ষণ দেখা নিদিয়াকৈ বহুত দিন ধৰি থকিব পাৰে। যেতিয়া ই হৃদয়, বৃক্ক, চকু ইত্যাদি অংগ সমূহ নষ্ট কৰে তেতিয়া সাধাৰণ পৰীক্ষা কৰোতেহে ধৰা পৰে। সেই বাবে নিয়মিত ৰক্তচাপ পৰীক্ষা কৰা প্ৰয়োজন।
যেতিয়া ৰক্তচাপ ১৩৫-৮৫ মিঃ মিঃ পাৰা স্তম্ভ বা (Hg) ৰ ওপৰত থাকিব, তেতিয়া ৰক্তচাপ বৃদ্ধি হৈছে বুলি ক’ব পাৰে। কেৱল এবাৰ পৰীক্ষাত ৰক্তচাপ বঢ়াটো প্ৰমাণ পালেই নহয়, দুবাৰ, তিনিবাৰ পৰীক্ষা কৰাৰ পিছতহে ৰক্তচাপ বঢ়া বুলি নিশ্চিতকৈ ক’ব পাৰি।
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাৰ বহুতো উপায় আছে। যদি উচ্চ ৰক্তচাপ পুৰণা হয়। তেনেহ’লে ধমনী আৰু হৃদযন্ত্ৰৰ ভিতৰত কিছু পৰিৱৰ্তন হয়। এনে পৰিৱৰ্তনৰ বাবে উচ্চ ৰক্তচাপ কমাই ৰখাটো কঠিন হৈ পৰে। তথাপিও চেষ্টা এৰিব নালাগে।
অ’মেগা ৩ কোটি এচিড (Omega -3- Fatty acis): এই ফেটি এচিড বিধ চাৰ্ডিন, টুনামাছ, বাহু, ইলিচ মাছ আদিত থাকে, যি উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ভাল।
খাদ্য প্ৰাণ গ : খাদ্য প্ৰাণ ‘গ’ ই উচ্চ ৰক্তচাপ নিয়মীয়া কৰি ৰখাত সহায় কৰে। শাক-পাচলি যেনে- চজিনা, লাই, লফা, চুকা শাক আৰু ফল-মূল- কমলা, আমলখি, নেমু আদিত খাদ্য প্ৰাণ ‘গ’ থাকে।
কেলচিয়াম
আপেল, আঙুৰ, গাখীৰ, গাখীৰৰ পৰা উৎপাদিত খাদ্য বস্ত্তত কেলচিয়াম থাকে, যি উপযুক্ত পৰিমাণত খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাত বাধা দিয়ে।
উৎস: খাদ্য আৰু পৰিপুষ্টি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট
শেহতীয়া উন্নীতকৰণ: : 3/24/2020
তৃতীয় প্ৰজন্মৰ নেটৱৰ্ক
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ
উচ্চ উৎপাদনক্ষম হাঁহ: খাকী কেম্পবেল
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়