লাও কেতিয়াবা তিতা হয়, তিতা লাও বৰ বিষাক্ত হয়, ইয়াৰ কাৰন লাওত কেতিয়াবা tetracyclic triterpenoid Cucurbitacin compounds নামৰ বিষাক্ত পদাৰ্থ বিধ উৎপন্ন হয়। বহুতেই ভাবে তিতালাও বেলেগ প্ৰজাতি আছলতে উচ্চ তাপমাত্ৰা, বহুত তাপৰ তাৰতম্য, কম মাত্ৰাৰ pH, কম পৰিমানৰ পানী, মাটিৰ উৰ্বৰতা কম হলে, লাও চিঙি ভালকৈ নাৰাখিলে বা লাওবূঢা হলে কিউকাৰবিটাচিন পদাৰ্থ বিধ উচ্চ মাত্ৰাত সৃষ্টি হয় আৰু তিতা লাগে। এই পদাৰ্থ বিধ যি কোনো জীৱৰ বাবে অতি বিষাক্ত, তেজত গলে ই hepatitis, pancreatitis, cholecystitis, আৰু প্ৰচাবতন্ত্ৰৰ ক্ষতি সাধন কৰে, ই শেষত multiorgan dysfunction, কৰি মৃত্যু মাতি আনিব পাৰে। অসমীয়াত “ লাও চিকুটিলে বুঢ়া হয় ” বাক্যংশই হয়তু এনে তিতা হব পৰা লক্ষণ হোৱা বা সোনকালে অভিজ্ঞতা লাভ কৰাৰ কথা বুজাই, সেইদৰে “ তোৰ ভিটিত তিতালাও গজক ” বোলা শাওঁ হয়তু সোনকালে উচন হওক, মাটিৰ উৰ্বৰতা কমক এনে গালিক বুজাইছিল .... সেয়ে লাও খোৱাৰ আগতে তিতা নে সোৱাদ চোৱাতো অতি প্ৰয়োজনীয়। বহুতেই ভাবে সাপ বগালে জিকা বা লাও তিতা হয়, ই আছলতে মাটিৰ গুনাগুন বা অপ্ৰতিপালিত বাৰীৰ পৰোক্ষ জাননী হে.. কিছু বছৰৰ আগতে ৰামদেৱ নামৰ যোগ বিশাৰদ এজনে বহুল প্ৰচাৰ চলাইছিল, হয় লাওত বহুত কম কেলৰি থাকে।
ব্ৰহ্মানন্দ পাতিৰি
শেহতীয়া উন্নীতকৰণ: : 6/26/2020