অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰীষ্মত ছালৰ যতন :

গ্ৰীষ্মত ছালৰ যতন :

 

১) গ্ৰীষ্মকালি প্ৰতিদিনে মুখমণ্ডল পৰিষ্কাৰ কৰি ৰখা উচিত। দিনটোত চাৰি-পাঁচবাৰকৈ পৰিষ্কাৰ পানীৰে মুখ ধোৱক আৰু পৰাপক্ষত এবাৰকৈ মুখমণ্ডলৰ ছাল ষ্টীম কৰা দৰকাৰ। এনে কৰাৰ ফলত ছালৰ নোমাছিদ্ৰসমূহ খোল খাব আৰু ছালত যি লেতেৰা মলি জমা হয়, সেয়া নিমিষতে নিৰ্মূল হ’ব।

২) পৰাপক্ষত সূৰ্যৰ প্ৰখৰ তাপত ওলাই যাব নালাগে। যদি ওলাই যোৱাটো অত্যন্ত জৰুৰী, তেন্তে মুখমণ্ডল আৰু মূৰ ভালদৰে কাপোৰেৰে মেৰিয়াইহে বাহিৰত ওলাব। প্ৰত্যক্ষভাৱে সূৰ্যৰ ৰশ্মি মুখত পৰিবলৈ নিদিব।

৩) গৰমত মেকআপ পাৰিলে ব্যৱহাৰ নকৰিব। মেকআপ ব্যৱহাৰৰ ফলতো ছালৰ খজুৱতি অথবা শালমইনাৰ সৃষ্টি হ’ব পাৰে। যদিহে মেকআপ ব্যৱহাৰ নকৰিলে নহয়, তেনে অৱস্থাত ব্যৱহাৰ কৰাৰ পিচত ছাল পৰিষ্কাৰকৈ ৰাখক। মেকআপ কৰোতে ফাউণ্ডেচন কমকৈ লগাব। ফাউণ্ডেচন ব্যৱহাৰৰ ফলত শালমইনাৰ সমস্যা অধিক হ’ব পাৰে।

৪) মুখমণ্ডলৰ পৰা শালমইনাৰ নিৰ্মূলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰক এল’ভেৰা জেল। এল’ভেৰা অৰ্থাৎ ছালকুঁৱৰীৰ পাত কাটি লৈ ইয়াৰ জেল উলিয়াই ভালদৰে ছালত লগাব। কিছু সময় লগাই ৰাখি শুকাবলৈ দিব। পিচত কুহুমীয়া গৰম পানীৰে ধুই দিব।

৫) গ্ৰীষ্মকালি চিপছ, চিঙৰা, পকোৰা আদি খাদ্য-সামগ্ৰী যিমান পাৰি খোৱাৰ পৰা বিৰত থাকক।

৬) সপ্তাহত এদিনকৈ মুলতানী মাটি, নেমু টেঙা আৰু চন্দনৰ এক প্ৰলেপ প্ৰস্তুত কৰি মুখমণ্ডলত লগাব। মুলতানী মাটিয়ে মুখমণ্ডলত শীতলতা প্ৰদান কৰে। ইয়াৰ লগত যদি অলপ নেমু টেঙাৰ ৰস মিশ্ৰণ কৰি লয়, তেন্তে ই ছালৰ বেক্টেৰিয়া নাশ কৰে। গ্ৰীষ্মকালি ছালৰ পৰা শালমইনা নিৰ্মূলৰ বাবে আঁহযুক্ত খাদ্য খাওক। মুখমণ্ডলত শালমইনা সৃষ্টি হোৱাৰ কাৰণ হিচাপে তেলতীয়া ছাল, পেটৰ বেমাৰ আদি। কাৰণ পেট পৰিষ্কাৰ নহ’লেও ছালত শালমইনাৰ সৃষ্টি হ’ব পাৰে। সেয়েহে নিয়মিত আপোনাৰ ছাল পৰিষ্কাৰ কৰি ৰখাৰ লগতে আঁহযুক্ত খাদ্য খোৱাত গুৰুত্ব দিয়ক। কাৰণ আঁহযুক্ত খাদ্যই শৰীৰত জমা হোৱা লেতেৰা পদাৰ্থ নিষ্কাশন কৰি পেট পৰিষ্কাৰ কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 1/13/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate