অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাপমুক্ত হোৱাৰ বাবে দৈনিক কৰক ডোগা

যোগা নহয় কৰক “ডোগা” । শুনি নিশ্চয় আচৰিত হ’ব । যোগাৰ পৰাই এই ডোগা ধাৰণাটো আহিছে । পাৰ্থক্য কেৱল এয়া যে ইয়াক কৰাৰ আনন্দই সুকীয়া আৰু কৰিবলৈ সহজ । উল্লেখ্য যে বৰ্তমান সময়ত পশ্চিময়া দেশসমূহত এই ট্ৰেণ্ড যথেষ্ট জনপ্ৰিয় হোৱাৰ সমান্তৰালকৈ আমাৰ দেশতো এই ট্ৰেণ্ডক আদৰি লৈছে বহুজনে ।

মন কৰিবলগীয়া যে সাম্প্ৰতিক সময়ছোৱাত কৰ্মব্যস্ততাই হওক বা আন বিভিন্ন কাৰকে মানুহক অত্যন্ত চাপত পেলাইছে । এনে মানসিক চাপ দূৰীকৰণৰ ক্ষেত্ৰত এই ডোগাই বিশেষ ইতিবাচক প্ৰভাৱ পেলাই আহিছে বুলি ধাৰণা কৰা হৈছে ।

আচলতে এই ডোগা (Doga) কি, কেনেকৈ কৰা হয় । ডোগা = ডগ+ যোগ । ডগ অৰ্থাৎ কুকুৰ আৰু যোগক মিলাই এই ডোগা শব্দটোৰ সৃষ্টি হৈছে ।

আজিকালি প্ৰায়ভাগ লোকৰ ঘৰতে পোহনীয়া কুকুৰ থাকে । এই পোহনীয়া কুকুৰক প্ৰভুভক্ত বুলি ভবা হয় । অকলশৰীয়া- নি:সংগ লোকক সংগ দিয়ে পোহনীয়া কুকুৰটোৱে । যান্ত্ৰিক যুগত চহৰকেন্দ্ৰিক ঠাইত কোনো বিশ্বাসী বন্ধু বুলিবলৈ আপোনাৰ পোহনীয়া কুকুৰটোৱে, যিয়ে নেকি গৰাকীৰ গোন্ধ পাই চিনিব পাৰে । আচলতে আপোনাৰ পোহনীয়া কুকুৰটোৰ সৈতে ব্যায়ামৰ অনুশীলন কৰাটোৱে হ’ল “ডোগা “ । ইয়াত কুকুৰটোৰ সৈতে খেল-ধেমালি কৰি বিভিন্ন ধৰণৰ ব্যায়াম, যোগাসনৰ অনুশীলন কৰিব পাৰি ।

ডোগাৰ উপকাৰিতা -

দৈনিক দুঘণ্টাকৈ যদি ডোগা কৰে , তেন্তে নিশ্চিতভাৱে আপুনি চাপমুক্ত হৈ ৰ’ব । ইয়াৰ দ্বাৰা আপুনি আপোনাৰ পোহনীয়া কুকুৰটোক কিছু সময় দিব পাৰিব আৰু সমান্তৰালকৈ আপোনাৰ স্বাস্থ্যও ভালে থাকিব ।

উৎস :- দেওবৰীয়া সম্ভাৰ

কঁকালৰ তলৰ অংশত মেদ বৃদ্ধি কাৰণ- প্ৰতিকাৰ -

অধিক সময় ধৰি বহা কাম :-

যদি আপুনি অধিক সময় ধৰি বহি কাম কৰে বা ঘূৰা-ফুৰা কম হয়, তেন্তে মেদ আপোনাৰ কঁকালৰ তলৰ অংশত জমা হ’বলৈ ধৰে । গতিকে এনেক্ষেত্ৰত যেতিয়াই আপুনি সুযোগ পায় ইফালে- সিফালে ঘূৰা-ফুৰা কৰক ।

মিঠা কমকৈ খাওক -

যদি আপুনি চকলেট, কেক আদি মিঠা খাদ্য অধিক খায়, তেন্তে আপোনাৰ পেট, উৰু আৰু কঁকালৰ বিভিন্ন অংশত মেদ জমা হ’বলৈ ধৰে । দৰাচলতে মিঠাজাতীয় সামগ্ৰীত ফ্ৰুক্টজ থাকে । যাৰবাবে শৰীৰত ওজন বৃদ্ধি পাবলৈ ধৰে । গতিকে এনেক্ষেত্ৰত খাদ্য তালিকাখনৰ প্ৰতি ধ্যান দিয়া উচিত । পৰাপক্ষত অধিক মাংস, গাখীৰজাতীয় খাদ্য নোখোৱাই ভাল । জিম বা ঘৰতে ৱৰ্কআউট কৰিও শৰীৰৰ ওজন হ্ৰাস কৰিব পাৰি । লগতে খাদ্য তালিকাত সন্নিৱিষ্ট কৰক ফল-মূল, আঁহযুক্ত সেউজীয়া শাক-পাচলি আদি । দৈনিক ৩০ মিনিটকৈ যদি আপুনি খোজ কাঢ়ে বা ৱৰ্কআউট কৰে, তেন্তে এইক্ষেত্ৰত যথেষ্ট সুফল পাব । এনে শাৰীৰিক ব্যায়াম কৰিও যদি আপোনাৰ শৰীৰৰ ওজন হ্ৰাস নাপায়, তেন্তে এবাৰ হ’লেও চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা কৰাওক । কাৰণ কেতিয়াবা বহুতৰে থাইৰয়ড, পি চি অ’ ডি আদিৰ দৰে সমস্যা থাকিলেও শৰীৰত মেদ বৃদ্ধি পায় ।

উৎস :- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate