অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি পকা আৰু সৰাৰ সমস্যা :

চুলি পকা আৰু সৰাৰ সমস্যা :

মানুহৰ দেহৰ প্ৰধান সৌন্দৰ্য হ’ল চুলিকোছা। যিমানে ধুনীয়া ছোৱালী নহওক কিয়, মূৰত যদি চুলি নাথাকে বা অকালতে পকি বগা হৈ যায়, তেতিয়া সেইগৰাকী ছোৱালীৰ সৌন্দৰ্য কেতিয়াও ফুটি নুঠে। বৰ্তমান সময়ত প্ৰায়ভাগ যুৱক-যুৱতীৰ কম বয়সতে চুলি সৰে আৰু পকি যোৱা দেখা যায়।

অকল যুৱক-যুৱতীৰে নহয়, কিশোৰ-কিশোৰীসকলৰো চুলি সৰি যোৱা আৰু পকি যোৱা দেখা যায়। ইয়াৰ কাৰণবোৰ বিচাৰিলে দেখা যায় যে বিভিন্ন ধৰণৰ ভেজাল খাদ্য, ভেজাল দৰব, ভেজাল তেল ইত্যাদিয়ে প্ৰধান কাৰণ। আমি ভেজাল খাদ্যৰ লগত ইমানে অভ্যস্ত হৈ পৰিছোঁ যে কোনবিধ ভেজাল আৰু কোনবিধ ভেজাল নহয়, সেয়া সিদ্ধান্ত লোৱা কঠিন হৈ পৰিছে।

বিভিন্ন ধৰণৰ শাক-পাচলিত খাদ্যপ্ৰাণ পোৱা যায়। কিন্তু আজিকালি বজাৰত যিবোৰ শাক-পাচলি পোৱা যায় সেয়া সজীৱ নহয়। তদুপৰি সেইবোৰ বিভিন্ন যায় সেয়া সজীৱ নহয়। তদুপৰি সেইবোৰ বিভিন্ন কৃত্ৰিম প্ৰথাৰে উৎপন্ন কৰা শাক-পাচলিহে। ফলত থকা খাদ্যপ্ৰাণ, খনিজ লোণ ইত্যাদি প্ৰায় নোহোৱা হৈ যায় আৰু শৰীৰৰ কাৰণ প্ৰয়োজনীয়-

  • ভিটামিন,
  • আইৰন,
  • জিংক,
  • প্ৰ’টিন আদি পোৱা নাযায়।

চুলি সৰা আৰু পকাৰ কাৰণ:

চুলি সৰাৰ প্ৰধান কাৰণসমূহ বিভিন্ন চিকিৎসকসকলৰ মতে প্ৰায় একেই। বিভিন্ন ধৰণৰ গৱেষণাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে-

  • পেটৰ বিভিন্ন ধৰণৰ ৰোগ,
  • যকৃতৰ দুৰ্বলতা,
  • পুষ্টিকৰ খাদ্যৰ অভাৱ,
  • ভিটামিনৰ অভাৱৰ বাবে এই সমস্যবিলাকৰ সৃষ্টি হৈ আছে।

ইয়াৰ উপৰি আছে একপ্ৰকাৰ ভাইৰাছ। এই ভাইৰাছবোৰ চুলিৰ গুৰিত আশ্ৰয় লৈ থাকে আৰু চুলিৰ গুৰিবিলাক দুৰ্বল কৰি দিয়ে। ফলত চুলিৰ গুৰিবিলাক ছালৰ পৰা উঠি যায় আৰু চুলি সৰি পৰে। হৰম’নৰ বাবেও চুলি সৰে। থাইৰয়ড গ্ৰন্থিৰ নিঃসৰণ যদি কম হয়, তেতিয়া চুলি সৰে। আনকি শিশুসকলৰো চুলি সৰি যায়।

পেটৰ বিভিন্ন বেমাৰ যেনে-

১)অজীৰ্ণ,

২)কোষ্ঠকাঠিন্য

৩)অত্যধিক গেছ,

৪)যকৃতৰ দুৰ্বলতা আদিৰ কাৰণে চুলি সৰি যাব পাৰে।

ক)অপুষ্টিৰ কাৰণে চুলি সৰিব পাৰে। এইক্ষেত্ৰত জিংক নামৰ খনিজ পদাৰ্থবিধৰ অভাৱত এনে হোৱা দেখা যায়।

খ)পৰিৱেশ প্ৰদূষণ চুলি সৰাৰ অন্যতম কাৰণ। প্ৰদূষণৰ কাৰণে শৰীৰৰ ওপৰত যি প্ৰ্ভাৱ পৰে তাৰ পৰা চুলি সৰে।

গ)মহিলাসকলৰ সাধাৰণতে মেন’পজৰ পাছত চুলি সৰি যোৱা দেখা যায়। পাঞ্জাবী মানুহখিনিয়ে সৰহ সময় পাগুৰি পিন্ধি থাকে বাবে চুলি সৰি যায়।

ঘ)আজিকালি বিভিন্ন পানী যোগান ব্যৱস্থাৰ ফলৰ পানীত থকা অমিশ্ৰিত ক্ল’ৰিনৰ কাৰণে চুলি কম বয়সতে সৰি যায়। আনকি পকিও যাব পাৰে।

ঙ)আজিকালি ব্যৱহাৰ কৰা উচ্চ ক্ষমতাসম্পন্ন এন্টিবায়’টিক, কুইনাইন, ষ্টেৰয়েড আদি দৰবৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ফলতো চুলি পকে আৰু সৰা দেখা যায়।

চ)বাৰে বাৰে চুলিত ছেম্পু ব্যৱহাৰ কৰিলে, চুলি ব্লিছ কৰিলে, হিট দি চুলি পোন কৰিলে চুলি সৰি যায় আৰু অকালতে পকি যায়।

ছ)কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত যিবোৰ কেম’থেৰাপী ব্যৱহাৰ কৰা তাৰ পৰাও চুলি সৰি যায়।

জ)বংশধৰ কাৰণতো চুলি সৰা আৰু পকি যাব পাৰে। যেনে- দেউতাকৰ চুলি সোনকালে সৰিলে বা পকিলে ল’ৰা-ছোৱালীৰো চুলি সোনকালে সৰি যায় আৰু পকি যায়।

ঝ)সদায় হতাশা আৰু মানসিক অশান্তিত ভুগি থাকিলেও চুলিত অকালপক্কতা নাইবা সোনকালে চুলি সৰি যাব পাৰে।

ঞ)পানীত অত্যধিক পৰিমাণে আইৰণ থাকিলেও চুলিৰ ক্ষতি কৰিব পাৰে।

প্ৰতিকাৰ ব্যৱস্থা -

চুলি সৰা বা অকালপক্কতাৰ পৰা হাত সাৰিবলৈ প্ৰথমে উপৰিউক্ত কাৰণবোৰৰ পৰা দূৰত থাকিব লাগিব। পেটৰ বিভিন্ন বেমাৰৰ পৰা আঁতৰত থাকিবলৈ ব্যৱস্থা কৰিব লাগিব। কেঁচা শাক-পাচলি, ফলমূল আদি খাব লাগিব। ভজা, মছলা, জ্বলা আদি খাদ্য খোৱা বন্ধ কৰিব লাগিব। পুষ্টিকৰ খাদ্য খোৱা প্ৰয়োজন। ফাষ্টফুড খোৱা বন্ধ কৰিব লাগিব। জিংকৰ অভাৱ থাকিলে জিংক টেবলেট খোৱা দৰকাৰ। শিৰত সেন্দুৰ লোৱাৰ কাৰণে যদি চুলি সৰে, তেন্তে চুলিত আবিৰ, কুমকুম, লিপষ্টিক আদি ব্যৱহাৰ কৰা ভাল।

চুলি বন্ধাৰ ষ্টাইল মাজে মাজে সলাব লাগে। কোনো মানসিক দুশ্চিন্তা থাকিলে সেয়া পৰিহাৰ কৰিব লাগে। থাইৰয়ডৰ সমস্যা থাকিলে চিকিৎসকৰ লগত আলোচনা কৰিব লাগে। উফি হ’লেও চুলি সৰে। সেয়ে উফি নোহোৱা কৰিবলৈ যুক্ত লোচন বা ধোৱাৰ সময়ত ছেম্পুৰ দৰে চুলিৰ গুৰিত ৫ মিনিট সময় লগাই থৈ পাছত ভালকৈ ধুই দিব লাগে। সপ্তাহত দুবাৰকৈ এনেকৈ চুলি ধুলে দিব লাগে। সপ্তাহত দুবাৰকৈ এনেকৈ চুলি ধুবে উফিৰ সমস্যা নোহোৱা হ’ব। কিছুমানৰ ডাই ব্যৱহাৰ কৰা কাৰণে চুলি সৰি যায়। সেয়ে চুলি ধুলে উফিৰ সমস্যা নোহোৱা হ’ব। কিছুমানৰ ডাই ব্যৱহাৰ কৰা কাৰণে চুলি সৰি যায়। সেয়ে চুলি ক’লা কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ডাই যেনে- ছুপাৰ ভছমল, ইণ্ডিকা, আদিত মিহলি কৰা কেমিকেল পদাৰ্থবোৰে চুলিৰ ক্ষতি কৰা দেখা যায়।

চুলি সৰি তপা হ’লে -

চুলি সৰা বন্ধ কৰাৰ পদ্ধতিবোৰ প্ৰয়োগ কৰাৰ আগতেই যদি চুলি সৰি তপা হৈ যায়, তেতিয়া কৃত্ৰিমভাৱে চুলি ৰোৱাৰ ব্যৱস্থা উদ্ভাৱন হৈছে। অৱশ্যে সেইবোৰৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াও নথকা নহয়। এইধৰণৰ কৃত্ৰিম উপায়বোৰৰ ভিতৰত আছে- হেয়াৰ ট্ৰেন্সপ্লেট, হেয়াৰ উইভিং ইত্যাদি।

লেখক: ডাঃ আশ্বৰাফুল আলম(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate