আমি সকলোৱে জানো যে এটা ভাল সুস্থ শৰীৰৰ অধিকাৰী হবলৈ হ’লে আমাক সুষম আহাৰৰ প্ৰয়োজন| এই সুষম আহাৰ বুলিলে একাঁহী ভাত, এটা জলকীয়া আৰু এঘটি পানীৰে পেট ভৰাই খোৱাকে নুবুজায়| ইয়াৰ দ্বাৰা পেট ভৰে সঁচা, কিন্তু ই শৰীৰটোক সুষম আহাৰ যোগান ধৰিব নোৱাৰে| এনেকৈ গ্ৰহণ কৰা আহাৰৰ পৰা আমি এটা নিৰোগী স্বাস্থ্যবান শৰীৰ একেবাৰে আশা কৰিব নোৱাৰো|
আমাৰ শৰীৰৰ বিকাশৰ বাবে আহাৰৰ প্ৰয়োজন| যি খাদ্যত নিৰ্দ্দিষ্ট অনুপাতত শৰীৰৰ বাবে প্ৰয়োজনীয় আটাইবোৰ উপাদানেই থাকে তাকে সুষম আহাৰ বোলে| আমি জানিব লাগিব যে অমি গ্ৰহণ কৰা আহাৰত প্ৰ’টিন, ভিটামিন, মিনাৰেল আদি সম্পুৰ্ণৰুপে পাওনে নাপাওঁ| যদি নাপাওঁ ইয়াৰ কাৰণ কি?
ইয়াৰ কাৰণ হ’ল প্ৰদুষণ| আজিৰ দিনত আমাৰ জীৱন শৈলীত মুখ্য ভুমিকা গ্ৰহণ কৰা বায়ু, পানী আৰু খাদ্য বস্তু বিশুদ্ধ অৱস্থাত পাব নোৱাৰো এই প্ৰদুষণৰ বাবে| আৰু এই উপাদান কেইটা আমি বিশুদ্ধ কৰিবও নোৱাৰো গতিকে আমি ইয়াৰ ফলত এটা সুস্থ শৰীৰ নিশ্চয় আশা কৰিব নোৱাৰো|
তেনেহ’লে আপোনাৰ জানিবলৈ ইচ্ছা নাযায়নে যে আমি কেনেকৈ এটা সুস্থ সবল শৰীৰৰ অধিকাৰী হ’ব পাৰিম?
ঘৃতকুমাৰীৰ ৰস পান কৰাৰ ১০ টা উপকাৰ
১) সুস্থ আৰু শক্তিশালী দাঁত:- চালকুঁৱৰীৰ ৰস দাঁত, দাঁতৰ আলু আৰু মুখৰ ভিতৰৰ চালৰ বাবে বিশেষ উপকাৰী| ইয়াক আমাৰ দাঁতৰ চিকিৎসক হিচাপে ৰাখিব পাৰো|
২) তৎক্ষণাত কাৰ্য সম্পাদন কৰে:- চালকুঁৱৰীয়ে ফাইৰোব্লাষ্টাৰ ক্ষমতা বঢ়ায়| ই সাধাৰণ জ্বলা-পোৰা, ঘাঁ, ৰ’দে পোৰা আৰু খৰ-খজুৱতীৰ পৰা উপশম কৰাত সহায় কৰে|
৩) হজম শক্তি বৃদ্ধি কৰে:- চালকুঁৱৰী ৰসৰ, প্ৰাকৃতিক অনিষ্টকাৰী কাৰক সমুহ আতৰ কৰাৰ ক্ষমতা আছে| বিশুদ্ধ চালকঁৱৰীৰ ৰস নিয়মিত পান কৰিলে দেহৰ তন্ত্ৰ সমুহ সুস্থ থাকে| দেহত প্ৰটিন গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে আৰু অনিষ্টকাৰী বেক্টেৰিয়া হ্ৰাস পায়|
৪) ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু দৈহিক কাৰ্য্যত সহায় কৰে:- চালকুঁৱৰীয়ে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰাকৃতিকভাৱে বৃদ্ধি কৰাত সহায় কৰে| দৈনিক ৩০ মি.লি. ৰ পৰা ৫০ মি.লি. চালকুঁৱৰীৰ ৰস সেৱন কৰিলে প্ৰতিৰোধ তন্ত্ৰৰ সকলো আৱশ্যকতা সম্পুৰ্ণ হয়|
৫) খনিজ পদাৰ্থৰ দৈনিক আহৰণ:- চালকুঁৱৰীৰ ৰসত কেলচিয়াম, চ’ডিয়াম, মেগনেছিয়াম, আইৰণ, পটাছিয়াম, ক্ৰ’মিয়াম, মেংগানিজ আদি খনিজ পদাৰ্থ পোৱা যায়| সেয়েহে ইয়াক শৰীৰৰ সকলো প্ৰয়োজন পুৰাব পৰা প্ৰকৃতিৰ অমুল্য পুষ্ঠিৰ ভাণ্ডাৰ বুলি কোৱা হয়|
৬) ভিটামিনৰ যোগান:- চালকুঁৱৰীত ভিটামিন এ, বি১, বি৬, বি১২, চি, আৰু ফলিক এচিড আছে| বিশুদ্ধ চালকুঁৱৰীৰ ৰস দৈনিক সেৱনৰ ফলত শৰীৰত ভিটামিনৰ অভাৱজনিত ৰোগসমুহ দূৰ হোৱাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়|
৭) পোৰা আৰু চুজন প্ৰতিৰোধী গুণ:- চালকুঁৱৰীয়ে কোনো পাৰ্শ্চক্ৰিয়া নোহোৱাকৈ জ্বলা-পোৰা আৰু চুজনক বাধা দিব পাৰে| ই হাড়ৰ যোৰা আৰু মাংশপেশীৰ গতিশীলতা অক্ষুন্ন ৰখাত সহায় কৰে|
৮) শৰীৰ নিৰ্মাণৰ আধাৰ:- আমাৰ শৰীৰ নিৰ্মাণৰ প্ৰধান আধাৰ এমিন’ এছিড| কিন্তু আমাৰ শৰীৰে প্ৰয়োজনীয় সকলোবোৰ এমিন’এছিড উৎপন্ন কৰিব নোৱাৰে| চালকুঁৱৰীৰ ৰস হ’ল এমিন’ এছিডৰ ভাণ্ডাৰ| সেয়েহে চালকুঁৱৰীৰ ৰস দৈনিক সেৱনৰ ফলত শৰীৰে প্ৰয়োজনীয় সকলোবোৰ এমিন’ এছিড লাভ কৰে যাৰ বাবে শৰীৰ সুস্থ, নিৰোগী আৰু শক্তিশালী হৈ থাকে|
৯) শাৰীৰিক বৃদ্ধি আৰু ওজন নিয়ন্ত্ৰণ:- আমি খোৱা আহাৰত থকা কিছুমান আলাগতিয়াল পদাৰ্থৰ বাবে আমাৰ এলাহ আৰু ভাগৰুৱা ভাৱ আহে| বিশুদ্ধ চালকুঁৱৰীৰ ৰস দৈনিক ব্যৱহাৰ কৰিলে শৰীৰত শক্তিৰ অনুভৱ হয়, শাৰীৰিক বৃদ্ধিয়ে শীৰ্ষস্থান পায় আৰু শৰীৰ অনুপাতে ওজন হয়|
১০) ক’লাজেন আৰু ইলেষ্টিনৰ মেৰামতি:- বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ চালত বয়সৰ যি ৰেখা পৰে, চালকুঁৱৰীৰ ৰসে চালক পুষ্টিৰ যোগান ধৰি সেইবোৰ নাইকিয়া কৰে| ফলত চাল উজ্জ্বল আৰু কমনীয় হয়|
প্ৰকৃতিৰ অমুল্য অৱদান ঘৃতকুমাৰী বা চালকুঁৱৰী নৱ প্ৰজন্মৰ আহাৰ
দেখাত কাইটীয়া, মঙহাল উদ্ভিদ জোপাক চালকুঁৱৰী, ঘৃতকুমাৰী, মুচ্চবৰ, কৈতকী, এল’ভেৰা আদি বিভিন্ন নামেৰে জনা যায়| আৰবী এল’ শব্দৰ লগত লেটিন শব্দ ভেৰা লগ লাগি এল’ভেৰা হৈছে| এল’ৰ অৰ্থ উজ্জ্বল তিতা দ্ৰব্য আৰু ভেৰাৰ অৰ্থ সত্য|
আয়ুৰ্বেদত ইয়াক বনৌষধৰ মহাৰজা বুলিও কোৱা হৈছে| প্ৰাচীন কালত চালকুঁৱৰী বিভিন্ন ধৰণে ব্যৱহাৰ কৰিছিল| কোনোৱে পদুলিমুখ আৰু ঘৰৰ দুৱাৰত চালকুঁৱৰীৰ পাত আঁৰি থলে বিভিন্ন অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পায় বুলি বিশ্বাস কৰিছিল| কোনোৱে ইয়াৰ লাডু বনাই আৰু কোনোৱে ইয়াৰ হালোৱা বনাই খাইছিল| আমাৰ দেশৰ ৰাজস্থানত বৰ্তমানো চালকুঁৱৰীক পাচলি হিচাপে ব্যৱহাৰ কৰে|
প্ৰাচীন কালত মিচৰ দেশৰ মামী সমুহত চালকুঁৱৰীৰ প্ৰলেপ সানি সেইবোৰ দীৰ্ঘদিনলৈকে সংৰক্ষণ কৰিছিল| বিশ্বসুন্দৰী ক্লিউপেট্টা আৰু নেপোলিয়নৰ পত্নী জোচেফাইনেও দেহত চালকুঁৱৰীৰ ৰস ব্যৱহাৰ কৰিছিল| আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে চালকুঁৱৰীৰ ৰস ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ ভুয়সী প্ৰশ্ংসা কৰি থৈ গৈছে|
চালকুঁৱৰীৰ ওপৰত ১৮৩৫ চনৰ পৰা বৈজ্ঞানিক গৱেষণা আৰম্ভ হয়| সুদীৰ্ঘ ২৬ বছৰ গৱেষণাৰ অন্তত বিজ্ঞানী সকলে দেখা পালে যে বিশ্বৰ বিভিন্ন ঠাইত পোৱা চালকুঁৱৰী ৰসৰ বেলেগ বেলেগ গুণ আছে| যেনে- উত্তৰ প্ৰদেশ, বিহাৰ আদিত পোৱা চালকুঁৱৰীৰ ৰসে হাড়ৰ যোৰাৰ বিষ নিৰাময়ত সহায় কৰে, ৰাজস্থানত হোৱা চালকুঁৱৰীৰ ৰসে হাঁপানি ৰোগ নিৰাময় কৰে| ৰাচিয়া মহাদেশত হোৱা চালকুঁৱৰীৰ ৰসে চালৰ বিভিন্ন ৰোগ উপশম কৰে|
বিজ্ঞানী সকলে গৱেষণাৰ অন্তত দেখা পালে যে, বিশ্বত মুঠতে ৩০০ বিধ প্ৰজাতিৰ চালকুঁৱৰী উদ্ভিদ আছে| তাৰ ভিতৰত ২৮৫ বিধ প্ৰজাতিত ০ ৰ পৰা ১৫ শতাংশ ঔষধি গুণ যুক্ত দ্ৰব্য; ১১ বিধত বিষাক্ত দ্ৰব্য আৰু ৪ বিধত ৯০ ৰ পৰা ১০০ শতাংশ ঔষধি গুণযুক্ত দ্ৰব্য আছে| তাৰ ভিতৰত এল’বাৰ্বাৰ্-ডেনছিছ্-মিলাৰত ১০০ শতাংশ ঔষধি গুণযুক্ত দ্ৰব্য পাইছে| বিশুদ্ধ পৰিৱেশ আৰু সম্পুৰ্ণ জৈৱিক প্ৰক্ৰিয়াৰে তিনি বছৰ লালন-পালনৰ ফলত এই উদ্ভিদ জোপা নিম্নলিখিত গুণ দুটাৰ অধিকাৰী হয়|
১) পৰিশোধন বা টক্সিন আঁতৰ কৰা
২) মেৰামতি/ উপশমকাৰক
এতিয়া প্ৰশ্ন হ’ল এই টক্সিন কি?
আমাৰ দেহৰ পাচন তন্ত্ৰত জমা হোৱা এক প্ৰকাৰ প্ৰদুষিত বিহ বা লেতেৰা পদাৰ্থই হ’ল টক্সিন| যাৰ ফলত ঔষধ গ্ৰহণৰ পাছতো ৰক্তচাপ, মধুমেহ, মাইগ্ৰেন আদিৰ দৰে বিভিন্ন ৰোগ উপশম হোৱাৰ পৰিৱৰ্তে ৰোগে জটিল ৰুপ ধাৰণ কৰে| এনে হোৱাৰ মূল কাৰণেই হৈছে টক্সিন| এই টক্সিন আমাৰ দেহলৈ ক’ৰ পৰা, কেনেকৈ আহিল? আমি খোৱা আহাৰ, পানী আৰু বতাহৰ দ্বাৰা অথবা আমাৰ জীৱনশৈলী বিকৃত হোৱাৰ ফলতো দেহত টক্সিনে প্ৰবেশ কৰে| আনহাতে, যিসকলে ৰাতি প্ৰয়োজনতকৈ অধিক আহাৰ খায়ে শুই থাকে অৰ্থাৎ যিসকলে আহাৰ খাওতে টিভি বা আন কথাত মনোযোগ দিয়ে; আহাৰ সুস্বাদু হোৱাৰ বাবে জোখতকৈ অধিক পৰিমাণৰ আহাৰ ভক্ষণ কৰে আৰু শুই থাকে| ফলত আহাৰ সম্পুৰ্ণৰুপে হজম নহয়, হজম নোহোৱা আহাৰ বোৰৰ কিছু তন্ত্ৰ সমুহত লাগি ধৰে| ইঁহত ইমানেই শক্তিশালী যে কোনো ঔষধেই ইঁহতক আঁতৰ কৰিব নোৱাৰে| সেই লেতেৰা বা মলিবোৰেই হ’ল আমাৰ দেহৰ বৰবিহ বা টক্সিন|
চালকুঁৱৰীৰ ৰসে তন্ত্ৰ সমুহৰ পৰা এই বিহৰুপী টক্সিন পৰিস্কাৰ কৰে আৰু টক্সিন ৰ পৰা শৰীৰৰ যি অনিষ্ট সাধন হয় তাক মেৰামতি কৰি শৰীৰটোক সুস্থ কৰাত সহায় কৰে| চালকুঁৱৰীৰ ব্যৱহাৰে প্ৰায় ২০০ বিধ ৰোগ উপশম কৰাত সহায় কৰে| বিশেষকৈ আজিকালি অতি কম বয়সৰ ব্যক্তিৰ যি হাড়ৰ যোৰাৰ বিষ হয়; যাক কোনো চিকিৎসাই নিৰ্মূল কৰিব নোৱাৰে; একমাত্ৰ চালকুঁৱৰীৰ ৰসে সেই ৰোগ নিৰাময়ত বিশেষভাৱে সুফল প্ৰদান কৰে| চালকুঁৱৰী ৰসৰ উপকাৰ তৎক্ষণাত পোৱা নাযায় সাধাৰণতে ব্যৱহাৰৰ দিনৰ পৰা তিনি ছয় মাহৰ ভিতৰত ইয়াৰ গুণাগুণ অনুভৱ কৰিব পাৰে| প্ৰকৃততে চালকুঁৱৰীৰ ৰস কোনো ঔষধ নহয়, ই আমাৰ দৈনন্দিন আহাৰত থাকিবলগীয়া পুষ্টি বা উপাদান|
বিশুদ্ধ আৰু প্ৰামাণ্য তিনি বছৰ বয়সীয়া চালকুঁৱৰীৰ ৰসহে ব্যৱহাৰ কৰিব লাগে| অন্যথা উপকাৰ পোৱা নাযায়|
মৰ্তৰ অমৃত চালকুঁৱৰী
বিশুদ্ধ আৰু সুস্থিৰকৰণীয় চালকুঁৱৰীৰ ৰসত নিম্নলিখিত উপাদান সমুহ পোৱা যায়|
১) লিগ্নিন:- ই শৰীৰৰ ভিতৰত তীব্ৰ বেগত প্ৰবেশ কৰে| লিগনিন থকাৰ বাবে চালত ব্যৱহাৰ কৰা জেল দুই-তিনি মিনিটৰ ভিতৰতে চালৰ তৃতীয় স্তৰ পৰ্যন্ত প্ৰবেশ কৰে|
২) ছেপ’নিন:- ই এক প্ৰকাৰ বনস্পতিক চাবোন| ছেপ’নিনে লিগ্নিনৰ লগলাগি টক্সিনৰ তললৈকে প্ৰৱেশ কৰি তাৰ পৰা টক্সিন বাহিৰ কৰে| লগতে ছেপ’নিনে ছাল আৰু দেহৰ ভিতৰৰ অপকাৰী আৰু অ-প্ৰয়োজনীয় পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দি শৰীৰটোক বাহিৰে-ভিতৰে পৰিস্কাৰ কৰে|
৩) এন্থ্ৰ’কুইন্নচ্:- ইয়াক আমাৰ পাচন তন্ত্ৰই সহজতে শুহি লব পাৰে| ই পাচনতন্ত্ৰত থকা অতি সুক্ষ্ম অণুজীৱবোৰ ধ্বংস কৰাত সহায় কৰে| ইয়াত থকা উপাদানে প্ৰাকৃতিকভাৱে বিষ নিবাৰণ কৰে| ই এণ্টিবায়’টিক, এণ্টিপিয়োৰেটিক, এণ্টিচেপ্তিক আদি হিচাপে কাম কৰে| ই এক প্ৰকাৰৰ এন্জাইমৰ সমষ্টি|
৪) ভিটামিন:- আমাৰ শৰীৰত পাচনৰ বাবে ভিটামিন এক আৱশ্যকীয় উপাদান| ভিটামিনে আমাৰ মেটাবলিজম স্তৰ সুস্থ ৰখাত সহায় কৰে| চালকুঁৱৰীৰ ৰসত প্ৰায় সকলো প্ৰকাৰৰ ভিটামিন পোৱাৰ উপৰিও ভিটামিন বি১২ ও পোৱা যায়| প্ৰকৃতিত বি১২ উপাদান থকা উদ্ভিদৰ সংখ্যা তেনেই নগন্য| শৰীৰৰ বাবে অতিকৈ দৰকাৰী ভিটামিন বি১২ মাংসতহে পৰ্যাপ্ত পৰিমাণে পোৱা যায়, সেয়েহে নিৰামিষভোজী সকলৰ বাবে চালকুঁৱৰীৰ ৰস অতি আৱশ্যকীয় খাদ্য|
ভিটামিন বি১২ য়ে মানুহৰ স্নায়ুতন্ত্ৰ, তেজৰ লোহিত ৰক্ত কণিকাৰ মাত্ৰা আৰু স্বাস্থ্য পৰিচালনা কৰে| ইয়াৰ অভাৱত হাত-ভৰি জিনজিনাই| তদুপৰি মানসিক ৰোগ আৰু ৰক্তাল্পতাৰ দৰে মাৰাত্মক সমস্যায়ো হ’ব পাৰে|
৫) উৎসেচক:- আমাৰ শৰীৰৰ যিকোনো ক্ৰিয়া কলাপৰ বাবে উৎসেচক অতি আৱশ্যকীয় উপাদান| উৎসেচকে শৰীৰৰ উপাদানসমুহ এঠাইৰ পৰা আনঠাইলৈ নিয়াত সহায় কৰে| উৎসেচকে খাদ্য হজম কৰা, প্ৰদাহ নিৰাময় কৰা, ভগা হাড় যোৰা লগোৱা, বিনষ্ট বা আঘাতপ্ৰাপ্ত কোষ বা কটা-ছিঙা আদি নিৰাময় বা পুনৰ গঠনত সহায় কৰে| চালকুঁৱৰীৰ ৰসে আন বস্তু হজম কৰাত সহায় কৰে; কিন্তু ই নিজে হজম নহয়|
৬) মিনাৰেল:- মিনাৰেলে ভিটামিনৰ সৈতে মিলি আমাৰ শৰীৰৰ বিকাশ, বৃদ্ধি আদিত বিশেষ ভুমিকা পালন কৰে| ভিটামিনে আমাৰ শৰীৰত সুচাৰুৰুপে কাম সম্পাদন কৰিব পৰা অৱস্থাৰ সৃষ্টি কৰিটোৱেই মিনাৰেলৰ প্ৰধান কাম| চালকুঁৱৰীত প্ৰধানত কেলছিয়াম, মেগনেছিয়াম, ফচফৰাচ, পটেছিয়াম, আয়ৰণ, ছডিয়াম, ক্লৰিন, মেংগানিজ, কপাৰ, ক্ৰ’মিয়াম, যিংক আদি পোৱা যায়|
৭) লিপিড:- লিপিডত মন বা পৰিচেকাৰাইড পোৱা যায়| ই আমাৰ ইমুন চিষ্টেম সুস্থ ৰখাত সহায় কৰে| কিছুমান পলিচেকাৰাইডে কোষৰ ভিতৰত এটা লাইন বনাই লয় আৰু অপজাতীয় উপাদান প্ৰবেশত বাধা প্ৰদান কৰে| ইয়াক ইমুন’মেডিলেটৰ বুলিও কোৱা হয়|
৮) ফেটি এচিড:- এল’ভেৰাত ক’লেষ্টৰল, কন্পেটিউল, বি.চিৰ’ষ্টিৰ’ আৰু লিউপল নামৰ ফেটি এচিড পোৱা যায়| যিবোৰে এণ্টি-ইন্ফ্লেমেটৰী এজেণ্টৰ ৰুপত কাম কৰে|
৯)চেলিচাইক্লিক এছিড:- চালকুঁৱৰীত পোৱা চেলিচাইক্লিক এছিডে এচপিৰিনৰ দৰে কাম কৰে| ই বেক্টেৰিয়া প্ৰতিৰোধক|
১০) এমিন’ এছিড:- এমিন’ এছিডে আমাৰ শৰীৰত বান্ধনীৰ দৰে কাম কৰে| আমাৰ দেহৰ বিভিন্ন কোষবোৰ বহুধৰণৰ প্ৰটিনেৰে গঠিত| বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন তৈয়াৰ কৰিবলৈ আমাৰ দেহত ২২ বিধ এমিন’ এছিডৰ প্ৰয়োজন| এই ২২ বিধৰ ভিতৰত ৮ বিধ মুখ্য এমিন’ এছিড আৰু ১৪ বিধ গৌণ এমিন’ এছিড| অতি বিস্ময়কৰ কথা যে চালকুঁৱৰীৰ ৰস দেহৰ প্ৰয়োজনীয় সকলও এছিডৰ ভাণ্ডাৰ|
চালকুঁৱৰীৰ ৰস আমাৰ বাবে প্ৰকৃতিৰ এক মহৎ অৱদান| ই নিজে এণ্টিচেপ্টিক, অনুজীৱ প্ৰতিৰোধী, এণ্টি ফেংগল বেক্টেৰিয়া প্ৰতিৰোধী তথা এণ্টিবায়’টিক| ই আমাৰ দেহৰ কোষসমুহ শোধন আৰু মেৰামতি কৰি সেইবোৰ সুস্থ ৰখাত সহায় কৰে| চালকুঁৱৰীৰ ৰসে আন বস্তু হজম কৰাত সহায় কৰে, কিন্তু ই নিজে হজম নহয়| ইয়াত থকা প্লেণ্ট’-ষ্টেৰ’লছে মানুহ বা জন্তুৰ শৰীৰৰ বিষ, হাড় আৰু হাড়ৰ যোৰাৰ বিষ, বাতবিষ আদি উপশম কৰাত সহায় কৰে|
বিশ্বৰ বিভিন্ন স্থানত যেনে- ডা. লাইন্স পোলিং ইন্ষ্টিটিউট অৱ চাইন্স এণ্ড মেডিচিন্, প’লি আল্লো ইউনিভাৰ্চিটি অৱ অক্লাহোমা তথা অক্সফোৰ্ড ইউনিভাৰ্চিটিত বৰ্তমানো চালকুঁৱৰীৰ ওপৰত গৱেষণা চলি আছে|
উৎস:- ফৰএভাৰ কোম্পানী লিমিটেড
শেহতীয়া উন্নীতকৰণ: : 4/27/2020