অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক’লা দেশী বুট এনেকৈ ব্যৱহাৰ কৰিলে ডায়েবেটিচ নিয়ন্ত্ৰণ হয় :

ক’লা দেশী বুট এনেকৈ ব্যৱহাৰ কৰিলে ডায়েবেটিচ নিয়ন্ত্ৰণ হয় :

 

আমি দিনটোৰ ভিতৰত ভালেমান ধৰণৰ খাদ্য খাই থাকো আৰু এইবোৰ খাদ্যই শৰীৰৰ ‘চুগাৰ’ৰ মাত্ৰা বঢ়াই দিয়ে। দৈনন্দিন বিভিন্ন কামত বহু লোকে প্ৰায়ে বাহিৰলৈ ওলাবলগীয়া হয় আৰু এনেদৰে ওলাই গৈ ক’ত কি খাবলগীয়া হয়, তাৰ ঠিক নেথাকে। এনে ধৰণৰ খাদ্যৰ কোনবিধে তেজৰ শৰ্কৰা বৃদ্ধি কৰে কোনবিধে শৰ্কৰা কম কৰাত সহায় কৰে সেই কথাৰ খবৰ নেথাকে। কোনবিধ খোৱা বস্তুৱে তেজৰ শৰ্কৰা বঢ়ায় আৰু কোনবিধে কমায়, সেই কথা কম বেছি পৰিমাণে প্ৰায় সকলো ডায়েবেটিচ ৰোগীয়ে জানে যদিও বাহিৰত খাব লগা হ’লে তেনেবোৰ খাদ্যৰ বাছ-বিচাৰ কৰিবলৈ অৱকাশ নেপায়। ফলত বাহিৰত খাই-বৈ থাকিলে শৰীৰৰ চুগাৰৰ পৰিমাণ বাঢ়ি যায় আৰু আগতে সামান্য শকৰা বেছি থকা ৰোগীৰ শৰীৰতো শৰ্কৰা বাঢ়ি যায়। ফলত আমি ডায়েবেটিচৰ ৰোগী হৈ পৰো। এবাৰ যদি তেজৰ শৰ্কৰা বৃদ্ধি পাইছে, তেনেহ’লে সমগ্ৰ জীৱন জুৰি এই ৰোগ শৰীৰত থাকি যাব। কিন্তু তেজত বৰ্ধিত এই চুগাৰৰ লেভেল সাধাৰণ উপায়েৰে নিয়ন্ত্ৰণত ৰাখিব পাৰি। যদি উপযুক্ত নিয়মেৰে ক’লা বুট(দেশী বুট) খাই থাকিব পাৰে, তেনেহ’লে সমগ্ৰ জীৱন জুৰি চুগাৰ লেভেল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব।

সৰ্বপ্ৰথম কাম :

ক’লা বুট খাবৰ কাৰণে প্ৰথমে বুটকেইটা ধুই লৈ এৰাতি পানীত তিয়াই ৰাখক। বাচনটো যদি মাটিৰ হয়, তেনেহ’লে আৰু ভাল। ষ্টীল বা এলুমিনিয়ামৰ বাচনত বুট তিয়াব নেলাগে। পুৱা তিয়াই থোৱা বুটখিনি উলিয়াই আনি কপাহী কাপোৰ এখনত টোপোলা কৰি বান্ধি ৰাখক আৰু দিনটো কেবাবাৰো এই টোপোলাটোৰ ওপৰত পানী ছটিয়াই থাকক, যেতিয়ালৈকে বুটবোৰৰ পৰা গজালি নোলায়। পিছদিনালৈ টোপোলাটোত থকা সকলো বুটৰ পৰাই গজালি ওলাব।

খোৱাৰ উপায় -

অংকুৰিত বুটবিলাক পুৱাৰ সময়তে খাব লাগে। এই গজালি ওলোৱা বুটবোৰ পোনপটীয়াকৈ খোৱাটো ভাল। কিন্তু যদি ইয়াৰ একো খোৱাদ নেপায়, তেনেহ’লে তাৰ লগত এডোখৰ নেমু চেপি ল’ব পাৰে। কিন্তু বহু লোকে এনেধৰণৰ বুট খাব নোৱাৰে বা খালেও অপকাৰ কৰে। সেয়ে এনে বুট খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব।

ক’লা বুটৰ পৰা উপকাৰ -

গজালি ওলোৱা বুটত যথেষ্ট পৰিমাণে খাদ্য আঁহ থাকে। এই ধৰণৰ বুট প্ৰতিদিনে এশ গ্ৰাম পৰিমাণত খাই থাকিলে কোষ্ঠকাঠিন্য নহয়। পেটৰ অন্য যিকোনো ৰোগ নিয়ন্ত্ৰণ থাকে। যদি কিছু সময় কিবা শাৰীৰিক কাম কৰাৰ পিছতে আপোনাৰ ভাগৰ লাগে, তেনেহ’লে এনেধৰণৰ অংকুৰিত বুট খাই থাকিলে ভাগৰ নাইকিয়া হ’ব। লগতে আপুনি শাৰীৰিকভাৱে সবল হৈ উঠিব।

চুগাৰ লেভেল কম কৰে -

অংকুৰিত ক’লা বুটে শৰীৰৰ অতিৰিক্ত গ্লুক’জৰ(শৰ্কৰা) মাত্ৰাও কম কৰেব আৰু তেজৰ চুগাৰ লেভেল হ্ৰাস কৰে। ক’লা বুতৰ আয়ৰণ আৰু ফচফৰাচো যথেষ্ট পৰিমাণে থাকে। এইবিলাক দ্ৰব্যই আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰি ৰাখে আৰু হিমোগ্লবিনৰ মাত্ৰাও স্বাভাৱিক কৰি ৰাখে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate