অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডিঙিৰ বিষৰ পৰা আঁতৰি থকাৰ ৯টা উপায়

ডিঙিৰ বিষৰ পৰা আঁতৰি থকাৰ ৯টা উপায়

 

একেৰাহে বৰষুণ, এই ঠাণ্ডা, এই গৰম— এনে বতৰত শৰীৰৰ তাপৰ তাৰতম্য হোৱাৰ লগতে সাধাৰণ ৰোগ প্রতিৰোধ ক্ষমতা দুর্বল হৈ পৰে। ফলত বেছিভাগ লোকেই চর্দি, জ্বৰ, কাহ আদিত ভূগিবলগীয়া হয়। ইয়াৰ বাবেই ডিঙি আৰু কান্ধৰ বিষো আৰম্ভ হ’ব পাৰে।

সেইবাবেই ডিঙি আৰু কান্ধৰ বিষ হ’ব পৰা ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত সংক্রমণৰ পৰা আঁতৰি থাকিবলৈ সহজ ৯টা উপায় অৱলম্বন কৰিলে এনে অৱস্থাৰ পৰা যথেষ্ট পৰিমাণে সকাহ পাব পাৰিব।

যদি আপোনাৰ সঘনাই ডিঙিৰ বিষ হৈ থাকে, তেনেহ’লে প্রতিমাহে আপুনি দাঁত ব্ৰাছ কৰিবলৈ এডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। আনহাতে প্রতিবাৰ ৰোগ হোৱাৰ পিছত একোডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। আনহাতে প্ৰতিবাৰ ৰোগ হোৱাৰ পিছত একোডাল নতুন ব্ৰাছ ব্যৱহাৰ কৰক। কাৰণ ডিঙিৰ বিষৰ বাবে দায়ী ভাইৰাছ আৰু বেক্টেৰিয়া জমা হৈ থকা অন্যতম ঠায়েই হ’ল টুথব্ৰাছ।

আনে ব্যৱহাৰ কৰা খোৱা পাত্ৰ পৰাপক্ষত ব্যৱহাৰ নকৰিব।

আনে ব্যৱহাৰ কৰা টেলিফোন বা পানীৰ টেপ আদি ব্যৱহাৰৰ সময়ত যাতে নাক আৰু মুখত স্পৰ্শ নকৰে তাৰ প্রতি সচেতন হৈ থাকক।

ডিঙিৰ বিষত ভুগি থকা ব্যক্তিৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰা আঁতৰি থাকক। যদি আপুনি বসবাস কৰা অঞ্চলটোৰ পৰিৱেশ দূষিত বুলি ভাবে, তেন্তে কাঁহ, চর্দি হৈ থকা সময়ত কোঠাৰ ভিতৰতে থকাৰ চেষ্টা কৰক। কিয়নো, এনে অৱস্থাত দূষিত পৰিৱেশলৈ গ’লে আপোনাৰ ৰোগৰ অৱস্থা অধিক শোচনীয় হোৱাৰ সম্ভাৱনা থাকে।

অতিৰিক্ত মাদক দ্রব্য সেৱন নকৰিব।

ধূমপান কৰা ব্যক্তিৰ পৰা আঁতৰি থাকক আৰু নিজেও ধূমপান নকৰিব।

যদি কোঠাৰ পৰিৱেশত অতিপাত শুকান হয়, তেন্তে কোঠাৰ আৰ্দ্ৰতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰক।

শৰীৰৰ স্বাভাৱিক ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সচেতন হওক।

অত্যধিক মানসিক চাপ কমাবলৈ চেষ্টা কৰিলে, স্বাস্থ্যসন্মত খাদ্য গ্রহণ কৰিলে আৰু পর্যাপ্ত বিশ্রাম ল’লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

সদায় মনত ৰখা উচিত যে ৰোগৰ চিকিৎসাতকৈ প্রতিৰোধ উত্তম।

উৎসঃ দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 10/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate