অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘামচি পৰিত্ৰাণ পোৱাৰ উপায় :

ঘামচি পৰিত্ৰাণ পোৱাৰ উপায় :

 

ছটা ঋতুৰ ভিতৰত গ্ৰীষ্ম ঋতু হ’ল অতি স্পৰ্শকতাৰ । এই সময়ত ছালৰ সমস্যা যথেষ্ট বৃদ্ধি পোৱা দেখা যায় । যেনে- খজুৱতি, ঘামচি, ঘামৰ দুৰ্গন্ধ আদিয়েই প্ৰধান । ঘামচি হোৱা ছালখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে । দিনে দুবাৰকৈ গা ধুব লাগে । ঘামচি হোৱা ছালত সদায় নিমযুক্ত বা এলোভেৰাযুক্ত চাবোন ব্যৱহাৰ কৰিব লাগে । বহুতৰে ঘামচি হ’লে ছালখন বৰকৈ খজুৱায় । এনেকুৱা হ’লে নিমপাতৰ ৰস উলিয়াই ছালত লগালে খজুৱতি কমাৰ উপৰি ঘামচিও নিৰ্মূল হয় । ঘামচি হোৱা ছালত বগা চন্দন লগালে ঘামচি দূৰ হয় । বজাৰত বিভিন্ন ধৰণৰ ঘামচি নিৰ্মূল হোৱা পাউদাৰ ওলাইছে । এইবোৰ লগালে হিতৰ বিপৰীত হোৱাৰ সম্ভাৱনাহে বেছি থাকে । ঘামচি হোৱা ছালত পাউদাৰ লগাই ছালৰ পৰ্ছবোৰ বন্ধ কৰা উচিত নহয় । সপ্তাহত ৪/৫ দিন বেকিং ছ’ডা ১ চামুচ ২ লিটাৰ ঠাণ্ডা পানীত মিহলাই কপাহৰ সহায়ত ঘামচি হোৱা ঠাইত লগালে ঘামচি ভাল হোৱা দেখা যায় । ছালকুঁৱৰীৰ ৰস লগালেও ঘামচি দূৰ হয় ।

এই উৎকট গৰমত যিসকলৰ শৰীৰৰ পৰা ঘামৰ দুৰ্গন্ধ ওলায়, তেওঁলোকে হীনমন্যতাক ভোগা দেখা যায় । ঘামৰ দুৰ্গন্ধ নাইকিয়া কৰিবলৈ গা ধোৱা পানীত নেমুৰ ৰস মিহলাই গা ধুব লাগে। গোলাপজল মিহলাই গা ধুলেও ঘামৰ দুৰ্গন্ধ নাইকিয়া হয় । এমুঠি নিমপাত দুই লিটাৰ পানীত সিদ্ধ কৰি পানীখিনি যেতিয়া ১ লিটাৰ হ’ব, তেতিয়া পানীখিনি ঠাণ্ডা কৰি ফ্ৰিজত ভৰাই থ’ব । গা ধোৱা পানীত সেই নিমপাতৰ পানী মিহলাই গা ধুলে ঘামৰ দুৰ্গন্ধ নাইকিয়া হয় । এই গৰমত আমি সদায় পৰিষ্কাৰ, সুতি আৰু পাতল ৰঙৰ পোছাক পৰিধান কৰা উচিত । খোৱা-লোৱাৰ ক্ষেত্ৰতো বিশেষ ধ্যান দিব লাগে। যেনে- বজাৰৰ ৰঙীন শীতল পানীয়ৰ বিপৰীতে ঘৰৰ নেমুৰ চৰবত, দৈৰ ঘোল, ডাবৰ পানী ইত্যাদি খোৱা উচিত । হাতৰ মুঠিতে পোৱা তিঁয়হ আৰু তৰমুজেও আমাৰ শৰীৰটো শীতল কৰি ৰাখে । যথেষ্ট পৰিমাণৰ পানীও খোৱা উচিত ।

লেখিকা : প্ৰণামী দাস অধিকাৰী

উৎস: দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 10/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate