অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিকিৎসকৰ ওচৰলৈ যাবলৈ ভয় কৰিলেঃ

চিকিৎসকৰ ওচৰলৈ যাবলৈ ভয় কৰিলেঃ

 

আমি সকলোৱেই সদায় সুস্থ আৰু ডেকা হৈ থাকিব বিচাৰো। সকলোৱেই এটা স্বাস্থ্যৱান আৰু সুন্দৰ শৰীৰৰ অধিকাৰী হ’ব খোজো। ইয়াৰ ব্যতিক্ৰম নিশ্চয় কোনো নহয়। যিবিলাক অতি স্বাস্থ্য সচেতন তেওঁলোকে যোগৰ সহায় লয়। কাৰণ যোগৰ বলত মানুহৰ শৰীৰ সবল হৈ থাকে। কিন্তু যিবিলাকে যোগাসন নকৰে তেওঁলোকে যদি চিকিৎসকৰ ওচৰলৈকো যাবলৈ ভয় কৰে তেন্তে তলৰ পৰামৰ্শবোৰ গ্ৰহণ কৰিব পাৰে। সেইবোৰ পৰামৰ্শই আপোনাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব।

  • আহাৰ খোৱাৰ পূৰ্বে কিছু পৰিমাণে হ’লেও সেউজীয়া পাচলিৰ চালাড খাব। আহাৰ খোৱাৰ পাছত লচী জাতীয় খাদ্য খাব পাৰিলে ভাল।
  • সদায় শুই উঠাৰ দুই ঘণ্টাৰ ভিতৰতে পুৱাৰ আহাৰ খাব। পুৱাৰ আহাৰত এনে খাদ্য খাব যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী।
  • ৰুটি আৰু ভাত কেতিয়াও একেলগে নাখাব।
  • অত্যধিক মিঠাই খোৱাৰ পৰা বিৰত থাকিব। ডায়েবেটিছৰ ৰোগী নহ’লেও মিঠাই সততে পৰিহাৰ কৰিব পাৰিলে ভাল। তেলত ভজা আহাৰো পাৰিলে আঁতৰত ৰাখিব।
  • সদায় পুৱা শুই উঠি পাতলীয়া ধৰণৰ ব্যায়াম কৰিব।
  • কল, আপেল খোৱাৰ উপৰি ফলৰ ৰস নিয়মিত পৰিমাণে পান কৰিব।
  • প্ৰতিদিনে পুৱা বা গধূলি দীঘলীয়াকৈ খোজ কাঢ়ক।
  • কমেও ১৫-২০ মিনিট সময় ধ্যান কৰিব। চকুহাল মুদি শান্তমনে বহক আৰু মস্তিষ্কক আৰাম দিয়ক।
  • জাংক ফুড বা ময়দাৰে বনোৱা খাদ্যৰ পৰা দূৰত থকাই শ্ৰেয়।
  • দুপৰীয়া আৰু নিশাৰ আহাৰ সদায় নিৰ্দিষ্ট সময়ত গ্ৰহণ কৰিব।

(উৎসঃ দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate