অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চেনি কিমান খাব :

চেনি কিমান খাব :

 

আমাৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্য দ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়।

এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই। কিছুদিন আগেয়ে ‘দ্য এনালছ অৱ ইন্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্য বিষয়ক জাৰ্নেলত এটা নিবন্ধ প্ৰকাশ হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী।

তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে, এই সন্দৰ্ভত দিয়া পৰামৰ্শ-নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়।

বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে।

কিয়নো নিবন্ধ প্ৰস্তুতকৰ্তাসকল খাদ্য আৰু চেনি উদ্যোগৰ স্বাৰ্থৰ সৈতে জড়িত। এই অধ্যয়নৰ বাবে ধনৰ যোগান ধৰিছে ‘আন্তৰ্জাতিক জীৱ বিজ্ঞান’ নামৰ প্ৰতিষ্ঠান এটাই।

প্ৰতিষ্ঠানৰ সহযোগীসকল হৈছে খাদ্য আৰু কৃষি ৰসায়ন কোম্পানীসমূহ। তাৰ ভিতৰত আছে কোকাকোলা, জেনেৰেল মিল্ক, হাভেদিন কেল্লগছ, ফষ্ট ফুড আৰু মনচান্টো।

সমালোচকসকলৰ মতে, ইয়াৰ আগতে খাদ্য উদ্যোগে এনে প্ৰচেষ্টা কৰিছে- য’ত হিবিজিবি খাদ্য(Junk Food), চেনিযুক্ত পানীয়ে সৃষ্টি কৰিব পৰা মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্য বিষয়ক সমস্যাৰ সম্ভাৱনা নুই কৰিব পাৰি।

এনে প্ৰয়াস ১৯৬০ চনৰ পৰা চলি আছে। সেই সময়ত চেনি উদ্যোগে বিশিষ্ট বিজ্ঞানীৰ জৰিয়তে অত্যধিক চেনিয়ে হৃদৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল।

বৰং সম্পৃক্ত চৰ্বিয়েহে এনে ৰোগ সৃষ্টি কৰে বুলি এটা ধাৰণা প্ৰকাশ কৰিছিল। ‘নিউয়ৰ্ক টাইমছ’ৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কোকাকোলা কোম্পানীয়ে চেনিযুক্ত পানীয় আৰু মেদবহুলতাৰ সম্পৰ্ক নস্যাৎ কৰিবলৈ প্ৰচেষ্টা চলাইছিল।

ইয়াৰ বাবে এদন বিজ্ঞানীক ধন দিছিল। খাদ্য আৰু পুষ্টি বিশেষজ্ঞসকলে কৈছে- উপৰিউক্ত নিবন্ধটোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা নসাৎ কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্ক লোকক চেনিযুক্ত পানীয়, কেণ্ডি(Candy) আৰু চেনিযুক্ত বীজ শস্য(Cereal) যথাসম্ভৱ কমকৈ খোৱা নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু উপৰিউক্ত নিবন্ধ প্ৰস্তুতকৰ্তা বিজ্ঞানীসকলে যুক্তি দৰ্শাইছে যে চেনি সন্দৰ্ভত প্ৰচলিত প্ৰচলিত নিৰ্দেশনাৰ অধিক সমীক্ষন হ’ব লাগে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় নহয়।

এনে নিবন্ধ এনে এটা সময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্বৰ স্বাস্থ্য কৰ্তৃপক্ষসমূহে চেনি আৰু চেনিযুক্ত খাদ্যৰ মাত্ৰা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে- ফলমূল, শাক-পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বয়ষ্ক উভয়েই নিয়ন্ত্ৰণ কৰা উচিত।

সংস্থাৰ পৰামৰ্শ হৈছে- চেনিৰ পৰা সৰ্বোচ্চ ১০ শতাংশ কেল’ৰি পাব পৰাকৈ খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰে।

আমেৰিকাৰ খাদ্য আৰু ঔসধ প্ৰশাসনে(FDA) নিৰ্দেশনা জাৰি কৰিছে যে সকলো পেকেজ কৰা খাদ্যৰ পেকেটৰ ওপৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব চেনিৰ মাত্ৰা।

ব্ৰিটেইনতো চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতত এইপৰ্যন্ত এই সন্দৰ্ভত নিৰ্দেশনা বা পৰামৰ্শ জাৰি কৰা পৰিলক্ষিত হোৱা নাই। অসমত বিহুৰ বতৰৰ সময়ত যথেষ্ট পৰিমাণৰ পিঠা, লাডু, চিৰা-দৈ, গুড়, মিঠাই আদি খোৱা হয়।

এইবোৰৰ বেছিভাগতেই যথেষ্ট পৰিমাণৰ চেনি বা গুড় ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ্য যে গুড়তো যথেষ্ট পৰিমাণৰ চেনি থাকে। গতিকে সাৱধান হ’ব। এইবোৰ খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

আমাৰ বহুতে ধাৰণা কৰে যে আমাৰ স্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়।

শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্য দ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়। এনে পৰিপেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই।

লেখক: ডাঃ জীৱন দত্ত বৰুৱা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 4/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate