অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কণী-মাংসজাত খাদ্য-সামগ্ৰীৰ দ্বাৰা টাইফয়েড্‌ জ্বৰৰ বীজাণু মানুহলৈ বিয়পে

টাইফয়েড্‌ জ্বৰ ছালম’নেল’ছিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা হোৱা এবিধ সংক্ৰামক ৰোগ।

  • এই ৰোগৰ বীজাণুৱে হাঁহ-কুকুৰা তথা জীৱ-জন্তকো সমানে আক্ৰমণ কৰে।
  • আক্ৰান্ত পশু-পক্ষীৰ মাংস, কণী তথা মল মূত্ৰৰ জৰিয়তে ছালম’নেলাৰ বীজাণু মানুহলৈ বিয়পে।

মানুহৰ দেহলৈ ছালম’নেল’ছিছৰ সংক্ৰমণ কেনেকৈ হয়?

  • হাঁহ-কুকুৰাৰ আধা সিজা কণী বা মাংস খালে।
  • পশু-পক্ষী চৰি ফুৰা পুখুৰীৰ অপৰিশোধিত বা ফিল্টাৰ নকৰা পানী খালে।
  • মাখিয়ে মল মূত্ৰত থকা বীজাণু খোৱা খাদ্যলৈ বিয়পালে।
  • গাহৰিৰ মাংস ভালদৰে সিজাই নাখালে।
  • কেচাঁ গাখীৰ বা তেনে গাখীৰৰ উৎপাদিত খাদ্য-সামগ্ৰী খালে।

মানুহৰ ক্ষেত্ৰত ছালম’নেল’ছিছৰ লক্ষণ সমূহ কেনেকুৱা হয়?

  • খোৱাৰ ৰুচি কমি যায়।
  • বমিৰ ভাৱ হয়।
  • কপি কপি জ্বৰ উঠে আৰু মূৰৰ বিষ হয়।
  • দেহত পানীৰ পৰিমাণ কমি যায়।
  • অসহনীয় পেটৰ বিষৰ লগতে পনীয়া শৌচ হয়।
  • শৌচত বিজল তথা তেজৰ চেকুৰাও দেখা যায়।
  • কিছুমান ক্ষেত্ৰত কোষ্ঠকাঠিন্যও দেখা যায়।

আক্ৰান্ত জীৱ-জন্ত বা হাঁহ-কুকুৰাৰ ক্ষেত্ৰত কেনেধৰণৰ লক্ষণ দেখা যায়?

  • আক্ৰান্ত চৰাই, জীৱ-জন্তৱে খাবলৈ এৰে।
  • দেহৰ উষ্ণতা বৃদ্ধি হয়।
  • পনীয়া শৌচ (ডায়েৰিয়া) হয়।
  • দেহত পানীৰ পৰিমাণ কমি যায়।
  • চৰাইবোৰে বেছিকৈ পানী খাবলৈ লয়।
  • দেহৰ ওজন কমি যায়।
  • গাইগৰুৰ ক্ষেত্ৰত গৰ্ভপাত হয়।
  • খীৰতি গাইৰ গাখীৰ উৎপাদন কমি যায়।
  • আক্ৰান্ত জীৱ-জন্ত মৃত্যু মুখত পৰিব পাৰে।

টাইফয়েড্‌ ৰোগৰ প্ৰতিৰোধ আৰু প্ৰতিকাৰ কেনেকৈ কৰিব?

মানুহৰ ক্ষেত্ৰত

  • যি কোনো বস্তু খোৱাৰ আগতে হাত দুখন পৰিষ্কাৰকৈ ধুব লাগে।
  • হাঁহ-কুকুৰাৰ গড়াল তথা গোহালি চাফা কৰি আহি পৰিষ্কাৰ-পৰিচন্ন হৈ হে পাকঘৰত সোমাব লাগে।
  • শাক-পাচলি, মাছ-মাংস আদি ৰন্ধাৰ আগতে পৰিষ্কাৰ পানীৰে ভালকৈ ধুব লাগে।
  • হাঁহ-কুকুৰাৰ কণী বা মাংস ভালকৈ সিজাই খাব লাগে।
  • পানী সদায় উতলাই, পৰিশোধন বা ফিল্টাৰ কৰি খাব লাগে।
  • খোৱা বস্তু সদায় ঢাকি থোৱা উচিত।
  • গাখীৰ ভালকৈ উতলাই খাব লাগে।
  • টাইফয়েড্‌ৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

জীৱ-জন্তৰ ক্ষেত্ৰত :

  • তেজ আৰু শৌচৰ নমুনা সময়ে সময়ে পৰীক্ষা কৰা উচিত।
  • বেমাৰত আক্ৰান্ত হাঁহ-কুকুৰা, গৰু-ছাগলী আদিক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিব লাগে।
  • টাইফয়েড্‌ৰ লক্ষণ সমূহ দেখা দিয়া মাত্ৰকে পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

লেখক: ° ডি. . বৰা, মূখ্য গৱেষক, ডি. বি. টি. প্ৰজেক্ট, অনুজীৱ বিজ্ঞান বিভাগ, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী

শেহতীয়া উন্নীতকৰণ: : 11/8/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate