মানুহৰ ভাল লগা, বেয়া লগা, ক্ষুধা, তৃষ্ণাৰ দৰেই খং এটা মানসিক অৱস্থা। কিন্তু এই খঙক কোনোৱে সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে। খঙৰ বাবেই ঘটে বহুতো অপ্ৰীতিকৰ ঘটনা। খঙে একোটা ভাল সম্পৰ্ক শেষ কৰে। দীৰ্ঘদিনীয়া সম্পৰ্ক এটা শেষ কৰি দিব পাৰে।
মহাভাৰতৰ সৃষ্টি কৰিব পাৰে। খঙৰ বাবে পতি-পত্নী, পিতা-পুত্ৰৰ সম্পৰ্ক বেয়া হয়। কিছু দিন আগলৈকে পৰিয়ালত খঙাল ব্যক্তি বুলিলে পতি, পিতৃকে বুজা গৈছিল। তেওঁলোক ঘৰৰ মুৰব্বী, গতিকে খঙেৰে সকলোকে শাসন কৰি নিজৰ প্ৰতি পত্তি বজাই ৰখাকে মুলধন কৰি লৈছিল।
এতিয়া তেনে দিন সলনি হৈছে বুলিব পাৰি। কিন্তু খঙাল মানুহৰ সংখ্যা কম নহয়। কিন্তু কিয় সৃষ্টি হৈছে এই খঙৰ? বিভিন্নজনৰ বিভিন্ন কাৰণত খং উঠে। ডাঙৰ কথা হৈছে অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কথাটো খং উঠি অশান্তিৰ সৃষ্টি কৰাটো।
ভাতৰ টেবুলত খোৱা বস্তুত নিমখ সামান্য বেছি হ’লে, চাহ কাপ দিয়া দেৰি হ’লে খং উঠা পুৰুষো বহুত আছে। আনহাতে বিচৰা বস্তুটো সময়মতে নোপোৱা, আকাংক্ষা অপূৰণ, নিজৰ মতে সকলোকে চলাব বিচৰা আদি এশ এটা কাৰণত মানুহৰ খঙৰ সৃষ্টি। মুঠতে খং উঠাৰ কাৰনৰ আদি-অন্ত নাই।
সক্ষম মানুহ অক্ষম হৈ পৰিলে বহুতৰে অসুখ-বিসুখ হ’লে খঙাল হোৱা দেখা যায়। বহু সময়ত বয়ষ্কসকলৰ খঙৰ কাৰণ সৰুৰ লগত মন নিমিলা, দৰ্প, আত্মঅহংকাৰ ইত্যাদি। এসময়ত প্ৰতাপী মানুহৰ আন সময়ত সেই প্ৰতাপ হ্ৰাস পালেও খঙৰ সৃষ্টি হয়।
খং হ’ল মানুহৰ চৰম প্ৰকাশ। ই দুই ধৰণে প্ৰকাশ পায়। এক শ্ৰেণীৰ খং বুকুত চেপি-খুন্দি ৰখা হয়। ফলত এইসকল লোকৰ-
আনটো শ্ৰেণীয়ে খং দমাব নোৱাৰি বাহ্যিকভাৱে খং প্ৰকাশ কৰি সামাজিকভাৱে অভব্য আচৰণ কৰি আনৰ ওচৰত পুতৌৰ পাত্ৰ হৈ পৰে। হত্যা, আত্মহত্যা, শাৰীৰিক আৰু মানসিক নিগ্ৰহৰ দৰে ঘটনাও খঙৰ বহিঃপ্ৰকাশ। গতিকে বুজিব পাৰি খং কিমান ভয়াৱহ। খং কিমান অনিষ্টকৰ।
খং কমোৱাৰ উপায়:
খং প্ৰকাশৰ আদব-কায়দা পাৰিবাৰিক শিক্ষাৰ ওপৰত নিৰ্ভৰশীলতা বুলি একপ্ৰকাৰ ক’ব পাৰি। বেছি খঙে মানুহক সামাজিকভাৱে ক্ষতিগ্ৰস্ত কৰে। খঙক প্ৰশ্ৰয় দিয়া উচিত নহয়। জ্ঞানী মানুহে খং প্ৰকাশ নকৰে।
খঙত কৰা ব্যৱহাৰৰ দ্বাৰা এজন মানুহৰ শিক্ষা-সংস্কৃতি মানসিকতাৰ পৰিচয় পাব পাৰি। এজন লোকে নিৰ্মোহভাৱে বিচাৰ কৰি নিজক যদি খঙাল ব্যক্তিৰূপে বিবেচনা কৰে, তেনে সেই ব্যক্তিয়ে ক্লিনিকেল ট্ৰিটমেন্ট, কাউন্সেলিং, এংগাৰ থেৰাপী গ্ৰহণেৰে খং কমাব পাৰে। প্ৰাৰ্থনা, মেডিটেচনৰ দ্বাৰাও খং কমাবলৈ সক্ষম হ’ব পাৰে। ই মাথোঁ কেইদিনমানতে সম্ভৱ নহয়।
প্ৰথমতে ছমাহ অভ্যাস কৰক। সেইবুলি সফল হৈছো বুলি ভাবি এৰি নিদিব। খং কমোৱাবা নোহোৱা কৰাৰ ক্ষমতা আটাইতকৈ ডাঙৰ বস্তু নিজৰ মনটো। মনতে যদি নিজক চিনি পাইছে, নিজে কি হোৱা উচিত বুলি ভাবিব পাৰিছে, তেনে নিজকে শুদ্ধ কৰিব নোৱাৰা কথা হ‘বই নোৱাৰে। জীৱনৰ বাবেই দিনটোৰ দহ মিনিট সময় প্ৰাৰ্থনাৰ বাবে ৰাখক। ইও আত্মশুদ্ধিৰ প্ৰচেষ্টা। মস্তিষ্কৰ শিথিলতা, এপিলেপসি থাকিলে খঙাল হয়। খং মানসিক অসুস্থতাৰ এটা অংশ হ’ব পাৰে। সেইবাবে সাৱধান হোৱা উচিত।
মনোবিদৰ মতে আৰু দুটি উপায়ে খং চম্ভালিব পাৰি। এটা Realization হ’ল অৰ্থাৎ আত্মকেন্দ্ৰিকতাৰ ভাব পৰিত্যাগ কৰি আনক বুজাৰ মহানতাৰ প্ৰয়োগ কৰা, আনটো Channelisation যোগেদি খঙৰ পৰিৱেশক ফুতে উৰুৱাই দি গঠনমূলক ভূমিকা পালন কৰাৰ দক্ষতা নিজৰ মাজত গঢ়ি তোলা।
তাকে নকৰি মহাভাৰতৰ আন এজন দুৰ্যোধন চৰিত্ৰৰ দৰে নিজক গঢ়ি ৰখা মানেতো ধ্বংসৰে নিজকে অশান্তিত ৰখা। জুইৰে জুই লগোৱা, খঙেৰে খং বঢ়োৱা একে কথা। একশ্ৰেণী মানুহে আনক খঙাল কৰি তোলাত বিশেষ ভূমিকা লয়। সেইসকলৰ চৰিত্ৰক বুজি নিজে আগতেই সাৱধান হোৱা উচিত। যিসকলৰ নিজা চিন্তা শক্তি আছে, সেইসকলৰ কাউন্সেলিঙে সোনকালে কাম দিয়ে।
লেখিকা: সীমা চক্ৰৱৰ্তী(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 7/18/2020