অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চল্লিছ ঊৰ্ধৰ জীৱন

চল্লিছ ঊৰ্ধৰ জীৱন

আজিকালি বহু স্ংখ্যক যুৱকে ৪০ বছৰতত্ভৰি দিয়াৰ পিছতহে সাংসাৰিক জীৱন আৰম্ভ কৰে। ছোৱালীবোৰেও শিক্ষা-দীক্ষাসাং কৰি চাকৰি-বাকৰি কৰিহে বিয়াত বহে। ছোৱালীবোৰৰ ক্ষেত্ৰত সেয়ে ‘কুৰিতে বুঢ়ী’ বুলি কোৱা কথাষাৰ বৰ্তমান যুগত অচল।

পিছে চল্লিছ পাৰ হোৱাৰ পিছতো কিদৰে কৰ্মঠ, তজবজীয়া আৰু আকৰ্ষণীয়দেহসৌষ্ঠৱ অটুট ৰাখিব পাৰি, সেই কথাৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন আহি পৰিছে । বয়সটো হাতৰ মুঠিতধৰি ৰাখিব পৰা নাযায়। বয়স বাঢ়ি অহাৰ লগে লগে বিভিন্ন্ন শাৰীৰিক সমস্যাই দেখা দিয়ে। সেয়ে চল্লিছৰ পিছতো কিদৰে কৰ্মততপৰ স্বাস্থ্যবান, নিৰোগী হৈ থাকিব পাৰি এই বিসয়ে তলত বহলাই অলোচনা কৰা হ’ল।

৪০ পাৰ হোৱাৰ আগতে নিজক লৈ সচেতন হ’ব

চল্লিছ বছৰত ভৰি দিয়াৰ আগতে পুৰুষসকলে  নিজৰ জীৱনস্ংগী বিচাৰি লোৱাৰ প্ৰয়োজন। যিসকলে চল্লিছৰ পূৰ্বে স্ংসাৰ পাতিছে, তেওঁলোকে ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰাৰ চিন্তা, ল’ৰা-ছোৱালীৰ অসুখ-বিসুখ, সিক্ষা-দীক্ষাক লৈ ব্যস্ত্ হৈ থাকোতেই কেতিয়ানো চল্লিছ পাৰ হ’ল গমকে নাপায়। ৪০ পাৰ নোহোৱালৈ নিয়ম-নীতি মানি চলাটো বৰ টান, টকা-পইচাৰ চিন্তা, স্ংসাৰৰ বিভিন্ন সমস্যা আদিয়ে জীৱনটো ভাৰাক্ৰান্ত কৰি ৰাখে।

বৰ্তমান ৪০ পাৰ হ’লেও ল’ৰা-ছোৱালী ডেকা হৈয়ে থাকে। তথাপি বয়সটো ধৰি ৰাখিবলৈ হ’লে কিছুমান নীতি-নিয়ম মানি চলা বৰ প্ৰয়োজন। তলত এই বিষয়ে বহলাই আলোচনা কৰা হৈছে। চল্লিছ পাৰ হোৱা লোকসকলে পৰামৰ্শবোৰ মানি চলিলে উপকৃত হ’ব।

শৰীৰ-স্বাস্থ্যৰ নিয়ম মানি চলিব

আপোনাৰ যদি চল্লিছ পাৰ হৈছে, তেতিয়াহ’লীই চাৰিটা নিয়ম মানি চলিব। যেনে-সময়ানুবৰ্তিতা, দুশ্চিন্তা ত্যাগ, ব্যায়াম আৰু পৰিমিত আহাৰ। এই নিয়মবোৰ সঠিকভাৱে পালন কৰিব লাগিব। আজি গটৈ ভল নহয়, কাইলৈৰ পৰা ব্যায়াম কৰিম’, ‘এদিন ব্যায়াম নকৰিলে একো নহয়’-এইধৰণৰ চিন্তা মনলৈ নানিব। নিয়ম ভ্ংগ কেতিয়াও নকৰিব।

কামৰ চাপ আৰু মানসিক চাপ

কামৰ চাপ বৃদ্ধি পোৱা আৰু কামৰ বাবে মানসিক চাপ বৃদ্ধি পোৱা- এই দুয়োটা বিষয় সম্পূৰ্ণ বেলেগ। সদায় কামৰ চাপ অকে নাথাকে। কেতিয়াবা বেছি, কেতিয়াবা কম হয়। যদি কামৰ চাপৰ বাবে মানসিক চাপ অনুভৱ কৰিছে, তেতিয়া হ’লে কামৰ চাপ হ্ৰাসকৰিবলৈ চেষ্টা কৰিব। মানসিক চাপ কমাবলৈ আটাইতকৈ উতকৃষ্ট উপায় হৈছে প্ৰাণায়ামৰ অনুশীলন কৰা।

টকা-পইচাৰ চিন্তা হ’লে মনলৈ বিভিন্ন ধৰণৰ চিন্তা অহাটো অস্বাভাৱিক নহয়।তেতিয়া অলপ সময় ৰৈ ভাবিব-প্ৰয়োজনতকৈ বেছি দৌৰাদৌৰি কৰিছে নেকি? কম্পিউটাৰৰ সন্মুখত বহু সময় বহি থাকিলেও মনত চাপ পৰে। তেতিয়া হ’লে এঘণ্টাৰ মূৰে মূৰে বহাৰ পৰা উঠি অলপ ইফাল-সিফাল কৰিব। দেখিব মনটো পাতল পাতল লাগিছে। কামটো কৰিবলৈ সহজ হৈ পৰিছে।

চল্লিছ পৰ হোৱাৰ পিছৰ ব্যায়াম

বহুতেই ভাবে দীৰ্ঘদিন ধৰি এইকেইটা যোগাসন বা ফ্ৰী-হেণ্ড ব্যায়াম কৰি আহিছো, সেয়ে আৰু বহু বছৰলৈ এইকেইটা ব্যায়াম কৰি থাকিব পাৰিম। পিছে এয়া ভুল ধাৰণা। কাৰণ চল্লিছ পাৰ হোৱাৰ পিছত কিছুমান হৰমোনৰ নি:সৰণ হ্ৰাস পায় আৰু শৰীৰৰ বিপাকীয় পৰিৱৰ্তন ঘটে। সেয়ে এই বয়স পাৰ হোৱাৰ পিছত ব্যায়ামৰ তালিকাখন সাল-সলনি কৰিব লাগে। কিছুমান যোগাসন কষ্টকৰ্যেন অনুভৱ হ’ব পাৰে। যেনে-শীৰ্ষাসন, সৰ্বাংগাসন আদি। হাড়, মাংসপেশী, সন্ধিস্থলত বেছিকৈ চাপ পৰা ব্যায়াম কৰিব নালাগে।ব্যায়াম ধীৰে-সুস্থিৰে কৰা উচিত। নাইবা সদায় ব্যায়াম নকৰি সপ্তাহত চাৰিদিনকৈব্যায়ম কৰিব পাৰে। এই ক্ষেত্ৰত অভিজ্ঞ যোগ-প্ৰশিক্ষকৰ পৰামৰ্শ ল’ব। সাঁতোৰা।খোজকঢ়া, চাইকেল চলোৱা আদি ব্যায়ামবিলাক নেৰিব। কিন্তু একেৰাহে বহু সময় ধৰি এইবোৰ ব্যায়াম কৰি নাথাকিব।

কাম কৰাৰ সময়

চল্লিছৰ পিছত কাম কৰাৰ সময় নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত গুৰুত্ব দিব। ধৰক, আগতে মাজনিশালৈ কাম কৰি পিছদিনা পুৱাই উঠিআকৌ অফিচলৈ গৈছে।কিন্তু চল্লিছ পাৰ হোৱাৰ পিছত মাজনিশালৈ কাম কৰিলে পিছদিনা ক্লান্তিবোধ হয়। পিছদিনা সময়মতে টোপনিৰ পৰা উঠিব নোৱাৰে। গাটো বেয়া লাগি থাকে। গতিকে কামৰ হেচা আৰু কাম কৰাৰ সময় সীমিত কৰিব। সকলো ব্যায়াম সময়মতে কৰিব। পিছত কৰিম বুলি পেলাই নাৰাখিব। কামৰ মাজতে অলপ চলা-ফুৰা কৰিলে, ল’ৰা-ছোৱালীৰ সৈতে ধেমালি কৰিলে অথবা পোহনীয়া জীৱ জন্তুৰ সৈতে কিছু সময় কটালে মনটো সতেজ হ’ব।

খোৱা-বোৱাৰ অভ্যাস সলনি কৰিব

চল্লিছ পাৰ হোৱাৰ পিছত পুৰুষ-মহিলা উভয়ে খোৱা-বোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব। খোৱাৰ লগে লগে অতিৰিক্ত কেল’ৰি ক্ষয় হোৱাৰ ব্যৱস্থা কৰাটোও অতি গুৰুত্বপূৰ্ণ কাম। কাৰণ অতিৰিক্ত কেল’ৰি ক্ষয় নহ’লে শৰীৰৰ বিপাকীয় কাৰ্য ব্যাহত হয় আৰু এনেদৰে সঞ্চিত কেল’ৰিয়ে ডায়েবেটিছ আৰু ৰক্তচাপজনিত ৰোগ সৃষ্টি কৰিবপাৰে।মহিলাসকলৰ মেনোপ’জ হ’বলৈ লোৱাৰ সময়ত কেল’ৰি বাৰ্ণ কৰাটো কঠিন হৈ পৰে। ফলত খোৱা-বোৱাৰ অভ্যাস সলনি কৰিব লাগে। চিকিতসক সকলৰ মতে, চল্লিছৰ আগলৈ শতকৰা চল্লিছ ভাগ কৰ্বোহাইড্ৰেট আৰু শতকৰা পঁচিছ ভাগ প্ৰোটিনৰ প্ৰয়োজন কমি গৈ থাকে। বেছি বয়সত কাৰ্বোহাইড্ৰেটে মেদ বৃদ্ধি কৰে। সেয়ে কাৰ্বোহাইড্ৰেটৰ পৰিমাণ কমাই খাব। ফল-মূলৰ ৰস, কোল্ডড্ৰিংকছ সেৱনৰ অভ্যাস ত্যাগ কৰি সতেজ ফল-মূল, ভজা-পোৰা খাদ্যৰ সলনি সিদ্ধ খাদ্য খাব।ভাতৰ সৈতে দৈ খোৱাৰ অভ্যাস কৰিব। মিঠা দৈৰ সসলনি টেঙা দৈ খাব। দুপৰীয়া আৰু নিশা এবাটিকৈ চালাড খাব। পেট্ত ভোক ৰাখি ডআয়েটং নকৰিব।

প্ৰচুৰ পৰিমাণে পানী খাব

দিনে ছয় সাত গিলাছকৈ পানী খাব। এই অভ্যাসে শৰীৰ ভালে ৰাখিব, ভোক বঢ়াব, কোষ্ঠ্যবদ্ধতা নাইকীয়া কৰিব আৰু শুকান ভাব নোহোৱা হ’ব। অৱশ্যে কিছুমান অসুখৰ বাবে অধিক পানী খোৱাত অসুবিধা আছে। তেনেধৰণৰ অসুখ থাকিলে আপুনি কিমাবন পৰিমাণৰ পানী খোৱা প্ৰয়োজন, এই সম্পৰ্কে চিকিতসকৰ লগত পৰামৰ্শ মানি চলিব।

ভোক লাগিলেহে আহাৰ্ খাব

চল্লিছৰ পিছত বিভিন্ন কাৰণত ভোক কমি আহে। মুখৰ ৰুচি কমি যায়। অসুখ-বিসুখৰ বাবে নিয়মিত কিছুমান ঔষধ খোৱাৰ বাবেও ভোক কমে। আনহাতে খোৱাৰ সময়ত পাচক ৰস কমকৈ নিৰ্গত হোৱাৰ বাবে হজমৰ সমস্যাই দেখা দিব পাৰে। কিন্তু ৰক্ত সঞ্চালন স্মৃতিশক্তিৰ প্ৰখৰতা, মানসিক প্ৰফুল্লতা বজাই ৰাখিবলৈ হ’লে ভিটামিন ‘বি-১২’, ‘বি-৬’, ‘ফলিক এচিড’ৰ দৰে কিছুমান ভিটামিন আৰু খনিজ দ্ৰব্য নিয়মীয়াকৈ সেৱন কৰাৰ প্ৰয়োজন আছে। প্ৰয়োজন হ’লে চিকিতসকৰ পৰামৰ্শ ল’ব। মহিলাসকলৰ ক্ষেত্ৰত মেনোপ’জৰ আগে-পিছে হৰমোন সম্পৰ্কীয় কিছু বিস্ংগতি আৰু অন্যান্য শাৰীৰিক পৰিৱৰ্তনৰ বাবে কিছু অসুস্থাতা অনুভৱ কৰাটো স্বাভাৱিক। এনে অৱস্থাত নিয়মীয়াকৈ চিকিতসক্ৰ পৰামৰ্শ ল’ব।

মাথোঁ কেইটিমান পৰামৰ্শ মানি চলিলেই চল্লিছ পাৰ হোৱাৰ পিছতো আপোনাৰ স্বাস্থ্য ত্ৰিছ ঊৰ্ধ মহিলাৰ দৰে শৰীৰৰ কমনীয়তা আৰু সুস্থতা অটুট ৰাখিব পাৰে। এনেদৰে সুস্বাস্থ্য ৰক্ষা কৰি চলিব পাৰিলে আপোনাক মধ্য বয়সীয়া মহিলা বুলি ক’ব নোৱাৰিব। চল্লিছৰ পিছতোমহিলাসকলে আকৰ্ষণীয় হৈ থাকিব বিচাৰিলেনিয়মীয়াকৈ ছাল-চুলিৰ যত্ন ল’ব আৰু সাধাৰণ শাৰীৰিক পৰিৱৰ্ত্নৰ বাবে অসুস্থ যেন অনুভৱ কৰিলে লগে লগে চিকিতসকৰ পৰামৰ্শ ল’ব।

ওজন বাঢ়িবলৈ নিদিব

চল্লিছ পাৰ্হোৱাৰ পিছত পুৰুষ-মহিলা উভয়ৰে প্ৰধান সমস্যা হৈছে দেহত অতিৰিক্ত মেদ জমাহ’বলৈ ধৰে। অতিৰিক্ত মেদ জমা হ’লে কি হয়? প্ৰথমে ৰজোনিবৃতিৰ আগে আগে শৰীৰৰ ওজন বাঢ়িবলৈ আৰম্ভ কৰে আৰু এই প্ৰক্ৰিয়া জীৱনৰ শেষ বয়সলৈকে চলি থাকে, ফলত ওজন অনিয়ন্ত্ৰিত্ভাৱে বাঢ়ি শৰীৰৰ আকাৰ-আকৃতি বিকৃত হৈ পৰে। সাৱধান নহ’লে এই অৱস্থাই বিপদ মাতি আনিব পাৰে। এসময়ত আপোনাৰ যি ৰুপৰ যি গৌৰৱ আছিল, সেই গৌৰৱ তেনেই কম সময়তে নিশে:ষ হ’ব। অতিৰিক্ত ওজন বঢ়াৰ বাবে ডায়েবেটিছ, হৃদ ৰোগ, কেন্সাৰ আদি ৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব। মুখমণ্ডলৰ ছালত বলিৰেখা পৰিব, দেহৰ ছালত কোঁচ খাই ওলমি পৰিব আৰু শৰীৰৰ বিভিন্ন অংশৰ পৰা চৰ্বি ওলমি আহিব।

কাৰ্ডিঅ’ভাস্কুলাৰ ব্যায়াম কৰিব

বয়সৰ চাপ আৰু শৰীৰৰ ওজন অপৰিৱৰ্তিত অৱস্থাত ৰাখিবৰ বাবে একমাত্ৰ উপায় হৈছে কাৰ্ডিঅ’ভাস্কুলাৰ ব্যায়ামৰ  অনুশীলন কৰা। প্ৰাক ৰজোনোবৃতিৰ পৰিৱৰ্তনৰ কোনো লক্ষণে দেখা নিদিয়ে। কোনো অভিজ্ঞ প্ৰশিক্ষকৰ ওচৰত কাৰ্ডিঅ’ভাস্কুলাৰ ব্যায়ামৰ নিয়মবোৰ শিকি ল’ব। ওচৰত জিম থাকিলে তালৈকো যাবপাৰে। প্ৰথমে পোন্ধৰ মিনিট সময়ত ধৰিজ এই ব্যায়ামক কৰাৰ অভ্যাস কৰিব। পিছলৈ আধা ঘণ্টালৈ সময় বঢ়াই দিব। ইয়াৰ লগতে খোজ কঢ়া, সাতোৰা, চাইঅকেল চলোৱা আদি ব্যায়াম কৰি থাকিব পাৰে।

এনে ধৰণৰ ব্যায়ামৰ মূল উদেশ্য হৈছে শৰীৰৰ মাংসপেশীবোৰ শক্তিশালী কৰি ৰখা।

আনন্দ ফুৰ্তিত থাকিব

দেহাতো বুঢ়া হ’লেও মনটোক বুঢ়া হ’বলৈ নিদিব। আপোনাৰ যদি আনন্দ-উতসৱত যোগ দিবলো মন গৈছে, তেতিয়া হ’লে বহি নাথাকিব বয়সীয়ালসকলৰ বাবে যদি নাচৰ স্কুল্ আছে, তেতিয়া হ’লে তাত ভৰ্তি হৈ লওক। সপ্তাহত তিনিদিনীয়াকৈ নচাৰ অভ্যাস কৰিবলৈ ল’লে সচাকৈ আপোনাৰ বয়স কমি যাব। নাইবা ল’ৰা-ছোৱালীৰ সৈতে বন্ধুৰ দৰে আড্ডা মাৰিব। দেখগিব দেহৰ্ত ৰক্তসঞ্চালনৰ গফতি বৃদ্ধি পাইছে, হৃদস্পন্দনৰ গতি নিয়মীয়া হৈছে, দেহ মনলৈ সতেজত আহিছে।

কেইবিধমান বস্তু বেছিকৈ খাব

চল্লিছ পাৰ হোৱাৰ্ পিছতো যাতে আপোনাক্ বয়সীয়া যেন নালাগে, তাৰ বাবে দেহৰ ছালখন্সতেজ কৰি ৰাখিব। ইয়াৰ বাবে বহু উপায় আছে। বিভিন্ন প্ৰসাধন সামগ্ৰীৰ বিজ্ঞাপন আমি সদায় দেখি থাকো। তেনেধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ প্ৰতি বেছি আগ্ৰহ নেদেখুৱাব। প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ অবিহনেও আপোনাৰ ছালখন কমনীয় আৰু উজ্জ্বল কৰি ৰাখিব পাৰে। শৰীৰত বাৰ্ধক্যৰ চাপ কমাই ৰখাৰ ক্ষেত্ৰত্ এণ্টি অক্সিডেণ্ট প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও ভেষজ উপাদানেৰে তৈয়াৰী ‘মাস্ক’ লগাব পাৰে। পকা কল এটা ভালকৈ পিটিকি কেইটোপালমান মৌ মিহলাই ল’ব। এই মিশ্ৰণ মুখত বিছ মিনিট সময় লগাই মুখখন ভলকৈ ধুই পেলাব। দেখিব মুখখন সতেজতাৰে ভৰি পৰিছে।

মাতৃত্ব লাভৰ পিছত পেটত জমা হোৱা অতিৰিক্ত চৰ্বি কিদৰে কমাব?

আজিকালি বেছিস্ংখ্যক বিবাহিত মহিলাই বেছি বয়সত সন্তান জন্ম দিয়ে। বেছি বয়সত গৰ্ভধাৰণ কৰাৰ ফলত ছিজাৰিয়ান অস্ত্ৰোপ্ৰচাৰৰ দ্বাৰা জন্ম হোৱা শিশুৰ স্ংখ্যাও বৃদ্ধি পাইছে। চিজাৰিয়ান অস্ত্ৰোপ্ৰচাৰৰ ফলত মাতৃ হোৱা মহিলাসকলৰ পেটত জমা হোৱা চৰ্বি আতৰ কৰাৰ কোনো উপায় নাথাকে।মাতৃত্ব লাভৰ্ লগতে চল্লিছ পাৰ হোৱা মহিলাসকলৰ চৰ্বিৰ ভৰত ওলমি পৰা পেটটোৰ আকাৰ কমাই ৰখাটো প্ৰায় অসম্ভৱ হৈ পৰে। ইয়াৰ বিভিন্ন কাৰণ আছে। চল্লিছৰ পিছত দেহৰ বিপাকীয় কাৰ্য কমি আহে। হৰমোনৰ নি:সৰণৰ হাৰো কমি আহে। মহিলাসকলৰ ব্লাড চুগাৰ বাঢ়ি যায়। ইয়াৰ কাৰণ হৈছে ইনচুলিন ক্ষৰণৰ মাত্ৰা বয়স বঢ়াৰ লগে লগে কমিবলৈধৰে। লগতে পূৰ্বৰ ওজন কমাবলৈ যিবোৰ পদ্ধতি ব্যৱহাৰ কৰিছিল, সেইবোৰো লাহে লাহে কমি আহে। এই আটাইবোৰ কাৰকৰ বাবে পেটত চৰ্বি অনিয়ন্ত্ৰিতভাৱে জমা হ’বলৈ ধৰে।

পেটৰ চৰ্বি কমাবলৈ কি কৰিব?

হঠাতে খোৱাৰ পৰিমাণ কমাই দিয়াৰ পৰিৱৰ্তে কাৰ্বোহাইড্ৰেট থকা আহাৰ ৬০ ভাগৰ পৰা ৪০ ভাগলৈ কমাই আনিব। দেখিব এমাহমানতে দুই কিলোগ্ৰাম ওজন কমি গৈছে। দ্বিতীয় কথা হৈছে অনিদ্ৰা ৰোগ বা উজাগৰী নিশা কটালে পেটৰ চৰ্বি কমোৱা সম্ভৱ নহয়। খোৱাটো যিমানেই নকমাওক কিয়, নিশা যদি ভাল টোপনি নহয়, পেটৰ চৰ্বি কমাব নোৱাৰে। এই ক্ষেত্ৰত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ সমীক্ষকসকলে এটি পৰামৰ্শ আগবঢ়াইছে। নিশা শিশুটি সাৰ পাই থকা বাবেআপোনাৰ যদি টোপনি ক্ষতি হয়,তেনেহ’লে শিশুটি যেতিয়া টোপনি যায়, তেতিয়া আপুনিও শুই ল’ব। দিনত মাথোঁ পোন্ধৰ মিনিটসময় যোগাসন কৰিলেও টোপনি ক্ষতিৰ প্ৰতিকূল প্ৰভাৱ বহুপৰিমাণে হ্ৰাস পায়। গৱেষক সকলে মন্তব্য কৰিছে, এনেবোৰ ব্যৱস্থাই আপোনাৰ ওজন কমোৱাৰ লগতে পেটৰ চৰ্বিও কমাব।

মনস্তত্ববিদ আৰু সৌন্দৰ্য বিশেষজ্ঞ সকলৰ নানা মত

মনস্তত্ববিদ আৰু সৌন্দৰ্য বিশেষজ্ঞসকলৰ মাজত বহু বিষয়ক লৈ মতভেদ আছে। বেছি বয়সত সহবাসৰ ক্ষেত্ৰত মনস্তত্ববিদ আৰু সৌন্দৰ্য বিশেষজ্ঞ সকল একমত। অৰ্থাত যৌনতাই মানুহক আৰু সজীৱ কৰি তোলে বুলি দুয়ো পক্ষই সমানে বিশ্বাস কৰে। কোনো কোনো পুৰুষৰ পঞ্চাছ বছৰ পাৰ হোৱাৰ পিছত যৌন লিপ্সা বাঢ়ি যায়। চিকিত্সকসকলৰ মতে, চল্লিছৰ পিছত সহবাসৰ পৰা অধিক শাৰীৰিক উপকাৰ পাবলৈ হ’লে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিব লাগে।নহ’লে মন থকিলেও শৰীৰটোৱে বাধাৰ সৃষ্টি কৰিব পাৰে। মহিলাসকলৰ ক্ষেত্ৰ্ত কথাষাৰ অলপ বেলেগ। মেনোপ’জৰ কথা বাদ দিলেও যুৱতী মহিলা সকল অধিক সৌন্দৰ্য সচেতন বাবে যৌনতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মানসিক জটিলতাত ভোগে। চল্লিছৰ পিছত হৰমোনজনিত আৰু আভ্যন্তৰীণ শাৰীৰিক পৰিৱৰ্তনৰ বাবে সহবাসৰ ক্ষেত্ৰত আগ্ৰহ আৰু উতসাহ বহুখিনি কমি যায়। সহবাসৰ প্ৰতি আগ্ৰহ স্বাভাৱিক অৱস্থাত ৰাখিবৰ বাবে নিয়মিত ভাৱে যোগাসন কৰিব লাগে। বিখ্যাত সৌন্দৰ্য বিশেষজ্ঞা ছাহনাজ হুছেইনে মন্তব্য কৰিছে যে ওজন বাঢ়ি যোৱা মহিলাসকলৰ বাবে শাৰীৰিক সহবাসেই হৈছে উত্ত্ম চিকত্সা। ইয়াৰ ফলত শৰীৰৰ অতিৰিক্ত চৰ্বি  কমি যায়, হৃদযন্ত্ৰৰ কাম-কাজ নিয়মীয়া হয় আৰু ব্লাড প্ৰেছাৰ স্বাভাবিক হৈ থাকে।

মহিলাসকলৰ বাবে কেইটিমান পৰামৰ্শ

চল্লিছ পাৰ হোৱাৰ পিছত অনিবাৰ্যভাৱে মহিলাসকলৰ ভালেখিনি শাৰীৰিক পৰিৱৰ্তন ঘটে। সেই পৰিৱৰ্তনবিলাকৰ বাবে কোনোধৰনৰ অসুবিধা অনুভৱ নকৰাকৈ থাকিবলৈ ‘লে তলত দিয়া পৰামৰ্শবিলাক মানি চলিবলৈ চেষ্টা কৰক।

  • শৰীৰ ভালে ৰাখিবলৈ পেকেটৰ খোৱা বস্তুৰ সলনি সতেজ শাক-পাচলি, ফল-মূল খাব। বেছি পৰিমাণে খোৱা তেল ব্যৱহাৰ নকৰিব। কোনো খাদ্যৰ প্ৰতি এলাৰ্জি ভাৱ থাকিলে চল্লিছ পাৰ হোৱাৰ পিছত আৰু অধিক সাৱধান হ’ব। আঁহযুক্ত আহাৰ খাবলৈ নাপাহৰিব।
  • চল্লিছ পাৰ হোৱাৰ পিছত সাতৰ পৰা আঠ ঘণ্টা সময় টোপনি যোৱাটো অতি প্ৰয়োজন। নিয়মীয়াকৈ ইমানখিনি সময় শোৱাৰ অভ্যাস কৰিলে চৰ্বি জমা হ’ব বুলি ভয় নাখাব, বৰঞ্চ আপোনাৰ ওজন কমিবহে। মনত ৰাখিব টোপনি কম হ’লে ভোক বেছিকৈ বাঢ়ে।
  • জোৰকৈ ডায়েটিং কৰা, খোৱাৰ পৰিমাণ কমাই দিয়া-এইবোৰ কৰিবলৈ নাযাব। বয়স বাঢ়ি যোৱাৰ লগে লগে বেছি তেল দিয়া খাদ্য নাখাব। প্ৰচুৰ পৰিমাণে পানী খাব। প্ৰতিদিনে আঠৰ পৰা দহগিলাচ পানী খাব।
  • চল্লিছৰ পিছত উশাহ-নিশাহ চুটি হৈ আহে। সেয়ে গভীৰ ভাৱে উশাহ লৈ লাহে লাহে এৰিব। ধূমপান কৰা লোকৰ পৰা আঁতৰি থাকিব। শৰীৰৰ ওপৰত অত্যধিক চাপ পৰা কাম কৰিবলৈ লাহে লাহে এৰিব।
  • আনন্দ-ফুৰ্তিত থাকিব। কাম-কাজ  কৰাৰ সময়ত অনৰ্থক দৌৰা-দৌৰি নকৰিব। নতুনকৈ ব্যায়াম কৰিবলৈ ল’লে একেদিনাই বহু সময় ধৰি ব্যায়াম নকৰিব। ব্যায়াম বা আসন কৰাৰ সময়য়ত হাড় আৰু অস্থি সন্ধি মজবুত কৰিব পৰা ব্যায়াম নিৰ্বাচন কৰি অনুশীলন কৰিব।
    • যোগাসন কৰিলে ঘণ্টাৰ বেছি সময় নকৰিব।

ইয়াৰ উপৰি আন কেইটিমান পৰামৰ্শ মানি চলিব।

খোজ কঢ়া

সুযোগ পালেই দিনৰ ভাগত খোজকাঢ়িব, বিশেষকৈ খালী পেটত থাকিলে আৰু ভাল।

চাইকেল চলোৱা: দিনৰ ভাগত অলপ-অচৰপ চাইকেল চলালে অস্থিসন্ধি সতেজ হৈ থাকে। বয়স বাঢ়িলে মহিলাসকলৰ বাতবিষ হোৱাৰ প্ৰৱণতাই দেখা দিয়ে। সেয়ে সুবিধা পালে নিয়মীয়াকৈ চাইকেল চলোৱাৰ অভ্যাস কৰিব।

সাতোঁৰা

সময়-সুযোগ থাকিলে দিনত পোন্ধৰ মিনিটকৈ সাঁতুৰিলে বহুদিনলৈ বয়স ধৰি ৰাখিব পাৰি।

খেল-ধেমালি

নিয়মীয়াকৈ খেলা-ধূলা কৰি থাকিলে শৰীৰ ভালে থাকে। সেয়ে খেলা-ধূলা কৰিব। বয়স বাঢ়ি যোৱাৰ বাবে কেতিয়াও বিষন্ন নহ’ব। এয়া প্ৰকৃতিৰ নিয়ম।সকলো বয়সৰে একোটা সৌন্দৰ্য থাকে।

চল্লিছ হৈছে পুৰুষ-মহিলাৰ বাবে এক সন্ধিপৰ্ব। সেয়ে শাৰীৰিক-মানসিক ভাৱে সচেতন হৈ থাকিব। কিছুমান নীতি-নিয়ম মানি চলিব। দেখিব বয়স বাঢ়িলেও আপুনি সুস্থ-সবল হৈ আছে।

চল্লিছ ঊৰ্ধৰ লোকৰ বাবে কেইটিমান পৰামৰ্শ

  • যথেষ্ট পৰিমাণে ফল-মূল, শাক-পাচলি খাব। মাল্টিভিটামিন মিনাৰেলচ টেবলেট খালেও ফল-মূল, শাক-পাচলিৰ পৰা পোৱা ভিটামিন-খনিজ পদাৰ্থ অতি কাৰ্যকৰী।
  • চালাড বা মাছ-মাংসত ভিনেগাৰৰ নেমু ৰস মিহলাই খাব।
  • চেনিৰ সলনি মৌ বা গুড় খাব। ই অতিৰিক্ত কেলচিয়ামৰ প্ৰয়োজন পূৰায়। দিনত অন্তত: এশ গ্ৰাম দৈ বা একাপ গাখীৰ খাব।
  • বিলাহীৰ চাটনি খাব। ফলত এণ্টিঅক্সিডেণ্ট বেছি পৰিমাণে পাব।
  • সপ্তাহত এদিন-দুদিন ছয়াবিন খাব। ছয়া গাখীৰৰ দ্বাৰা তৈয়াৰী ছানা(টোফু) বা ছয়া আটাৰ ৰুটি খোৱাৰ অভ্যাস কৰিব। ছয়াবিনত ফাইটো-ইষ্ট্ৰোজেন থাকে। ই শৰীৰৰ ইষ্ট্ৰোজেন হৰমোনৰ অভাৱ পূৰ কৰে আৰু মানুহৰ যৌৱন অটুট ৰখাত সহায় কৰে।
  • বেছিকৈ উত্তপদি বহু সময় ধৰি শাক-পাচলি নাৰান্ধিব। শাক-পাচলি ৰন্ধাৰ সাময়ত ঢাকনি দিব।
  • ৬-৭ ঘণ্টা শুব। নিদ্ৰাহীনতাত ভোগা লোকসকলে নিশা শোৱাৰ একাপ গৰম গাখীৰত এক চামুচ মৌ মিহলাই খাব।
  • দিনে ত্ৰিছ-চল্লিছ মিনিটকৈ খোজকঢ়া, দৌৰা, সাতোৰা, চাইকেল চলোৱা আদি কাৰ্ডিয়াক ব্যায়াম কৰিব।
  • দিনত কম কমকৈ পাঁচ-ছয়বাৰ মান আহাৰ খাব। বিট, বুট, তিল, সেউজীয়া পাচলি, দৈ, পিঁয়াজ, নহৰু, সুমথিৰা, মৌচুম্বী আদি ফল নিয়মিত খোৱাৰ অভ্যাস কৰিব।

ডা: নিবেদিতা চৌধুৰী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate