অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম বয়সতে চুলি পকিলে সাৱধান হওক :

কম বয়সতে চুলি পকিলে সাৱধান হওক :

 

আজিকালি কম বয়সীয়া ল’ৰা-ছোৱালী আৰু যুৱক-যুৱতীয়ে চুলি পকিবলৈ ধৰা দেখা গৈছে। বিছ নছৰৰ তলৰ ল’ৰা-ছোৱাৰ চুলি পকিলে সাৱধান হোৱা দৰকাৰ।

কম বয়সতে চুলি পকাৰ প্ৰধানকৈ দুটা কাৰণ থাকে। প্ৰথম কাৰণটো হ’ল, শৰীৰত প্ৰয়োজনীয় ভিটামিনৰ পৰিমাণ কমি যোৱাটো।

বিশেষভাৱে ভিটামিন ‘চি’ৰ অভাৱ হ’লে তাৰ প্ৰভাৱ হ’লে তাৰ প্ৰভাৱ প্ৰধানকৈ ছাল আৰু চুলিত পৰে। ভিটামিন ‘চি’ কম গ’লে চুলি পকিবলৈ ধৰে।

দ্বিতীয় কাৰণটো হ’ল- আপোনাৰ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লেও তাৰ প্ৰভাৱ চুলিত পৰে আৰু চুলি পকিবলৈ ধৰে।

লগতে আপুনি ব্যৱহাৰ কৰা পানী যদি দূষিত হয় আৰু সেই পানীত যদি বিষাক্ত ৰাসায়নিক মিহলি হৈ থাকে, তেনেহ’লেও আপোনাৰ চুলি পকিব পাৰে।

যিবিলাক অঞ্চলৰ পানী বেয়া আৰু প্ৰদূষণৰ প্ৰভাৱত পৰিছে, তেনেবিলাক ঠাইৰ বাসিন্দাসকলৰ চুলি অকালতে পকিবলৈ লয়।

আপুনি যদি চুলি পকাৰ প্ৰক্ৰিয়া বন্ধ কৰিব খোজে বা চুলি দীৰ্ঘদিনলৈ ক’লা কৰি ৰাখিব খোজে, তেনেহ’লে ভিটামিন ‘চি’ সমৃদ্ধ খাদ্য খাবলৈ আৰম্ভ কৰক।

লগতে আপুনি চুলি ধুবলৈ কেমিকেল যুক্ত শ্বেম্পু, চাবোন আদি ব্যৱহাৰ কৰে, তেতিয়াহ’লেও আপোনাৰ অকালতে চুলি পকিবলৈ আৰম্ভ কৰে। সেয়ে এনেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

আমলখি ফল বা আমলখিৰ ৰসত প্ৰচুৰ মাত্ৰাত ভিটামিন ‘চি’ পোৱা যায়। সেয়ে প্ৰতিদিনে এইবিধ ফল বা তাৰ ৰস সেৱন কৰাৰ অভ্যাস কৰক।

পকা চুলিৰ পৰা হাত সৰাৰ আন এটি উপায় -

আজিৰ দূষিত পৰিৱেশত সময়তকৈ আগতেই মানুহৰ চুলি পকিবলৈ ধৰিছে। তেনেই কম বয়সতে চুলি পকাৰ ঘটনা আজিকালি সঘনাই দেখা পোৱা গৈছে।

চুলি পকাটো ৰোধ কৰাৰ এটি ঘৰুৱা আৰু কম খৰচী উপায় এই লেখাটিৰ যোগেদি আপোনালোকলৈ আগবঢ়াব খুজিছো।

পকা চুলি ক’লা কৰাৰ বহুতো সাময়িক উপায় ওলাইছে আৰু এই কাৰণে ব্যৱহাৰ কৰিব পৰাকৈ ভালেমান কেমিকেল কলপ(Hair Dye) বজাৰত ওলাইছে।

এইবিলাক চুলিত সনা ৰং ব্যৱহাৰ কৰি কিছুদিনৰ বাবে চুলিকোচা ক’লা কৰি ৰাখিব পাৰি যদিও তাত নিহিত থকা ৰাসায়নিক দ্ৰব্যই চুলিৰ গঠন নষ্ট কৰি পেলায় আৰু তেনে চুলি অকালতে সৰে। সেয়ে তেনে ধৰণৰ চুলিৰ কলপ পৰাপক্ষত ব্যৱহাৰ নকৰিব।

পকা চুলি ক’লা কৰাৰ এটা উপায় আমি দিবলৈ লৈছো- যিটো উপায় অৱলম্বন কৰিলে চুলিৰ কোনো ধৰণৰ হানি-বিঘিনি নহয় আৰু স্থায়ীভাৱে চুলিখিনি ক’লা কৰি ৰাখিব পাৰিব। এই প্ৰাকৃতিক মিশ্ৰণ ব্যৱহাৰ কৰি মাত্ৰ দুদিনৰ ভিতৰতে আপোনাৰ পকা চুলি ক’লা হৈ পৰিব।

এই উপায় অৱলম্বন কৰিবলৈ আপোনাক লাগিব ২০০ মিঃলিঃ বিশুদ্ধ নাৰিকল তেল। নাৰিকল তেলত যথেষ্ট মাত্ৰাত কেলচিয়াম থাকে আৰু এই তেল চুলিত সানি থাকিলে চুলিয়ে এইবিধ উপকাৰী দ্ৰব্য লাভ কৰে। লগতে আপোনাক লাগিব প্ৰায় এশ গ্ৰাম সতেজ আৰু পৰিষ্কাৰ নৰসিংহৰ পাত। এই পাত আপুনি ছাঁত শুকুৱাই খুন্দি গুড়ি কৰি লওক।

এই গুড়ি পূৰ্বতে সংগ্ৰহ কৰি ৰখা নাৰিকল তেলত ভালদৰে মিহলাই লওক। তেলত নৰসিংহৰ পাতৰ গুড়ি পকিবলৈ ধৰা চুলিত সানক। তেল সনাৰ দুদিনৰ পিছতে দেখিব আপোনাৰ পকা বগা চুলি ক’লা পৰিবলৈ ধৰিছে। চুলি পকা ৰোধ কৰাৰ ইয়াতকৈ আৰু কম খৰচী তথা সহজ উপায় নাই। সেয়ে অকণমান কষ্ট কৰি ব্যৱহাৰ কৰি চাওকচোন।

চুলি পকিবলৈ ধৰাৰ আৰু কিছুমান কাৰণ আছে। চুলিত বহুতে যেতিয়াই যি ব্ৰেণ্ডৰে শ্বেম্পু বা চাবোন পায়, তাকে ব্যৱহাৰ কৰে। তাৰ ফলতো চুলিবোৰৰ গঠন দুৰ্বল হৈ পকিবলৈ আৰম্ভ কৰে। চুলিত যিমান দূৰ সম্ভৱ হয়, একে ব্ৰেণ্ডৰে শ্বেম্পু আৰু তেল ব্যৱহাৰ কৰিব লাগে। এনে ব্যৱস্থাৰেও আপোনাৰ চুলি প্ৰাকৃতিকভাৱেই দীৰ্ঘদিনলৈ ক’লা হৈ থাকিব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate