অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰমৰ বন্ধু

গৰমৰ বন্ধু

শীতৰ আমেজখিনি শেষ হোৱাৰ লগে লগে আহে গৰম। ব’হাগ বিহুৰ ৰ্ং শেষ হয় কি নহয়, আহি যায় গৰমৰ প্ৰভাৱ। জেঠ মাহ সোমালেতো কথাই নাই—গৰমৰ প্ৰকোপ। পিছে গৰম বুলিয়েটো আৰু ঘৰত ফেনৰ তলত বহি থাকিলে নহ’ব। দৈনন্দিন কাম-কাজ কৰিবই লাগিব। গৃহিণীয়ে ঘৰুৱা কাম-বন, গৃহস্থই অফিচ, স্কুল, কাছাৰী, ল’ৰা-ছোৱলীয়ে স্কুল-কলেজ কৰিবই লাগিব। চাৰিওফালে বৰষুণত বোকা-পানী, বানপানী। পোক-পৰুৱা, সাপ, মহ-ডাঁহ, জোক ইত্যাদিৰ উপদ্ৰ্ৱ আছেই। তদুপৰি গৰমত ভাইৰেল জ্বৰ, ডায়েৰিয়া, ছালৰ ৰোগ, খজুৱতি, ঘামচি ইত্যাদিৰ অসহনীয় যন্ত্ৰণা।

আমি গৰমৰ বিষয়ে ইমানকৈ পাতনি মেলিছো একমাত্ৰ এবিধ টেঙা ফলৰ বিষয়ে ক’বলৈ গৈছে—সেয়া হৈছে ‘নেমু’। গৰমত যিমানেই আম, কঠাল, লিচু, জামু আদি ঋতুৰ ফল নোলাওক কিয়, কোনেও এই বাৰমহীয়া নেমুৰ লগত ফেৰ মাৰিব নোৱাৰে। নেমু হৈছে গৰমৰ বন্ধু, গৃহিণীৰ সকাহ। ৰোগ নিবাৰক আৰু যে কিমান গুণ আছে- তাক কৈ শেষ কৰিব নোৱাৰি। সেয়েহে গৰমৰ দিনকেইটাত গৃহিণীগৰাকীয়ে নেমুকেইটাৰ কথা সতকাই মনত ৰাখে। নেমু নহ’লে যে গৰমৰ দিনকেইটাত এদিনে নাযায়। গৰমত ভাইৰেল জ্বৰ হ’লে নেমু পানী ঘনাই খুৱাই থাকিলে জ্বৰ ভাল হয়। ডয়েৰিয়া হ’লে নিমখ, চেনি, পানীৰ লগত এটোপা নেমু দি খুৱালে ভাল ফল পোৱা যায়। অজীৰ্ণ বমি, বমি ভাৱতো নেমুৱে ভাল কাম দিয়ে। গৰমত অৰুচি হৈ ভাত খাবলৈ মন নগ’লে নেমুৱে অৰুচি ভাৱ দূৰ কৰে।

গৰমত অন্যান্য পানীয় অৰ্থাৎ চৰবত ব্যৱহাৰ কৰাতকৈ নেমুৰ চৰবত স্বাস্থ্যৰ কাৰণে ভাল। কাৰণ, বজাৰৰ চৰবতবোৰত থকা ৰাসায়নিক দ্ৰব্য, ৰ্ং ইত্যাদিয়ে স্বাস্থ্য হানি কৰে। কিন্তু আমাৰ সহজ লভ্য নিমখ চেনিৰে প্ৰস্তুত কৰা চৰবত গিলাচ স্বাস্থ্যৰ কাৰণে বিশেষ উপকাৰী। গৰমৰ দিনত ঘৰলৈ আলহি-অতিথি আহিলে নিমখ-চেনি আৰু অলপ ফ্ৰীজৰ পানীৰ লগতে পদিনা পাত দি নেমু চৰবত প্ৰস্তুত কৰি আলহীক আপ্যায়ণ কৰিলে আলহীয়েও ভাল পালে।

নেমুত যথেষ্ট পৰিমাণে ভিটামিন চি, চাইট্ৰিক এচিড, ফলিক এচিড, কেলচিয়াম আদি যথেষ্ট পৰিমাণে থাকে। গৰমৰ দিনকেইটাত বছৰৰ আন মাহকেইটাতকৈ নেমু নহ’লেই নহয়। মাছৰ টেঙা জোল, টেঙা দাইল, ঢেকীয়া-খুতুৰা শাকৰ মাছৰ টেঙা, কচু, বিলাহী টেঙাখনত এচেপা নেমু, নেমু চেপা দি সৰিয়হেৰে ৰন্ধা সৰু মাছৰ চৰ্চৰিখন দেখিলে মুখৰ পানী পৰে। কিন্তু এটা কথা ঠিক যে যিমান পাৰি নেমু কেঁচাই টুকুৰাকৈ চেপি খাব লাগে। গৰম তৰকাৰীত চেপি দিলে নেমুৰ গুণ কমি যায়, মানে এচিড হয়।

নেমুৰ বহুত ঔষধি গুণ আছে। গোল নেমু নিমখ দি ৰ’দত শুকুৱাই বটলত থৈ দিলে পেটৰ কামোৰম, অৰুচি আদিত তাৰে অকণমান খালে সুফল পোৱা যায়। নেমুৰ পাত বা গুটি পিহি মৌৰ লগত মিহলাই সৰু ল’ৰা ছোৱালীক খুৱালে পেটৰ কামোৰ, কৃমি নাশ হয়। নেমুৰ আচাৰো বেছি মছলা ব্যৱহাৰ নকৰাকৈ তৈয়াৰ কৰিলে ল’ৰা-বুঢ়া, ৰুগীয়া সকলোৱে খাব পাৰে। নেমু ৰসে চকুৰ উজ্জ্বলতা বঢ়ায়। নেমুৰ চেপা বাকলিৰে হাত-ভৰি, কাঁহ-পিতলৰ বাচন-বৰ্তন ধুলে চিক্‌চিকিয়া হয়। মুঠতে নেমুৰ গুণ বৰ্ণাই শেষ কৰিব নোৱাৰি। নেমু গৰমৰ বন্ধু, সৌন্দৰ্যবৰ্দ্ধক, ৰোগ নিবাৰক আৰু যে কিমান গুণ বিশিষ্ট।

উষা দেৱী, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate