অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰত নিকা বায়ু পাবলৈ

ঘৰত নিকা বায়ু পাবলৈ

 

কিছু বছৰ আগলৈকে অসমীয়া লোকৰ ঘৰ-বাৰী আটোম-টোকাৰি, পৰিষ্কাৰ-পৰিচছন্ন আছিল।ঘৰৰ সন্মুখত আহল-বহল, ধুনীয়া বাগিচা থকাটো চিৰাচৰিত নিয়ম।অসমীয়া পৰিয়ালত একোখন আহল-বহল চোতাল থাকেই।ঘৰবোৰ আহল-বহল, চাফ-চিকুণ হোৱা বাবে পৰিবেশ বাসোপযোগী, সুগম।বাৰী গছ-গছনিৰে ভৰপূৰ হৈ থকা বাবে পৰিষ্কাৰ, শীতল, নিৰ্মল বায়ুৱে ঘৰৰ পৰিৱেশ স্বাস্থ্যৰ অনুকূল কৰি ৰাখে।তাহানি মানুহে কাম, খেলা আদিত লাগি দিনটোৰ বেছিভাগ সময় ঘৰৰ বাহিৰৰে কটায়থচ আজিকালিৰ লোকে দিনৰ অধিক সময় ভিতৰতে অৰ্থাৎ ঘৰ অথবা কাৰ্যালয়ত অতিবাহিত কৰে।মানুহে গড় হিচাপে প্ৰায় নন্বৈ শতাংশ সময় ঘৰৰ ভিতৰতে পাৰ কৰে, যি পৰিপ্ৰেক্ষিতত বহু সময় ধৰি স্থিৰ, বন্ধ প্ৰদূষণযুক্ত বায়ুৰে উশাহ লৈ থাকিবলৈ বাধ্য হয়।ইয়াৰ ফলত বায়ুত অক্সিজেনৰ পৰিমাণ কমি আহে, যাৰ বিপৰীতে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি আহিবলৈ ধৰে, যাৰ পৰিণতিত মানুহ প্ৰদূষণৰ কু-প্ৰভাৱৰ বলি হয়।চকুৰ খচখচনি, ডিঙিৰ সুৰসুৰণি, মূৰৰ বিষ, ক্লান্তি, আচন্দাই আদি বিস্ংগতিয়ে প্ৰদূষণৰ কু-প্ৰ্ভাৱ।ঘৰৰ বাহিৰৰ বায়ু প্ৰদূষণৰ তুলনাত ভিতৰৰ প্ৰদূষণ দহ গুণ বেয়া অথচ ইয়াক সম্পূৰ্ণৰুপে আঁতৰ কৰাটো মুঠেই সম্ভৱ নহয়, মাথোন তাৰ মাত্ৰা লাঘৱ কৰিব পাৰি।ঘৰৰ অন্তৰ্ভাগৰ বায়ু প্ৰদূষণৰ মূল উৎস হ’ল দহন, গৃহ নিৰ্মাণ সামগ্ৰী তথা বায়ু বিলয়ী।ইন্ধনৰ অসম্পূৰ্ণ দহনৰ ফলত কাৰ্বন মন’ক্সাইড, ফৰমেলডিহাইড আৰু বিষাক্ত কণিকা ওলায়, যিবোৰে স্বাস্থ্যৰ ওপৰত সাংঘাতিক প্ৰভাৱ পেলায়।ঘৰৰ বেৰত লগোৱা ৰ্ং তথা ঘৰ সজা সামগ্ৰীয়ে ফৰমেলডিহাইড, বেঞ্জিন আৰু আন উদ্বায়ী জৈৱ যৌগ মুকলি কৰে, যিবোৰ স্বাস্থ্যৰ হানিকাৰক।ৰন্ধন কাৰ্যত বিপদজনক গেছ ওলায়, যিবোৰ পাক ঘৰত বাহ লোৱা পঁইতাচোৰাৰ মলৰ লগত মিহলি হয়।ঘৰৰ আচবাব তথা আনুষংগিক সামগ্ৰী বেক্টেৰিয়া, বীজাণু তথা ভেঁকুৰৰ বাস- য’ত বালিচাহী, পঁইতাচোৰাৰ বিষাক্ত পদাৰ্থ, ক্ষুদ্ৰ কণা, বালি আদি থাকে।আচবাবৰ ৰ্ং, চিকমিকনি তুলিবলৈ ঘঁহা দ্ৰব্য, ৰহন বহুতো যৌগৰে গঠিত, যিবোৰ স্বাস্থ্যৰ হানিকাৰক।অপৰিষ্কাৰ তথা বায়ু চলাচল কৰিব নোৱাৰা শৌচালয় ভেঁকুৰ, বেক্টেৰিয়া, বীজাণু তথা পঁইতাচোৰাৰ ৰম্যভূমি।ঘৰত ছটিওৱা দৰৱ, বায়ু নিৰ্মল কৰা ৰাসায়নিক, অপমাৰ্জক আৰু বাচন চাফ কৰা চাবুন আদিয়ে বিপদজনক ৰাসায়নিক যেনে-উদ্বায়ী জৈৱ যৌগ, মুকলি কৰে; যিবোৰ চকুৰ খচখচনি, ডিঙিৰ সুৰসুৰণি, মূৰৰ বিষ আদিৰ কাৰক।প্ৰদূষণৰ উৎসৰ বিষয়ে জনাৰ পিছত ইয়াত থকা প্ৰদূষকবোৰে স্বাস্থ্যৰ ওপৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে, সেই বিষয়ে আলোচনা কৰিব পাৰি।

এঘবেষ্টছ:বহুতো নিৰ্মাণ সামগ্ৰী এই খনিজ পদাৰ্থৰে গঠিত,যিবোৰ সামগ্ৰীৰ অৱনতি ঘটিলে অথবা হানি হ’লে স্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰে।কাৰণ সুক্ষ্ম আঁহবোৰ ওলাই বায়ুত বিয়পি থকাত শ্বাস-প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি কৰাৰ উপৰি কৰ্কট ৰোগৰ কাৰক হয়।

কাৰ্বন মন’ক্সাইড:ই এবিধ গোন্ধহীন ,বৰণহীন বিপজ্জনক গেছ,যিয়ে তেজৰ অক্সিজেন বহন ক্ষমতা হ্ৰাস কৰে।কম বায়ুত ইন্ধন পুৰিলে এই গেছ ওলায়,যাৰ মাত্ৰা কম হ’লে মুৰৰ বিষ,বমি,আচন্দ্ৰাই কৰা তথা ভুল বুজাবুজিৰ কাৰক।উচ্চ মাত্ৰাৰ গেছে মানুহৰ মৃত্যু ঘটাব পাৰে।

বালিচাহী:এইবোৰ ক্ষুদ্ৰ অপকাৰী কীট,যিয়ে এলাৰ্জিত ভোগায় আৰু বহুতে হাঁপানিত আক্ৰান্ত হয়।এই অপকাৰী কীটবোৰ বিছনাৰ তুলী,গাৰু,কাপোৰত থাকে।গাদী,আচবাবৰ আনুষংগিক সামগ্ৰী,দলিচা,পৰ্দা আদিত এই কীটৰ ৰাস।ইয়াৰ বিকাৰত চকুপানী পৰে,কাহ,হাঁচিত অতিষ্ঠ হয়।

ফৰমেলডিহাইড:ই বৰণহীন,গোন্ধযুক্ত,দাহ্য পদাৰ্থ আৰু কৰ্কট ৰোগৰ কাৰক,যিয়ে মুৰৰ বিষ,বমিৰ ভাব,শ্বাস কষ্ট,হাঁপনি আদিত ভোগায়।বহুতো বাচন মজা চাবোন,দৰব,প্ৰসাধন সামগ্ৰীত ফৰমেলডিহাইড থাকে।উচ্চ আৰ্দ্ৰতা তথা উষ্ণতাৰ ফৰমেলডিহাইড ততালিকে মুকলি হয়।ধুমপান,কাঠ,কাগজ তথা ইন্ধনৰ দহনত ফৰমেলডিহাইড ওলায়।

পোহনীয়া প্ৰাণী:ঘৰচীয়া প্ৰাণীৰ ছালৰ টুকুৰা খহি পৰে,যিবোৰ এলাৰ্জীৰ কাৰক।ইয়াৰ ফলত হাঁচি,বুকু টনটনীয়া,উশাহ লওতে সোঁ সোঁ শব্দ হোৱা,চকুৰ পানী নিগৰা,খজুৱতি,বেচু আদি বিসংগতিয়ে গা কৰি উঠে।

সীহ:সীহ এবিধ বিষাক্ত ধাতু,যাক সাধাৰণ ঘৰুৱা সামগ্ৰী নিৰ্মাণৰ কামত লাগে।ৰ্ং,পানীৰ নলা তথা সাৰৰ ই অন্যতম উপাদান।এই সামগ্ৰীবোৰৰ অৱনতি ঘটিলে সাঁহ মুকলি হয়,যিয়ে শৰীৰৰ আটাইবোৰ অংগৰে ক্ষতিসাধন কৰে।সীহৰ বিষক্ৰিয়াৰ তীব্ৰ প্ৰভাৱত কলিজাৰ ক্ৰিয়া বন্ধ হোৱাৰ দৰে বিকাৰ,পক্ষাঘাত ৰোগ,ৰক্তহীনতা,পেটৰ বিষ,কোষ্ঠকাঠিন্য,বমি আদিত ভুগি মৃত্যু পৰ্যন্ত ঘটে।

ধঁপাতৰ ধোঁৱা:ধঁপাতৰ ধোঁৱাৰ অপকাৰী প্ৰভাৱে বহুতো লোকক আক্ৰান্ত কৰি নিউম’নিয়া,শ্বসনী প্ৰদাহ,হাঁপানি আদিত ভোগায়।

অপকাৰী কীটৰ মল:পইতাচোৰা ,এন্দুৰ,নিগনিৰ মল এলাৰ্জীৰ শক্তিশালী কাৰক,যিবোৰে কফ,চুটি উশাহ,জ্বৰ,হজমীৰ সমস্যা,চকুপানী পৰা,আচন্দ্ৰাই কৰা,হাঁচি,অলসতা আদিত ভোগায়।

কীটনাশক দৰব:অপকাৰী কীটৰ পৰা হাত সাৰিবলৈ কীটনাশক দৰব ছটিয়ায়,যিবোৰে মুৰৰ বিষ,দুৰ্বলতা,আচন্দ্ৰাই কৰা ,ওকালি,দেহৰ পিৰপিৰণি ঘটায়।

নাইট্ৰ’জেন-ডাই-অক্সাইড:ই বৰণহীন,গোন্ধহীন গেছ,যাৰ গাঢ়তা বাঢ়িলে চুটি উশাহ,হাওঁফাঁওৰ বিকাৰত ভোগে।

লেখক: আনন্দ দেৱগোস্বামী (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate