খাদ্য সামগ্ৰীৰ ভেজালকৰণ সমগ্ৰ বিশ্বতে অতীঅত্ৰে পৰা চলি আৰু সমাজত গভীৰভাবে শিপোৱা এক অপকৰ্ম আৰু সামাজিক ব্যাধি। অতীতত ইয়াৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা নাছিল বাবে ইয়াক সহজে চলাই নিব পাৰিছিল। ১৮২০ চনত জাৰ্মান বিজ্ঞানী ফ্ৰেডেৰিক একামে প্ৰথম খাদ্য সামগ্ৰী আৰু পানীয়ৰ ভেজালকৰণৰ ওপৰত অধ্যয়ণ কৰি ইয়াত মিহলোৱা মেটেলিক ৰ্ং আৱিস্কাৰ কৰিছিল। পিছালৈ ১৮৫০ চনত চিকিৎসক আৰ্থাৰ হিল হাচালে খাদ্য সামগ্ৰীৰ ভেজালকৰণৰ ওপৰত যথেষ্ট অধ্যয়ণ কৰি The lancet প্ৰকাশ কৰাত ১৮৬০ চনত প্ৰথম ‘ফুড এডালটেৰেছন এক্ট’ হয় আৰু পিছলৈ আইন ৰুপে পৰিগণিত হয়। বিশ্বত ঘটি যোৱা কেইটামান উল্লেখযোগ্য খাদ্য সামগ্ৰীৰ ভেজালকৰনৰ ঘটনা হ’ল-১৯৮৭ চনত কৃত্ৰিম গোন্ধ থকা চেনী পানী আপেলৰ ৰস হিচাপে বিক্ৰী কৰা আৰু FD & Act ভ্ংগ কৰি বীচ্চ নাইডে ২.২ নিযুত পাউণ্ড জৰিমনা ভৰা, ১৯৮৭ চনত Cong Agra Food য়ে ওজন আৰু মূল্য বঢ়াবলৈ জমা থকা গ্ৰেইনত পানী ছটিওৱা, ২০০৭ চনত আমেৰিকাত জন্তুৰ খাদ্য মেলামিন মিহলাই ভেজাল কৰা, ২০০৮ চনত চীনৰ গাখীৰ আৰু শিশুখাদ্যত মেলামিন মিহলাই ভেজাল কৰা, ২০১২ চনত ভাৰতত FASSAI ৰ ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰা এক অধ্যয়নৰ জৰিয়তে প্ৰায় ৭০ শতাংশ গাখীৰেই পানী, ষ্টাৰ্চ, ডিটাৰ্জেণ্ট, চৰ্বি আৰু ইউৰীয়া আদি মিহলাই ভেজাল কৰা ধৰা পেলোৱা আৰু ২০১৫ চনৰ নেচলে কোম্পানীয়ে মেগীত অতিৰিক্ত সীহ আৰু মনোছডিয়াম গ্ৰুটামেট মিহলাই লেবেলেত এম এছ জি নাই বুলি ভেজাল কৰা বিতৰ্ক।
ভাৰতবৰ্ষত উৎপাদন স্ংৰক্ষণ, বিতৰণ আৰু বিক্ৰী কেন্দ্ৰ আদি সকলো স্তৰতে খাদ্য সামগ্ৰীৰ ভেজালকৰণ প্ৰতিদিনে বাঢ়িয়ে আছে আৰু জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সামগ্ৰীৰ ভেজালকৰণৰ দুটা দিশ আছে। এবিধত ইতিমধ্যে উত্পদিত অথবা প্ৰস্তুত্ কৰা খাদ্য সামগ্ৰীত নানা ধৰণৰ অপদ্ৰব্য মিহলোৱা হয় অথবা তাৰ পৰা মূল্যৱান অংশটি কাঢ়ি লৈ অন্য কম মূল্যৰ দ্ৰব্য মিহলোৱা বা একো নিমিহলোৱাকৈ ৰখা হয়। আন প্ৰকাৰত খাদ্য সামগ্ৰীৰ উৎপাদনৰ সময়ত নানাবিধ মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য, কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা হয়। সাধাৰণতে অতীতত আৰু বৰ্তমানেও ইচ্ছাকৃত ভাৱে ব্যক্তিগত লাভৰ বাবে বিক্ৰী কৰিবলগীয়া খাদ্য সামগ্ৰীত নিম্ন মানৰ সামগ্ৰী মিহলাই সামগ্ৰীবিধৰ পৰিমাণ বৃদ্ধি কৰি অধিক লাভ কৰে। ইয়াক Addition কৰা বুলি কোৱা হয়। উদাহৰণস্বৰুপে চাউল, ঘেহু, দাইল আদিত ধূলি, শিলগুটি মিহলাই হালধিত ইটাৰ গুৰি মিহলাই, কাঠৰ গুড়ি ধনীয়া আৰু হালধী গুড়িত মিহলাই, মাংসত পানী বা বৰফ মিহলাই, আটাত চক পাউদাৰ মিহলাই, জালুকত শুকান অমিতা গুটি মিহলাই, গাখীৰত পানী মিহলাই এইবোৰৰ ভেজলাকৰণ কৰি পৰিমাণ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিব পাৰি।
খাদ্য সামগ্ৰীৰ পৰা মূল্যৱান অংশটি কাঢ়ি লৈ তাৰ ঠাইত কম মূল্যৰ, কম মানৰ দ্ৰব্য মিহলোৱা হয়। উদাহৰণস্বৰুপে অলিভ তেলৰ ভাল অংশটি গুচাই চাহ গছৰ তেল যোগ দিয়াৰ কথা, গাখীৰৰ পৰা মাখন কাঢ়ি অন্য উদ্ভিদৰ চৰ্বী মিহলোৱাৰ কথা ক’ব পাৰি। খাদ্য সামগ্ৰী ভেজালকৰণৰ বাবে মিহলোৱা সামগ্ৰীবিধক ‘Adulterant’ বুলি কোৱা হয়। Adulterant খাদ্য জাতীয় পদাৰ্থ অথবা খাদ্য জাতীয় পদাৰ্থ নহ’বও পাৰে। কেতিয়াবা খাদ্য সামগ্ৰী বিধৰ পৰা মূল্যবান অংশটি কাঢ়ি লৈ মূল্যবান অংশটি পৃথককৈ অধিক মূল্যত বিক্ৰী কৰে। উদাহৰণস্বৰুপে গাখীৰৰ পৰা মাখনভাগ পৃথক কৰি পিছত অধিক মূল্যত বিক্ৰী কৰাৰ কথা ক’ব পাৰি। এনেকুৱা কৰাৰ ফলত মূল সামগ্ৰীবিধৰ উচিত খাদ্যমূল্য কমি যায় আৰু খাদ্য বিধৰ মানো কমি যায়।
তদুপৰি প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ উপাদানসমূহ লুকোৱা, গেলা, ব্যৱহাৰৰ অনুপযুক্ত পদাৰ্থ মিহলোৱা, ভুল লেবেল মৰা আৰু স্বাস্থ্যৰ অন্যায়কাৰী বিষাক্ত কৃত্ৰিম ৰাসায়নিক ৰ্ং আৰু পদাৰ্থ মিহলোৱা আদিও খাদ্য সামগ্ৰীৰ ভেজালকৰণত পৰে। খাদ্য সামগ্ৰীৰ ভেজালকৰণ কৰাৰ সাধাৰণবোৰ কাৰণবোৰ হ’ল-
(১) যেতিয়া খাদ্য সামগ্ৰীৰ যোগানতকৈ চাহিদা বেছি হয়,
(২) বজাৰৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিবলৈ খাদ্য সামগ্ৰীৰ প্ৰস্তুতকৰণত খৰচ কমাবলৈ,
(৩) অধিক লাভৰ আশাত,
(৪) কম মূল্যত উতকৃষ্ট খাদ্য প্ৰস্তুতিৰ বাবে দ্ৰব্যৰ অভাৱ হোৱা,
(৫) খাদ্য প্ৰস্তুত কৰিবলৈ অভিজ্ঞ ব্যক্তিৰ অভাৱ আৰু আওপুৰণি খাদ্যপ্ৰস্তুত কৰা প্ৰণালীকে চলাই থকা, (৬) খাদ্য সুৰক্ষা আৰু ক্ষতিৰ সঠিক জ্ঞান নথকা আৰু
(৭) খাদ্যৰ ভেজাল কৰাৰ বাবে হোৱা আইন আৰু শাস্তিৰ জ্ঞান নথকা।
‘ভেজালকৰণ’ এক আইনৰ গণ্ডিৰ শব্দ। The Federal Food, Drug and Cosmetic (FD&C) Act (1938) অনুসৰি কোনো এবিধ খাদ্যসামগ্ৰীক ভেজাল বুলি কোৱা হয় যেতিয়া
(১) খাদ্য সামগ্ৰীবিধত স্বাস্থ্যৰ ক্ষতি কৰিব পৰা অনিষ্টকাৰক বা বিষাক্ত প্ৰাণনাশক দ্ৰব্য মিহলি থাকে, (২) খাদ্য সামগ্ৰীবিধত যদি মিহলোৱা স্বাস্থ্যৰ বাবে অসুৰক্ষিত দ্ৰব্য থাকে,
(৩) খাদ্য সামগ্ৰীবিধ ৰখা পাত্ৰটো যদি আংশিক বা সম্পূৰ্ণভাৱে স্বাস্থ্যৰ অনিষ্ট কৰিব পৰা পদাৰ্থৰ দ্বাৰা তৈয়াৰী হয় আৰু ই ভিতৰত থকা খাদ্যত মিহলি হোৱাৰ আশ্ংকা থাকে,
(৪) খাদ্য সামগ্ৰীবিধত অনিষ্ট কৰিব পৰা পৰিমানৰ কীটনাশাক দ্ৰব্য মিহলি হৈ থাকে,
(৫) খাদ্য সামগ্ৰীবিধত স্বাস্থ্যৰ অনিষ্ট কৰিব পৰাকৈ সহযোজক থাকে,
(৬) খাদ্যসামগ্ৰীবিধত অনিষ্টকাৰক নতুন জন্তুৰ ঔষধ মিহলি থাকিলে,
(৭) খাদ্য সামগ্ৰীবিধত স্বাস্থ্যৰ অনিষ্ট কৰিব পৰা ৰ্ং সহযোজক থাকিলে,
(৮) খাদ্য সামগ্ৰীবিধত স্বাস্থ্যৰ ক্ষতিকাৰক গেলা অথবা ব্যৱহাৰৰ অনুপযুক্ত পদাৰ্থ থাকিলে,
(৯) খাদ্যসামগ্ৰীবিধ যদি অপৰিস্কাৰ, দূষিত পৰিৱেশত তৈয়াৰ, পেকেজিং কৰাৰ ফলত তাত অনিষ্টকাৰক পদাৰ্থ, কীটপত্ংগ, এন্দুৰ, চৰাই-চিৰিকতি অথবা সিহতৰ বিষ্ঠা থাকে,
(১০) ফ্ৰজেন কেঁচা মাংস আদিৰ দৰে ৰেডিয়েচন দিয়া খাদ্যসামগ্ৰী যদি উপযুক্ত মাত্ৰাত ৰেডিয়েচন দিয়া নহয়,
(১১) খাদ্যসামগ্ৰীত খোৱাৰ উপযুক্ত হ’লেও দ্ৰব্য যদি স্বাস্থ্যৰ ক্ষতি কৰিব পৰা পৰিমাণত থাকে,
(১২) যদি খাদ্যসামগ্ৰীবিধৰ পৰা এবিধ মূল্যবান অংশ সম্পূৰ্ণ অথবা আংশিকভাৱে কাঢ়ি ৰখা হয়, মূল্যবান অংশৰ সলনি কম মানৰ অন্য দ্ৰব্য মিহলোৱা হয়, কম মানৰ কথা লুকোৱা আৰু খাদ্যসামগ্ৰীৰ পৰিমাণ, ওজন অথবা দেখাত উন্নত মান দেখাবলৈ অন্য দ্ৰব্য মিহলোৱা হয়,
(১৩) পূৰ্বতে অনুপযুক্ত বুলি ইউনাইটেড ষ্টেটৰ পৰা ঘুৰাই পঠোৱা খাদ্য সামগ্ৰী পুনৰ ৰপ্তানি কৰিবলগীয়া হ’লে যদি ইউনাইটেড ষ্টেটৰ আইনমতে পুনৰ আদেশ লোৱা নহয়।
কোনো এখন ৰাষ্ট্ৰত তেতিয়াই এবিধ খাদ্যসামগ্ৰীক ভেজাল বুলি কোৱা হয়, যেতিয়া সেই খাদ্যসামগ্ৰীবিধে সেই ৰাষ্ট্ৰখনে নিৰ্দিষ্ট সামগ্ৰীবিধৰ বাবে বান্ধি দিয়া নিৰ্দিষ্ট মানতকৈ নিম্ন মানৰ হয়। ভাৰতৰ্ষত ফুড এডাল্টেৰেচন এক্ট, ১৯৫৪ ত (FD&C) Act(১৯৩৮)ৰ সকলোবোৰ সামৰি লোৱ হৈছে। খাদ্যসামগ্ৰী মৃত প্ৰাণীৰ হ’লে, নিৰ্দ্ধাৰিত পৰিমাণতকৈ অধিক সহযোজক থাকিলে, আইনগত ভাৱে বন্ধ কৰা সহযোজক পদাৰ্থ থাকিলে, খাদ্যৰ মান নিৰ্দ্ধাৰিত মানতকৈ কম হ’লেও খাদ্যসামগ্ৰীৰ ভেজালকৰণ কৰা বুলি কোৱা হয়। তদুপৰি মিছব্ৰেণ্ডিং আৰু মিছলেবেলিং কথাটোও সামৰি লোৱা হৈছে। এই অনুসৰি যদি কিবা কৃত্ৰিম ৰাসায়নিক ৰ্ং, সহজোজক থাকিলে তাক লেবেলত উল্লেখ কৰা নাযায়, কম মানৰ বস্তু অন্য নামী ব্ৰেণ্ডৰ লেবেল লগাই বিক্ৰী কৰে, মিছাকৈ উৎপাদন কৰা ঠাইৰ নাম উল্লেখ কৰিলে, নথকা বস্তু থকা বুলি মিছাকৈ উল্লেখ কৰিলেও খাদ্য সামগ্ৰীৰ ভেজালকৰণ কৰা বুলি কোৱা হয়।
ভেজাল খাদ্যবোৰ অপৰিস্কাৰ, অসুৰক্ষিত আৰু অপুষ্টিকৰ হয়। সামগ্ৰীকভাৱে খাদ্য সামগ্ৰীৰ ভেজালকৰণে খাদ্য সামগ্ৰী ক্ৰেতা আৰু গ্ৰহণকাৰী গ্ৰাহকসকলক দুই ধৰণে অন্যায় কৰে।
প্ৰথমতে, গ্ৰাহকগৰাকীয়ে নিম্ন মানৰ খাদ্যসামগ্ৰীৰ বাবে উচিত মূল্যতকৈ অধিক মূল্য খৰচ কৰিব লগা হয়। দ্বিতীয়তে, কিছুমান ভেজাল সামগ্ৰী মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু এইবোৰে মানুহৰ শৰীৰত নানাবিধ ৰোগ সৃষ্টি কৰি মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। উদাহৰণ স্বৰুপে ভেজালকৰণৰ বাবে সৰিয়হতেলত মিহলোৱা Argemon oil য়ে এপিডেমিক ড্ৰপ্সী আৰু খোৱা তেলত মিহলোৱা Trycresyn phosphate(TCP)য়ে পক্ষাঘাট ৰোগ কৰাৰ উপৰি মানুহৰ মৃত্যু পৰ্যন্ত ঘটাব পৰা কথা উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত খাদ্যসামগ্ৰীৰ ভেজালকৰণ প্ৰতিৰোধৰ বাবে চৰকাৰী আইন থাকিলেও তাৰ সঠিক প্ৰয়োগ নোহোৱাত খাদ্য সামগ্ৰী ভেজাল্ কৰি মুনাফা আদায় কৰা বণিক গোষ্ঠীয়ে ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি সমাজত ভয়াবহ প্ৰভাৱ পেলাইছে। বৰ্তমান আমাৰ ৰাজ্যখনতে বহুসংখ্যক খাদ্য পৰিদৰ্শক আছে যদিও খাদ্যপৰিদৰ্শকসকলৰ চূড়ান্ত হেমাহী আৰু অমনোযোগিতাৰ বাবে খাদ্য দ্ৰব্যসমূহৰ ভেজালকৰণ দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। খাদ্য পৰিদৰ্শকসকলে খাদ্য প্ৰস্তুত কৰা স্ংস্থা, যোগান ধৰা আৰু পৰিৱেশন কৰা হোটেল, ৰেষ্টুৰেণ্ট, দোকান আদিলৈ গৈ বিভিন্ন খাদ্যসামগ্ৰীৰ নমুনা স্ংগ্ৰহ কৰি তাৰ গুণাগুণ পৰীক্ষা কৰিব লাগে যদিও তাকে নকৰি এনে ব্যৱসায়ীবোৰৰ পৰা বিভিন্ন সময়ত উপধৌকন লোৱাহে দেখা যায়। ফলস্বৰুপে ব্যৱসায়ীসকলে নানাধৰণে ভেজাল কৰি নিম্ন মানৰ খাদ্যসামগ্ৰী গ্ৰাহকৰ ওচৰত অধিক মূল্যত বিক্ৰী কৰি যথেষ্ট লাভবান হোৱাৰ লগতে মানুহৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰি মানুহৰ জীৱন আৰু সমাজলৈ বিপদ কঢ়িয়াই আনিছে। প্ৰতিদিনে আমাৰ শৰীৰে বিভিন্ন প্ৰকাৰৰ ভেজাল খাদ্যসামগ্ৰী গ্ৰহণ কৰিবলগীয়া হোৱাত শৰীৰ দুৰ্বল হৈ পৰে। এই ৰোগবোৰে মানুহক দূৰ্বল কৰি মৃত্যুৰ মুখলৈকে ঠেলি দিব পাৰে।
খাদ্যসামগ্ৰীৰ ভেজালকৰণৰ পদ্ধতি আৰু ভেজালকৰণৰ বাবে ব্যৱহৃত পদাৰ্থ ঠাই আৰু সময় বিশেষে ভিন ভিন হোৱা দেখা যায়। বৰ্তমানেও সমাজত চলি থকা খাদ্যসামগ্ৰীৰ ভেজালকৰণৰ বিভিন্ন পদ্ধতি আৰু ভেজালকৰণৰ বাবে ব্যৱহৃত পদাৰ্থ সম্পূৰ্ণৰুপে জ্ঞাত নহয়। তথাপি সম্প্ৰতি ভাৰতবৰ্ষত চলি থকা বিভিন্ন খাদ্যসামগ্ৰীৰ ভেজালকৰণৰ বাবে ব্যৱহৃত পদাৰ্থসমূহ এই পদাৰ্থবোৰে কৰিব পৰা নানা শাৰীৰিক অপকাৰ আৰু ৰোগসমূহ, নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ ভেজালকৰণৰ কেনেকৈ সহজতে ধৰিব পাৰি আৰু খাদ্যসামগ্ৰীৰ ভেজালকৰণ ৰোধ কৰাৰ বাবে ভাৰতবৰ্ষত থকা ব্যৱস্থা আৰু আইন সম্পৰ্কে জানিবলৈ হ’লে পাঠকসকলে ‘Food safty and Standard Authority of India ৰ website ত উপলব্ধ’The Prevention of Food Adulteration Act. 1954(as on 1.10.2004) আৰু এই স্ংস্থাই প্ৰকাশ কৰা ‘Quick Test for Some Adulterants in Food’ ৰ ‘Instruction manual-Part 1 (Common methods fior Detection at households)’ আৰু ‘Instruction manual-Part 11 (Methods for detection of adulterants) পঢ়ি চাব পাৰে।
ড০ ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/6/2020
কৃত্ৰিম মৌল
কোৱান্টাম আউল
নিউট্ৰোন কনিকা নোবেল বটাঁ আৰু ভাৰতবৰ্ষ
গাউট ৰোগ