গ্ৰীষ্মকালত সাধাৰণতে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ পৰা ছালখনক সুৰক্ষা দিবলৈ ছানস্ক্ৰীন ব্যৱহাৰ কৰা হয়| এই ছানস্ক্ৰীন ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু সাৱধানতা অৱলম্বন কৰা উচিত| এই পৰামৰ্শ ছাল বিশেষজ্ঞৰ|
ছালৰ প্ৰকাৰ বিশ্লেষণ কৰিহে ছানস্ক্ৰীন ব্যৱহাৰ কৰা উচিত| পৰাপক্ষত ছাল বিশেষজ্ঞৰ সৈতে আলোচনা কৰিহে ছানস্ক্ৰীন ব্যৱহাৰ কৰিব| যিসকল লোকৰ ছাল তৈলাক্ত, তেনে লোকে জেল বা স্প্ৰেযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰিব| শুকান ছালৰ গৰাকী সকলে লোচন বা ক্ৰীমযুক্ত ছানস্ক্ৰীন ব্যৱহাৰ কৰিব পাৰিলে সুফল পাব|
এই গ্ৰীষ্মত মেটযুক্ত ছানস্ক্ৰীন অধিক উপযোগী| মেটযুক্ত ছান্স্ক্ৰীন ব্যৱহাৰে ছালখন সতেজ কৰি ৰাখে| লগতে উজ্জ্বলতা প্ৰদান কৰে| এছ পি এফ যুক্ত ছানস্ক্ৰীনহে ব্যৱহাৰ কৰিব| এছ পি এফ ৩০ যুক্ত ছানস্ক্ৰীনে সূৰ্যৰ প্ৰখৰ ৰশ্মিৰ তাপ প্ৰতিৰোধ কৰাত সহায় কৰে|
উৎস: অসমীয়া প্ৰতিদিন, সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 4/3/2020