অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰহণী ৰোগৰ ঘৰুৱা চিকিৎসা

গ্ৰহণী ৰোগৰ ঘৰুৱা চিকিৎসা

খোৱা-বোৱাত অনিয়মীয়া হ’লে, গধুৰ ভোজন আৰু হজম নোহোৱা খাদ্য খালে গ্ৰহণী ৰোগ হ’ব পাৰে। খাদ্য খাওঁতে দুশ্চিন্তা, উদ্বেগ, ক্ৰোধ, মানসিক চাপ আদি থাকিলেও গ্ৰহণী ৰোগ হ’ব পাৰে। ডাক্তৰী শাস্ত্ৰমতে এমিবিক আৰু বেছিলেৰী নামৰ দুই প্ৰকাৰৰ গ্ৰহণী ৰোগ হ’ব আছে। এই ৰোগ হ’লে শাওঁ পৰে আৰু সঘনাই কম কমকৈ পায়খানা হয়। পেটৰ বিষো হ’ব পাৰে।

এই ৰোগ চলি থাকিলে তৎক্ষণাত পায়খানা বন্ধ হোৱা ঔষধ কেতিয়াও নাখাব। হঠাৎ পায়খানা বন্ধ হ’লে পেট ফুলি উঠিব পাৰে।

ঘৰুৱা দিহা

  • কেঁচা বেল টুকুৰা-টুকুৰকৈ কাটি ৰ’দত শুকুৱাই গুৰি কৰি লওক। তাৰ লগত গুড় আৰু চেনি মিহলাই দিনে দুবাৰ-তিনিবাৰকৈ দুই চামুচ পৰিমাণত খালে গ্ৰহণী ৰোগ ভাল হয়।
  • কোমলকৈ ৰন্ধা ভাত ঠাণ্ডা কৰি তাৰ লগত দৈ মিহলাই দিনটোত কেইবাবাৰো ৰোগীক খাবলৈ দিব লাগে। মগু দাইল আৰু মিহি চাউলৰ খিচিৰি এই ৰোগত ভাল পথ্য। নেমু, আমলখি, তেতেলি, ডালিম, কেঁচা আৰু পকা কল এই ৰোগত উপকাৰী।
  • বটি লোৱা মেথি গুটি দৈৰ লগত মিহলাই খালে শাওঁ পৰা গ্ৰহণী ৰোগ ভাল হয়। এবাটি দৈৰ লগত আধা চাহ চামুচ মেথি গুটিৰ গুৰি মিহলাব।
  • নিমখ, পদিনা, ভজা জিৰা মিহলি নিমখীয়া দৈৰ ঘোল এই ৰোগত উপকাৰী।
  • শুকান ধনিয়া গুৰি আৰু বেলৰ গুৰি সমমাত্ৰাত লৈ, সম পৰিমাণত মিচিৰি মিহলাই দিনে দুবাৰকৈ চাহ চামুচেৰে এচামুচ পৰিমাণত ঠাণ্ডা পানীত গুলি খুৱালে গ্ৰহণী বন্ধ হয়। তেজ পৰা গ্ৰহণীও এই ঔষধ খালে ভাল হয়।
  • বীটৰ ৰসৰ লগত এচামুচ নেমুৰ ৰস মিহলাই খালেও গ্ৰহণী বন্ধ হয়।
  • পকা আম নিমখ বা মৌ মিহলাই খুৱালে গৰমৰ দিনত হোৱা গ্ৰহণী ৰোগ নিৰাময় হয়।
  • শুকান আমলখিৰ গুৰি পানীৰ লগত মিহলাই চেকি লওক। সেই পানীত নেমুৰ ৰস আৰু মিচিৰি মিহলাই খাওক।
  • চজিনা সিজাই তাৰ ৰসৰ লগত অকণমান মৌ আৰু এগিলাচ নাৰিকলৰ পানী মিহলাই দিনত দুবাৰ বা তিনিবাৰ খাব লাগে। এই মিশ্ৰণে গ্ৰহণী নিয়ন্ত্ৰণ কৰে।
  • আপেলৰ শাহ খুব ভালদৰে মথি লওক। গুটি আৰু মাজৰ টান অংশ পেলাই দি দিনে চাৰিৰ পৰা ছবাৰ পৰ্যন্ত কম মাত্ৰাত খালে ভয়ংকৰ গ্ৰহণীও সোনকালে আৰোগ্য হয়।
  • তেজ গ্ৰ্হণী হ’লে ডালিমৰ গুটিৰ ৰস কম কমকৈ দিনত আঠ-দহবাৰ খাই থাকিলে গ্ৰহণী নিয়ন্ত্ৰণ হয়।
  • পকা কল এটা ভালদৰে কাটি লৈ তাৰ লগত সামান্য নিমখ মিহলাই খালেও গ্ৰহণী নিয়ন্ত্ৰণ হয়।
  • আপেল এটা ভাপত দি সিজাই তাৰ শাহ খিনি খালেও গ্ৰহণী নিয়ন্ত্ৰণত থাকে।
  • জামুগুটিৰ গুড়ি ৫ ৰ পৰা ১০ গ্ৰাম পৰিমাণত বেছিকৈ সৰ তোলা গাখীৰ বা দৈৰ ঘোলৰ লগত খালেও গ্ৰহণী ভাল হয়।
  • আমলখিৰ পাত এমুঠি ভালদৰে ধুই মিহিকৈ বটি লওক। তাৰ লগত এচামুচ মৌ মিহলাই চেলেকি খালেও গ্ৰহণী নিৰাময় হয়।
  • ২:১ অনুপাতত সৰু জাতৰ শিলিখা আৰু পিপাৰমেণ্ট মিহলাই গুৰি কৰি লওক। আহাৰৰ পিচত এই চূৰ্ণ এক বা ডেৰ গ্ৰাম লৈ পানীৰ লগত মিহলাই খালেও গ্ৰহণী ভাল হয়।
  • জামুপাত এমুঠি ভালদৰে ধুই এক লিটাৰ পানীত সিজাই ডাঠকৈ ৰস উলিয়াই লওক। এই ৰস দিনটোত দুবাৰ বা তিনিবাৰ খালে গ্ৰহণী নিৰাময় হয়।
  • গ্ৰহণী ৰোগত ৰবাব টেঙাৰ ৰস উপকাৰী।
  • ইচবগুল (ভুচি) ৬ গ্ৰাম মাত্ৰাত দিনটোত তিনিবাৰ সেৱন কৰালে শৌচ কঠিন হয় আৰু গ্ৰহণী লাহে লাহে নিয়ন্ত্ৰণ হয়।
  • শুকান আমলখি পিহি গুৰি কৰি কেঁচা মূলাত (বাকলি গুচাই লোৱা) লগাই চোবাই খাব লাগে। যদি এই মূলা পুৱা খালী পেটত খায়, তেনেহ’লে খুব সোনকালেই পাথৰ প্ৰস্ৰাৱৰ লগত বাহিৰ ওলাই যাব।
  • নাৰিকলৰ পানী খাই থাকিলে পাথৰৰ বাবে হোৱা বিষৰ পৰা উপশম পায়।
  • তিনি-চাৰিটা ৰোগত বাদাম পুৱাতে চোবাই চোবাই খালে এমাহৰ ভিতৰতে পাথৰ ওলাই যায়। যদি বিষ বেছি হয় অথবা প্ৰস্ৰাৱৰ বেগ অৱৰোধ হয়, তেনেহ’লে ৰাতি এমুঠিমান ৰোগত বাদাম পানীত তিয়াই থৈ পুৱা সতেজ গোলাপ ফুলৰ লাগত বটি ঠাণ্ডা গাখীৰৰ লগত খালে বিষ নিৰাময় হোৱাৰ লগতে পাথৰো গলি ওলাই আহিব।
  • আমৰ কেঁচা পাত ছাঁত শুকুৱাই মিহিকৈ বটি লওক আৰু ইয়াৰ ছয় গ্ৰাম পৰিমাণত, আগৰাতি সংগ্ৰহ কৰি থোৱা পানীৰ লগত মিহলাই একেৰাহে এমাহ পুৱা খালী পেটত খাওক। পাথৰী ৰোগ নিৰাময় হ’ব।
  • নিমপাত এমুঠি ছাঁত শুকুৱাই পৰিষ্কাৰ পাত্ৰ এটাত পুৰি ছাই বনাই লওক। মিহিকৈ বটি লোৱা এই ছাই ৬ গ্ৰাম মাত্ৰাত লৈ দিনত তিনিবাৰকৈ ঠাণ্ডা পানীৰ লগত খাওক। কেই দিনমানৰ ভিতৰতে পিত্ত আৰু মূত্ৰ পাথৰ ওলাই যাব।
  • কেৰেলাৰ ৰস বহু বাৰ সৰ তোলা গাখীৰৰ (পনীয়া গাখীৰ) লগত খাওক। এই মিশ্ৰণ পাথৰ গলি ওলাই নহালৈকে দৈনিক এবাৰকৈ খাব লাগে।
  • আপেলৰ ৰস খাই থাকিলে  পিত্তস্থলী, মূত্ৰাশয় অথবা বৃক্কত পাথৰ জমা হ’ব নোৱাৰে। পাথৰ হ’লেও গলি প্ৰস্ৰাৱৰ লগত ওলাই আহিব।
  • ৩০ মিঃ লিঃ বীটৰ ৰস দিনে চাৰিবাৰকৈ খাই থাকিলে পাথৰ গলি যায়।
  • কিড্‌নীৰ পাথৰ গলাবৰ কাৰণে গাখীৰৰ লগত কাজু বাদাম বটি লৈ দিনে তি-চাৰি বাৰ খাব লাগে।
  • জামু গুটিৰ গুৰি দৈৰ লগত খালেও পাথৰ সহজতে গলে আৰু প্ৰসাৱৰ লগত ওলাই যায়

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate