অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টোপনি আৰু ইয়াৰ সমস্যা

টোপনি আৰু ইয়াৰ সমস্যা

 

এজন মানুহে জীৱনকালৰ এক-তৃতীয়াংশ সময় টোপনিত কটায় । সমগ্ৰ বিশ্বৰ ২ ৰ পৰা ৫ শতাংশ লোক শুই থকা অৱস্থাত শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগে । টোপনি বা নিদ্ৰা হৈছে মানুহৰ জীৱনৰ এনে এটা অৱস্থা, য’ত টোপনিৰ সময়ত আমাৰ শৰীৰৰ বিভিন্ন অংশৰ লগতে মগজুটো সম্পূৰ্ণ সক্ৰিয় হৈ থাকে । টোপনিৰ হীন-দেড়িৰ ফলত আমাৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰে ।

প্ৰতিজন মানুহৰ নিদ্ৰাৰ প্ৰয়োজন বেলেগ বেলেগ । বয়স অনুযায়ী সাধাৰণতে টোপনিৰ সময়ৰ পৰিমাণ কম-বেছি হয় । কেঁচুৱাৰ ক্ষেত্ৰত প্ৰায় ১৬ ঘণ্টা দৈনিক টোপনিৰ প্ৰয়োজন । কিশোৰ অৱস্থাত সময়ৰ প্ৰয়োজন হয় নিতৌ ৯ ঘণ্টা । প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ৭/৮ ঘণ্টা টোপনিৰ প্ৰয়োজন হয় । অৱশ্যে কোনো লোকক ১০ ঘণ্টা পৰ্যন্ত টোপনি বা কোনো লোকক মাত্ৰ ৫ ঘণ্টাহে টোপনিৰ প্ৰয়োজন হ’ব পাৰে । অন্যহাতে গৰ্ভৱতী মহিলাক বেছি টোপনিৰ প্ৰয়োজন । বয়স বৃদ্ধিৰ লগে লগে টোপনিৰ পৰিমাণ কমি যায় । টোপনি ক্ষতি কৰাটো স্বাস্থ্যজনিত কাৰণত ক্ষতিকাৰক । অন্যহাতে কেৱল টোপনিৰ সমস্যাৰ কাৰণেই বহু দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় ।

টোপনি আৰু সপোন -

প্ৰতিনিশা প্ৰায় সকলোৱেই কমেও দুঘণ্টা সময় সপোন দেখে । ইয়াৰ কাৰণ চিকিৎসা-বিজ্ঞানে এতিয়াও ব্যাখ্যা কৰিব পৰা নাই । মানুহৰ অস্বাভাৱিক অৱস্থা এটা সৃষ্টিত অথবা অস্বাভাৱিক অৱস্থাত টোপনিৰ হীন-দেড়ি হোৱা দেখা যায় । ষ্ট্ৰ’ক বা এজমাজাতীয় ৰোগত নিশা বা খুব পুৱা টোপনিত ব্যাঘাত জন্মে । হৰম’নৰ পৰিৱৰ্তন, হৃদস্পন্দনৰ পৰিৱৰ্তন আৰু আন কেতবোৰ কাৰক টোপনিৰ বাবে বাধাস্বৰুপ । মৃগী ৰোগতো টোপনিৰ ব্যাঘাত হোৱা দেখা যায় । আনহাতে জ্বৰ বা আন সংক্ৰামক ৰোগত টোপনিৰ ভাব আহে । বিশেষকৈ এণ্টিবডীয়ে আমাৰ শৰীৰৰ বীজাণুৰ সৈতে যুঁজ দিয়াত এনে ভাব আহে । স্কিজ’ফ্ৰেনিয়া আৰু মানসিক অৱসাদগ্ৰস্ততাত ভোগা ৰোগীৰ টোপনিৰ সমস্যা বেছি । এনে লোকে টোপনি যাব নিবিচাৰিলেও টোপনি আহে । এলঝেইমাৰ, কৰ্কট ৰোগ বা মূৰৰ বিষত ভুগিলেও টোপনিত ব্যাঘাত জন্মে ।

এজন প্ৰাপ্তবয়স্ক মানুহে টোপনিৰ সমস্যাত এবাৰ হ’লেও ভোগাটো প্ৰায় স্বাভাৱিক । টোপনিৰ বিভিন্ন সমস্যা আছে । নিদ্ৰাহীনতা, শ্বাস-প্ৰশ্বাসজনিত অসুবিধা, অতি নিদ্ৰাহীনতা, দিবা অনুক্ৰম, লৰচৰ কৰি থকাৰ প্ৰৱণতা আদিক টোপনিৰ সমস্যা হিচাপে মানি লোৱা হয় । নাকৰ ঘোৰঘোৰণিও টোপনিৰ এটা ডাঙৰ সমস্যা । টোপনি শ্বাস-প্ৰশ্বাসত ব্যাঘাত জন্মিলে এনে শব্দ হয় । আচলতে ডিঙিত থকা কলাসমূহ শ্বাস-প্ৰশ্বাসত কঁপি উঠিলে এই শব্দৰ সৃষ্টি হয় । এনে শব্দ নাকৰ সলনি মুখেৰেও হ’ব পাৰে । কেতিয়াবা নিজৰ শব্দত নিজেই সাৰ পাই উঠে । এনে অৱস্থাত টোপনিত ব্যাঘাত জন্মে । ফলত স্বাস্থ্য আৰু দৈনন্দিন কাম-কাজত সমস্যাই দেখা দিয়ে । টোপনি সম্পূৰ্ণ নোহোৱাৰ ফলত এনে লোকসকলে দিনৰ ভাগত ভাগৰুৱা অনুভৱ কৰে ।

টোপনিৰ সময়ত শ্বাস-প্ৰশ্বাসজনিত অসুবিধা মানুহৰ এটা বিপজ্জনক সমস্যা । উশাহ-নিশাহত কষ্ট অনুভৱ হয় । এনে সমস্যাতো টোপনি ভাগে । এনে অৱস্থাত মানুহ ভাগি পৰে । অৱসাদগ্ৰস্ততা বাঢ়িলে ব্যক্তিত্বৰ ওপৰতো প্ৰভাৱ পৰে । এনে সমস্যা উচ্চ ৰক্তচাপ, অনিয়মিত হৃদস্পন্দন, অক্সিজেনৰ অভাৱ, দুৰ্ঘটনা আদিৰ পৰাও সৃষ্টি হ’ব পাৰে । এনে সমস্যাত ভোগাসকলে পুৱা মূৰৰ বিষ অনুভৱ কৰিব পাৰে । কোনো কোনোৱে যৌনক্ষমতা হেৰুৱাব পাৰে । কাম-কাজ মন নবহে । এনে সমস্যাত বেছিকৈ ভোগাসকলে ষ্ট্ৰ’ক, হৃদৰোগত আক্ৰান্ত হ’ব পাৰে বা শুই থকা অৱস্থাতো মৃত্যু হ’ব পাৰে । সেয়ে ইয়াৰ চিকিৎসা শীঘ্ৰেই কৰা উচিত । এনে সমস্যাৰ পৰা মুক্ত হৈ থাকিবলৈ দেহৰ ওজন হ্ৰাস কৰাটো বাঞ্চনীয় । শোৱাৰ সময়ত উশাহ-নিশাহত যাতে সুবিধাজনক হয় তাক চাব লাগে । ওপৰমুৱাকৈ শোৱা ভাল । মদ্যপান বৰ্জনীয় । দেহত গাঁথি মৰা বস্তু ব্যৱহাৰ কৰা উচিত নহয় । চিকিৎসকৰ পৰামৰ্শ মতে মাউথ গাৰ্ড বা চিপিএপি (কণ্টিনিউৱাছ পজিটিভ এয়াৰৱে প্ৰেছাৰ) ব্যৱহাৰ কৰিব পাৰি । ছাৰ্জাৰী কৰিলেও উপশম পোৱা যায় ।

টোপনিতে অনবৰত ভৰি লৰাই থকাটো বহু লোকৰ বাবে সমস্যা । ইয়াক চিকিৎসা-বিজ্ঞানৰ ভাষাত কোৱা হয় আৰু এল এচ  (ৰেষ্টলেছ লেগছ ছিণ্ড্ৰম) । এই সমস্যা বিশেষকৈ বয়সস্থ মানুহৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় । আমেৰিকাৰ ১২ নিযুত লোকৰে এই  সমস্যা আছে । অৱশ্যে যিকোনো বয়সতে এই সমস্যাৰ লক্ষণ দেখা যায় । ৰক্তহীনতা, গৰ্ভধাৰণ আৰু বহুমূত্ৰ ৰোগৰ ক্ষেত্ৰত এনে সমস্যা দেখা যাব পাৰে । নিশাটোত ২০-৪০ ছেকেণ্ড সময় কে’বাবাৰো এনে সমস্যাৰ উদ্ভৱ হ’ব পাৰে । ফলত বাৰে বাৰে টোপনিত ব্যাঘাত জন্মে ।

তন্দ্ৰালসতা বা নেৰ্কোলেন্সী হৈছে হঠাতে অহা টোপনিৰ ভাব । ই দিন বা নিশাৰ ভাগত যিকোনো সময়তে আহিব পাৰে । ইয়াৰ ফলত কেইছেকেণ্ডমানৰ পৰা আধা মিনিট পৰ্যন্ত টোপনি আহিব পাৰে । আগদিনা টোপনিৰ ক্ষতি, কামৰ হেঁচা, নিচাযুক্ত দ্ৰব্য সেৱন বা কেতবোৰ কাৰণত এনে হ’ব পাৰে । গাড়ীচালনা বা আন কাৰিকৰী কামৰ মাজত এনে সমস্যাই বিপদ ঘটাব পাৰে । মগজু বা মূৰৰ আঘাতৰ বাবেও তন্দ্ৰালসতা অনুভৱ হ’ব পাৰে । এনে সময়ত জিৰণিৰ প্ৰয়োজন হয় । টোপনি নিয়মিত হোৱা বাঞ্চনীয় । আমেৰিকাৰ ২,৫০,০০০ লোকেই এই সমস্যাত ভুগি আছে ।

টোপনি এতিয়া বিভিন্ন স্তৰৰ বিজ্ঞানীৰ গৱেষণাৰ বিষয় । শৰীৰৰ সুস্থতাৰ বাবে টোপনি অতি আৱশ্যক । টোপনিৰ বিষয়ে অধিক জনাৰ উদ্দেশ্যে গৱেষকসকলে অধ্যয়ন চলাই আছে । টোপনিৰ সমস্যাবোৰৰ কাৰণ বিচাৰি উলিওৱাৰ লগতে ইয়াৰ উপশমৰ সৰল উপায় আৰু দৰৱ উদ্ভাৱনৰ বাবেও চেষ্টা অব্যাহত আছে ।

লেখক:- ডা: মৃণাল দাস

উৎস:- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate